বাৰিমণ্ডল

HYDROSPHERE

Chapter 5

১। চমু প্ৰশ্ন উত্তৰঃ

১। পৃথিৱীৰপৃষ্ঠত কেইটা মণ্ডল  আছে?

উত্তৰঃ দুটা। এটা হ'ল জলমণ্ডল আৰু আনটো হ'ল স্থলমণ্ডল।


২।পানী সকলো ঠাইতে থাকিলেও কিমান শতাংশ পানী সাগৰ-মহাসাগৰতে থাকে?

উত্তৰঃ ৯৭ শতাংশ সাগৰ-মহাসাগৰতে থাকে।


৩। মহাসাগৰৰ গভীৰতা কিমান মিটাৰ?

উত্তৰঃ ৩৮০০ মিটাৰ।


৪। জলচক্ৰ কাক বোলে?

উত্তৰঃ পৃথিৱীৰ পৰা নদ-নদী মাধ্যমেৰে গৈ গৈ আকৌ সাগৰত জমা হয়। এই অহা-যোৱা পথটো চক্ৰাকাৰে ঘূৰি তাকে বাবে ইয়াক জলচক্ৰ বোলে।


৫। পৃথিৱীখন কিহেৰে গঠিত?

উত্তৰঃ পৃথিৱীখন স্থলমণ্ডল আৰু জলমণ্ডলেৰে গঠিত।


৬। স্থলমণ্ডল কাক বোলে?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ স্থলভাগে সামগ্ৰিক ভাৱে যিমান ঠাই আগুৰি আছে তাকে সথলমণ্ডল বোলে।


৭। জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ সাগৰ মহাসাগৰ, হ্ৰদ, নদ-নদী, তুষাৰখণ্ড আদি অৱয়ৱসমূহত নিহিত হৈ থকা জুলীয়া আৰু গোটা অৱস্তাৰ জলৰাশিৰ উপৰিও বায়ুমণ্ডলৰ আৰ্দ্ৰতা, মৃত্তিকাত মিশ্ৰিত হৈ থকা জুলীয়া কণা আৰু শিলাস্তৰৰ মাজত আৱৰ্দ্ধ হৌ থকা জলভাণ্ডাৰকে ধৰি পৃথিৱীৰ পানীৰ ভঁৰালক জলমণ্ডল বোলা হয়।


৮। ভূ-পৃষ্ঠত মুঠ কেইখন মহাসাগৰ আছে আৰু কি কি?

উত্তৰঃ পাঁচখন। সেইকেইখন হ'লঃ

১। প্ৰশান্ত মহাসাগৰ।

২। আটলান্টিক মহাসাগৰ।

৩। ভাৰত মহাসাগৰ।

৪। উত্তৰ মহাসাগৰ।

৫। দক্ষিণ মহাসাগৰ।


৯। সমুদ্ৰতলীৰ ভূ-অৱয়ব প্ৰধানতঃ কেইটা ভাগ বিভক্ত কৰা হৈছে আৰু কি কি?

উত্তৰঃ চাৰিটা ভাগত বিভক্ত কৰা হৈছে-

১। মহাসোপান.

২। মহাঢাল।

৩। গভীৰ সমুদ্ৰতল বা বিতল।

৪। সমুদ্ৰ খাত বা কন্দৰ।


১০। মহীসোপন কাক বোলে?

উত্তৰঃ যি অংশ হেলনীয়াভাৱে সাগৰৰ তললৈ নামি গৈছে সেই অংশকে মহাসোপান বোলা হয়।


১১।গভীৰ সমুদ্ৰতল বা বিতল কাক বোলে?

উত্তৰঃ মহীঢালৰ অন্তত গভীৰ বিস্তৃৰ্ণ অঞ্চলকে গভীৰ সমুদ্ৰতল বা বিতল বোলে।


১২। নিমজ্জিত মালভূমি কাক বোলে?

উত্তৰঃ সমুদ্ৰতলত থকা বহল সমপ্ৰায় উচ্চভূমিক নিমজজিত মালভূমি বোলা হয়।


১৩। নিমজ্জিত শৈলশিৰা কাক বোলে?

