Chapter: 4

 উপন্যাস, চুটিগল্প

প্ৰশ্নাৱলী

আৰ্হি প্রশ্ন  

১। উপন্যাস কাক বোলে?  

উত্তৰঃ  যি সাহিত্যৰ বাস্তৱতাৰ সৈতে মিল থাকে, সেই সাহিত্যকে উপন্যাস বোলে।

২। উপন্যাসৰ চৰিত্ৰ কেইপ্ৰকাৰৰ?  

উত্তৰঃ  উপন্যাসৰ চৰিত্ৰ তিনি প্ৰকাৰৰ।

৩। উপন্যাসৰ কাহিনী কেই প্ৰকাৰৰ?  

উত্তৰঃ  উপন্যাসৰ কাহিনী দুই প্ৰকাৰৰ।

৪। প্রথম ইংৰাজী উপন্যাসখন কি? 

উত্তৰঃ প্ৰথম ইংৰাজী উপন্যাসখন ডেনিয়েল ডিফোৰ 'ৰবিনছ ক্ৰূছৌ। 

৫। বিশ্বৰ প্রথম উপন্যাস কোনখন? 

উত্তৰঃ   বিশ্বৰ প্ৰথম উপন্যাস  ' ডন কুইক্ছট' ।

৬। অসমীয়া প্রথম উপন্যাসখনৰ নাম কি?  

উত্তৰঃ  অসমীয়া প্ৰথম উপন্যাসখনৰ নাম ভানুমতী।

৭। উপন্যাসৰ উপাদানসমূহৰ চমু পৰিচয় দিয়া।  

উত্তৰঃ  উপন্যাসৰ উপাদানসমূহ হ'ল-

কাহিনী-  যিকোনো সাহিত্যৰ কাহিনী হ'ল প্ৰাথমিক উপাদান।উপন্যাসৰ ক্ষেত্ৰত ইয়াৰ বিশেষত্ব হ'ল যে ইয়াৰ কেইবাটাও কাহিনী লগ হৈ থাকিব পাৰি বা কেতিয়াবা মূল কাহিনীৰ তাৰ পৰিপূৰক হিচাপে সৰু সৰু কাহিনী থাকিব পাৰে।

চৰিত্ৰাংকন- কাহিনীৰ পিছত উপন্যাসৰ গুৰুত্বপূৰ্ণ উপাদান হৈছে চৰিত্ৰ ।  বহু সময়ত উপন্যাসৰ সফলতা নিৰ্ভৰ কৰে চৰিত্ৰৰ ওপৰত। বাস্তৱ, সজীৱ আৰু পূৰ্ণতাপ্ৰাপত চৰিত্ৰই উপন্যাসক সফল আৰু জনপ্ৰিয় কৰি তোলে।

সংলাপ- উপন্যাসত ঔপন্যসিকে নিজৰ বৰ্ণনাৰে কাহিনী আগবঢ়াই লৈ যায় আৰু প্ৰয়োজন সাপেক্ষে সংলাপো ব্যৱহাৰ কৰে। নাটকৰ দৰে সংলাপ উপন্যাসৰ অপৰিহাৰ্য অংগ নহয়। কিন্তু সংলাপৰ মাধ্যমেৰে কাহিনী আগবঢ়াই নিলে অথবা মাজে মাজে সংলাপ প্ৰয়োগ কৰিলে উপন্যাসখন বেছি মনোগ্ৰাহী হৈ উঠে।

পৰিৱেশ- পৰিৱেশ সৃষ্টি উপন্যাসৰ আন এটা উপাদান। নাটকৰ দৰেই উপযুক্ত সময় আৰু পৰিস্থিতি অনুসৰি গঢ়ি তোলা পৰিৱেশে এখন উপন্যাসক সমৃদ্ধিশালী কৰি তোলে।

জীৱন দৰ্শন- উপন্যাসত মানৱ জীৱনৰ কাহিনী বৰ্ণিত হয়। ঔপন্যাসিকে মানৱ সমাজৰ প্ৰতিনিধি হিচাপে মানৱ সমাজৰ প্ৰতিচ্ছবি উপন্যাসৰ মাজেৰে দাঙি ধৰে। সাধাৰণতে এজন ঔপন্যাসিকৰ জীৱন দৰ্শন তেওঁৰ উপন্যাসৰ মাজেৰে ফুটি উঠে।

৮। চুটিগল্প কাক বোলে?  

উত্তৰঃ যি কাহিনী সচা ঘটনাৰ ওপৰত আধাৰিত , তেনে কাহিনীক চুটিগল্প বোলে। 

৯। চুটিগল্পৰ আৰম্ভণি কেনে হোৱা উচিত?  

