প্ৰাকৃতিক ভূগোল বিজ্ঞান
PHYSICAL GEOGRAPHY
Chapter 1
১। ভূগোল বিজ্ঞান কেইটা ভাগত ভগোৱা হ'য়?
উত্তৰঃ দুটা ভাগত।
২। প্ৰাকৃতিক ভূগোল আৰু আনটোক কি বুলি কোৱা হ'য়?
উত্তৰঃ মানৱ ভূগোল।
৩। পৃথিৱীত থকা আৰু ক্ৰিয়া কৰা প্ৰাকৃতিক শক্তিবোৰক কেইটা ভাগত ভগোৱা হৈছে আৰু কি কি?
উত্তৰঃ দুটা ভাগত। সেইকেইটা হ'লঃ-
১। পৃথিৱীৰ আভ্যন্ত্যৰীণ
২। বহিঃশক্তি
৪। জীৱবিলাকে প্ৰকৃততে প্ৰাকৃতিক ভূগোলৰবিজ্ঞানৰ _______?
উত্তৰঃ অঙ্গস্বৰূপ।
৫। প্ৰাকৃতিক ভূগোল বিজ্ঞান প্ৰকৃততে কি?
উত্তৰঃ প্ৰকৃতিৰ বিজ্ঞান।
৬। প্ৰাকৃতিক ভূগোল বিজ্ঞান কি?
উত্তৰঃ প্ৰাকৃতিক ভূগোল বিজ্ঞান হ'ল এক সৰ্বশক্তিমান, সৰ্ব্বকালব্যপ্ত, স্বকাৰ্য্যশীল, স্বনিৰ্ভৰশীল, স্বপৰিণামদৰ্শী সত্বা।
৭। ভূগোল বিজ্ঞান এটা অতি কি বিষয়?
উত্তৰঃ ভূগোল বিজ্ঞান এটা অতি বহল বিষয়।
৮। ভূগোল বিজ্ঞানৰ অংশ কেইটা আৰু কি কি?
উত্তৰঃ ভূগোল বিজ্ঞানৰ অংশ দুটা আৰু সেইকেইটা হ'লঃ-
১। প্ৰকৃতি আৰু.
২। জীৱ
৯। ভূগোল বিজ্ঞানৰ অংশ কেইটাক অন্য ধৰণেও কি কি কৰিব পাৰি আৰু সেইকেইটা কি কি?
উত্তৰঃ ভূগোল বিজ্ঞানৰ অংশ কেইটাক অন্য ধৰণেও ভাগ কৰিবৰ পাৰে। সেইকেইটা হ'লঃ-
১। জড়
২। জীৱ
১০। জড় আৰু জীৱ শক্তি দুটাক কি বুলি কোৱা হ'য়?
উত্তৰঃ জড় আৰু জীৱ শক্তি দুটাক পুৰুষ বুলি কোৱা হ'য়।
১১। প্ৰকৃতি কাক বোলে?
উত্তৰঃ যাক সৃষ্টি কৰা হ'য় তাক প্ৰকৃতি বোলা হ'য়।
১২। পুৰুষ কাক বোলে?
উত্তৰঃ যিয়ে সৃষ্টি কৰে তাক পুৰুষ বোলা হ'য়।
১৩। প্ৰাকৃতিক ভূগোল কাক বোলে?
উত্তৰঃ যি শক্তিয়ে মানুহ বা আন জীৱক অৱজ্ঞা কৰিও কাম কৰি গৈ তাকিব পাৰে নাইবা মানুহে যদি সেই প্ৰাকৃতিক কাৰ্যবোৰক বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে অধ্যয়ণ কৰে তাকে প্ৰাকৃতিক ভূগোল বোলে।
১৪। মানৱ ভূগেল কাক বোলে?
উত্তৰঃ মানুহে কৰা কাৰ্যবোৰক পৃথকভাৱে অধ্যয়ণ কৰিলে তাক মানৱ ভূগোল বোলে।
১৫। প্ৰাকৃতিক ভূগোল আচলতে কি?
উত্তৰঃ স্বনিৰ্ভৰশীল।
১৬। কোনো বিষয়ৰ পৰিসৰ কেইটা দৃষ্টিকোণৰ পৰা বিবেচনা কৰিব পাৰি আৰু সেইকেইটা কি কি?
