Lesson: 22
ভাৰতৰ সংবিধান
১। দুই নম্বৰৰ বাবে---- এটা বা দুটা বাক্যত উত্তৰ লিখা :
ক) আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ সংবিধানৰ কি কি আদৰ্শ ভাৰতীয় সংবিধানত অনুসৰণ কৰা হৈছে?
উত্তৰঃ সংসদীয় গণতন্ত্ৰৰ ব্যৱস্থাটো বৃটিছ সংবিধানৰ পৰা আৰু ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ ধাৰণাটো আয়াৰলেণ্ডৰ সংবিধানৰ পৰা লোৱা হৈছে।
খ) ১৯১৫ চনৰ আইনৰপৰা কি কি ধাৰণা ভাৰতীয় সংবিধানৰ বাবে গ্ৰহণ কৰা হ’ল?
উত্তৰঃ ১৯৩৫ চনৰ আইনৰ পৰা যুক্তৰাষ্ট্ৰীয় চৰকাৰ, যুক্ত ৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ধাৰণা আদি গ্ৰহণ কৰা হৈছে।
গ) প্ৰস্তাৱনাত কি পোৱা যায়?
উত্তৰঃপ্রস্তাবনাত সংবিধনাৰ লক্ষ্য আৰু আদৰ্শৰ আভাস পোৱা যায়।
ঘ) ভাৰতবৰ্ষক কিয় গণৰাজ্য বোলা হয়?
উত্তৰঃ : ভাৰতৰ ৰাষ্ট্ৰ প্ৰধানকে ধৰি প্রশাসক সকল প্রত্যক্ষ বা পরোক্ষভাবে নির্বাচিত হয় জনগণৰ দ্বাৰা। গতিকে ভাৰত এখন গণৰাজ্য।
ঙ) ধৰ্ম-নিৰপেক্ষ ৰাষ্ট্ৰ বুলিলে কি বুজা?
উত্তৰঃ আমাৰ ৰাষ্ট্ৰত বাস কৰা সকলো ধৰ্মৰ লোক আইনৰ চকুত সমান আৰু ধৰ্মৰ নামত কোনো নাগৰিককে অধিকাৰ উপভোগৰ পৰা বঞ্চিত কৰিব নোৱাৰে। সেয়ে ই ধৰ্ম নিৰপেক্ষ ৰাষ্ট্র।
২। চাৰি নম্বৰৰ বাবে— চাৰিটা বা পাঁচটা বাক্যত উত্তৰ লিখা :
ক) ভাৰতীয় সংবিধানৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ ভাৰতীয় সংবিধানৰ চাৰিটা বৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল।
১। পৃথিৱীৰ দীর্ঘতম সংবিধান।
২। এটা বাক্যত সংবিধানখনৰ সকলো আদর্শ প্রতিফলিত কৰা এটা প্রস্তাবনা সংযোজন।
৩। সমাজবাদী ৰাষ্ট্ৰ হিচাপে অভিহিত কৰণ।
৪। আইনৰ চকুত সকলো ধৰ্মৰ লোকে সমান অধিকাৰ লাভ কৰা ধৰ্ম নিৰপেক্ষ দেশৰ ঘোষণা।
খ) ব্ৰিটিছ চৰকাৰে ভাৰত শাসনৰ বাবে প্ৰণয়ন কৰা চাৰিখন আইনৰ নাম লিখা।
উত্তৰঃ ১৮৬১ চনৰ ভাৰত পৰিষদ আইন।
১৮৯২ চনৰ সংশোধিত ভাৰত পৰিষদ আইন।
১৯০৯ চনৰ ভাৰত চৰকাৰ আইন।
১৯১৯ চনৰ ভাৰত চৰকাৰ আইন।
গ) ভাৰতৰ সংবিধানখন দীঘল হোৱাৰ চাৰিটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ
ভাৰতৰ সংবিধান খনত ৩৯৫টা অনুচ্ছেদ, ২২টা অধ্যায় আৰু ১২খন অনুসুচী আছে। গতিকে সংবিধানখন দীঘলীয়া।
আমাৰ সংবিধানত কিছুমান বিষয় বৰ বিতংভাৱে বৰ্ণনা কৰা হৈছে যাৰ ফলত ইদীঘলীয়া হৈছে।
সংবিধানখন বহুবাৰ সংশোধন কৰি মূল দফাবোৰৰ লগত অতিৰিক্ত ধাৰা সংযোজন কৰা হৈছে, ফলস্বৰূপে সংবিধানখন দীঘলীয়া হৈছে।
পৃথিৱীৰ কেইবাখনো সংবিধানৰ পৰা বছা বছা আদর্শ সমূহ সংগ্ৰহ কৰি আমাৰসংবিধানত অন্তর্ভুক্ত কৰাৰ বাবে সংবিধানখন অতি দীঘলীয়া হৈছে।
ঘ) ভাৰতীয় সংবিধানৰ দুটা যুক্তৰাষ্ট্ৰীয় আৰু দুটা একাত্মক গুণ উল্লেখ কৰা।
উত্তৰঃ
যুক্তৰাষ্ট্ৰীয় গুণ--
১। ক্ষমতাৰ বিতৰণ।
২। নিৰপেক্ষ নাগৰিকত্ব।
একাত্মক গুণ--
১। কেন্দ্ৰীয় চৰকাৰ।
২। একক নাগৰিকত্ব।
ঙ) ভাৰতীয় শাসন ব্যৱস্থাক কিয় সংসদীয় গণতন্ত্র বোলা হয়?
উত্তৰঃ যেতিয়া গণতান্ত্রিক ৰাষ্ট্ৰ এখনত চৰকাৰৰ তিনিওটা শাখাৰ ভিতৰত আইন সভা বা সংসদ আটাইতকৈ ক্ষমতাশালী হয় তেন্তে সেই ব্যৱস্থাক সংসদীয় গণতন্ত্র বোলা হয়। ভাৰত চৰকাৰৰ আটাইতকৈ শক্তিশালী অংগ হৈছে সংসদ।সেইবাবে ভাৰতীয় শাসন ব্যৱস্থাক সংসদীয় গণতন্ত্র বোলা হয়।
Type by Ishan Bora
Check by - Mukesh Borah
0 Comments