উত্তৰঃমহাদেশত থকা পৰ্বত-পাহাৰ আদিৰ দৰে সমুদ্ৰতল নিমজ্জিত হৈ থকা উচ্চভূমিক, নিমজ্জিত শৈলশিৰা বোলে।


১৪। সমুদ্ৰখাত বা কন্দৰ কাক বোলে?

উত্তৰঃ সমুদ্ৰতল গভীৰতম আৰু ঠেক অংশকেই সমুদ্ৰখাত বা কন্দৰ বোলে।


১৫। আটলান্টিক মহাসাগৰৰ আয়তন কিমান নিযুত বৰ্গ কিঃমিঃ?

উত্তৰঃ ৮২ নিযুত বৰ্গ কিঃমিঃ।


১৬। আটলান্টিক মহাসাগৰখন ইংৰাজী কোনটো আখৰৰ দৰে?

উত্তৰঃ 'S' আখৰটোৰ দৰে।


১৭। শৈলশিৰাৰ দৈৰ্ঘ্য প্ৰায় কিমান?

উত্তৰঃ ১৪,৫০০ কিঃমিঃ।


১৮। মহীসোপানৰ গভীপতা কিমান?

উত্তৰঃ ৪০০০ মিটাৰ।


১৯। দ্ৰোণীৰ গভীৰতা কিমান?

উত্তৰঃ ৫০০০ মিটাৰ।


২০। ব্ৰাজিলিয়ান দ্ৰোণীৰ গভীৰতা কিমান মিটাৰতকৈ কম?

উত্তৰঃ ৬০০০ মিটাৰতকৈ কম।


২১। প্ৰশান্ত মহাসাগৰৰ আয়তন কিমান নিযুত বৰ্গ কিঃমিঃ?

উত্তৰঃ ১৬৬ নিযুত বৰ্গ কিঃমিঃ। 


২২। প্ৰশান্ত মহাসাগৰে পৃথিৱীৰ পৃষ্ঠৰ প্ৰায় কিমান শতাংশ ঠাই আগুৰি আছে?

উত্তৰঃ ৩৫ শতাংশ ঠাই আগুৰি আছে।


২৩। প্ৰশান্ত মহাসাগৰৰ উপকূলৰ সমান্তৰালকৈ প্ৰায় কিমান কিঃমিঃ দৈৰ্ঘ্যৰ এলানি ভংগিল পৰ্বতে আগুৰি আছে?

উত্তৰঃ ১৭৬০০ কিঃমিঃ দৈৰ্ঘ্যৰ এলানি ভংগিল পৰ্বতে আগুৰি আছে।


২৪। মহীসোপন অঞ্চলত ইয়াৰ বিস্তৃতি কিমান কিঃমিঃ পাৰ কিমান কিল'মিটাৰলৈকে দেখা যায়?

উত্তৰঃ ১৬০ কিঃমিঃ পৰা ১৬০০ কিল'মিটাৰলৈকে দেখা যায়।


২৫। মহীসোপনত কি কি দেশ অৱস্থিত?

উত্তৰঃ মহীসোপনত জাপান, ফিলিপাইনছ, ইণ্ডোনেছিয়া, নিউজিলেণ্ড, অষ্টেলিয়া, পাইনেছিয়া, মাইক্ৰ'নেঠিয়া, ফিজি আদি দ্বীপসমূহ দেশ সমূহ মহীসোপনত অৱস্থিত।


২৬। প্ৰশান্ত মহাসাগৰত প্ৰায় সৰু-ডাঙৰ কেইটা দ্বীপ আছে?

উত্তৰঃ ২০,০০০ টা দ্বীপ আছে।


২৭। প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা প্ৰায় কিমান মিটাৰ?

উত্তৰঃ ১০০০ মিটাৰ।


২৮। শৈলশিৰা গভীৰতা কিমান মিটাৰ?

উত্তৰঃ ২০০০ মিটাৰ।


২৯। নিউজিলেণ্ড মালভূমি গঠিত এই অঞ্চলৰ গভীৰতা কিমান মিটাৰতকৈ কম?

