চতুৰ্থ গোট  

কম্পিউটাৰ আৰু অসমিীয়া ভাষা:

অসমীয়া মুদ্ৰাণ, অসমীয়া ভাষাৰ ছফটৱেৰৰ ব্যৱহাৰ 

প্রশ্নাৱলী

অতি চমু প্রশ্ন ঃ

১) কম্পিউটাৰ কি?
উত্তৰ: কম্পিউটাৰ অৰ্থ হৈছে গণনা। যাৰ সহায়ত মূহূৰ্ততে যুগ-বিয়োগ পূৰণ-হৰণৰ সূত্ৰ প্ৰয়োগ কৰি ফলাফল উলিয়াই দিব পাৰি।ইয়াক আৰু বিভিন্ন কামত লগাব পাৰি।

২) প্রথম অসমীয়া ছপা গ্ৰন্থখনৰ নাম কি?
উত্তৰ: প্রথম অসমীয়া ছপা গ্ৰন্থখনৰ নাম হল - সুৰভি ।

৩) কম্পিউটাৰৰ পিতৃ কোন?
উত্তৰ: কম্পিউটাৰৰ পিতৃ হল - চাৰ্লচ বেবেজ।


৪) মুদ্রণ কি?
উত্তৰ: 

৫) কম্পিউটাৰত লিখা প্রথম অসমীয়া গ্ৰন্থখনৰ নাম কি?
উত্তৰ: কম্পিউটাৰত লিখা প্রথম অসমীয়া গ্ৰন্থখন হল - প্ৰেমত পৰিলো নেকি।

৬) এবাকাছ কি?
উত্তৰ: তাঁৰত লগোৱা মণিৰ সহায়ত হিচাপ নিকাচ কৰিব পৰা এটা যন্ত্ৰ।

৭) কোন দেশত প্ৰথমে গণনা কৰিব পৰা যন্ত্ৰ আৱিষ্কাৰ হৈছিল?
উত্তৰ: চীন দেশত প্ৰথমে গণনা কৰিব পৰা যন্ত্ৰ আৱিষ্কাৰ হৈছিল।



৮) কম্পিউটাৰৰ অসমীয়া প্ৰতিশব্দ কি?
উত্তৰ: কম্পিউটাৰৰ অসমীয়া প্ৰতিশব্দ - পৰিকলন যন্ত্ৰ।

৯) এলফাবেটিকেল কী’ কি?
উত্তৰ: এলফাবেটিকেল কী হল আখৰ লিখিবলৈ ব্যৱহাৰ কৰা কী।

(১০) প্রাচীন কালত মানুহে কত ক’ত নিজৰ বক্তব্য লিপিবদ্ধ কৰি ৰাখিছিল?
উত্তৰ: প্রাচীন কালত মানুহে মাটিৰ আৰু ধাতুৰ মোহৰ, ইটা, বৰটোপ, কামান, ৰূপৰ জাপি, শৰাই,মন্দিৰৰ দেৱাল আদিত নিজৰ বক্তব্য লিপিবদ্ধ কৰি ৰাখিছিল।



১১) বর্তমান সময়ত জনপ্রিয়তা অর্জন অসমীয়া ভাষাৰ ছফটৱেৰৰ নাম লিখা।
উত্তৰ: বর্তমান সময়ত জনপ্রিয়তা অর্জন অসমীয়া ভাষাৰ ছফটৱেৰৰ নাম হল - ৰামধেনু প্লাছ।

১২) ব্ৰিটিছ চৰকাৰৰ কমনৱেলথ ফেল'ছিপ পোৱা প্ৰথমজন অসমীয়া ছাত্র কোন?
উত্তৰ:

১৩)বৰ্তমান ইউনিক'ডৱে কিমানটা সংকেতক স্থান দিছে?
উত্তৰ: বৰ্তমান ইউনিক'ডৱে ১১,১৪,১১২ টা সংকেতক স্থান দিছে।



১৪) প্ৰথম অসমীয়া লিখিত সাহিত্য কি?
উত্তৰ: প্ৰথম অসমীয়া লিখিত সাহিত্য হল- সৃষ্ট চৰ্যাপদসমূহ ।

১৫)কম্পিউটাৰৰ এটা বৈশিষ্ট্য লিখা?
উত্তৰ: কম্পিউটাৰৰ এটা বৈশিষ্ট্য হল - কম্পিউটাৰে একে সময়টে বহুটো কাম কৰিব পাৰে।

