ভূ-অৱয়ৰ গঠনৰ শক্তিসমূহ আন্তঃশক্তি আৰু বাহ্যিক শক্তি
FORCES OF LAND FROM DEVELOPMENT: ENDOGENETIC FORCE AND EXOGENETIC FOCE
NEW UPDATE-2022
Chapter 4
১। চমু প্ৰশ্ন উত্তৰ লিখাঃ
১। পৃথিৱীৰ মহাদেশখন বৰ কি নহয়?
উত্তৰঃ ডাঙৰ।
২। কাক পাতাল বিৰূপন কোৱা হয়?
উত্তৰঃ পাতাল বিৰূপন আন্দোলনৰ প্ৰক্ৰিয়াক পাতাল বিৰূপন বুলি কোৱা হয়।
৩। পাতাল বিৰূপণী আন্দোলনক আঞ্চলিক বিতৰণক কেইটা ভাগত ভাগ কৰিব পাৰে?
উত্তৰঃ পাতাল বিৰূপনী আন্দোলনক আঞ্চলিক বিতৰণক দুটা ভাগত ভাগ কৰিব পাৰে।
৪। 'Epeirogenic' শব্দটো প্ৰকৃততে কোন ভষাৰ শব্দ পৰা উৎপত্তি হৈছে?
উত্তৰঃ গ্ৰীক ভাষাৰ শব্দ 'epeiros' পৰা আহিছে।
৫। মহাদেশ উঠি অহা অংশক কি বুলি কোৱা হয়?
উত্তৰঃ ধানাত্মক।
৬। বহি যোৱা অংশক কি বুলি কোৱা হয়?
উত্তৰঃ ঋণাত্মক অংশ।
৭। প্ৰায় কিমান মিটাৰ উচ্চতাত কিমানটা মাৰ্বল শিলাৰ স্তম্ভ অভগ্ন অৱস্থাত থকা দেখিবলৈ পোৱা যায়?
উত্তৰঃ প্ৰায় ১৩ মিটাৰ উচ্চতাত ৩ টা মাৰ্বল পোৱা য়ায়।
৮। বেদিকা নৰ'বেত কিমান উচ্চতাত দেখিবলৈ পোৱা য়ায়?
উত্তৰঃ ১৮৩ মিটাৰ উচ্চতাত।
৯। Orogenic শব্দটোৰ Oros শব্দটো ক'ৰ পৰহা আহিছে?
উত্তৰঃ গ্ৰীক শব্দৰ পৰা আহিছে।
১০। Oros ৰ শব্দটোৰ অৰ্থ কি?
উত্তৰঃ Oros ৰ শব্দটোৰ অৰ্থ হ'ল পৰ্বত।
১১। geny শব্দটো ক'ৰ পৰা আহিছে?
উত্তৰঃ geny শব্দটো geneses ৰ পৰা আহিছে।
১২। Geneses ৰ শব্দটোৰ অৰ্থ কি?
উত্তৰঃ Geneses ৰ শব্দটোৰ অৰ্থ হ'ল উৎপত্তি বা সৃষ্টি।
১৩। গিৰিজনী শব্দটোৰ অৰ্থ কি?
উত্তৰঃ গিৰিজনী ৰ শব্দটোৰ অৰ্থ হ'ল পৰিবত গঠনকাৰী আৰু গিৰিজনী।
১৪। সাধাৰণতে গিৰিজনী আন্দোলন সংগটিতহয় কিহৰ বলৰ প্ৰভাৱত?
উত্তৰঃ সংকোচন।
১৫। নলী কাক বোলে?
উত্তৰঃ মুখখনৰ পৰা পৃথিৱীৰ অৰ্ন্তভাগত থকা মেগমা গহ্বৰলৈ যিটো সুৰুকা থাকে তাকে নলী বোলে।
১৬। আগ্নেয়গিৰি মুখ কাক বোলে?
উত্তৰঃ জ্বালামুখীৰ ফলত সৃষ্টি হোৱা পৰ্বতৰ মুখখন কেৰাহি এটাৰ দৰে হোৱা কাৰণে ইয়াক আগ্নেয়গিৰি মুখ বোলে।
১৭। জ্বালামুখী কোক বোলে?