উত্তৰঃ ১০০০ মিটাৰতকৈ কম।


৩০। এলুছিয়ান দ্ৰোণীৰ গভীৰতা কিমান?

উত্তৰঃ ৪০০০ মিটাৰ।


৩১। ফিজি দ্ৰোণী গভীৰতা কিমান মিটাৰতকৈ অধিক?

উত্তৰঃ ৪০০০ মিটাৰতকৈ অধিক


৩২। পূৰ্ব অষ্ট্ৰেনিয় দ্ৰোণী গভীৰতা কিমান মিটাৰ?

উত্তৰঃ ৪০০০ মিটাৰ।


৩৩। দক্ষিণ অষ্ট্ৰেনিয় দ্ৰোণী গভীৰতা কিমান মিটাৰ?

উত্তৰঃ ৫০০০ মিটাৰ।


৩৪। মেৰিয়ানা খাত গভীৰতা কিমান মিটাৰ?

উত্তৰঃ ১১০৩৩ মিটাৰ।


৩৫। এলুছিয়ান খাত সৰ্বোচ্চ গভীৰতা কিমান মিটাৰ?

উত্তৰঃ ৭৬৭৯ মিটাৰ।


৩৬। এলুছিয়ান খাতৰ গড় গভীৰতা কিমান?

উত্তৰঃ ৬০০০ মিটাৰ।


৩৭। ফিলিপাইন খাতৰ গভীৰতা কিমান?

উত্তৰঃ ১০৪৯৭ মিটাৰ।


৩৮। ভাৰত মহাসাগৰৰ আয়তন কিমান নিযুত  বৰ্গ কিলোমিটাৰ?

উত্তৰঃ ৭৪ নিযুত বৰ্গ কিলোমিটাৰ।


৩৯। জাভা দ্বীপৰ ওচৰত মহীসোপন প্ৰায় কিমান মিটাৰ বহল?

উত্তৰঃ ১৫০ মিটাৰ বহল।


৪০। ভাৰত মহাসাগৰত কেইটা উল্লেখযোগ্য শৈলশিৰা আছে?

উত্তৰঃ কেইবাটাও উল্লেখযোগ্য শৈলশিৰা আছে।


৪১। দ্ৰোণী সমূহৰ গভীৰতা কিমান মিটাৰ পৰা কিমান মিটাৰ ভিতৰত থাকে?

উত্তৰঃ ৪০০০-৬০০০ মিটাৰ ভিতৰত থাকে।


৪২। ওমান দ্ৰোণী গভীৰতা কিমান?

উত্তৰঃ ৪০০০ মিটাৰ।


৪৩। নাটাল দ্ৰোণী ৰ গভীৰতা কিমান?

উত্তৰঃ ৪০০০ মিটাৰ।


৪৪। আন্দামান দ্ৰোণীৰ গভীৰতা কিমানৰ পৰা কিমান মিটাৰ ভিতৰত?

উত্তৰঃ ২০০০-৪০০০ মিটাৰ ভিতৰত।


৪৫। সামুদ্ৰিক খাত ৰ গভীৰতা কিমান?

উত্তৰঃ ৮১৪৭ মিটাৰ।


৪৬। ভাৰত মহাসাগৰত বহুতো কেনেকোৱা দ্বীপ আছে?

উত্তৰঃ সৰু-ডাঙৰ দ্বীপ আছে।


৪৭। ভাৰত মহাসাগৰৰ সৰু-ডাঙৰ দ্বীপ সমূহ কেইটা ভাগ ভাগ কৰা হৈছে আৰু কি কি?

উত্তৰঃ ২ টা ভাগতঃ-

১। মহাদেশীয় দ্বীপ।

২। আগ্নেয় দ্বীপ।


৪৮। ১৮০০ মিটাৰ দীঘল শৈলশিৰাক কি নামেৰে জনা যায়?

উত্তৰঃ ল'ম'ন'ছভ নামেৰে জনা যায়।


৪৯। গ্ৰীণলেণ্ড দ্ৰোণী গভীৰতা কিমানৰ পৰা কিমানৰ ভিতৰত?

