অধ্য়ায়-৯

নব্য় ধৰ্মীয় ভাবধাৰাৰ উত্থান

১।    উত্তৰ লিখা-

(ক) ভক্তিবাদ বুলিলে কি বুজায়?

উত্তৰঃ- আভিধানিক অৰ্থত ভক্তি বোলোতে ঈশ্বৰৰ প্ৰতি গভীৰ  আনুগত্য আৰু শ্ৰদ্ধাক বুজায় । সেই ফালৰ পৰা কবলৈ গ’লে ভগৱানৰ লগত মানৱ আত্মাৰ মিলন, ঈশ্বৰৰ প্ৰতি অগাধ প্ৰেম তথা ভক্তিৰ ওপৰত গুৰুত্ব দি মহাপুৰুষসকলে যি মতবাদৰ সৃষ্টি কৰিছিল  ,সেইয়াই ভক্তিবাদ ।



(খ) ভক্তিবাদ আন্দোলন গঢ়ি উঠাৰ দুটা কাৰণ কি কি?

উত্তৰঃ- ভক্তিবাদ আন্দোলন গঢ়ি উঠাৰ দুটা কাৰণ হৈছে-

১) খ্ৰীষ্টীয় সপ্তম শতিকাত দাক্ষিণাত্যৰ তামিল ৰাজ্যত আলভাৰ আৰু নায়নাৰ নামৰ দুটা সম্প্ৰদায় দুটাৰ পৃষ্ঠপোষকতাত ভক্তিবাদ আন্দোলন গঢ়ি উঠিছিল । এই দুয়োটা সম্প্ৰদায়ে তেওঁলোকৰ ভক্তিবাদী চিন্তাধাৰাত ঈশ্বৰৰ প্ৰতি থকা শ্ৰদ্ধাকে কেৱল ভক্তি বুলি নাভাৱি ঐশ্বৰিক শক্তি উপাসনাৰ মাধ্যমেৰে সমাজ সংস্কাৰ কৰি সৰ্বসাধাৰণৰ সকলো প্ৰকাৰৰ কল্যাণ সাধনত গুৰুত্ব দিছিল ।

২) মধ্যযুগত ইছলাম ধৰ্মৰ আৰ্ৱিভাৱে ভক্তি আন্দোলন জাগৰণত অৰিহণা যোগাইছিল ।



গ) ‘দিব্য প্ৰবন্ধম’ কি ?
উত্তৰঃ- আলভাৰসকলৰ গীত-মাত, মৌখিক সাহিত্যৰ কীৰ্তিৰাজি পৰৱৰ্তী কালত সংকলিত ৰূপত প্ৰকাশ পায় । আলভাৰসকলৰ এই সংকলিত সাহিত্য সম্ভাৰকে ‘দিব্য প্ৰবন্ধম’ বোলে ।



ঘ) উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ গুৰি ধৰোতা চাৰিগৰাকী ব্যক্তিৰ নাম লিখা ǀ
উত্তৰঃ- উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ গুৰি ধৰোতা চাৰিগৰাকী ব্যক্তিৰ নাম হ'ল- নানক, তুলসীদাস, কবীৰ আৰু ৰামানন্দ ।



ঙ) শংকৰদেৱৰ মতে মানুহে কেনেকৈ মুক্তি লাভ কৰিব পাৰে ?
উত্তৰঃ- ঈশ্বৰৰ ওচৰত একান্ত বিশ্বাস তথা নাম ভক্তিৰ দ্বাৰাই মানুহে মুক্তি লাভ কৰিব পাৰে ।



২) পাঠৰ আলমত উপযুক্ত শব্দেৰে তলৰ খালী ঠাইবোৰ পূৰ কৰা-

ক) শংকৰাচাৰ্য আছিল অদ্বৈতবাদত  বিশ্বাসী ।

খ) খ্ৰীষ্টীয় নৱম শতিকাৰ পৰা ভাৰতত ইছলাম ধৰ্মাৱলম্বী তুৰ্কী আফগানসকলৰ অৰ্ৱিভাৱ ঘটিছিল ।