উত্তৰঃ পৃথিৱীৰ যি দুৰ্বল অংশইদি বা দুৰ্বল অংশৰ কোনো ফাঁকেদি নিয়মিতভাৱে কিন্ত এৰি এৰি বা অনিয়মিতভাৱে বহু বছৰৰ ব্যৱধানত ধোঁৱা, ভষ্ম, গৰম, বোকা, লাভা, ছাই আদি ওলাই, তাকে জ্বালামুখী বোলে।
১৮। জ্বালামুখীটোৰ মুখ্যদ্বাৰ কাক বোলে?
উত্তৰঃ যিটো নলীৰ ভূগৰ্ভৰ পৰা লাভা, ছাই, াদি বাহিৰলৈ ওলাই আহি চাৰিওপিনে জমা হৈ শাংকব পাহাৰখনৰ সৃষ্টি কৰে, তাকে জ্বালামুখী মুখ্যদ্বাৰ বোলে।
১৯। জ্বালামুখী এটা কি আকৃতিৰ পাহাৰ?
উত্তৰঃ শংকু আকৃতিৰ পাহাৰ।
২০। বৃহৎ আকাৰৰ জ্বালামুখীক কি বুলি কোৱ হয়?
উত্তৰঃ জ্বালামুখ কুণ্ড বুলি কোৱা হয়।
২১। অৱনমিত কুণ্ড কাক বোলে?
উত্তৰঃ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা কুণ্ডবোৰক বিস্ফোৰণ জ্বালামুখী কুণ্ড আৰু বিদৰ সৃষ্টিৰ ফলত অৱনমিত হৈ সৃষ্টি হোৱাবোৰক অৱনমিত কুণ্ড বুলি কোৱা হয়।
২২। ভূ-অৱয়ৱ গঠন শক্তিসমূহ কি কি?
উত্তৰঃ ভূ-অৱয়ব শক্তিসমূহ হ'ল আন্তঃশক্তি আৰু বাহ্যিক শক্তি।
২৩। জ্বালামুখী শাংকব পাহাৰৰ উচ্চতা সাগৰ পিঠিতকৈ কিমান মিটাৰকৈও বেছি?
উত্তৰঃ ৪,৩০০ মিটাৰতকৈও বেছি।
২৪। জ্বালামুখী কাৰ্যক্ষমতা অনুযায়ী জ্বালামুখীক কেইটা ভাগত ভগাব পাৰে আৰু কি কি?
উত্তৰঃ জ্বালামুখী কাৰ্যক্ষমতা অনুযায়ী জ্বালামুখীক তিনিটা ভাগ ভগাব পাৰি আৰু সেইকেইটা হ'লঃ
১। জাগ্ৰত
২। সুপ্ত
৩। লুপ্ত
২৫। জাগ্ৰত আগ্নেয়গিৰি কাক বোলে?
উত্তৰঃ যিবোৰ জ্বালামুখী সঘনে উদগীৰিত হৈ থাকে তাকে জাগ্ৰত আগ্নেয়গিৰি বোলে।
২৬। সুপ্ত আগ্নেয়গিৰি কাক বোলে?
উত্তৰঃ যিবোৰ জ্বালামুখী এসময়ত জাগ্ৰত আছিল, কিন্তু বছৰ বছৰ দৰি (এশ বছৰৰ ওপৰকাল) মনে মনে আছে কিন্তু ভৱিষ্যতে আকৌ উদগীৰণ হ'ব পাৰে, তেনকুৱা জ্বালামুখিীক সুপ্ত আগ্নেয়গিৰি বোলে।
২৭। লুপ্ত কাক বোলে?
উত্তৰঃ যিবোৰ জ্বালামুখী উদগীৰণ হোৱাৰ কোনো সম্ভাৱনা নাই তাকে লুপ্ত বা মৃত আগ্নেয়গিৰি বোলে।
২৮। জাগ্ৰত, সুপ্ত, আৰু লুপ্ত ৰ উদাহৰণ দিয়া।
উত্তৰঃ ১। জাগ্ৰতৰ ৰ উদাহৰণ হ'ল ছিছিল দ্বীপৰ এটা আগ্নেয়গিৰি।
২। সুপ্ত ৰ উদাহৰণ হ'ল জাপানৰ ফুজিয়ামা।
৩। লুপ্ত ৰ উদাহৰণ হ'ল আফ্ৰিকাৰ কিলিমাঞ্জাৰো।
২৯। আগ্নেয়গিৰিক কি আগ্নেয়গিৰিও বুলি কোৱা হ'য়?