উত্তৰঃ ২০০০-৪০০০ মিটাৰ ভিতৰত।


৫০। সমুদ্ৰৰ প্ৰবাহমান পানীক কেই ধৰণে ভাগ কৰিব পাৰি আৰু কি কি?

উত্তৰঃ তিনি ধৰণে আৰু সেই ভাগকেইটা হ'লঃ

১। ঢৌ।

২। জোৱাৰ।

৩। সাগৰীয় সোঁত।


৫১। সাগৰৰ ঢৌ কাক বোলে?

উত্তৰঃ সাগৰৰ পানীভাগ বতাহৰ ক্ৰিয়াৰ ফলত দোলক গতিত উঠা-নমা কৰাকে সাগৰৰ ঢৌ বোলে।


৫২। জোৱাৰ আৰু ভাটা কাক বোলে?

উত্তৰঃ সাগৰৰ পানীভাগ ওপৰলৈ উঠাকে জোৱাৰ আৰু তললৈ নামি যোৱাকে ভাটা বোলে।


৫৩। সামুদ্ৰিক সোঁতক প্ৰধানকৈ সেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ দুই প্ৰকাৰৰ। সেইকেইটা হ'ল উষ্ণ সোঁত আৰু শীতল সোঁত।


৫৪। মহাকৰ্ষণ কাক বোলে?

উত্তৰঃ পৃথিৱী, চন্দ্ৰ আৰু সূৰ্যৰ দ্বাৰা আকৰ্ষিত হয়। ইয়াক মহাকৰ্ষণ বোলে।


৫৫। উষ্ণ সোঁত কাক বোলে?

উত্তৰঃ অঞ্চলৰ পৰা পৃষ্ঠভাগেদি উষ্ণ আৰু পাতল সমুদ্ৰৰ সোঁত  দুই মেৰুৰ ফালে প্ৰবাহিত হয়। ইয়াকে উষ্ণ সোঁত বোলা হয়।


৫৬। নিৰক্ষীয় সোঁত কাক বোলে?

উত্তৰঃ নিৰক্ষীয় অঞচলৰ পৰা প্ৰবাহিত সোঁতক নিৰক্ষীয় সোঁত বোলা হয়।


৫৭। শীতল সোঁত কাক বোলে?

উত্তৰঃ মেৰু অঞ্চলৰ পৰা শীতল, ঘনআৰু গধুৰ সমুদ্ৰ সোঁত সমুদ্ৰৰ তলভাগেদি অন্তঃস্ৰোত হিচাপে নিৰক্ষীয় অঞ্চললৈ গতি কৰে। ইয়াকে শীতল সোঁত বোলে।


৫৮। মেৰু দেশীয় সোঁত কাক বোলে?

উত্তৰঃ মেৰু অঞ্চলৰ পৰা প্ৰবাহিত সোঁতক মেৰুদেশীয় সোঁত বোলে।


৫৯। প্ৰশান্ত মহাসাগৰৰ সোঁত প্ৰধানকৈ সোঁতসমূহক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি?

উত্তৰঃ দুটা ভাগত। সেইভাগ কেইটা হ'লঃ 

(ক) উত্তৰ প্ৰশান্ত মহাসাগৰীয় সোঁত।

(খ) দক্ষিণ প্ৰশান্ত মহাসাগৰীয় সোঁত।


৬০। উত্তৰ প্ৰশান্ত সোঁত কাক বোলে?

উত্তৰঃ কিউৰ'ছিয়' সোঁতৰ এটা অংশ পশ্চিমা বতাহৰ প্ৰভাৱত উত্তৰ আমেৰিকা উপকূল পায়গৈ। এই শাখা সোঁতক উত্তৰ প্ৰশান্ত সোঁত বোলা হয়।


৬১। ছুছিমা সোঁত কাক বোলে?

