সপ্তম অধ্যায়

বৈষ্ণৱ আন্দোলনৰ প্ৰভাৱমুক্ত কবি আৰু সাহিত্য(ষোড়শ শতাব্দী) পাঁচালি সাহিত্য


চমু প্ৰশ্নউওৰঃ

১। পাঁচালি কাক কোৱা হৈছিল?

উওৰঃ বঙ্গদেশত কথকতাৰ উপযোগী কৰি যিবোৰ গীত পদ ৰচনা কৰিছিল সেইবোৰক পাঁচালি বুলিছিল।


২। পাঁচালি কিহৰ সমষ্টি?

উওৰঃ পাঁচালি বা ওজাপালি কাব্যকেইখন গীত আৰু বৰ্ণনাত্মক পদৰ সমষ্টি।


৩। পাঁচালি কাব্যৰ মন কৰিবলগীয়া বিশেষত্বটো কি?

উওৰঃ পাঁচালি কাব্যৰ এটা মন কৰিবলগীয়া বিশেষত্ব হ'ল ইয়াৰ লৌকিকতা।


৪। 'উষা-পৰিণয়' কাব্য কিমান খ্ৰীষ্টাব্দত ৰচনা কৰে?

উওৰঃ 'উষা-পৰিণয়' কাব্য ১৫৩৩ খ্ৰীষ্টাব্দত ৰচনা কৰে।


৫। পীতাম্বৰ কবিৰ দ্বিতীয় গ্ৰন্থখনৰ নাম কি?

উওৰঃ পীতাম্বৰ কবিৰ দ্বিতীয় গ্ৰন্থ ভাগৱতৰ দশম স্কন্ধ।


৬। কমতা নগৰৰ মহাৰাজ বিশ্বসিংহৰ পুতেক জনৰ নাম কি?

উওৰঃ কমতা নগৰৰ মহাৰাজ বিশ্বসিংহৰ পুতেক কুমাৰ সিংহ।


৭। 'দৰং-ৰাজবংশাৱলী' মতে মহাৰাজ নৰনাৰায়ণে কিহত উঠি আৰু কাক সংগ্ৰাম সিংহ নাম দিয়ে?

উওৰঃ 'দৰং-ৰাজবংশাৱলী' মতে মহাৰাজ নৰনাৰায়ণে ৰাজপাটত উঠি ভায়েকক  'যুৱ নৃপতি' পাতি সংগ্ৰাম সিংহ নাম দিয়ে।


৮। পাচাঁলি কাব্য কিহৰ সমষ্টি?

উওৰঃ পাচাঁলি কাব্য, অৰ্থাৎ গীত আৰু পদৰ সংমিশ্ৰিত সমষ্টি।


৯। দুৰ্গাবৰ-ৰচিত পুথি দুখনৰ নাম লিখা।

উওৰঃ দুৰ্গাবৰ-ৰচিত পুথি দুখনৰ নাম- এখন 'গীতি-ৰামায়ণ' আৰু আনখন মনসা মাহাত্ম্য প্ৰকাশ 'বেউলা-আখ্যান'।


১০। দুৰ্গাবৰ কায়স্থৰ পিতৃৰ নাম কি?

উওৰঃ দুৰ্গাবৰ কায়স্থৰ পিতৃৰ নাম- চন্দ্ৰধৰ কায়স্থ।

১১। দুৰ্গাবৰৰ বাসস্থান ক'ত?

উওৰঃ দুৰ্গাবৰৰ বাসস্থান সম্ভৱতঃ নীলাচল অৰ্থাৎ কামাখ্যা পীঠ।

১২। কিমান শতিকাত নিৰ্মিত হাতীৰ ওপৰত অধিষ্ঠিত নাগেন্দ্ৰবাহিনী মনসাৰ মূৰ্তি কোন অঞ্চলত পোৱা গৈছিল?

উওৰঃ খ্ৰীষ্টীয় একাদশ শতিকামানত নিৰ্মিত হাতীৰ ওপৰত অধিষ্ঠিত নাগেন্দ্ৰবাহিনী মনসাৰ মূৰ্তি নুমলীগড় অঞ্চলত পোৱা গৈছে।

১৩। কিমান শতিকাত মনসা পূজা প্ৰচলিত হৈছিল?

উওৰঃ খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকামানৰপৰা বৰ্তমান ৰূপত মনসা পূজা প্ৰচলিত হ'বলৈ ধৰে।

১৪। মনসা পূজা উপলক্ষ্যে গোৱা গীত-পদ সমূহক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি?

উওৰঃ মনসা পূজা উপলক্ষ্যে গোৱা গীত-পদ সমূহক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি, মনসা বা পদ্মাৰ জন্মাবৃত্তান্ত আৰু বেউলা-আখ্যান।

১৫। সুকবি নাৰায়ণদেৱৰ বৃহৎ গ্ৰন্থখনৰ নাম কি?

উওৰঃ সুকবি নাৰায়ণদেৱৰ 'পদ্ম-পুৰাণ' এখন বৃহৎ গ্ৰন্থ।

১৬। স্বৰ্গীয় ভাৰত চন্দ্ৰ দাসৰ মতে সুকবি নাৰায়ণদেৱৰ জন্ম স্থান ক'ত?

উওৰঃ স্বৰ্গীয় ভাৰত চন্দ্ৰ দাসৰ মতে সুকবি নাৰায়ণদেৱ শুৱালকুছিৰ বাসত্তৰায় ব্ৰাহ্মণ পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল আৰু উক্ত পৰিয়ালত এতিয়াও নাৰায়ণদেৱৰ পদ্মপুৰাণ সংৰক্ষিত আছে।



Author - Pompi Hazarika