ষষ্ঠ অধ্যায়

বৈষ্ণৱ সাহিত্য

বৈষ্ণৱ সাহিত্যৰ পটভূমি আৰু বিশেষত্ব


চমু প্ৰশ্নউওৰঃ 

১। কিমান শতিকাত প্ৰত্নলিপিত বাসুদেৱ, বিষ্ণু আদি দেৱতাৰ নাম প্ৰশস্তি উল্লেখ পোৱা যায় ?

উওৰঃ খ্ৰীষ্টীয় চতুৰ্থ শতিকাৰ পৰৱৰ্তী বহুতো প্ৰত্নলিপিত বাসুদেৱ, বিষ্ণু আদি দেৱতাৰ নাম আৰু প্ৰশস্তি পোৱা যায়।

২। কিমান সময়ৰ পৰা বৈষ্ণৱজাগৰণৰ সূত্ৰপাত হয় বুলি কয়?

উওৰঃ খ্ৰীষ্টীয় সপ্তম-দশম শতাব্দীত তামিল দেশৰ আলৱাৰ ভক্তসকলে বৈষ্ণৱ ধৰ্মক অভিনৱভাৱে জনপ্ৰিয় কৰি তোলে আৰু এই সময়ৰপৰা বৈষ্ণৱজাগৰণৰ সূত্ৰপাত হয় বুলি ক'ব পাৰি।

৩। ৰামানুজ কোন শতিকাৰ লোক ?

উওৰঃ ৰামানুজ দ্বাদশ শতিকাৰ লোক।

৪। ভক্তি আন্দোলনৰ সূত্ৰপাত কোনে কৰে?

উওৰঃ ৰামানুজাচাৰ্যই ভক্তিক দাৰ্শনিক ভেটিত স্থাপন কৰি শ্ৰীবৈষ্ণৱ সম্প্ৰদায় সৃষ্টি কৰি ভক্তি আন্দোলনৰ সূত্ৰপাত কৰে।

৫। বিশিষ্টাদ্বৈতবাদ কাক বোলে?

উওৰঃ ৰামানুজৰ দাৰ্শনিক মতবাদক বিশিষ্টাদ্বৈতবাদ বোলা হয়।

৬। কোন ঠাইত ,কোনে আৰু কিমান শতিকাত ভক্তিধৰ্ম প্ৰতিষ্ঠা আৰু প্ৰচাৰ কৰে?

উওৰঃ মহাৰাষ্ট্ৰ প্ৰান্তত জ্ঞানদেৱে আৰু নামদেৱ আদিয়ে দ্বাদশ-ত্ৰয়োদশ শতিকাৰ ভিতৰত ভক্তিধৰ্ম প্ৰতিষ্ঠা আৰু প্ৰচাৰ কৰে।

৭। কোন ঠাইত, কোনে আৰু কিমান শতিকাত বৈষ্ণৱ ভক্তি প্ৰচাৰ কৰে?

উওৰঃ কৰ্ণাটক আৰু গুজৰাটত মধ্বাচাৰ্যৰ বা আনন্দগিৰিয়ে দ্বৈতসিদ্ধান্ত স্থাপন কৰি ত্ৰয়োদশ শতিকাত বৈষ্ণৱ ভক্তি প্ৰচাৰ কৰে।

৮।  বৈষ্ণৱ জাগৰণৰ  প্ৰধান কাৰণ কেইটা  ?

উওঃ বৈষ্ণৱ জাগৰণৰ  প্ৰধান কাৰণ হৈছে - পাঁচটা।

৯। নৱ-বৈষ্ণৱ জাগৰণৰ সাধাৰণ বিশেষত্ব বা লক্ষণ দুটা লিখা।

উওৰঃ নৱ-বৈষ্ণৱ জাগৰণৰ সাধাৰণ লক্ষণ দুটা হৈছে-

(১) ভগৱদ্ভক্তিৰ প্ৰতি জনসাধাৰণৰ মন আকৃষ্ট কৰাৰ লগে লগে অহিংসা, প্ৰেম, দয়া সাম্যভাৱ আদি কোমল প্ৰবৃত্তিবোৰৰ কৰ্ষণ কৰিবলৈকো অনুপ্ৰেৰণা দি সুস্থ নৈতিক জীৱনৰ আৰ্দশ দাঙি ধৰিছিল।