উত্তৰঃ প্ৰায় ৩০ ডিগ্ৰী উত্তৰ অক্ষাংশৰ ওচৰত মূল কিউৰ'ছিয় সোঁতৰ এটা শাখা জাপানৰ পশ্চিম উপকূলেদি উত্তৰলৈ প্ৰৱাহিত হয়। তাকে ছুছিমা সোঁত বোলে।


৬২। কিউৰ'ছিয় প্ৰতিস্ৰোত সোঁত কাক বোলে?

উত্তৰঃ পানীৰ গতি কিউৰ'ছিয় সোঁতৰ বিপৰীতমুখী বাবে ইয়াক কিউৰ'ছিয় প্ৰতিস্ৰোত সোঁত বুলা হয়।


৬৩। নিন' বা প্ৰতিস্ৰোত কাক বোলে?

উত্তৰঃ পেৰু উপকূলীয় কাষত বাষ্পীভৱন আৰু লৱণতাৰ তাৰতম্যৰ ফলত পেৰু সোঁতৰ বিপৰীতমুখী এটা অন্তঃস্ৰোত দেখা যায়। ইয়াক  নিন' বা প্ৰতিস্ৰোত বোলে।


৬৪। আটলান্টিক মহাসাগৰৰ সোঁতসমূহক প্ৰধানকৈ কেইটা ভাগ বিভক্ত কাৰিছে?

উত্তৰঃ দুটা ভাগত।


৬৫। উত্তৰ আটলান্টিক সোঁতসমূহ কি কি?

উত্তৰঃ উত্তৰ আটলান্টিক সোঁতসমূহ হ'ল (ক) উত্তৰ নিৰক্ষীয় সোঁত (খ) এনটিলিছ সোঁত (গ) ফ্ল'ৰিডা সোঁত (ঘ) উপসাগৰীয় সোঁত (ঙ) উত্তৰ আটলান্টিক প্ৰবাহ (চ) নৰৱেজিয়ান সোঁত (ছ) কেনেৰী সোঁত (জ) লাব্ৰাডোৰ সোঁত আৰু (ঝ) শৈৱাল সাগৰ।


৬৬। উত্তৰ-পশ্চিম ইউৰোপক কি বুলি কোৱা হয়?

উত্তৰঃ উষ্ণ-কম্বল বুলি কোৱা হয।


৬৭। শীতল প্ৰাচীৰ কাক বোলে?

উত্তৰঃ নিউফালেণ্ডলেণ্ড উপকূলীয় অঞ্চলত উত্তৰ-পূবমুখী গৰম পানীৰ উপসাগৰীয় সোঁতটো লাব্ৰাডোৰ শীতল পানীৰ সোঁতৰ কাষেৰে বৈ যোৱাৰ বাবে সোঁত দুটাৰ সীমাৰেখা স্পষ্টভাৱে চকুত পৰে। ইয়াকে শীতল প্ৰাচীৰ বুলি কোৱা হয়।


৬৮। উত্তৰ আটলান্টিক সোঁত কাক বোলে?

উত্তৰঃ মূল শাখা যিটো উত্তৰ-পূব দিশলৈ প্ৰবাহিত হৈছে তাক উত্তৰ আটলান্টিক য়োঁত বুলি কোৱা হয়।


৬৯। Sargassum শব্দটোৰ অৰ্থ কি?

উত্তৰঃ সামুদ্ৰিক শেলুৱৈ।


৭০। দক্ষিণ আটলান্টিক মহাসাগৰৰ সোঁত সমূহ কি কি?

উত্তৰঃ দক্ষিণ আটলান্টিক মহাসাগৰৰ সোঁত সমূহ হ'ল (ক) দক্ষিণ নিৰক্ষীয় সোঁত (খ) ব্ৰাজিল সোঁত (গ) ফকলেণ্ড সোঁত (ঘ) দক্ষিণ আটলান্টিক সোঁত (ঙ) বেংগুৱালা সোঁত।


৭১। দক্ষিণ আটলান্টিক সোঁত কাক বোলে?