উত্তৰঃ কোনো বিষয়ৰ পৰিসৰ দুটা দৃষ্টিকোণৰ পৰা বিবেচনা কৰিব পাৰি। আৰু সেইকেইটা হ'লঃ-
১। বিষয়টোৰ আলোচনা বা বিষয় বস্তুৰ পৰিসৰ বা অধ্যপত্য।
২। বিষয়টোৱে মানুহক কি ধৰণে সহায় কৰে বা ইয়াৰ কাৰ্য্যকাৰিতা কিমান।
১৭। নতুন জ্ঞান আহৰণ কৰিবলৈ যাওতে বহুক্ষেত্ৰত মানুহে নিজৰ জীৱনকো কি কৰে?
উত্তৰঃ নতুন জ্ঞান আহৰণ কৰিবলৈ যাওতে বহুক্ষেত্ৰত মানুহে নিজৰ জীৱনক তুচ্চ জ্ঞান কৰে।
১৮। জ্যোতিবিজ্ঞান বা আকাশীবিজ্ঞান বুলি কাক ক'ব পাৰি?
উত্তৰঃ আকাশী জ্যোতিষ্কবোৰক জানিবলৈ যাওঁতে যিটো প্ৰাকৃতিক ভূগোলৰ শাখা উৎপত্তি হ'ল তাক জ্যোতিবিজ্ঞান বা আকাশী বিজ্ঞান বোলে।
১৯। প্ৰাকৃতিক শক্তি কেই ধৰণৰ আৰু কি কি?
উত্তৰঃ প্ৰাকৃতিক শক্তি দুই ধৰণৰ। আৰু সেইকেইটা হ'লঃ-
১। বহিঃশক্তি
২। আন্তঃশক্তি
২০। গণিত ভূগোল বুলিলে কি বুজা?
উত্তৰঃ বহিঃশক্তি আৰু আন্তঃশক্তি এই শক্তিবোৰৰ উৎপত্তি আৰু সিহঁতৰ কাৰ্যবোৰৰ বিষয়ে আলোচনা কৰা প্ৰাকৃতিক ভূগোলৰ শাখাটোক গণিত ভূগোল বুুলিব পাৰি।
২১। ভূতত্ববিজ্ঞান বুলিলে কি বুজা?
উত্তৰঃ পৃথিৱীৰ অন্তভাগৰ বিষয়ে আলোচনা কৰা শাখাটোক ভূতত্ববিজ্ঞান বুলিব পাৰি।
২২। ভূ-প্ৰাকৃতিক বিজ্ঞান কাক জনা যায়?
উত্তৰঃ পৃথিৱীৰ খোলাটোৰ বিষয়ে আৰু পৃষ্ঠভাগৰ বিষয়ে আলোচনা কৰা ভাগটোক ভূ-প্ৰাকৃতিক বিজ্ঞান বুলি জনা যায়।
২৩। জলবায়ু বিজ্ঞান কাক বোলে?
উত্তৰঃ প্ৰাকৃতিক ভূগোল বিজ্ঞানৰ অন্তৰ্ভূক্ত বায়ু-মণ্ডলৰ বিষয়ে অধ্যয়ণ কৰা শাখাটোক জলবায়ু বিজ্ঞান বোলে।
২৪। প্ৰাকৃতিক ভূগোলৰ আন এটা ভাগ কি?
উত্তৰঃ প্ৰাকৃতিক ভূগোলৰ আন এটা ভাগ হ'ল জলমণ্ডল।
২৫। জলমণ্ডল টোক ইংৰাজীত কি বুলি কোৱা হ'য়?
উত্তৰঃ Oceanography বুলি কোৱা হ'য়।
২৬। জলমণ্ডল (Oceanography) ক আৰু কি বুলি কোৱা হ'য়?
উত্তৰঃ মহাসাগৰ ভূগোলবিজ্ঞান।
২৭। প্ৰাকৃতিক ভূগোল বিজ্ঞানৰ ভাগত থকা অধ্যয়ণ কৰা কথাবোৰ কি কি?
উত্তৰঃ প্ৰাকৃতিক ভূগোলৰ বিজ্ঞানৰ ভাগত থকা অধ্যয়ণ কৰা কথাবোৰ হ'লঃ মহাসাগৰৰ উৎপত্তি, বিস্তৃতি, আকৃতি, মহাসাগৰৰ তলিত থকা ভূ-অৱয়ৱবোৰ, পানীৰ গুণাগুণ যেনে পানীভাগৰ উত্তাপ, লৱণতা, পানীৰ ঘনত্ব, পানীৰ সোঁত।
২৮। প্ৰাকৃতিক ভূগোল বিজ্ঞানৰ অতি দৰকাৰী আৰু বহলভাৱে অধ্যয়ণ কৰা ভগটো কি?