চমু প্রশ্নঃ

১) চেণ্ট্ৰেল প্ৰছেচিং ইউনিটৰ তিনিটা ভাগ কি কি?
উত্তৰঃ চেণ্ট্ৰেল প্ৰছেচিং ইউনিটৰ তিনিটা ভাগ হল- কণ্ট্ৰলিং ইউনিট, এৰিথমেটিক আৰু লজিক ইউনিট আৰু ইণ্টাৰনেল মেমৰি ইউনিট।

 ২) ইউনিক'ড কি? ইয়াৰ মূল কাৰ্যালয় ক’ত অৱস্থিত? 
উত্তৰ: ইউনিকড মানে হল অন্যান্য, সংযুক্ত, বিশ্বজনীন সাংকেতিকৰণ। ইয়াৰ মূল কাৰ্যালয় কেলফৰ্ণিয়াত অৱস্থিত।

৩) মানুহে কেতিয়াৰ পৰা লিখন কাৰ্য আৰম্ভ কৰিছিল?
উত্তৰ: মানুহে প্ৰত্ন আৰু মধ্যযুগৰ পৰা লিখন কাৰ্য আৰম্ভ কৰিছিল।

৪) কম্পিউটাৰৰ কী-ব’ৰ্ডসমূহৰ নাম লিখা।
উত্তৰ: কম্পিউটাৰৰ কী-ব’ৰ্ডসমূহ হল - লাচিত কী-বৰ্ড, জাহ্নৱী কী-বৰ্ড, ৰদালি কী-বৰ্ড।

৫) অসমীয়া ভাষাৰ ছফটৱেৰৰ নাম লিখা।
উত্তৰ: অসমীয়া ভাষাৰ ছফটৱেৰৰ নাম হল - আক্ৰতি আৰু অভ্ৰ।



ৰচনাধৰ্মী প্রশ্ন ঃ

(১) 'কম্পিউটাৰ আৰু অসমীয়া ভাষা’- ব্যাখ্যা কৰা।
উত্তৰ: কম্পিউটাৰৰ অসমীয়া প্ৰতিশব্দ হৈছে পৰিকলন যন্ত্ৰ। ইয়াক বৈদ্যুতিক মস্তিস্ক বুলিও কোৱা হয়। ই এবিধ শক্তিশালী গণনাকাৰী মেচিন। মূহূৰ্ততে ই যোগ-বিয়োগ, পূৰণ-হৰণ আৰু অন্য়ান্য অংকৰ সূত্ৰবোৰ প্ৰয়োগ কৰি ফলাফল উলিয়াই দিব পাৰে। গণনাৰ উপৰিও এই যন্ত্ৰটো আন কামতো লগোৱা হৈছে। ইয়াত আমি ছবি আঁকিব পাৰো, গানৰ সুৰ ৰছনা কৰিব  পাৰো, গান বজাব পাৰো, চিনেমা চাব পাৰো, অডিঅ আৰু ভিডিঅ সম্পাদন কৰিব পাৰো তাৰোপৰি ইংৰাজী আৰু অসমীয়া ভাষাৰ কিতাপ মুদ্ৰণ, সম্পাদনা আৰু ছপা কৰিব পাৰো। আজিকালি বিভিন্ন সঁজুলিৰ মাধ্যমত কম্পিউটাৰত অতি সহজে অসমীয়া ভাষাত লিখা মেলা কৰিব পাৰি।

২) কম্পিউটাৰৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।
উত্তৰ: কম্পিউটাৰৰ বৈশিষ্ট্যসমূহ হল -    
    ক) কম্পিউটাৰ এটা বাধ্য আৰু নিৰ্দেশ যন্ত্ৰ। ইয়াৰ নিজস্ব কোনো বুদ্ধিমতা নাই।
    খ) কম্পিউটাৰক ব্যৱহাৰকাৰীয়ে দিয়া নিৰ্দেশ অনুযায়ী কাম কৰে।
    গ) কম্পিউটাৰে একে সময়তে বহুতো কাম সম্পাদন কৰিব পাৰে।
    ঙ) কম্পিউটাৰৰ জৰিয়তে পোৱা গণনাৰ ফলাফল সদায় নিৰ্ভূল, ই কেতিয়া ভূল নকৰে।
    চ) কম্পিউটাৰে অতি দ্ৰুতভাৱে কাৰ্য সম্পাদন কৰিব পাৰে।
    ছ) কম্পিউটাৰৰ যোগেদি দেশ-বিদেশৰ মানুহৰ লগত যোগাযোগ স্থাপন কৰিব পাৰি।
    জ) কম্পিউটাৰৰ যোগেদি আমাৰ সাহিত্য-সংস্কৃতি, ভাষা, শিক্ষা, পৰ্যটন আদিৰ প্ৰচাৰ কৰিব পাৰি।