উত্তৰঃ ব্ৰাজিল আৰু ফকলেণ্ড সোঁতৰ যৌথ সোঁত প্ৰবল পশ্চিম বতাহৰ দ্বাৰা প্ৰভাৱিত হৈ ৪০॰- ৬০॰ দক্ষিণ অক্ষাংশৰ ওচৰত পশ্চিমৰ পৰা পূবলৈ বয়। ইয়াকে দক্ষিণ আটলান্টিক সোঁত বোলে।


৭২। নিৰক্ষীয় প্ৰতিস্ৰোত কাক বোলে?

উত্তৰঃ বিষুৱীয় শান্ত বলয়ত উত্তৰ নিৰক্ষীয় সোঁত আৰু দক্ষিণ নিৰক্ষীয় সোঁতৰ মাজত পূবমুখী বিপ্ৰতীপ সোঁত দেখা যায়। ইয়াক নিৰক্ষীয় ৰেখা বোলে।


৭৩। ভাৰত মহাসাগৰৰল উত্তৰাংশত মৌছুমী বতাহৰ প্ৰভাৱত কেইটা পৃথক সোঁত আৰু কি কি?

উত্তৰঃ দুটা পৃথক সোঁত আৰু সেইকেইটা হ'লঃ

(ক) দক্ষিণ পশ্চিম মৌচুমী সোঁত।

(খ) উত্তৰ-পূব মৌচুমী সোঁত দেখা যায়।


৭৪। দক্ষিণ-পশ্চিম মৌচুমহামী সোঁত কাক বোলে?

উত্তৰঃ গ্ৰীষ্ম কালত দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত দক্ষিণ নিৰক্ষীয় সোঁতৰ এটা শাখা আফ্ৰিকাৰ পূব উপকূলেদি উত্তৰ-পূব মুৱাকৈ বৈ আহি প্ৰথমে আৰৱ সাগৰত প্ৰৱেশ কৰে। এই সোঁতক দক্ষিণ-পশ্চিম মৌচুমী সোঁত বোলে।


৭৯। উত্তৰ-পূব মৌচুমী সোঁত কাক বোলে?

উত্তৰঃ উত্তৰ-পূব মৌচুমীবায়ুৰ প্ৰভাৱত ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত যে সোঁত বয় তাকে উত্তৰ-পূব মৌচুমী সোঁত বোলে।


৮০। মহাসাগৰৰ সোঁতসমূহ কি কি?

উত্তৰঃ মহাসাগৰৰ সোঁসমূহ হ'লঃ (ক) দক্ষিন নিৰক্ষীয় সোঁত, (খ) মোজাম্বিক সোঁত, (গ) মালাগাছি সোঁত,(ঘ) আগুলহাছ সোঁত, (ঙ) পশ্চিম বায়ু প্ৰবাহ, (চ) পশ্চিম অষ্ট্ৰেলিয়া সোঁত।


৮১। জোৱাৰ ভাটাৰ কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি?

উত্তৰঃ জোৱাৰ ভাটাৰ তাৰ গুণ অনুসাৰে কেইবাটাও ভাগত ভাগ কৰা হৈছে। আৰু সেইকেইটা হ'লঃ বাসন্তি জোৱাৰ, নিপ জোৱাৰ, বিষুৱীয় জোৱাৰ আদি।


৮২। বিষুৱীয় জোৱাৰ কাক বোলে?

উত্তৰঃ চন্দ্ৰটোৱে পৃথিৱীৰ চাৰিওফালে এপাক ঘুৰোতে দুবাৰ বিষুৱৰেখাৰ ওপৰত অৱস্থান কৰে। সেইসময়ত যি জোৱাৰ সৃষ্টি হয় তাক বিষুৱীয় জোৱাৰ বোলে।


৮৩। ক্ৰান্তীয় জোৱাৰ কাক বোলে?

উত্তৰঃ দুটা দিনতো ডাঙৰ জোৱাৰৰ সৃষ্টি হয়। এনেকুৱা জোৱাৰক ক্ৰান্তীয় জোৱাৰ বোলে।


৮৪। দৈনিক জোৱাৰ কাক বোলে?