উত্তৰঃ প্ৰাকৃতিক ভূগোল বিজ্ঞানৰ অতি দৰকাৰী আৰু বহলভাৱে অধ্যয়ণ কৰা ভাগটো হ'ল- পৃথিৱীৰ স্থলভাগ।
২৯। উদ্ভিদ, জীৱজন্ত আৰু মানুহৰ আৱাসভূমি কি?
উত্তৰঃ স্থলমণ্ডল।
৩০। স্থলমণ্ডলটো কোনে বহল ভাৱে অধ্যয়ণ কৰিব পাৰিছে?
উত্তৰঃ মানুহে।
৩১। জীৱ-ভূগোল বিজ্ঞানৰ ভাগটোও কি বিজ্ঞানেৰে অন্তৰ্ভূক্ত?
উত্তৰঃ প্ৰাকৃতিক ভূগোল।
৩২। প্ৰাকৃতিক ভূগোল বিজ্ঞানৰ এটা প্ৰাকৃতিক শাখা নাম লিখা?
উত্তৰঃ স্থলভাগ।
৩২। স্থলজ জীৱবোৰৰ বাসস্থান ক'ত?
উত্তৰঃ স্থলভাগত।
৩৩। বানপানীয়ে অশেষ কি কৰে?
উত্তৰঃ বানপানীয়ে অশেষ ক্ষতি সাধন কৰে।
৩৪। প্ৰাকৃতিক ভূগোল বিজ্ঞানৰ প্ৰাধান ভাগ কেইটা আৰু কি কি?
উত্তৰঃ প্ৰাকৃতিক ভূগোল বিজ্ঞানৰ প্ৰধান ভাগ চাৰিটা। আৰু সেইকেইটা হ'লঃ-
১। স্থলাকৃতি ভূগোল বিজ্ঞান
২। জলবায়ু ভূগোল বিজ্ঞান
৩। সমুদ্ৰ ভূগোল বিজ্ঞান
৪। জীৱ-ভূগোল বিজ্ঞান
৩৫। স্থলাকৃতি, জলবায়ু, সমুদ্ৰ, জীৱ- ভূগোল বিজ্ঞান ৰ ওপৰিও আন এটা কি ভাগ বুলি কৰিব পাৰি?
উত্তৰঃ গণিত ভূগোল বিজ্ঞান বা মহাকাশ ভূগোল বিজ্ঞান বুলি এটা বাগ কৰিব পাৰি।
৩৬। অসমতাৰ ওপৰত নিৰ্ভৰ কৰি স্থলভাগক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি?
উত্তৰঃ অসমতাৰ ওপৰত নিৰ্ভৰ কৰি স্থলভাগক তিনিটা ভাগত ভাগ কৰিব পাৰি। আৰু সেইকেইটা হ'লঃ-
১। পাৰ্বত্য অঞ্চল
২। মালভূমি অঞ্চল
৩। সমভূমি অঞ্চল
৩৭। জীৱ-মণ্ডল বুলিলে কি বুজা?
উত্তৰঃ- স্থল, জল, আৰু বায়ুমণ্ডলত থকা জীৱমণ্ডলৰ অঞ্চলটোক মাটি, পানী আৰু বায়ুক লৈ গঠিত এই জল অঞ্চলটোক জীৱ-মণ্ডল বুলি কোৱা হ'য়।
৩৮। জীৱবোৰে সদায় কাৰ লগত খাপ খাই থাকে?
উত্তৰঃ- প্ৰাকৃতিক পৰিৱেশৰ লগত।
৩৯। জীৱ-ভূগোল বিজ্ঞানৰ আলোচ্য বিষয়বোৰ কি কি?
উত্তৰঃ- জীৱ-ভূগোল বিজ্ঞানৰ আলোচ্য বিষয়বোৰ হ'ল- জীৱবোৰৰ ক্ৰমবিকাশ, প্ৰকাৰ, বিস্তৃত আৰু পৰিৱেশৰ লগত সিহঁতৰ অনকুলন পদ্ধতি আদি।
৪০। প্ৰাকৃতিক ভূগোল বিজ্ঞানৰ কেইটা প্ৰধান ভাগৰ উপৰিও কেইটামান সৰু সৰু ভাগ আছে আৰু সেইকেইটা কি কি?
