পঞ্চম অধ্যায়

বঙলা-অসমীয়া উমৈহতীয়া সাহিত্য 


চমু প্ৰশ্নউওৰঃ

১। 'শ্ৰীকৃষ্ণ-কীৰ্তন'ৰ কবি জনৰ নাম কি?

উওৰঃ 'শ্ৰীকৃষ্ণ-কীৰ্তন'ৰ কবি হ'ল বড়ু চণ্ডীদাস।

২। কাব্যখনত কেইটা চৰিত্ৰৰ কথা উল্লেখ কৰিছে আৰু কি কি?

উওৰঃ কাব্যখনত মাত্ৰ তিনিটা চৰিত্ৰৰ কাৰ্যকলাপ গীতৰ মাধ্যমেদি প্ৰকাশ কৰা হৈছে। এই চৰিত্ৰ তিনিটা হৈছে - কৃষ্ণ, ৰাধা আৰু বড়াই।

৩। 'শ্ৰীকৃষ্ণ-কীৰ্তন' কাব্যখনৰ বিষয় কি?

উওৰঃ 'শ্ৰীকৃষ্ণ-কীৰ্তন' কাব্যখনৰ বৰ্ণনীয় বিষয় ৰাধা-কৃষ্ণৰ লীলা।

৪। 'শ্ৰীকৃষ্ণ-কীৰ্তন' কাব্যখনত কিমানটা খণ্ড বিভক্ত হৈছে? কি কি?

উওৰঃ 'শ্ৰীকৃষ্ণ-কীৰ্তন' কাব্যখনত বাৰাটা খণ্ডত বিভক্ত হৈছে আৰু সেইকেইটা হৈছে- জন্মখণ্ড, তাম্বুলখণ্ড, দানখণ্ড, নৌকাখণ্ড, ভাৰখণ্ড, বৃন্দাবনখণ্ড, কালিয়াদমনখণ্ড, যমুনাখণ্ড, বংশীখণ্ড, ৰাধাবিৰহ খণ্ড ইত্যাদি।

৫। ধৰ্ম-পূজা কোন অঞ্চলৰ উৎসৱ?

উওৰঃ ধৰ্ম-পূজা বঙ্গদেশৰ পশ্চিমাঞ্চলৰ উৎসৱ।

৬। অসমত কি পূজা অন্তৰ্গত?

উওৰঃ অসমত 'ধৰ্মৰ পূজা' মনসা পূজাৰ অন্তৰ্গত।

৭। 'শূন্যপুৰাণ'ৰ অংশবিশেষ কিমান শতিকাত ৰচিত হয়?

উওৰঃ 'শূন্যপুৰাণ'ৰ অংশবিশেষ ক্ৰয়োদশ শতিকাত ৰচিত হয়।

৮। নাথধৰ্ম মূলতঃ কৰ পৰা উদ্ভত হৈছে?

উওৰঃ  নাথধৰ্ম মূলতঃ বৌদ্ধতান্ত্ৰিক সম্প্ৰাদায়ৰপৰা উদ্ভত হৈছে।

৯। কিমান শতাব্দীত নাথ সিদ্ধাচাৰ্যসকলৰ আৱিৰ্ভাৱ ঘটিছিল?

উওৰঃ খ্ৰীষ্টীয় দশম-একাদশ শতাব্দীতে প্ৰধান নাথ সিদ্ধাচাৰ্যসকলৰ আৱিৰ্ভাৱ ঘটিছিল।

১০। কোনে আৰু কিমান চনত দুটা খণ্ডত ভৱানী দাস আৰু সুকুৰ মানুদে ৰচনা কৰা পাঠ দুটা প্ৰকাশ কৰে?

উওৰঃ  ০ দীনেশচন্দ্ৰ সেন আৰু বসন্তৰঞ্জন ৰায়ে কলিকতা বিশ্ববিদ্যালয়ৰ যোগে  ১৯২২-২৫ চনত দুটা খণ্ডত ভৱানী দাস আৰু সুকুৰ মানুদে ৰচনা কৰা পাঠ দুটা প্ৰকাশ 

কৰে।

১১। প্ৰাক্- বৈষ্ণৱ যুগৰ লোকধৰ্ম প্ৰভাৱান্বিত সাহিত্যৰ নিৰ্দশন ৰূপে কাক উল্লেখ কৰিব পাৰি।

উওৰঃ প্ৰাক্-বৈষ্ণৱ যুগৰ লোকধৰ্ম প্ৰভাৱান্বিত সাহিত্যৰ নিৰ্দশন ৰূপে নাথ-সাহিত্যক উল্লেখ কৰিব পাৰি।



Author - Pompi Hazarika