 ৩) কম্পিউটাৰ কি? ইয়াৰ বিকাশৰ বিষয়ে লিখা।
উত্তৰ: কম্পিউটাৰ অৰ্থ হৈছে গণনা। যাৰ সহায়ত মূহূৰ্ততে যুগ-বিয়োগ পূৰণ-হৰণৰ সূত্ৰ প্ৰয়োগ কৰি ফলাফল উলিয়াই দিব পাৰি। ইয়াক আৰু বিভিন্ন কামত লগাব পাৰি।কম্পিউটাৰৰ সহায়ত মূহূৰ্ততে ই যোগ-বিয়োগ, পূৰণ-হৰণ আৰু অন্য়ান্য অংকৰ সূত্ৰবোৰ প্ৰয়োগ কৰি ফলাফল উলিয়াই দিব পাৰে। গণনাৰ উপৰিও এই যন্ত্ৰটো আন কামতো লগোৱা হৈছে। ইয়াত আমি ছবি আঁকিব পাৰো, গানৰ সুৰ ৰছনা কৰিব  পাৰো, গান বজাব পাৰো, চিনেমা চাব পাৰো, অডিঅ আৰু ভিডিঅ সম্পাদন কৰিব পাৰো তাৰোপৰি ইংৰাজী আৰু অসমীয়া ভাষাৰ কিতাপ মুদ্ৰণ, সম্পাদনা আৰু ছপা কৰিব পাৰো। আজিকালি বিভিন্ন সঁজুলিৰ মাধ্যমত কম্পিউটাৰত অতি সহজে অসমীয়া ভাষাত লিখা মেলা কৰিব পাৰি। চিকিৎসা বিজ্ঞানতো কম্পিউটাৰৰ ব্যৱহাৰ বাঢ়িছে। ৰোগ নিৰ্ণয় কৰা, অস্ত্ৰোপচাৰ কৰা, বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ সময়ত কম্পিউটাৰ ব্যৱহাৰ কৰা হয়। এই কম্পিউটাৰবোৰত অকল্পনীয় দ্ৰুতগতিৰে গণনা কাৰ্য সম্পন্ন কৰাৰ উপৰিও বহুবিধ কাৰ্য সম্পন্ন কৰা হৈছে। বৰ্তমানৰ কম্পিউটাৰবোৰ আঠ নং স্তৰৰ বা পুৰুষৰ হয়।


৪) অসমীয়া ভাষাৰ ছফটৱেৰৰ বিষয়ে বর্ণনা কৰা।
উত্তৰ: অসমীয়া ভাষাৰ ছফটৱেৰ হল - আক্ৰতি আৰু অভ্ৰ
    ২) আক্ৰতিঃ আক্ৰতি হল এনে এক ছফটৱেৰ, যাৰ দ্ধাৰা আপুনি অনলাইনৰ বাহিৰে অন্য সকলোতে অসমীয়া ভাষা লিখিব পাৰিব। কোনো অসমীয়া DTP ৰ বাবে, ফটো আদিৰ ওপৰত লিখাৰ বাবে এই ছফটৱেৰ ব্যৱহাৰ কৰিব পাৰিব।
    ২) অভ্ৰঃ অভ্ৰ এটা জনপ্ৰিয় লিখন সঁজুলি। বাংলাৰ বাবেহে প্ৰথমে বেছি ভাল যদিও কাষ্টমাইজ কৰি ললে অসমীয়াৰ বাবে সমস্যা নাই। পৰম্পৰাগত ভাৱে অভ্ৰতকৈ তাৰ লগত থকা 'বৰ্ণনা' নামৰ কী-বৰ্ডখন ব্যৱহাৰ অসমীয়া লিখিবলৈ ভাল পোৱা যায়। অলপ জনা হোৱাৰ পিছত কী-বোৰ নিজৰ সুবিধা মতে সজাই লবও পাৰি।