উত্তৰঃ আগ্নেয়গিৰিক সবিৰাম আগ্নেয়গিৰিও বুলি কোৱা হয়।
৩০। জ্বালামুখীয় শৈলখণ্ড কাক বোলে?
উত্তৰঃ যিবোৰ পাইৰ'ক্লাষ্ট বৰ ডাঙৰ আৰু কৌণিক আকাৰৰ সেইবোৰক জ্বালামুখীয় শৈলকণ্ড বোলে।
৩১। জ্বালামুখী নিক্ষেক কাক বোলে?
উত্তৰঃ কৌণিক নহৈ প্ৰায় ঘূৰণীয়া হোৱা দেখা যায়। সেইবোৰক জ্বালামুখী নিক্ষপ বোলে।
৩২। কেলডেৰাবোৰ কি?
উত্তৰঃ কেলডেৰাবোৰ হ'ল কোনো জ্বালামুখৰ চাৰিওপিনে বেৰসমূহ অধোক্ষেপনৰ ফলত বহল হৈ সৃষ্টি হয়।
৩৩। ভূ-অৱয়ব বা স্থলাকৃতিসমূহ কেইটা ভাগত বিভক্ত কৰা হৈছে আৰু কি কি?
উত্তৰঃ দুটা ভাগত আৰু সেইকেইটা হ'লঃ
১। লাভা মালভূমি।
২। লাভা সমভূমি।
৩৪। পৃথিৱীৰ উপৰিভাগত প্ৰায় কেইটা আগ্নেয়গিৰি আছে?
উত্তৰঃ ৩৬৫ টা আগ্নেয়গিৰি আছে।
৩৫। প্ৰশান্তৰ আগ্নেয়বলয় কাক বোলে?
উত্তৰঃ বেছিভাগ আগ্নেয়গিৰিয়ে প্ৰশান্ত মহাসাগৰৰ চাৰিওফালে আঙুঠিৰ আকৃতিৰে বিয়পি থকা দেকা য়ায়। তাকে প্ৰশান্ত আগ্নেয়বলয় বোলে।
৩৬। ভূমিকম্প কাক বোলে?
উত্তৰঃ তীব্ৰ কম্পনে মানুহৰ অশেষ ক্ষয়-ক্ষতি কৰাৰ উপৰিও পৰিবৰ্তনো ঘটায়। ইয়াকে ভূমিকম্প বোলা হয়।
৩৭। ভূমিকম্প কেন্দ্ৰ কাক বোলে?
উত্তৰঃ যি বিন্দুত ইয়াৰ উৎপত্তি হয় তাকে ভূমিকম্প কেন্দ্ৰ বোলে।
৩৮। প্ৰশান্তৰ আগ্নেয়বলয়টোৰ কেইটা জাগ্ৰত আৰু কেইটা মৃত আগ্নেয়গিৰি আছে?
উত্তৰঃ জাগ্ৰত ৬৫ টা আৰু মৃত ১২২ টা আগ্নেয়গিৰি আছে।
৩৯। জাপানত তকা ফুজিয়াম পৰ্বতটো কিমান মিটাৰ ওখ এখন সুপ্ত আগ্নেয় পৰ্বত?
উত্তৰঃ ৩,৭৭৬ মিটাৰ ওখ।
৪০। কিমান খ্ৰীঃত প্ৰশান্ত আগ্নেয়বলয় উদগীৰণ হৈছিল?
উত্তৰঃ ১৭০৭ খ্ৰীঃত ত।
৪১। প্ৰশান্ত আগ্নেয়বলয় পূৱ অংশটোত কমেও কেইটা জাগ্ৰত আগ্নেয়গিৰি আছে?
উত্তৰঃ আঠটা আছে।
৪২। উপকেন্দ্ৰ বা অধিকেন্দ্ৰ কাক বোলে?
উত্তৰঃ কেন্দ্ৰৰ ঠিক ওপৰত থকা ধৰাপৃষ্ঠৰ বিন্দুটোক উপকেন্দ্ৰ বা আদিকেন্দ্ৰ বোলে।
৪৩। সাধাৰণতে ভূমিকম্পৰ পৰা বা ভূমিকম্পৰ সময়ত কেই বিধ কম্পন বা ঢৌৰ সৃষ্টি হ'য়?
উত্তৰঃ তিনিবিধ।
৪৪। অনুদৈৰ্ঘিক তৰংগ কাক বোলে?