উত্তৰঃ চুটিগল্পৰ আৰম্ভণি ৰহস্যময় হোৱাটো উচিত।

১০। চুটিগল্পৰ পৰিসমাপ্তি কেনে হোৱা বাঞ্ছনীয়?  

উত্তৰঃ চুটিগল্পৰ পৰিসমাপ্তি কম সময়তে হোৱাটো বাঞ্চনীয়।

১১। চুটিগল্পৰ এটা বৈশিষ্ট্য লিখা।  

উত্তৰঃ  চুটিগল্পৰ এটা বৈশিষ্ট্য হ'ল-  চুটিগল্প কম সময়তে আৰম্ভ হয় আৰু কম সময়তে সমাপ্ত হয়।

১২। অসমীয়া চুটি গল্পৰ জন্মদাতা কোন?

উত্তৰঃ  অসমীয়া চুটি গল্পৰ জন লক্ষ্মীনাথ বেজবৰুৱা।

১৩।উপন্যাসৰ এটি বৈশিষ্ট্য লিখা?

উত্তৰঃ উপন্যাসৰ এটি বৈশিষ্ট্য হল-শিথিলতা।

১৪। 'অসীমত যাৰ হেৰাল সীমা' কাৰ ৰচনা?
উত্তৰঃ
কাঞ্চন বৰুৱা।

১৫। এখন নাৰী মনস্বত্বৰ উপন্যাসৰ নাম লিখা?

উত্তৰঃ দেউলাংখুই।

১৬। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কোনখন উপন্যাসৰ বাবে জ্ঞানপীঠ বঁটা পাইছিল?

উত্তৰঃ মৃত্যুঞ্জয় উপন্যাসৰ বাবে।                                                                                            ১৭। মামণি ৰয়ছম গোস্বামীৰ এখন উপন্যাসৰ নাম লিখা?

উত্তৰঃ মামণি ৰয়ছম গোস্বামীৰ এখন উপন্যাসৰ নাম হৈছে- দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা।

১৮।ৰীতা চৌধুৰীয়ে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাদেমি বঁটা পাইছিল?

১৯। সামাজিক উপন্যাস কাক বোলে?

উত্তৰঃ যি উপন্যাস সমাজৰ বিভিন্ন দিশ বিশ্লেষণৰ উপস্থিতিত ৰচিত, সেই উপন্যাসকে সামাজিক উপন্যাস বোলে।

২০। ৰাজনৈতিক উপন্যাস কি?

উত্তৰঃ যি উপন্যাস এক বিশেষ ৰাজনৈতিক মতবাদ প্ৰতিষ্ঠা কৰা উদ্দেশ্য থাকে তেনে উপন্যাসেই হৈছে ৰাজনৈতিক উপন্যাস।

২১। মনস্তত্বমূলক  উপন্যাস কি?

উত্তৰঃ মানুহৰ অবচেতন মনৰ কাৰ্যকলাপৰ ওপৰত গুৰুত্ব দি ৰচনা কৰা উপন্যাসক মনস্তত্বমূলক উপন্যাস বোলে। 

২২। চুটিগল্পৰ গঠন প্ৰণালী সম্পৰ্কে লিখা।

উত্তৰঃ চুটিগল্পৰ উপাদানসমূহ উপন্যাসৰ সৈতে একে। চুটিগল্পত কিন্তু গোটেইবোৰ উপাদান সামগ্ৰিক ভাৱে ব্যৱহৃত নহয়। কোনো এটা উপাদানে চুটিগল্পত প্ৰাধান্য লাভ কৰিলে বাকী কেইটা কিছু নিষ্প্ৰভ হৈ পৰে। উপন্যাসৰ দৰে চুটিগল্পত সকলোবোৰ উপাদান সুস্পষ্ট ৰূপত প্ৰকাশিত নহয়। চুটিগল্পত মাথোন এটা ঘটনা, এটা চৰিত্ৰ অথবা  জীৱনৰ কোনো এটা  দিশ অথবা পৰিস্থিতিৰ ওপৰতহে গুৰুত্ব আৰোপ কৰা হয়। এই খিনি চুটিগল্পৰ গঠন প্ৰনালীৰ পালনীয় আহিলা। গল্পকাৰে  নিজা কৌশলেৰে  গল্পৰচনা কৰিলেও সমালোচক সকলে কিছুমান  গঠন প্ৰণালীৰ প্ৰতি আঙুলীয়াই দেখুৱাইছে। 