গ) ৰামানন্দৰ মূল উপাস্য দেৱতা আছিল বিষ্ণুৰ অৱতাৰ ৰাম 

ঘ) তুলসীদাসক বাল্মিকীৰ অৱতাৰ বুলি গণ্য কৰিছিল ।

ঙ) কবীৰে ৰচনা কৰা ভক্তিমাৰ্গৰ কবিতাসমূহক   "দোহা"   বুলি কোৱা হয়।

৩) চমু টোকা লিখা- 

(ক)শংকৰাচাৰ্য - দক্ষিণ ভাৰতৰ কেৰেলা ৰাজ্যত শংকৰাচাৰ্যৰ নেতৃত্বতে ভক্তিবাদৰ জন্ম হৈছিল । শংকৰাচাৰ্য আছিল অদ্বৈতবাদত বিশ্বাসী । তেওঁৰ মতে আত্মা আৰু পৰমাত্মাৰ মাজত কোনো পাৰ্থক্য নাই । মানুহৰ মাজতে ভগৱান বিদ্যমান । সৎজ্ঞান আৰু সৎকৰ্মৰ যোগেদি মানুহে মুক্তি লাভ কৰিব পাৰে ।


(খ) জ্ঞানদেৱ- উত্তৰ পশ্চিম ভাৰতৰ মহাৰাষ্ট্ৰত জ্ঞানদেৱৰ নেতৃত্বত ১৩ শতিকাত ভক্তি আন্দোলনৰ সূচনা হয় । জ্ঞানদেৱে গীত মাতৰ দ্বাৰাই ভগৱানৰ ভক্তিৰ বাণী জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল । প্ৰচলিত সমাজ ব্যৱস্থাৰ জাতিভেদ প্ৰথা, ধনী-দুখীয়া আদি বৈষম্যবোৰ আতৰ কৰি সহজ সৰল বন্ধুত্বপূৰ্ণ জীৱন যাপনত গুৰুত্ব দিছিল । সকলো মানুহৰ গাতে যে ভগৱান বিদ্যমান সেই কথা জনসাধাৰণৰ মাজত উপস্থাপন কৰিছিল । জ্ঞানদেৱৰ বাণী পৰৱৰ্তী সময়ত তেখেতৰ অনুগামী (টুকাৰাম,ৰামদাস আদি) দ্বাৰা অন্য অঞ্চলতো প্ৰচাৰিত হৈছিল ।


(গ) ৰামানন্দ - উত্তৰ ভাৰতত বিশেষকৈ হিন্দীভাষী অঞ্চলত ভক্তিবাদ আন্দোলনৰ প্ৰচাৰক আছিল ৰামানন্দ । তেওঁ এগৰাকী পণ্ডিত আৰু সমাজ সংস্কাৰক আছিল । তেওঁৰ ভক্তি মাৰ্গৰ মূল উপাস্যদেৱতা আছিল বিষ্ণুৰ অৱতাৰ ৰাম । তেওঁ ধৰ্মৰ দুৱাৰ সকলো শ্ৰেণীৰ লোকলৈ মোকলাই দিছিল । তেওঁ হিন্দী ধৰ্মত কবিতা ৰচনা কৰি ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল । তেওঁৰ অন্যতম শিষ্য আছিল কবীৰ ।


(ঘ) নানক- উত্তৰ ভাৰতত ভক্তি মাৰ্গৰ প্ৰচাৰ কৰোতাসকলৰ  অন্যতম আছিল গুৰু নানক । কবীৰৰ ভক্তিমাৰ্গে তেখেতক বৰকৈ প্ৰভাৱিত কৰিছিল । নানকে হিন্দু ধৰ্মত প্ৰচলিত মূৰ্তিপূজা আৰু জাতিভেদ প্ৰথাক বিশ্বাস নকৰিছিল । তেওঁৰ মতে ঈশ্বৰ এজন; তেওঁ অদ্বিতীয় আৰু  নিৰাকাৰ । গুৰু নানকৰ শিষ্য সকলক পৰৱৰ্তী সময়ত শিখ বুলি জনাজাত হয় ।


(ঙ) মীৰাবাঈ- ১৩ শতিকাত উত্তৰ পশ্চিম ভাৰতত ভক্তি আন্দোলনে গা কৰি উঠে । গুজৰাট আৰু ৰাজস্থানত আন কেইগৰাকীমান সাধকৰ সৈতে মীৰাবাঈয়েও ভজন কীৰ্তনৰ জৰিয়তে ভগৱানৰ গুণানুকীৰ্তন জনসাধাৰণৰ মাজত বিলাইছিল । জনসাধাৰণৰ মাজত এই ভক্তিমাৰ্গে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল ।



৪) আলভাৰসকল কোন ? তেওঁলোকৰ মূল ধৰ্মমত কি আছিল ? 