উত্তৰঃ তৰংগৰ গতিপথৰ লগত একে দিশত আগাপিছাকৈ প্ৰৱাহিত হয়। সেইবাবে এই তৰংগক অনুদৈৰ্ঘিক তৰমগ বোলে।
৪৫। ভূমিকম্প জোখা যন্ত্ৰটোৰ নাম কি?
উত্তৰঃ ছিছম'কগ্ৰাফ।
৪৬। ছিছম'লজি শব্দটো ক'ৰ পৰা আহিছে?
উত্তৰঃ গ্ৰীক শব্দ ছিছম'জৰ পৰা আহিছে।
৪৭। সূক্ষ্ম ভূমিকম্প তীব্ৰতা কিমান?
উত্তৰঃ ১-৩।
৪৮। সমভূমিকম্পীয় ৰেকা কাক বোলে?
উত্তৰঃকোনো এটা ভূমিকম্পত সমপৰিমাণৰ জোকাৰণি অনুভৱ কৰা ঠাইসমূহক সংয়োগ কৰা কাল্পনিক ৰেখাকে সমবূমিকম্পীয় ৰেখা বোলে।
৪৯। প্লেট কাক বোলে?
উত্তৰঃ ফলত বিৱৰ্তন সূত্ৰ অমুসাৰে এই তৰপটো বা পৃথিৱীৰ খোলাটো কিছুমান ফলকৰ সমষ্টি। এই ফলকবোৰক প্লেট বোলে।
৫০। ফলকসমূহে কেই প্ৰকাৰৰ গতি কৰে আৰু কি কি?
উত্তৰঃ তিনিপ্ৰকাৰৰ। আৰু সেইবোৰ হ'ল
১। মুখামুখী গতি।
২। বিপৰীতমুখী গতি।
৩। পাৰ্শ্বগতি।
৫১। কিমান চনত সংগটিত হোৱা বৰ ভূইকঁপৰ ফলত আমাৰ অসমৰ কোন খন জিলাৰ কেতবোৰ ঠাইত স্থানচ্যুতি হৈছিল?
উত্তৰঃ ১৮৯৭ চনত দৰং জিলাত।
৫২। পৃথিৱীৰ ভূমিকম্পসমূহ বিশেষকৈ কেইটা অঞ্চলত বিয়পি আছে আৰু কি কি?
উত্তৰঃ দুটা। এটা হ'ল প্ৰশান্ত মহাসাগৰৰ চাৰিওফলাৰ উপকূল। আৰু আলটো হ'ল দীঘলীয়া ভূমধ্যসাৰীয় ইউৰোপৰ পৰা আপ্লছ আৰু হিমালয়ৰ মাজেৰে প্ৰশান্ত মহাসাগৰলৈ।
৫৩। ভাৰতবৰ্ষত প্ৰায় কেইটা ডাঙৰ ভূমিকম্প হৈছিল?
উত্তৰঃ ২০ টা।
৫৪। কিমান চনত হোৱা কাংগ্ৰা ভূমিকম্পই কিমান হাজাৰ মানুহৰ জীৱন ধ্বংস কৰিছে?
উত্তৰঃ ১৯৫০ চনত হোৱা কাংগ্ৰা ভূমিকম্পই ২০,০০০ হাজাৰ মানুহৰ জীৱন ধ্বংস কৰিছে।
৫৫। গড় হিচাপে বছৰি দেশত কেইটা ভূমিকম্প হয়?
উত্তৰঃ ৫০০ টা।
৫৬। দক্ষিণ আমেৰিকাৰ কি কি দেশ ভূমিকম্পৰ বাবে বিখ্যাত?
উত্তৰঃ ছিলি াৰু পেৰু দেশ।
৫৭। মধ্য আমেৰিকাত কিমান চনত এটা প্ৰাৱল্য ভূমিকম্প হৈছিল?
উত্তৰঃ ১৯৭৬ চনত।
৫৮। ১৯৭৬ চনত মধ্য আমেৰিকাত হোৱা ভূমিকম্পটোত কিমান মানুহ নিহত হৈছিল?
উত্তৰঃ ২০,০০০ হাজাৰ মানুহ নিহত হৈছিল।
৫৯। ১৯৭৬ চনত হোৱা চীনৰ ট্ৰাংছান ত হোৱা ভূমিকম্পটোত কিমান জন মানুহ মৰিছিল?