(২) নৱ-বৈষ্ণৱ আন্দোলনে বেছিভাগ ক্ষেত্ৰতে প্ৰান্তীয় ভাষাক প্ৰচাৰৰ মাধ্যমৰূপে লোৱাত বিভিন্ন পুৰাণ আৰু ইতিহাস প্ৰান্তীয় ভাষালৈ অনূদিত হ'বলৈ ধৰে আৰু ফলস্বৰূপে প্ৰান্তীয় ভাষাসমূহৰ শ্ৰীবৃদ্ধি সাধন হয়। লগে লগে ভক্তিমূলক গীত-মাত আদিৰো চৰ্চা হোৱাত সুকুমাৰ কলাৰ উন্নতি সাধিত হয়।

১০। খ্ৰীষ্টীয় কিমান শতিকাৰ পৰা আৰম্ভ কৰি কিমান শতাব্দীৰ ভিতৰত ভাৰতৰ প্ৰায়বিলাক কি ভাষাত বৈষ্ণৱ আন্দোলনৰ ফলত সাহিত্য গা কৰি উঠিছিল?

উওৰঃ খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰপৰা আৰম্ভ কৰি ষোড়শ শতাব্দীৰ ভিতৰত ভাৰতৰ প্ৰায়বিলাক প্ৰান্তীয় ভাষাতে বৈষ্ণৱ আন্দোলনৰ ফলত সাহিত্য গা কৰি উঠিছিল।

১১। 'শ্ৰীকৃষ্ণ বিজয়' প্ৰাক কোন যুগৰ ৰচনা?

উওৰঃ ভাগৱতৰ অনুবাদ মালাধাৰ বসুৰ 'শ্ৰীকৃষ্ণ বিজয়' প্ৰাক চৈতন্যযুগৰ ৰচনা।

১২। উৰিষ্যাত বৈষ্ণৱ কবিসকলে কি কি ৰচনা কৰিছিল আৰু কিমান শতাব্দীত ৰচনা কৰি বৈষ্ণৱভাৱ আৰু আদৰ্শ প্ৰচাৰ কৰিছিল?

উওৰঃ উৰিষ্যাত বৈষ্ণৱ কবি বলৰাম দাসে ৰামায়ণ, সৰলা দাসে মহাভাৰত আৰু জগন্নাথ দাসে ভাগৱত পুৰাণ ১৫শ ১৬শ শতাব্দীত ৰচনা কৰি বৈষ্ণৱভাৱ আৰু আদৰ্শ প্ৰচাৰ কৰিছিল।

১৩। খ্ৰীষ্টীয় কিমান শতিকাৰ পৰা কিমান শতিকালৈ কবিসকলে অনুবাদ আৰু গীত ৰচনাৰ মাধ্যমেদি ভক্তিমাৰ্গ প্ৰচাৰ কৰিছিল?

উওৰঃ খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰপৰা সপ্তম শতিকাৰ ভিতৰত মহাৰাষ্ট্ৰত জানেশ্বৰ (১২৭১-১৩৬৬), নামদেৱ (১২৭০-১৩৫০), একনাথ আৰু তুকাৰাম (১৬০৮-১৬৪৯), আদি বৈষ্ণৱ সন্ত আৰু কবিসকলে গীতা, ৰামায়ণ, মহাভাৰতৰ অনুবাদ আৰু গীত ৰচনাৰ মাধ্যমেদি ভক্তিমাৰ্গ প্ৰচাৰ কৰিছিল।

১৪। গুজৰাটী ভাষাত ভক্তকবিসকলে ৰচনা কৰা কোন কোন ৰচনা উল্লেখযোগ্য।

উওৰঃ গুজৰাটী ভাষাত ভক্তকবি নৰসিংহ মেহতা, মীৰাবাঈ, (১৫শ শতাব্দীৰ) আখো শ্যামল আৰু প্ৰেমানন্দ আদিৰ ভক্তি প্ৰধান ৰচনা উল্লেখযোগ্য।

১৫। দক্ষিণ ভাৰতত বিজয়নগৰৰ কাৰ অনুপ্ৰেৰণাত আৰু কি কি সাহিত্যৰ শ্ৰীবৃদ্ধি হৈছিল?

