অধ্যায় ৬

চামুৰাই


প্ৰশ্নাৱলীঃ

১। চামুৰাই কোন? কবিতাটিত চামুৰাই কথা কিয় কোৱা হৈছে?

উত্তৰঃ চমুৰাই হল মাতৃভূমিৰ প্ৰতি প্ৰাণ দিব পৰা এগৰাকী অখ্যাত সৈনিক তেওঁ কপিলীপাৰত বাস কৰে। তেখেতৰ উপৰিপুৰুষসকল মৰাণ সেনাক খেদি পুনৰ আহোম ৰজাক ৰাজপাটত বহুৱাবলৈ অসমলৈ আহিছিল আৰু অসমক মাতৃভূমি হিচাপে আকোৱালি লৈ কপিলীৰ পাৰত স্থায়ীভাৱে ৰৈ গল।

     চমুৰাই হল মাতৃভূমিৰ প্ৰতি প্ৰাণ দিব পৰা এগৰাকী অখ্যাত সৈনিক। তদুপৰি চামুৰাইৰ পিতৃয়ে দেশৰ হকে ফাঁচীৰ কোঠাত ওলমিছিল। নিজৰ ভায়েকে দেশৰ কাৰণে যুজি লাডাখৰ হিমচেচা বৰফত প্ৰাণত্যাগ কৰিছিল। ককাদেউতাক আৰু তেখেতৰ ককায়েকেউ মাতৃভূমিৰ ৰক্ষাৰ্থেও যুজিঁ মৃত্যুক আকোঁৱালি লৈছিল। এনে এটি মহান গাঁথাৰ কাহিনীকেই চামুৰায়ে কবিতাটিৰ জৰিয়তে বৰ্ণনা কৰিছে।

২। 'জননীৰ জঠৰ-কৰাত বন্দী' বুলি কিয় কোৱা হৈছে?

উত্তৰঃ কাৰাগাৰত বন্দীসকলে তাতে থাকিব লগা হয়। তেওঁলোকে ইচ্ছা কৰিলেও তাৰ পৰা মুকলি হব নোৱাৰে। একেদৰে মাতৃ-গৰ্ভত থকা সন্তানো নিজে ওলাই আহিব নোৱাৰে। জন্ম নোহোৱা পযন্ত। নিজৰ পিতৃয়ে আইতাকক সেৱা কৰি যুদ্ধলৈ যোৱাৰ সময়ত চামুৰাই মাকৰ গৰ্ভতেই আছিল। সেইবাবে চামুৰাই সেইখিনি সময়ত জননীৰ জঠৰ কাৰাগাৰত বন্দী হৈ আছিল বুলি কোৱা হৈছে।

৩। 'চামুৰাই'ৰ উপৰিপুৰুষসকল অসমভূমিত কেনেকৈ আৰু কেতিয়া পদাৰ্পণ কৰিছিল?

উত্তৰঃ চামুৰাইৰ উপৰিপুৰুষ সকল দেশৰ ৰক্ষাৰ্থে যুজা লোক।  মৰাণসকলে আহোমৰ ৰজাৰ পদচ্যুত কৰাত বিদ্ৰোহীসকলক খেদি আকৌ আহোম ৰজাক ৰাজপাটত বহুৱাবলৈ ফিৰিঙি সৈন্যৰ লগত চামুৰাইৰ উপৰিপুৰুষসকল অসমলৈ আহিছিল আৰু ৰজাক পুনৰ ৰজাক পুনৰ ৰাজপাটত বহুৱাই তেওঁলোক অসমতে থাকি গল। তেওঁলোকে কপিলীপাৰত বসতি স্থাপন কৰিলে।

৪। 'চামুৰাই'ৰ উপৰিপুৰুষে আহোম ৰজাৰ আগত কি প্ৰতিজ্ঞা কৰিছিল?

উত্তৰঃ চামুৰাইৰ উপৰিপুৰুষে আহোম ৰজাৰ আগত প্ৰতিজ্ঞা কৰিছিল যে তেওঁলোকে অসমতে থাকি অসমক মাতৃভূমি হিচাপে আকোৱালি লব আৰু দেশৰ বাবে প্ৰাণ আহুতি দিবলৈ সাজু থাকিব।

৫। হাৰাকিৰি কি?