উত্তৰঃ দিনটোৰ ভিতৰত বা ২৪ ঘন্টা ৫২ মিনিট সংয়ৰ ব্যৱধানত যি জোৱাৰৰ  উৎপত্তি হয় তাকে দৈনিক জোৱাৰ বোলে।


৮৫। অৰ্দ্ধ দৈনিক জোৱাৰ কাক বোলে?

উত্তৰঃ বিপৰীতে অৰ্দ্ধ দিন বা ১২ ঘন্টা ২৬ মিনিট সময়ৰ ব্যৱধানত যি জোৱাৰৰ উদ্ভৱ হয় তাকে অৰ্দ্ধ দৈনিক জোৱাৰ বোলে।

 

৮৬। সম দিন ৰাতিৰ-বাসন্তি জোৱাৰ কাক বোলে?

উত্তৰঃ দিন দুটাট যি জোৱাৰ সৃষ্টি হয় তাকে সম দিন-ৰাতিৰ বায়ন্তি জোৱাৰ বোলে।


৮৭। জোৱাৰ ঢৌ কাক বোলে?

উত্তৰঃ থিয় ওখ ঢৌ নদীৰ মুখেৰে উজনিলৈ গতি কৰিলে তাক জোৱাৰ ঢৌ বোলে।


৮৮। উৎস অনুয়ায়ী অৱক্ষেপৱোৰক কি কি ভাগত ভাগ কৰিছে?

উত্তৰঃ উৎস অনুয়ায়ী অৱক্ষেপৱোৰক কেইবাটাও ভাগত ভাগ কৰিছে সেইবোৰ হ'ল-

১। মহাদেশত উৎপত্তি হৈ অহা (মহাদেশীয়)।

২। আগ্নেয়গিৰি পৰা সৃষ্টি হোৱা।

৩। পিলাজিক বা গভীৰ সাগৰীয় অৱক্ষেপ।

৪। অজীৱীয় গেদীকৰণ।

৫। ৰাসায়নিক বিক্ৰীয়া জনিত গেদ।.

৬। অপাৰ্থিৱ পদাৰ্থৰ গেদ।


৮৯। ৰেভেলী নামৰ বিজ্ঞানীয়ে মিহি অভিক্ষেপবোৰক কি কি ভাগ কৰিছে?

উত্তৰঃ কেইবাটাও ভাগ ভাগ কৰিছে। আৰু সেইকেইটা হ'লঃ- (ক) বালি (খ) চিল্ট বালি (গ) বালি-বোকা (ঘ) চিল্ট বোকা (ঙ) ক্লে-বোকা।


৯০। কিমানৰ পৰা কিমান ফেদম গভীৰতা ভিতৰত সেইজীয়া বৰণৰ বোকা থাকে?

উত্তৰঃ  ১০০ ৰ পৰা ৯০০ ফেদম গভীৰতা সেইজীয়া বৰণৰ বোকা থাকে।


৯১। আগ্নেয়গিৰি পৰা ওলোৱা পদাৰ্থ বোৰ কি কি?

উত্তৰঃ আগ্নেয়গিৰি পৰা ওলোৱা পদাৰ্থবোৰ হ'লঃ লাভাৰ টুকুৰা, পিউমাইচ, আগ্নেয় গ্লাছ আৰু ধাতব পদাৰ্থ।


৯২। পিলাজিক অৱক্ষেপক কেইটাভাগ ভাগত ভগোৱা হৈছে আৰু কি কি?

উত্তৰঃ দুটা ভাগত। এটা হ'ল অজৈৱিক আৰু আনটো হ'ল জৈৱিক।


৯৩। ভূগোল বিজ্ঞানৰ এটা প্ৰধান কাৰ্য কি?

উত্তৰঃ ভূগোল বিজ্ঞানৰ এটা প্ৰধান কাৰ্য হ'ল যিকোনো আলচ্য বিষয়ৰ বিতৰম দেখুওৱা।


৯৪। ভাৰত মহাসাগৰত কেলকেৰিযাছ উজে কিমান ঠাই আগুৰি আছে?

উত্তৰঃ  ভাৰত মহাসাগৰত কেলকেৰিযাছ উজে অধিক ঠাই আগুৰি আছে।


Type- Ishan Dev Bora