৫) অসমীয়া মুদ্ৰণ ব্যৱস্থাৰ বিষয়ে লিখা।
উত্তৰ: প্ৰাচীন কালত মানুহে বক্তব্য-বিষয় ইটা,বৰটোপ, কামান,ৰূপৰ জাপি, শৰাই, মন্দিৰৰ দেৱাল আদিত লিপিবদ্ধ কৰি ৰাখিছিল। যিকোনো ভাষা মুদ্ৰণৰ বাবে সবাতোকৈ প্ৰয়োজনীয় হৈয় কী-বৰ্ডৰ জ্ঞান। কী-বৰ্ডৰ জ্ঞান অবিহনে মুদ্ৰণ সম্ভৱ নহয়। কী-বৰ্ড বা চাবিফলক হল এটি ইনপুট ডিভাইচ, যাৰ সহায়ত আখৰবোৰ কম্পিউটাৰলৈ বা আন কোনো যন্ত্ৰলৈ বাৰ্তা প্ৰেৰণ কৰা হয়। ১৮১৩ চনত অসমীয়া ভাষাত প্ৰথমখন গ্ৰন্থ ছপা হৈছিল। উইলিয়াম কেৰীৰ উদ্যোগত আত্মাৰাম শৰ্মাৰ দ্ধাৰা অনূদিত 'ধৰ্মপূস্তক'কে আছিল অসমীয়া লিখিত ভাষাত ছপা হোৱা প্ৰথম গ্ৰন্থ। ইয়াৰ জৰিয়তে ৰাজ্যখনৰ ভাষা সাহিত্যৰ জগতত এক যুগান্তকাৰী অধ্যায় সংযোজিত হৈছিল। দিলীপ কুমাৰ দত্তই 'ডিবৰু, বেঁকী আৰু কপিলী' নামৰ তিনিটা অসমীয়া ফণ্ট নিৰ্মাণ কৰিছিল। এই ফণ্ট কেইটাৰ জৰিয়তে সৰ্বপ্ৰথমবাৰৰ বাবে কম্পিউটাৰত অসমীয়া লিখাটো সম্ভৱপৰ হৈছিল। আনহাতে এই ফণ্টকেইটাই আছিল ভাৰতীয় ভাষাৰ প্ৰথম ফণ্ট অৰ্থাৎ কম্পিউটাৰত ব্যৱহৃত প্ৰথম ভাৰতীয় আখৰ আছিল অসমীয়া।

৬) চমুটোকা ঃ

ক) অসমীয়া ভাষাৰ ছফটৱেৰ।
উত্তৰ: অসমীয়া ভাষাৰ ছফটৱেৰ হল - আক্ৰতি আৰু অভ্ৰ
    ২) আক্ৰতিঃ আক্ৰতি হল এনে এক ছফটৱেৰ, যাৰ দ্ধাৰা আপুনি অনলাইনৰ বাহিৰে অন্য সকলোতে অসমীয়া ভাষা লিখিব পাৰিব। কোনো অসমীয়া DTP ৰ বাবে, ফটো আদিৰ ওপৰত লিখাৰ বাবে এই ছফটৱেৰ ব্যৱহাৰ কৰিব পাৰিব।
    ২) অভ্ৰঃ অভ্ৰ এটা জনপ্ৰিয় লিখন সঁজুলি। বাংলাৰ বাবেহে প্ৰথমে বেছি ভাল যদিও কাষ্টমাইজ কৰি ললে অসমীয়াৰ বাবে সমস্যা নাই। পৰম্পৰাগত ভাৱে অভ্ৰতকৈ তাৰ লগত থকা 'বৰ্ণনা' নামৰ কী-বৰ্ডখন ব্যৱহাৰ অসমীয়া লিখিবলৈ ভাল পোৱা যায়। অলপ জনা হোৱাৰ পিছত কী-বোৰ নিজৰ সুবিধা মতে সজাই লবও পাৰি।

