অধ্য়ায়-৬
আমাৰ যান-বাহন
১। উত্তৰ লিখা
(ক) তিনিখন যান-বাহনৰ নাম লিখা।
উত্তৰঃ এম্বুলেন্স, ডাক-ঘৰৰ ৰঙা গাড়ী আৰু স্কুল বাছ।
(খ) তোমালোকৰ অঞ্চলত কি কি যান-বাহন চলাচলৰ সুবিধা আছে?
উত্তৰঃ টি ৰিক্সা, স্কুৰ্টি, বাইক।
(গ) প্রাণীয়ে টনা দুবিধ যান-বাহনৰ নাম লিখা।
উত্তৰঃ ঘোঁৰা গাড়ী আৰু গৰু গাড়ী।
(ঘ) হাট-বজাৰলৈ বস্তু অনা-নিয়া কৰিবৰ বাবে ব্যৱহাৰ কৰা তিনিবিধ যান-বাহনৰ নাম লিখা।
উত্তৰঃ গৰু গাড়ী, ঠেলা গাড়ী আৰু ঘোঁৰা গাড়ী।
(ঙ) যান-বাহনৰ পৰা আমাৰ কি কি সুবিধা হয় ?
উত্তৰঃ যান-বাহনৰ পৰা আমাৰ বহুত সুবিধা কম সময়তে এঠাইৰ পৰা আনঠাইলৈ যাব পাৰো। বয়-বস্তু আনিব পাৰে।
২। ‘ক’অংশৰ লগত ‘খ’ অংশ মিলাই লিখা
'ক' 'খ'
মটৰ-গাড়ী আকাশত উৰে
উৰা-জাহাজ মাটিত চলে
ফেৰী জুই নুমোৱাত সহায় কৰে
মালবাহী ৰে'ল পানীত চলে
অগ্নিনির্বাপক গাড়ী বস্তু অনা-নিয়া কৰে
উত্তৰঃ 'ক' 'খ'
মটৰ-গাড়ী মাটিত চলে
উৰা-জাহাজ আকাশত উৰে
ফেৰী পানীত চলে
মালবাহী ৰে'ল বস্তু অনা-নিয়া কৰে
অগ্নিনির্বাপক গাড়ী জুই নুমোৱাত সহায় কৰে
৩। খালী ঠাই পূৰ কৰা—
(ক) ট্রাকেৰে ___________ দূৰলৈ কঢ়িওৱা হয়।
উত্তৰঃ বয়-বস্তু।
(খ) ঘোঁৰা-গাড়ীৰে ____________ অনা-নিয়া কৰা হয় ।
উত্তৰঃ বয়-বস্তু।
৪। তোমাৰ ঘৰৰপৰা তলত দিয়া ঠাইবোৰলৈ কোনবিলাক যান-বাহনেৰে যাবা লিখা।
(বিদ্যালয়লৈ, নৈৰ সিপাৰলৈ, দিল্লীলৈ)
উত্তৰঃ বিদ্য়ালয়লৈ চাইকেলেৰে, নৈৰ সিপাৰলৈ নাওৰে আৰু দিল্লীলৈ উৰা-জাহাজৰে।
৫। বিভিন্ন যান-বাহনৰ ছবি সংগ্ৰহ কৰি এলবাম প্রস্তুত কৰা।
উত্তৰঃ সকলো ছাত্ৰ-ছাত্ৰিয়ে নিজে বিভিন্ন যান-বাহনৰ ছবি সংগ্ৰহ কৰি এলবাম প্ৰস্তুত কৰা।
Author- Bikash Bora
Edit By Dikha Rani Bora
0 Comments