অধ্য়ায়-দুই

টেঙৰী কাউৰী

১। টেঙৰী কাউৰীজনীৰ নাম কি?

উত্তৰঃ টেঙৰী কাউৰীজনীৰ নাম ক'লীবাই আছিল। 


২। তাইৰ গিৰিয়েকৰ ঘৰৰপৰা মাকৰ ঘৰলৈ কিমান দূৰ বাট?

উত্তৰঃ তাইৰ গিৰিয়েকৰ ঘৰৰপৰা মাকৰ ঘৰলৈ এবেলাৰ বাট। 


৩। কাউৰীজনীয়ে কলহটো ক'ত পৰি থকা দেখা পালে?

উত্তৰঃকাউৰীজনীয়ে কলহটো মানুহ এঘৰৰ পিছ চোতালত পৰি থকা দেখা পালে। 


৪। কলহটোৰ কাষত কিহৰ দ'ম আছিল?

উত্তৰঃ কলহটোৰ কাষত শিলগুটিৰ দ'ম আছিল।


৫। কাউৰীজনীয়ে পানী খাব পাৰিলেনে? যদি পাৰিলে তেন্তে কেনেকৈ?

উত্তৰঃ কাউৰীজনীয়ে পানী খাব পাৰিলে। তাই এনেকৈ পানী খাব পাৰিলে যে তাই কলহটোৰ কাষতে শিলগুটিৰ দ'ম এটা দেখা পালে। তাই তাৰ পাছত ঠোঁটেৰে শিলগুটি আনি কলহটোৰ ভিতৰত সোমোৱাই দিলে তাৰ পাছত পানীখিনি ওপৰলৈ উঠি আহিল আৰু তাই তাৰ পিছত হেঁপাহ পলুৱাই পানী খাই মাকৰ ঘৰলৈ বুলি উৰা মাৰিলে।


Author- Bikash Bora