Chapter 3 

শাসনকাৰী ৰাজবংশবোৰ আৰু ৰাজনৈতিক ব্যৱস্থাবোৰ

(Ruling Dynasties and Political Institutions)



প্ৰশ্নাৱলীঃ

১. ৰামায়ণৰ তথ্যমতে প্ৰাগজ্যোতিষপুৰ ৰাজ্যখন কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ ৰামায়ণৰ তথ্যমতে অমূৰ্তৰাজে প্ৰাগজ্যোতিষপুৰ ৰাজ্যখন প্ৰতিষ্ঠা কৰিছিল।


২. নৰকাসুৰে ক'ত ৰাজধানী স্থাপন কৰিছিল?

উত্তৰঃ নৰকাসুৰে প্ৰাগজ্যোতিষপুৰত ৰাজধানী স্থাপন কৰিছিল।


৩. নৰকাসুৰে কাক বিবাহ কৰিছিল?

উত্তৰঃ নৰকাসুৰে বিদৰ্ভ ৰাজ্যৰ কন্যা মায়াক বিবাহ কৰিছিল।


৪. নৰকাসুৰৰ পুত্ৰৰ নাম কি আছিল?

উত্তৰঃ নৰকাসুৰৰ পুত্ৰৰ নাম আছিল ভগদত্ত।


৫.  কামাখ্যাত শক্তি পূজা কোনে প্ৰচলন কৰিছিল?

উত্তৰঃ কামাখ্যাত শক্তি পূজা নৰকাসুৰে প্ৰচলন কৰিছিল।


৬. ভগদত্তৰ মৃত্যুৰ পিছত কামৰূপৰ ৰজা কোন হৈছিল?

উত্তৰঃ ভগদত্তৰ মৃত্যুৰ পিছত বজ্ৰদত্ত ৰজা হৈছিল।


৭. জীতাৰি বংশৰ শেষ ৰজাজনৰ নাম কি?

উত্তৰঃ জীতাৰি বংশৰ শেষ ৰজাজনৰ নাম ৰামচন্দ্ৰ।


৮. খৃঃ ৩৭৮ চনত স্বৰ্ণপীঠত কোন ৰজা হৈছিল?

উত্তৰঃ খৃঃ ৩৭৮ চনত নৰশঙ্কৰ নামৰ এজন ৰজাই স্বৰ্ণপীঠত ৰজা হৈছিল।


৯. কিছুমান উৎসৰমতে অতীতত অসমক কেইটা ভাগত ভাগ কৰা হৈছিল? আৰু ক'ৰ পৰা কৰলৈ কি কি নামত ভাগ কৰা হৈছিল?

উত্তৰঃ কিছুমান উৎসৰমতে অতীতত অসমক চাৰিটা ভাগত ভাগ কৰা হৈছিল। আৰু কৰতোৱান নদীৰ পৰা সোণকোষ নদীলৈ এই ভাগটোৰ নাম কামপীঠ, সোণকোষৰ পৰা ৰূপহী নদীলৈ এই ভাগটোৰ নাম ৰত্নপীঠ, ৰূপহী নদীৰ পৰা ভৰলী নদীলৈ এই ভাগটোৰ নাম স্বৰ্ণপীঠ আৰু ভৰালীৰ পৰা দিক্ৰঙলৈ এই ভাটোৰ নাম সৌমাৰপীঠ।


১০.  কামৰূপত ৰাজত্ব কৰা প্ৰথমজন অনাৰ্য্য অসুৰ ৰজা কোন আছিল? আৰু তেওঁ ক'ত ৰাজধানী স্থাপন কৰিছিল?

উত্তৰঃ কামৰূপত ৰাজত্ব কৰা প্ৰথমজন অনাৰ্য অসুৰ ৰজা আছিল মহীৰঙ্গ দানৱ। আৰু তেওঁ মৈৰঙত ৰাজধানী স্থাপন কৰিছিল।


১১. ঘটকাসুৰক বধ কৰি কামৰূপত এটা নতুন ৰাজবংস কোনে প্ৰতিষ্ঠা কৰিছিল? আৰু নতুন ৰাজবংশটোৰ নাম কি আছিল?

উত্তৰঃ ঘটকাসুৰক বধ কৰি কামৰূপত নৰকাকাসুৰে এটা নতুন ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল। আৰু ৰাজবংশটোৰ নাম আছিল ভৌম বংশ।


১২. নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোক ভৌম বংশ বুলি কিয় কোৱা হৈছিল?

