অধ্য়ায়-৭
আকাশৰ কথা
১। উত্তৰ লিখা-
(ক) দিশ প্ৰধানকৈ কেইটা আৰু কি কি?
উত্তৰঃ দিশ প্ৰধানকৈ চাৰিটা- পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ।
(খ) আকাশত কি কি দেখা পোৱা যায়?
উত্তৰঃ তৰা, উৰা-জাহাজ, চৰাই, সূৰ্য, চন্দ্ৰ।
(গ) চন্দ্ৰৰ নিজা পোহৰ আছে নে?
উত্তৰঃ চন্দ্ৰৰ নিজা পোহৰ নাই।
(ঘ) বেলিৰ আন এটা নাম কি?
উত্তৰঃ বেলিৰ আন এটা নাম হ'ল- সূৰ্য।
(ঙ) ৰামধেনুৰ ৰং কেইটাৰ নাম লিখা।
উত্তৰঃ ৰামধেনুৰ ৰং কেইটাৰ নাম হ'ল- বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা।
২। শুদ্ধ উত্তৰটো বাছি উলিয়াই '✔' চিন দিবা-
(ক) পৃথিৱীৰ আটাইতকৈ ওচৰত চন্দ্ৰ/সূৰ্য/তৰাবোৰ আছে।
উত্তৰঃ চন্দ্ৰ আছে।
(খ) পূৰ্ণিমাৰ পৰা অমাৱস্য়ালৈ ১০/১৫ দিন সময় লাগে।
উত্তৰঃ ১৫ দিন সময় লাগে।
(গ) খালী চকুৰে সূৰ্যলৈ চাব লাগে/নালাগে।
উত্তৰঃ নালাগে।
(ঘ) ৰামধেনুৰ মুঠতে পাঁচটা/সাতটা ৰং।
উত্তৰঃ সাতটা ৰং।
৩। খালী ঠাই পূৰ কৰা-
(ক) সূৰ্যৰ নিজা তাপ আৰু ________ আছে।
উত্তৰঃ পোহৰ।
(খ) _______ চন্দ্ৰতকৈ বহুত বেছি গুণে ডাঙৰ।
উত্তৰঃ সূৰ্য।
(গ) তৰাবোৰ আমাৰ পৰা বহুত ______ থকাৰ কাৰণে সৰু যেন দেখি।
উত্তৰঃ দূৰত।
(ঘ) চন্দ্ৰৰ নিজা ________ নাই।
উত্তৰঃ পোহৰ।
৪। দুপৰীয়া বেলিটোলৈ আমি কিয় পোনপটীয়াকৈ চাব নালাগে লিখা।
উত্তৰঃ দুপৰীয়া বেলিটোলৈ পোনপটীয়াকৈ চাব নালাগে কাৰণ- এই সময়ছোৱাত বেলিৰ পোহৰে চকু চাট মাৰি ধৰে। এই তীব্ৰ পোহৰে চকুৰ অনিষ্ট কৰে।
Author- Bikash Bora
0 Comments