অধ্য়ায়-পাঁচ
লুভীয়া কুকুৰ
১। কচায়ে ক'ত মঙহ বেচে?
উত্তৰঃ কচায়ে দেওবৰীয়া বজাৰত মঙহ বেচে।
২।মঙহৰ আশাত কোনে সদায় চোপ লৈ থাকে?
উত্তৰঃ মঙহৰ আশাত পখৰা নামৰ কুকুৰ এটাই সদায় চোপ লৈ থাকে।
৩। কুকুৰটো অহা-যোৱা কৰা বাটত কি আছিল?
উত্তৰঃ কুকুৰটো অহা-যোৱা কৰা বাটত এটি জান আছিল।
৪। জানৰ পানীত সি কি দেখিবলৈ পালে?
উত্তৰঃ জানৰ পানীত সি তাৰ নিজৰ ছাঁ-টো দেখিবলৈ পালে।
৫। কুকুৰটোৰ মুখৰ মঙহডোখৰ কিয় পানীত পৰি গ'ল?
উত্তৰঃ সি পানীত নিজৰ ছাঁ-টো দেখি ভাবিলে যে পানীত আৰু এটা কুকুৰ আছে আৰু তাৰ মুখত মঙহ এডোখৰো আছে। আৰু তেতিয়া সি আনটো কুকুৰ লগত কাজিয়া লগা কথা ভাবিলে। তেতিয়া সি ভুক ভুককৈ ভুকিবলৈ ললে। তেতিয়া লগে লগে তাৰ মুখৰ পৰা মঙহডোখৰ পানীত পৰি গ'ল।
৬। কুকুৰটোৱে পোৱাখিনিও কিয় হেৰুৱালে?
উত্তৰঃ কাৰণ- কুকুৰটোৱে পানীত নিজৰ ছাঁ-টো দেখি ভাবিলে যে পানীত আৰু এটা কুকুৰ আছে আৰু তাৰ মুখত মঙহ এডোখৰো আছে। আৰু তেতিয়া সি আনটো কুকুৰ লগত কাজিয়া লগা কথা ভাবিলে। তেতিয়া সি ভুক ভুককৈ ভুকিবলৈ ললে। তেতিয়া লগে লগে তাৰ মুখৰ পৰা মঙহ ডোখৰ পানীত পৰি গ'ল। তেতিয়া সি মনত বৰ দুখ পালে। সি তেতিয়া বুজিলে তলৰ কুকুৰটো তাৰ ছাঁ-হে আছিল। এনেকৈ সি পোৱাখিনিও হেৰুৱালে।
Author- Bikash Bora
Check By - Mukesh Borah