উত্তৰঃ ৭,০০,০০০ জন মানুহ মৰিছিল।
৬০। ১৯৯০ চনত ইৰানত কেইটা ভূমিকম্প হোৱা দেখা যায়?
উত্তৰঃ কেইবাটাও।
৬১। ছুনামি কাক বোলে?
উত্তৰঃ সাগৰত ভূমিকম্প হ'লে প্ৰকাণ্ড ঢৌ উঠে। এনেকুৱা ঢৌক ছুনামি বোলে।
৬২। ১৯৯০ চনৰ জুন মাহত ইৰানত কি কি তাৰিখে ডাঙৰ ভূমিকম্প হৈছিল?
উত্তৰঃ ২০ জুন আৰু ২৪ জুন।
৬৩। ১৯৯০ চনত ইৰানত হোৱা ২০ আৰু ২৪ জুনত হোৱা ভূমিকম্পটোত কিমান জন লোকে প্ৰাণ হেৰুৱাই?
উত্তৰঃ ২০ জুনত ৭০,০০০ জন লোক আৰু ২৪ জুনত ৫০,০০০ জন লোকে প্ৰাণ হেৰুৱাই।
৬৪। অসমতো গড় হিচাবে বছৰত কিমান টাৰ ভূমিকম্প হয়?
উত্তৰঃ ১২ টাৰ।
৬৫। বিচূৰ্ণীভৱন কাক বোলে?
উত্তৰঃ গতিশক্তিহীন ক্ষয়ীভৱন কাৰ্যক বিচূৰ্ণীভৱন বোলে।
৬৬। ক্ষয়ীভৱন কাক বোলে?
উত্তৰঃক্ষয়ী ভৱন ফলত চূৰ্ণবিচূৰ্ণ শিলাখণ্ড, বালি আদি এঠাইৰ পৰা আন ঠাইলৈ পৰিবাহিত হৈ কোনো দ অঞ্চলত জমা হৈ পৰে। এই বিধ প্ৰক্ৰিয়াক ক্ষয়ীভৱন বোলে।
৬৭। উলংগীকৰণ বা নগ্নীভৱন কাক বোলে?
উত্তৰঃ গতিশক্তিৰ ফলত ক্ষয়ীভূত পদাৰ্থসমূহ স্থানান্তৰ ঘটে বা হয় বাবে ক্ষয়ীভৱনৰ ঠাইডোখৰ উদং হৈ পৰে। এই প্ৰক্ৰিয়াটোক উলংগীকৰণ বা নগ্নীভৱন বোলে।
৬৮। ৰাসায়নকি বিচূৰ্ণীভলন কেইপ্ৰকাৰে সংগঠিত আৰু কি কি?
উত্তৰঃ চাৰিপ্ৰকাৰৰ। আৰু সেইকেইটা হ'লঃ-
১। জাৰণ।
২। অংগাৰিকৰণ।
৩। আৰ্দ্ৰকৰণ।
৪। গলন।
৬৯। বালিৰ পাহাৰ কাক বোলে?
উত্তৰঃ প্ৰবলবেগী বতাহে এনে পদাৰ্থবোৰক উৰুৱাই নি ক্ষমতা অনুযায়ীওচৰচ জমা কৰে। এই জমা কৰা দমবোৰক বালিৰ পাহাৰ বোলে।
৭০। পৃথিৱীৰ ওপৰিভাগত থকা জলভাগক কেইটা অৱস্থাত দেখা যায় আৰু কি কি?
উত্তৰঃ দুটা অৱস্থাত। আৰু এবিধ হ'ল স্থিৰ পানী আৰু আনবিধ হ'ল বোৱতী অৰ্থাৎ বৈ যোৱা পানী।
৭১। নদী-শীৰ্ষ কাক বোলে?
উত্তৰঃ নদীৰ শাখা-প্ৰশাখাবোৰৰ শীৰ্ষ অংশক নদী-শীৰ্ষ বোলা হয়।
৭২। অৱবাহিকা কাক বোলে?
উত্তৰঃ যি অঞ্চলৰ পানী কোনো এটা নদীৰ মাধ্যমেৰে বৈ যায় তাক নদীখনৰ অৱবাহিকা বোলে।
৭৩। জল বিভাজিকা কাক বোলে?
উত্তৰঃ দুই অৱবাহিকাৰ মাজৰ উচ্চ ভূমিক জল বিভাজিকা বোলে।
৭৪। সংগমস্থল কাক বোলে?