উত্তৰঃ নৰকাসুৰ ভূমি পুত্ৰ হোৱা বাবে তেওঁ প্ৰতিষ্ঠা কৰা বংশটোক ভৌম বংশ বোলা হৈছিল।


১৩. অৰ্জুন আৰু ভগদত্ত মাজত কিমান দিন  অবিৰাম যুদ্ধ চলিছিল? আৰু শেষত কোন পৰাজিত হৈছিল।

উত্তৰঃ অৰ্জুন আৰু ভগদত্ত মাজত আঠদিন অবিৰাম যদ্ধ চলিছিল। আৰু শেষত ভগদত্ত পৰাজিত হৈছিল।


১৪. ভগদত্তৰ কন্যাৰ নাম কি আছিল? আৰু তেওঁৰ কন্যাক কাৰ সৈতে বিবাহ দিছিল?

উত্তৰঃ ভগদত্তৰ কন্যাৰ নাম ভানুমতী আছিল। আৰু তেওঁৰ কন্যাক কৌৰৱৰ জেষ্ঠ ভাতৃ দুৰ্যোধনৰ সৈতে বিবাহ দিছিল।


১৫. হৰ-গৌৰী সংবাদৰ বিৱৰণমতে ভগদত্তৰ পিছত কেইটা ৰাজবংশৰ কেইজন ৰজাই কামৰূপত ৰাজত্ব কৰিছিল?

উত্তৰঃ হৰ-গৌৰী সংবাদৰ বিৱৰণমতে ভগদত্তৰ পিছত ১৯টা ৰাজবংশৰ ২৪ বা ২৫ জন ৰজাই কামৰূপত ৰাজত্ব কৰিছিল।


১৬. নৰক ভগদত্তৰ পৰিয়ালৰ অন্ত পৰাত কোনে ক'ৰ পৰা আহি কামৰূপত ৰাজ্য প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁক কেইজন ৰজাই অনুসৰণ কৰিছিল?

উত্তৰঃ নৰক ভগদত্তৰ পৰিয়ালৰ অন্ত পৰাত মাধৱ নামৰ পশ্চিমৰ পৰা অহা ৰাজকুমাৰ  এজনে কামৰূপত ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। আৰু তেওঁক ২০ জন ৰজাই অনুসৰণ কৰিছিল।


১৭. মাধৱ পৰিয়ালৰ ৰাজত্বকালৰ অন্তত কোনে কামৰূপত ৰাজত্ব কৰিছিল? আৰু ক'ৰ পৰা আহিছিল?

উত্তৰঃ মাধৱ পৰিয়ালৰ ৰাজত্বকালৰ অন্তত  জীতাৰি নামৰ ক্ষত্ৰীয় পৰিয়াল এটাই কামৰূপত ৰাজত্ব কৰিছিল। আৰু তেওঁ লোক  দ্ৰাবিড় ৰাজ্যৰ পৰা আহিছিল।


১৮. মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল?

উত্তৰঃ মহাভৈৰৱ মন্দিৰ বাণ ৰজাই নিৰ্মাণ কৰিছিল।


১৯. বানৰজাৰ কন্যাৰ নাম কি আছিল? আৰু তেওঁক কাৰ সৈতে বিবাহ দিছিল?

উত্তৰঃ বানৰজাৰ কন্যাৰ নাম আছিল উষা। আৰু তেওঁক শ্ৰী কৃষ্ণৰ নাতি অতিৰুদ্ধৰ সৈতে বিবাহ দিছিল।


২০. ব্ৰহ্মপুত্ৰৰ পাৰত তেজপুৰ নগৰত অগ্নিগড় কাৰ বাবে নিৰ্মাণ কৰা হৈছে?

উত্তৰঃ ব্ৰহ্মপুত্ৰৰ পাৰত তেজপুৰ নগৰত অগ্নিগড় বানৰজাৰ কন্য়া উষাৰ বাবে নিৰ্মাণ কৰা হৈছে।


২১. কামৰূপত বৰ্মণ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ কামৰূপত বৰ্মণ বংশ পুয্যবৰ্মণে প্ৰতিষ্ঠা কৰিছিল। 



Author by
Sourab Bora (Morigaon)