উত্তৰঃ- খ্ৰীষ্টীয় সপ্তম শতিকাত দাক্ষিণাত্যৰ তামিল ৰাজ্যত ভক্তিবাদ আন্দোলন গা কৰি উঠাৰ মূলতে আছিল আলভাৰ নামৰ সম্প্ৰদায়টো ।
আলভাৰ সকল ভগৱান বিষ্ণুৰ উপাসক আছিল । তেওঁলোকৰ মতে বিষ্ণু শ্ৰেষ্ঠ আৰু সৃষ্টিৰ মূল । অহং ভাৱবোৰ ত্যাগ কৰি ভগৱানৰ ওচৰত নিজকে উৎসৰ্গা কৰিব পাৰিলে মোক্ষ লাভ হয় । মানুহৰ মাজত ভগৱানক পাব পাৰি । গতিকে জীৱ প্ৰেমেই ভগৱৎ প্ৰেমৰ আধাৰ । এই সম্প্ৰদায়টোৱে তেওঁলোকৰ ভক্তিবাদী চিন্তাধাৰাত ঈশ্বৰৰ প্ৰতি থকা শ্ৰদ্ধাকে কেৱল ভক্তি বুলি নাভাৱি ঐশ্বৰিক শক্তি উপাসনাৰ মাধ্যমেৰে সমাজ সংস্কাৰ কৰি সৰ্বসাধাৰণৰ সকলো প্ৰকাৰৰ কল্যাণ সাধনত গুৰুত্ব দিছিল ।



৫) চুফীবাদৰ মূলমন্ত্ৰ কি আছিল ?ভাৰতত চুফীবাদ প্ৰসাৰত ভূমিকা লোৱা দুগৰাকী ব্যক্তিৰ নাম উল্লেখ কৰা ।

উত্তৰঃ- চুফীবাদৰ মূলমন্ত্ৰ হৈছে- এক ভগৱানকে উপাসনা কৰা । চুফীসকলৰ মতে প্ৰেম আৰু একান্ত ভক্তিৰ জৰিয়তে ভগৱানক লাভ কৰিব পাৰি ।
চুফীবাদ প্ৰসাৰত ভূমিকা লোৱা দুগৰাকী ব্যক্তি হৈছে- নিজামুদ্দিন আউলিয়া আৰু মইনুদ্দিন চিস্তি ।



৬)  কবীৰ কিয় হিন্দু আৰু ইছলাম  ধৰ্মী সকলো লোকৰ মাজত জনপ্ৰিয় আছিল ?

উত্তৰঃ- কবীৰ মুছলমান তাঁতী পৰিয়াল এটাত ডাঙৰ দীঘল হৈছিল । অন্যান্য ভক্তিমাৰ্গৰ সাধকসকলৰ দৰে তেওঁ এক ভগৱানৰ উপাসক আছিল । ভগৱানক তেওঁ ৰাম, হৰি, খোদা, আল্লা আদি বিভিন্ন নামেৰে অভিহিত কৰিছিল । কবীৰে ভক্তিৰসৰ কবিতাৰ যোগেদি ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল । জনসাধাৰণৰ মাজত এই কবিতাসমূহে যথেষ্ঠ সমাদৰ লাভ কৰিছিল । তেওঁ প্ৰচাৰ কৰা  ভক্তিমাৰ্গৰ প্ৰতি আকৰ্ষিত হৈ, হিন্দু মুছলমান উভয় ধৰ্মৰ লোকে তেওঁৰ শিষত্ব গ্ৰহণ কৰিছিল । সেইয়ে কবীৰ হিন্দু আৰু ইছলাম  ধৰ্মী সকলো লোকৰ মাজত জনপ্ৰিয় আছিল ।



৭) ভক্তি আন্দোলনৰ নেতাসকলে ধৰ্মৰ উপৰি সমাজ সংস্কাৰৰ কাম হাতত লোৱাৰ উদ্দেশ্য কি আছিল ?