ক) আৰম্ভণিঃ চুটিগল্পৰ আৰম্ভণি আৰ্কষণীয় হব পাৰে। পাঠকক চিত্তাকৰ্ষক কৰি বিষয়বস্তুৰ উপস্থাপন কৰিব লাগে। উপস্থাপন প্ৰত্যক্ষ বা পৰোক্ষ যিকোনো হব পাৰে।নিজা ৰচনা পদ্ধতিৰ দ্বাৰা পাঠকৰ কৌতুহল জগাব পৰাকৈ আৰম্ভণি কৰিব লাগে।

খ) বিকাশঃ আৰম্ভণিৰ পাছত কাহিনী, চৰিত্ৰই ক্ৰমে বিকাশ লাভ কৰে। যিকোনো এটা একক বা কেন্দ্ৰীয় ভাবৰ বৰ্ণনাৰ মাজেৰে বিষয়বস্তু বিকশিত হয়। চৰিত্ৰপ্ৰধান গল্প চৰিত্ৰই আৰু কাহিনী প্ৰধান গল্পত কাহিনীয়ে পূৰ্ণতা লাভ কৰি প্ৰাণৱন্ত ৰূপ ধাৰণ কৰে। 

গ) গল্পৰ দ্বন্দঃ চুটিগল্পৰ কাহিনীৰ বিকাশত চৰিত্ৰই যেতিয়া বাধাৰ মুখামুখি হৈ দ্বিধাৰ সন্মুখীন হয়, তেতিয়া দ্বন্দ সৃষ্টি হয়। ই অন্তদ্বৰ্ন্দ্বমূলক হব পাৰে। দ্বন্দ্ব নায়ক-প্ৰতিনায়কৰ  ভিতৰত অথবা সমাজৰ বিভিন্ন ৰীতি- নীতি, পৰম্পৰা, ন্যায়-অন্যায় আদিৰ পৰা উদ্ভৱ হব পাৰে। দ্বন্দ্বই চৰিত্ৰ মানসিকতাক অস্থিৰ কৰি পৰিস্থিতিক বিশেষ অৱস্থালৈ লৈ যায়। 

ঘ) সংঘাতঃ গল্পৰ দ্বন্দ্বই কাহিনী বা চৰিত্ৰৰ গতিশীলতাত সংকটৰ সৃষ্টি কৰে। এনে পৰিস্থিতিয়ে অন্ধকাৰ আৰু নিৰানন্দ অৱস্থালৈ লৈ যায়। সংঘাতপূৰ্ণ অৱস্থাই নায়ক-নায়িকাক লক্ষ্যভ্ৰষ্ট কৰিব বুলি ধাৰণা কৰা হয়। এনেকুৱা অৱস্থাই গল্পৰ অগ্ৰগতিক কঠিন কৰি সংঘাতৰ সৃষ্টি কৰে। 

ঙ) শীৰ্ষদ্বন্দ্বঃ সংঘাতে দ্বন্দ্বক শীৰ্ষ অৱস্থালৈ লৈ গৈ শীৰ্ষদ্বন্দ্বত উপনীত কৰায়। সংঘাতে উচ্চতম অৱস্থাত আৰোহণ কৰি পৰিণতি সূচিত কৰে। শীৰ্ষ দ্বন্দ্বই কাহিনী বা চৰিত্ৰৰ  শীৰ্ষতম বিকাশ সূচায়। গল্পৰ লক্ষ্য বা পৰিণতি ইয়েই গঢ়ি তোলে।

চ) প্ৰতিদ্বন্দ্বঃ শীৰ্ষদ্বন্দ্বৰ বিপৰীত প্ৰক্ৰিয়া হল প্ৰতিদ্বন্দ্ব। কাহিনী-চৰিত্ৰৰ সংঘাত হঠাতে অৱনমিত বা নোহোৱা হৈ গৈ দ্বন্দ্বক শীৰ্ষ অৱস্থালৈ যোৱাত বাধা দিয়ে। গল্পৰ বিকাশ আৰু সংঘাতে অভাৱনীয় ৰূপ গ্ৰহণ কৰে আৰু গল্পই পৰিণতি লৈ আগবাঢ়ে।

ছ) পৰিণতি বা সমাপ্তিঃ সমাপ্তিত গল্পৰ বিষয়বস্তু বা উদ্দেশ্য পৰিপূৰ্ণ হৈ উঠে। কাহিনী শেষ হয় বা চৰিত্ৰৰ বৈশিষ্ট্য প্ৰকাশ পাবলৈ সক্ষম হয়। পৰিণতি অৰ্থৱহ বা ইংগিতময় হব পাৰে। কোনো ৰহস্যৰ পৰিণতিৰ উদঘাটন ঘটে। গল্পকাৰৰ বক্তব্য বা উদ্দেশ্য স্পষ্ট হৈ গল্পৰ সমাপ্তি ঘটে।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)




Author- Geetanjali bora