উত্তৰঃ দুখন নদীৰ মিলনস্থলক সংগমস্থল বোলে।
৭৫। শাখানদী কাক বোলে?
উত্তৰঃ মূল নদীৰ পৰা ভাগ হৈ যোৱা নদীক শাখানদী বোলে।
৭৬। দোৱাব কাক বোলে?
উত্তৰঃ দুখন নৈৰ মাজৰ অঞ্চলক দোৱাব বোলে।
৭৭। বৃক্ষৰূপী তন্ত্ৰ কোক বোলে?
উত্তৰঃ একোখন মূল নদ, তাৰ উপনদীবোৰৰ সৈতে একোডাল ডাঙৰ ঠাল-ঠেঙুলি থকা গছৰ আকৃতি ধাৰণ কৰে। তাকে বৃক্ষৰূপী তন্ত্ৰ বোলে।
৭৮। জালৰূপী তন্ত্ৰ কাক বোলে?
উত্তৰঃ কেতিয়াৱা মূল নদী আৰু উপনদীবোৰৰ পৰস্পৰে এনে ধৰণে সংযোজিত হয় যে তাক দূৰৰ পৰা দেখিলে এখন জালৰ পাহৰবোৰৰ দৰে দেখি। এনে ধৰণৰ আকৃতিৰ অৱবাহ তন্ত্ৰক জালৰূপী তন্ত্ৰ বোলে।
৭৯। অভিকেন্দ্ৰ তন্ত্ৰ কাক বোলে?
উত্তৰঃ কেতিয়াবা আকৌ বহুবোৰ নদী চাৰিওফালে পৰা বৈ আহি কোনো হ্ৰদ বা নিম্নস্থানত মিলিত হ'লে তাক অভিকেন্দ্ৰিক তন্ত্ৰ বোলে।
৮০। অপকেন্দ্ৰিক অৱবাহ তন্ত্ৰ কাক বোলে?
উত্তৰঃ কেতিয়াৱা কোনো উচ্চস্থানৰ পৰা যেনে এখন শাংকব পাহাৰত উৎপত্তি হৈ নদীবোৰ চাৰিওফালে নিম্নস্থানলৈ বৈ গ'লে তাক অপকেন্দ্ৰিক অৱবহ তন্ত্ৰ বোলে।
৮১। অক্ৰমৱতী নদী কাক বোলে?
উত্তৰঃ কিছুমান নদীয়ে উৎপত্তি স্থানতকৈও ওখ ঠাইৰ মাজেৰে বৈ যাব পাৰে, তেনেকুৱা নদীক অক্ৰমৱৰ্তী নদী বোলে।
৮২। ভাৰতবৰ্ষৰ সৰস্বতী নদীৰ গাৰছোপা জলপ্ৰপাত কিমান মিটাৰ ওখ?
উত্তৰঃ ২৫৩ মিটাৰ ওখ।
৮৩। যোগ জলপ্ৰপাত কাক বোলে?
উত্তৰঃ ভাৰতবৰ্ষৰ সৰস্বতী নদীৰ গাৰছোপা জলপ্ৰপাত ২৫৩ মিটাৰ ওখ। ইয়াকে যোগ জলপ্ৰপাত বোলে।
৮৪। প্ৰপাত বা কাছকেড কাক বোলে?
উত্তৰঃ এখন নদীৰ গতিপথত কেইবাটাও সৰু সৰু জলপ্ৰপাত ওচৰা-ওচৰিকৈ থাকিলে তাপ প্ৰপাত বা কাছকেড বোলে।
৮৯। মেঘালয়ত কি কি নামেৰে দুটা জলপ্ৰপাত আছে।
উত্তৰঃ বিডন আৰু কাছকেড।
৮০। খৰস্ৰোত কাক বোলে?
উত্তৰঃ নদীৰ গতিপথৰ কোনো অংশক হঠাৎ ঢাল বৃদ্ধি হৈ নদীৰ গতি প্ৰৱল হ'লে তাক খৰস্ৰোত বোলে।
৮১। নদী অপহৰণ কাক বোলে?
উত্তৰঃ দুৰ্বল নৈখনৰ পানী প্ৰৱল নৈখনেৰে ববলৈ ধৰিব। এই কাৰ্যকে নদী অপহৰণ বোলে।
৮২। পবন বিদৰ কাক বোলে?