উত্তৰঃ- প্ৰাকৃতিক ভূগোল বিজ্ঞানৰ চাৰিটা প্ৰধান বাগৰ উপৰিও কেইটামান সৰু সৰু ভাগ আছে। আৰু সেইকেইটা হ'ল-
১। জলবিজ্ঞান
২। মৃত্তিকা ভূগোল বিজ্ঞান
৩। প্ৰাণী ভূগোল বিজ্ঞান
৪। উদ্ভিদ ভূগোল বিজ্ঞান
৫। পৰিৱেশ ভূগোল বিজ্ঞান
৪১। মাটি আৰু উদ্ভিদ কি?
উত্তৰঃ- মাটিয়ে হ'ল উদ্ভিদৰ বাসস্থলি আৰু উদ্ভিদেই হ'ল জীৱ- জন্তুৰ ভৰসা।
৪২। অনুজীৱ কাক বোলে?
উত্তৰঃ- ক্ষুদ্ৰাতিকক্ষুদ্ৰ প্ৰাণীবোৰক অনুজীৱ বোলে।
৪৩। জীৱবোৰক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি?
উত্তৰঃ- জীৱবোৰক তিনিটা ভাগত ভাগ কৰা হৈছে। আৰু সেইকেইটা হ'ল-
১। স্থলমণ্ডল
২। জলমণ্ডল
৩। বায়ুমণ্ডল
৪৪। উভচৰ প্ৰাণী কাক বোলে?
উত্তৰঃ- কিছুমান জীৱ স্থলটো থাকিব পাৰে আৰু জলতো থাকিব পাৰে। এনে জীৱবোৰক উভচৰ প্ৰাণী বোলে। যেনে- ভেকুলী, সাপ, ঘৰিয়াল, জলহস্তী আদি।
৪৫। বতাহত কি থাকে?
উত্তৰঃ- জলীয়বাষ্প।
৪৬। জলীয়বাষ্প বতাহে ক'ৰ পৰা আহৰণ কৰে?
উত্তৰঃ- সমুদ্ৰৰ জলৰাশিৰ পৰা।
৪৭। পৃথিৱীৰ উদ্ভিদ অঞ্চলসমূহক কেইটা ভাগত ভাগ কৰা হৈছে?
উত্তৰঃ নানা ভাগত ভাগ কৰা হৈছে।
৪৮। ভূগোল বিজ্ঞানৰ মূল ভাগ কেইটা আৰু কি কি?
উত্তৰঃ ভূগোল বিজ্ঞানৰ মূল ভাগ দুটা। আৰু সেইকেইটা হ'ল-
১। প্ৰাকৃতিক ভূগোল বিজ্ঞান
২। মানৱ ভূগোল বিজ্ঞান
৪৯। অৰ্থনৈতিক ভূগোল বিজ্ঞানৰ কেইটা প্ৰধান ভাগ আৰু কি কি?
উত্তৰঃ অৰ্থনৈতিক ভূগোল বিজ্ঞানৰ প্ৰধান ভাগ তিনিটা। সেইকেইটা হ'লঃ-
১। কৃষি ভূগোল বিজ্ঞান
২। ঔদ্যোগিক ভূগোল বিজ্ঞান
৩। বাণিজ্যিক ভূগোল বিজ্ঞান
৫০। পৰিবহনৰ কেইটা প্ৰকাৰ আৰু কি কি?
উত্তৰঃ পৰিবহনৰ ভাগ তিনিটা। সেইকেইটা হ'লঃ-
১। জল পৰিবহন
২। স্থল পৰিবহন
৩। আকাশী পৰিবহন
৫১। ভূগোল বিজ্ঞানক কিয় মাতৃ- বিজ্ঞান বোলা হ'য়?
উত্তৰঃ ভূগোল বিজ্ঞানৰ সম্পৰ্ক আন কিছুমান বিষয় যেনে ভূ-তত্ব, নৃতত্ব, জীৱ-বিজ্ঞান, পদাৰ্থ বিজ্ঞান, ব্যৱসায়-বাণিজ্য, কৃষি-বিজ্ঞান আদি বিষয়ৰ লগতে ওতঃপ্ৰোতঃ ভাৱে জড়িত। সেইকাৰণে ভূগোল বিজ্ঞানক মাতৃ-বিজ্ঞান বোলা হ'য়।
Type- Ishan Dev Bora