উওৰঃ দক্ষিণ ভাৰতত বিজয়নগৰৰ হিন্দু ৰজাসকলৰ অনুপ্ৰেৰণাত তেলেগু আৰু কানাড়ী সাহিত্যৰ শ্ৰীবৃদ্ধি হৈছিল।

১৬। মহাপুৰুষৰদ্বাৰা প্ৰৱৰ্তিত নৱ-বৈষ্ণৱ ভক্তিমাৰ্গৰ প্ৰধান লক্ষণসমূহ কি কি?

উওৰঃ মহাপুৰুষৰদ্বাৰা প্ৰৱৰ্তিত নৱ-বৈষ্ণৱ ভক্তিমাৰ্গৰ প্ৰধান লক্ষণসমূহ হৈছে-

(১) এই ধৰ্ম কৃষ্ণ-ভক্তিপ্ৰধান। ভাগৱত পুৰাণ আৰু গীতা এই মাৰ্গৰ প্ৰধান আৰু আদৰ্শ ।

(২) শ্ৰৱণ আৰু কীৰ্তনৰ যোগে ভাগৱানৰ উপাসনা।

(৩) নানা দেৱ-দেৱীৰ ঠাইত অব্যাভিচাৰী ভক্তিৰদ্বাৰা বিষ্ণুত আশ্ৰয়।

(৪) যাগ-যজ্ঞ, তপস্যা-ব্ৰত আদি কষ্টসাপেক্ষে ক্ৰিয়াবহুল সাধন বা উপসনাৰ অনুপযোগিতা দৰ্শন।

(৫) গুৰু, আৰু সৎসঙ্গৰ শ্ৰয়স্কৰ প্ৰভাৱ।

(৬) অহিংসা, প্ৰেম, দয়া আদি সৎ প্ৰবৃত্তিৰ কৰ্ষণৰ ওপৰত গুৰুত্ব।

(৭) ভক্তিৰ ক্ষেত্ৰত ব্ৰাহ্মণ-চণ্ডাল সকলোৰে সম অধিকাৰ।


১৭। অনুবাদমূলক ৰচনাৱলী অনুধাৱন কৰিলে কি কি বিশেষত্ব পোৱা যায় লিখা।

উওৰঃ অনুবাদমূলক ৰচনাৱলী অনুধাৱন কৰিলে পোৱা বিশেষত্বখিনি হৈছে-

(১) নীৰল, তত্ত্বগধুৰ আৰু দুৰ্বোধ্য দাৰ্শনিক কথা যিমানদূৰ সম্ভৱ সৰল আৰু চমু কৰাৰ প্ৰচেষ্টা দেখা যায়।

(২) দাৰ্শনিক তত্ত্বৰ ঠাইত ভক্তি-প্ৰধান উপদেশ নীতি আৰু প্ৰাৰ্থনাৰ ওপৰত বেছি গুৰুত্ব দান কৰিছে।

(৩) কাহিনীকথনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা দেখা যায়, কাৰণ কাহিনীৰ মাজেদিয়েই ভক্তিৰ মাহাত্ম্য আৰু নৈতিক ভাব পাঠকে পাব বুলি ভাবিছিল। সেই উদ্দেশ্য আগত ৰাখিয়েই স্থানীয় ৰহণ সানি কাহিনী পৰিবেশ কৰাৰ প্ৰচেষ্ঠা লেখকসকলে চলাইছিল।


১৮। সাহিত্যিক ৰূপ অনুসৰি বৈষ্ণৱ সাহিত্যক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি?

উওৰঃ  সাহিত্যিক ৰূপ অনুসৰি বৈষ্ণৱ সাহিত্যক পাঁচটা ভাগত ভাগ কৰিব পাৰি আৰু সেইকেইটা হৈছে- (১) কাব্য, (২)নাট, (৩) গীত, (৪) চৰিতপুথি আৰু (৫) গদ্যত বিভাগ কৰিব পাৰোঁ। 


১৯। বঙলা সাহিত্যত মধ্যযুগত ৰচিত কাব্যখনৰ নাম লিখা।

উওৰঃ বঙলা সাহিত্যত মধ্যযুগত ৰচিত 'মঙ্গল কাব্য' নামে একশ্ৰেণীৰ শক্তিমাহাত্ম্যসূচক কাব্য আছে।



Author - Pompi Hazarika