উত্তৰঃ হাৰাকিৰি মানে হ'ল- নিজক আঘাত কৰি আত্মহত্যা কৰা। চামুৰাইৰ ককাদেউটাকৰ ককাকে হাদিৰাচকীৰ ৰণত হাৰি বেলেগ সৈন্যৰ হাতত বন্দী হৈ গোলামৰ নিচিনাকে জীৱন অতিবাহিত কৰাতকৈ মৃত্যুই শ্ৰেষ্ঠ বুলি ভাৱি নিজৰ অস্ত্ৰৰেই নিজক আঘাট কৰি হাৰাকিৰি মানে আত্মহত্যা কৰিছিল।

৬। 'চামুৰাই'ৰ দেশপ্ৰেমৰ নিদৰ্শন দাঙি ধৰা।

উত্তৰঃ চামুৰাই হল এজন সৈনিক, দেশপ্ৰেমিক। তেওঁৰ গোটেই বংশ-পৰিয়ালেই দেশৰ কাৰণে প্ৰাণ দিছিল।  মৰাণসকলে আহোমৰ ৰজাৰ পদচ্যুত কৰাত বিদ্ৰোহীসকলক খেদি আকৌ আহোম ৰজাক বাজপাটত বহুৱাবলৈ ফিৰিঙি সৈন্যৰ লগত ৰজাক চামুৰাইৰ উপৰিপুৰুষসকল অসমলৈ আহিছিল আৰু পুনৰ ৰজাক পুনৰ ৰাজপাটত বহুৱাই তেওঁলোক অসমতে থাকি গল। তেওঁলোকে অসমকে মাতৃভূমি ৰুপে আকোৱালি ললে। তেওঁলোকৰ সন্তানেই চামুৰাই। চামুৰাইয়ে নিজে কৈছে তেওঁৰ গাত লাচিত, শিৱাজীৰ তেজ বৈ আছে তেওঁৰ শৰীৰত। এইবিলাক কথা আৰু কাৰ্যৰ পৰা তেওঁৰ দেশপ্ৰেমৰ নিৰ্দেশন পোৱা যায়।

৭। 'চামুৰাই'ৰ উপৰিপুৰুষৰ পৰিচয় দাঙি ধৰা।

উত্তৰঃ চামুৰাইৰ উপৰিপুৰোষৰ বাসস্থান হ'ল বিপাশ নদীৰ পাৰত। সেইসকলৰ বংশধৰ বৰ্তমানেও বিপাশা নদীৰ পাৰৰ ৰাজপুতনাত আছে। মৰাণসকলে আহোমৰ ৰজাৰ পদচ্যুত কৰাত বিদ্ৰোহীসকলক খেদি আকৌ আহোম ৰজাক বাজপাটত বহুৱাবলৈ ফিৰিঙি সৈন্যৰ লগত চামুৰাইৰ উপৰিপুৰুষসকল অসমলৈ আহিছিল আৰু ৰজাক পুনৰ ৰজাক পুনৰ ৰাজপাটত বহুৱাই তেওঁলোক অসমতে থাকি গ'ল। অসমক নিজ মাতৃভূমি হিচাপে আকোৱালি লৈ ৰজা আৰু ৰাইজৰ হকে প্ৰাণ দিবলৈ প্ৰতিজ্ঞা কৰিলে। চামুৰাইৰ পিতৃয়ে দেশৰ হকে ফাঁচীৰ কোঠাত ওলমিছিল। নিজৰ ভায়েকে দেশৰ কাৰণে যুজি লাডাখৰ হিমচেচা বৰফত প্ৰাণত্যাগ কৰিছিল। ককাদেউতাক আৰু তেখেতৰ ককায়েকেউ মাতৃভূমিৰ ৰক্ষাৰ্থেও যুজিঁ মৃত্যুক আকোঁৱালি লৈছিল। এইধৰণে চামুৰাইৰ উপৰিপুৰোষসকলে দেশৰ কাৰণে মৃত্যুবৰণ কৰিছিল।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)






Type-Pompi Hazarika

Answered by- Leena Kakati