খ) কম্পিউটাৰ।
উত্তৰ: কম্পিউটাৰ অৰ্থ হৈছে গণনা। যাৰ সহায়ত মূহূৰ্ততে যুগ-বিয়োগ পূৰণ-হৰণৰ সূত্ৰ প্ৰয়োগ কৰি ফলাফল উলিয়াই দিব পাৰি।ইয়াক আৰু বিভিন্ন কামত লগাব পাৰি।কম্পিউটাৰৰ অসমীয়া প্ৰতিশব্দ - পৰিকলন যন্ত্ৰ।
কম্পিউটাৰৰ বৈশিষ্ট্যসমূহ হল -    
    ক) কম্পিউটাৰ এটা বাধ্য আৰু নিৰ্দেশ যন্ত্ৰ। ইয়াৰ নিজস্ব কোনো বুদ্ধিমতা নাই।
    খ) কম্পিউটাৰক ব্যৱহাৰকাৰীয়ে দিয়া নিৰ্দেশ অনুযায়ী কাম কৰে।
    গ) কম্পিউটাৰে একে সময়তে বহুতো কাম সম্পাদন কৰিব পাৰে।
    ঙ) কম্পিউটাৰৰ জৰিয়তে পোৱা গণনাৰ ফলাফল সদায় নিৰ্ভূল, ই কেতিয়া ভূল নকৰে।
    চ) কম্পিউটাৰে অতি দ্ৰুতভাৱে কাৰ্য সম্পাদন কৰিব পাৰে।
    ছ) কম্পিউটাৰৰ যোগেদি দেশ-বিদেশৰ মানুহৰ লগত যোগাযোগ স্থাপন কৰিব পাৰি।
    জ) কম্পিউটাৰৰ যোগেদি আমাৰ সাহিত্য-সংস্কৃতি, ভাষা, শিক্ষা, পৰ্যটন আদিৰ প্ৰচাৰ কৰিব পাৰি।


গ) ৰামধেনু।
উত্তৰ: ৰামধেনু প্লাছ হল অসমতে বিকশিত হোৱা আৰু বহলভাৱে ব্যৱহৃত হোৱা অসমীয়া মুদ্ৰণ কৰিব পৰা এটা ছফটৱেৰ। ৰামধেনুৰ সহায়ত অসমীয়া, বাংলা, ইংৰাজী, হিন্দী অতি সহজে মুদ্ৰণ কৰিব পাৰি। ৰামধেনু কম্পিউটাৰত সংযুক্ত কৰি ললে মুদ্ৰণ কৰিব পৰা বিভিন্ন এপ্লিকেচন। যেনেঃ মাইক্ৰছফট ৱৰ্ড, পেজ মেকাৰ আদিত অসমীয়া মুদ্ৰণ সুলভ হৈ উঠে। নিজৰ ইচ্ছানুসৰি কী-বৰ্ডখনৰ ব্যৱস্থা কৰি লব পাৰি আৰু ইয়াত থকা বহু সংখ্যক Font বা লিপিৰ সুবিধা গ্ৰহণ কৰিব পাৰি। ইয়াত ২৫০ তকৈ অধিক ফণ্টত কাম কৰিব পৰা সুবিধা আছে। পেজ মেকাৰ আৰু মাইক্ৰছফট ৱৰ্ডত সক্ৰিয়ভাৱে ফন্ট সলনি হব।

ঘ) অসমীয়া মুদ্রণ।
উত্তৰ: প্ৰাচীন কালত মানুহে বক্তব্য-বিষয় ইটা,বৰটোপ, কামান,ৰূপৰ জাপি, শৰাই, মন্দিৰৰ দেৱাল আদিত লিপিবদ্ধ কৰি ৰাখিছিল। যিকোনো ভাষা মুদ্ৰণৰ বাবে সবাতোকৈ প্ৰয়োজনীয় হৈয় কী-বৰ্ডৰ জ্ঞান। কী-বৰ্ডৰ জ্ঞান অবিহনে মুদ্ৰণ সম্ভৱ নহয়। কী-বৰ্ড বা চাবিফলক হল এটি ইনপুট ডিভাইচ, যাৰ সহায়ত আখৰবোৰ কম্পিউটাৰলৈ বা আন কোনো যন্ত্ৰলৈ বাৰ্তা প্ৰেৰণ কৰা হয়।

ঙ) ই-আলোচনী।
উত্তৰ: 

চ) ইউনিক’ড।
উত্তৰ: ইউনিকড মানে হল অন্যান্য, সংযুক্ত, বিশ্বজনীন সাংকেতিকৰণ। প্ৰকৃততে ইউনিকড পদ্ধতিত পৃথিৱীৰ প্ৰায় সকলো ভাষাৰ লিপিসমূহ একো একোটা বিশেষ মানদণ্ডত ৰখাৰ ব্যৱস্থা কৰা হৈছে। বৰ্তমান ইউনিকডত ১১,১৪,১১২ টা সংকেতৰ বাবে স্থান দিয়া হৈছে, অৰ্থাৎ ইউনিকডে এঘাৰ লাখ চৈধ্য হেজাৰ এক বাৰটা আখৰ সুকীয়াকৈ চিহ্নিত কৰিব পাৰি। 


Type-Bharat Kalita
Morigaon Assam