Chapter: 4

পালবংশৰ পৰৱৰ্তীকালৰ ৰাজনৈতিক অৱস্থা

(Post-Pala Political Condition)


পাঠটোৰ ভিতৰোৱা প্ৰশ্নাৱলীঃ

১. কিমান শতিকাত কামৰূপৰ পালবংশৰ অন্ত হৈছিল?

উত্তৰঃ ১২ শতিকাত কামৰূপৰ পালবংশৰ  অন্ত হৈছিল।


২. অমৰনাথৰ মূৰ্তি কোনে নিৰ্মাণ কৰিছিল?

উত্তৰঃ প্ৰহাশ (Prahasa) নামৰ এজন ব্ৰাহ্মণে অমৰনাথৰ মূৰ্তি নিৰ্মাণ কৰিছিল।


৩. গৌড়ৰ ৰজা ৰামপালৰ সেনাপতি মায়নে কামৰূপ কিমান খৃঃত বিজয় কৰিছিল?

উত্তৰঃ গৌড়ৰ ৰজা ৰামপালৰ সেনাপতি মায়নে ১১২৫-৩০ খৃঃত কামৰূপ বিজয় কৰিছিল।


৪. বৈদ্যদেৱে কাক প্ৰাগজ্যোতিষ ভূক্তিৰ অন্তৰ্গত কামৰূপ মণ্ডলৰ বাদাৰ (bada) বিষয়াত অৱস্থিত কোন দুখন গাঁও দান কৰিছিল?

উত্তৰঃ বৈদ্যদেৱে শ্ৰীধৰ নামৰ এজন ব্ৰাহ্মণক প্ৰাগজ্যোতিষ ভূক্তিৰ অন্তৰ্গত কামৰূপ মণ্ডলৰ বাদাৰ (bada) বিষয়াত অৱস্থিত শান্তিপাতক আৰু মণ্ডৰা নামৰ দুখন গাঁও দান কৰিছিল।


৫. ১৩ শতিকাৰ প্ৰথমছোৱাত তুৰ্কীসকলে বংগ দখল কৰা সময়ত কামৰূপৰ ৰাজ্য পশ্চিমে ক'ৰ পৰা কৰলৈ বিস্তৃত হৈ আছিল?

উত্তৰঃ ১৩ শতিকাৰ প্ৰথমছোৱাত তুৰ্কীসকলে বংগ দখল কৰা সময়ত কামৰূপৰ ৰাজ্য পশ্চিমে কৰতোৱাৰ পৰা দৰং আৰু নগাঁওলৈ বিস্তৃত হৈ আছিল।


৬. বংগৰ গৰ্ভণৰ গিয়াচুদ্দিন ইৱাজ খলজীয়ে কিমান খৃঃত কামৰূপ আক্ৰমণ কৰিছিল?

উত্তৰঃ বংগৰ গৰ্ভণৰ গিয়াচুদ্দিন ইৱাজ খলজীয়ে ১২২৭ খৃঃত কামৰূপ আক্ৰমণ কৰিছিল।


৭. নাছিৰুদ্দিনে ইলটুৎমিছৰ প্ৰতিনিধি হিচাবে কেইবছৰ বংগ দেশত শাসন কৰিছিল?

উত্তৰঃ নাছিৰুদ্দিনে ইলৎমিছৰ প্ৰতিনিধি হিচাবে বংগ দেশত দুবছৰ শাসন কৰিছিল।


৮. নাছিৰুদ্দিনে কিমান খ্ৰীষ্টাব্দত কামৰূপ আক্ৰমণ কৰিছিল?

উত্তৰঃ নাছিৰুদ্দিনে ১২২৮ খ্ৰীষ্টাব্দত কামৰূপ আক্ৰমণ কৰিছিল।


৯. চুটিয়া সকলক কি কি ভাগত ভাগ কৰা হৈছিল? আৰু চুটিয়া সকলক কি কি স্থানত পোৱা গৈছিল?

উত্তৰঃ চুটিয়া সকলক হিন্দু, বৰাহী, দেউৰী, আহোম আৰু মিৰী আদি  ভাগত ভাগ কৰা হৈছিল। আৰু চুটীয়া সকলক ডিব্ৰুগড়, লক্ষীমপুৰ, শিৱসাগৰ, দৰং, আৰু দুৱাৰ অঞ্চলত পোৱা গৈছিল।


১০. চুটিয়াসকলে কি দেৱীৰ পূজা কৰিছিল আৰু তেওঁলোকে পূজাত কি বলি দিছিল?

উত্তৰঃ চুটিয়াসকলে কেঁচাইখাইতী দেৱীৰ পূজা কৰিছিল আৰু তেওঁলোকে পূজাত জীৱ-জন্তু আৰু মানুহ বলি দিছিল।


১১. কেচাইখাইতী দেৱীৰ মন্দিৰটোক কি বুলি কোৱা হয়? আৰু কিয় কোৱা হয়?

উত্তৰঃ কেচাইখাইতী দেৱীৰ মন্দিৰটোক তাম্ৰেশ্বৰী মন্দিৰ বুলি কোৱা হয়। আৰু তামৰ ছাল দি মন্দিৰটো নিৰ্মাণ কৰা বাবে তাম্ৰেশ্বৰী মন্দিৰ বুলি কোৱা হয়। 


১২. চুটিয়াসকলৰ শেষৰ ৰজাজন কোন আছিল?

উত্তৰঃ চুটিয়াসকলৰ শেষৰ ৰজাজন আছিল ধীৰণাৰায়ণ।


১৩. ভূঞা (Bhuya or Bhuna) শব্দৰ অৰ্থ কি?

উত্তৰঃ ভূঞা (Bhuya or Bhuna) শব্দৰ অৰ্থ হ'ল ভূ-স্বামী বা ভূমি গৰাকী।


১৪. কছাৰীসকলক গোৱালপাৰা আৰু উত্তৰ বংগত তেওঁলোকক কি নামে জনা গৈছিল?

উত্তৰঃ কছাৰীসকলক গোৱালপাৰা আৰু উত্তৰ বংগত তেওঁলোকক মেচ (Mech) নামে জনা গৈছিল।


১৫. ব্ৰহ্মপুত্ৰ উপত্যকালৈ চুকাফাৰ আগমণৰ সময়ত মৰাণ আৰু বৰাহী দুয়োটা গোষ্ঠীৰে মুঠ কিমান সৈনিক আছিল? 

উত্তৰঃ ব্ৰহ্মপুত্ৰ উপত্যকালৈ চুকাফাৰ আগমণৰ সময়ত মৰাণ আৰু বৰাহী দুয়োটা গোষ্ঠীৰে মুঠ ৪০০০ সৈনিক আছিল।


১৬. ১৩ শতিকাৰ আদিছোৱাৰ কামৰূপৰ ইতিহাসত কেইটা গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হৈছিল? আৰু সেই ঘটনা কেইটা কি কি?

উত্তৰঃ ১৩ শতিকাৰ আদিছোৱাৰ কামৰূপৰ ইতিহাসত দুটা গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হৈছিল। আৰু সেইঘটনা কেইটা হৈছেঃ ইয়াৰে প্ৰথমটো আছিল বংগৰ তুৰ্কী-আফগান শাসকসকলৰ দ্বাৰা পশ্চিমৰ পৰা কামৰূপৰ ওপৰত চলোৱা এলানি আক্ৰমণ আৰু আনটো আছিল ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ-পূৱ সীমান্তৰে টাি গোষ্ঠীৰ কামৰূপ আক্ৰমণ।  



Author by
Sourab Bora (Morigaon)