উত্তৰঃ- মধ্যযুগত ভাৰতৰ সমাজ ব্যৱস্থাত ধৰ্মৰ দিশৰ পৰা বহুতো প্ৰত্যাহবানে গা কৰি উঠিছিল । বিশেষকৈ হিন্দু ধৰ্মৰ কঠোৰ নীতি নিয়ম, জাতি ভেদ প্ৰথা, উচ্চ নীচ, ধনী-দুখীয়াৰ পাৰ্থক্যই সমাজৰ নিম্নশ্ৰেণীৰ লোকক বাৰুকৈয়ে অতিষ্ঠ কৰি তুলিছিল । তেওঁলোকে ইয়াৰপৰা মুক্তি বিচাৰিছিল । জনসাধাৰণক এই ধৰ্মীয় ব্যভিচাৰ আৰু কুসংস্কাৰবোৰৰ পৰা মুক্তি দিয়াই এখন ভক্তিৰসত নিমজ্জিত সমাজ গঠন ভক্তি আন্দোলনৰ নেতাসকলে সমাজ সংস্কাৰৰ কাম হাতত লৈছিল ।               


৮) ভাৰতবৰ্ষত ভক্তি আন্দোলন জনপ্ৰিয় হোৱাৰ কাৰণ কি ?
উত্তৰঃ- ভাৰতবৰ্ষত সমাজ সংস্কাৰৰ দিশত ভক্তি আন্দোলনে বিশেষ প্ৰভাৱ পেলাইছিল । এই আন্দোলনৰ ফলত সমাজৰ জাতিভেদ প্ৰথা, উচ্চ নীচ, আচাৰ অনুষ্টানৰ বাহুল্যতা বহুখিনি হ্ৰাস পাইছিল । উদাৰ মানৱীয় দৃষ্টিভংগী ভক্তিবাদৰ ভেটি হোৱাৰ বাবে নাৰীয়েও পুৰুষৰ লগে লগে সমানে ধৰ্ম চৰ্চা কৰাৰ সুযোগ লাভ কৰিছিল । ভক্তি আন্দোলনৰ গুৰি ধৰোতাসকলে তেওঁলোকৰ মতবাদসমূহ সকলোৱে বুজিব পৰাকৈ আঞ্চলিক ভাষাৰ যোগেদি প্ৰচাৰ কৰিছিল যাৰ পৰিপ্ৰেক্ষিতত আঞ্চলিক ভাষাৰো উত্থান ঘটিছিল । পণ্ডিতসকলৰ মতে ভক্তি আন্দোলনৰ জৰিয়তে মধ্যযুগীয় ভাৰতত সামাজিক পুনৰ জাগৰণৰ আশা আকাংশা প্ৰতিফলিত হৈছিল । উপৰোক্ত কাৰণবোৰৰ বাবেই ভাৰতবৰ্ষত ভক্তি আন্দোলন জনপ্ৰিয় হৈছিল ।


৯) শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজলৈ আগবঢ়োৱা অৰিহণাৰ বিষয়ে ৫০টা মান শব্দৰ ভিতৰত একোটি টোকা লিখা ǀ 
উত্তৰ- খ্ৰীষ্ট্ৰীয় পঞ্চদশ শতিকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত ভক্তি আন্দোলনৰ সূচনা কৰে । তেখেতে ভাৰতৰ প্ৰসিদ্ধ তীৰ্থস্থান সমূহ ভ্ৰমণ কৰি হিন্দু ধৰ্মৰ মূল শাস্ত্ৰবোৰ খৰচি মাৰি অধ্য়য়ন কৰিছিল । ভাগৱত পুৰাণকে সকলোৰে মূল বুলি মতপোষণ কৰি তেখেতে অসমত ভক্তি আন্দোলনৰ গুৰি ধৰিছিল । ভক্তিবাদৰ ধাৰণাৰে তেওঁ অসমীয়া সমাজখনক নতুনকৈ গঢ়ি তুলিলে । অসমীয়াৰ সমাজ জীৱনটোক একত্ৰিত কৰিবলৈ তেওঁ সমতা,সহিষ্ণুতা আৰু অহিংসাৰ বাণী প্ৰচাৰ কৰিছিল । ভক্তিবাদক প্ৰচাৰ কৰি  তেওঁ বৈষ্ণৱ ধৰ্মপ্ৰচাৰ কৰাৰ লগতে সমাজ সংস্কাৰতো মনোনিৱেশ কৰিছিল । ধৰ্মক জনসাধাৰণৰ কাষ চপাই আনিবলৈ শংকৰদেৱে সংস্কৃতৰ সলনি ব্ৰজাৱলী ভাষা আৰু অসমীয়া ভাষাত ধৰ্ম শাস্ত্ৰবোৰ ৰচনা কৰিছিল । সামাজিক একতা আৰু সম্প্ৰীতিৰ বান্ধোন সূদৃঢ় কৰিবলৈ তেওঁ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ ব্যৱস্থা কৰিছিল। 

Question Type: Bikash Bora
Author: Chinmay Kakati
Spelling Check By- Himadree Bora