উত্তৰঃ নামনিত অৱস্থিত নদীখনৰ শুকাই যোৱা উপত্যকা ডোখৰক পৱন বিদৰ বোলে।
৮৩। গুম্ফিত নদী কাক বোলে?
উত্তৰঃ নদীয়ে মধ্যগতিত বহুতো শাখা- প্ৰশাখাৰ সৃষ্টি কৰি বৈ গ'লে তাক গুম্ফিত নদী বোলে।
৮৪। পলস শংকু কাক বোলে?
উত্তৰঃ জমা হৈ হৈ একোখনৰ শংকুৰ আকৃতিৰ ভূ-অৱয়ব গঠিত হয়। ইয়াক পলস শংকু বোলে।
৮৫। ব্যঞ্জনাৰূপ পলস কাক বোলে?
উত্তৰঃ পাদদেশ অঞ্লৰ ঢাল অধিক হ'লে অনেধৰণৰ অৱক্ষেপনবোৰ তালপাতৰ বিছনীৰ আকৃতিৰ হয়। এইবোৰক ব্যঞ্জনাৰূপ পলস বোলে।
৮৬। তৰাই অঞ্চল কাক বোলে?
উত্তৰঃ সমভূমিৰ পৰ্বতৰ গাতে লাগি থকাঅংশক ভাৱৰ আৰু আঁতৰৰ অংশক তৰাই অঞ্চল বোলে।
৮৭। প্লাৱন সমভূমি কাক বোলে?
উত্তৰঃ নদীবোৰে পাৰ্বত্য অংশক এৰি আহি, অৱক্ষেপন কাৰ্ষৰ দ্বাৰা নামনি অঞ্চলত যি বৃহৎ সমান ঠাইৰ সৃষ্টি কৰে, তাকে প্লাৱন সমভূমি বোলে।
৮৮। প্ৰাকৃতিক মাথাউৰি বা তটবন্ধ বা লিভি কাক বোলে?
উত্তৰঃ প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা মাথাউৰিক প্ৰাকৃতিক মাথাউৰি বা তটবন্ধ বা লিভি বোলে।
৮৯। মোহনা কাক বোলে?
উত্তৰঃ নদীমুখত সাগৰৰ পানীয়ে থাকে। তেনেকুৱা ব-দ্বীপ নথকা নদীমুখক মোহনা বোলে।
৯০। নদীৰ একমাত্ৰ কাৰ্য কি?
উত্তৰঃ নদীৰ একমাত্ৰ কাৰ্য হ'ল নদী উপত্যকা সাগৰৰপৃষ্ঠৰ সমান কৰা।
৯১। নদীৰ কিহৰ অৱস্থা?
উত্তৰঃ ভাৰসাম্য অৱস্থা।
৯২। নতিভগ্ন জানবিন্দু কাক বোলে?
উত্তৰঃ যি বিন্দুত বা স্থলত নদী উপত্যকাত ঢালৰ পৰিবৰ্তন হয় তাক নতিভগ্ন জানবিন্দু বোলে।
৯৩। অপ্ৰবেশ্য শিলা কাক বোলে?
উত্তৰঃ কিছুমান মাটি বা শিলাৰ মাজেদি খুব কম পৰিমাণে পানী সৰকি যায়। এনেধৰণৰ শিলাস্তৰক অপ্ৰবেশ্য শিলা বোলে।
৯৪। প্ৰবেশ শিলা কাক বোলে?
উত্তৰঃ কিছুমান শিলাস্তৰ মাজেদি পানী অতি সহজে সৰকি যাব পাৰে। এনেধৰণৰ শিলাস্তৰক প্ৰবেশ্য শিলা বোলে।
৯৫। ক্ষয়চক্ৰ কাক বোলে?
উত্তৰঃ যিহেতু ক্ষয়কাৰ্যৰ দ্বাৰা সম্পাদিত হয়, সেয়ে ইয়াক ক্ষয়চক্ৰ বোলে।
৯৬। সমপ্ৰায় ভূমি কাক বোলে?
উত্তৰঃ গোটেই ভূ-খণ্ডই চাপৰি গৈ সমুদ্ৰপৃষ্ঠৰ উচ্চতাৰ সমৱৰ্তী হ'বলৈ আগবাঢে। ইয়াকে সমপ্ৰায় ভূমি বোলে।
Type- Ishan Dev Bora