ত্ৰয়োদশ অধ্যায়

ৰমন্যাসৰ যুগ

(১৮৮৯-১৯৪০ খ্ৰী.)


চমু প্ৰশ্নউত্তৰঃ

১। 'অসমীয়া সাহিত্য চ'ৰা কিমান চনত স্থাপন কৰিছিল?

উত্তৰঃ ১৮৭২ চনত কলিকতীয়া 'অসমীয়া সাহিত্য চ'ৰা স্থাপন কৰিছিল।

২। অ.ভা.উ.সা. সভা মানে কি?

উত্তৰঃ 'অসমীয়া ভাষা উন্নতি সাধিনী সভা'।

৩। কিমান চনত 'জোনাকী' কাকত প্ৰকাশ কৰিবলৈ লয়?

উত্তৰঃ ১৮৮৯ চনত 'জোনাকী' কাকত প্ৰকাশ কৰিবলৈ লয়।

৪। কিমান চনত  'অসমীয়া ভাষা উন্নতি সাধিনী সভা' (অ.ভা.উ.সা.) নামে এখন আলোচনা চক্ৰ বা সভা স্থাপন কৰে?

উত্তৰঃ ১৮৮৮ চনত  'অসমীয়া ভাষা উন্নতি সাধিনী সভা' (অ.ভা.উ.সা.) নামে এখন আলোচনা চক্ৰ বা সভা স্থাপন কৰে।

৫। ইংৰাজী সাহিত্যৰ অন্যতম বুৰঞ্জীলেখক কম্পটন ৰিকেটে ৰোমান্টিকচিজিমৰ তিনিটা প্ৰধান লক্ষণ লিখা।

উত্তৰঃ ইংৰাজী সাহিত্যৰ অন্যতম বুৰঞ্জীলেখক কম্পটন ৰিকেটে ৰোমান্টিকচিজিমৰ তিনিটা প্ৰধান লক্ষণ হৈছে- (১) ৰহস্যৰ ভাবানুভূতি, (২) বৌদ্ধিক ঔৎসুক্যৰ আতিশয্যা, (৩) জীৱনৰ সহজাত সৰলতাৰ প্ৰতি প্ৰৱণতা।

৬। অ.ভা.উ.সা. সভাই বিভিন্ন বৈঠকত অসমীয়া সাহিত্যৰ বিভিন্ন দিশৰ উন্নতি সাধনৰ হোৱা কাৰণ কেইটা কি কি?

 উত্তৰঃ অ.ভা.উ.সা. সভাই বিভিন্ন বৈঠকত অসমীয়া সাহিত্যৰ বিভিন্ন দিশৰ উন্নতি সাধনৰ হোৱা কাৰণ কেইটা হৈছে- (১) পুৰণি পুথি সংগ্ৰহ আৰু প্ৰকাশ, (২) অসমৰ সকলো শিক্ষানুষ্ঠানত অসমীয়াৰ প্ৰচলন, (৩) অশুদ্ধ ব্যাকৰণ আৰু বৰ্ণবিন্যাসৰ ঠাইত শুদ্ধ ব্যাকৰণ আৰু বৰ্ণবিন্যাস প্ৰচলন, (৪) সংস্কৃত বা আন ভাষাৰপৰা ভাল ভাল পুথিৰ অনুবাদকৰণ, (৫) অসমৰ সামাজিক আৰু ধাৰ্মিক ৰীতি-নীতিৰ বৃত্তান্ত সংগ্ৰহ আৰু বুৰঞ্জী-প্ৰণয়ন, (৬) সাহিত্যৰ আৰু পাঠ্য-পুথিৰ অভাৱ দূৰীকৰণ আদি বহুতো উদ্দেশ্য লৈ উক্ত সভা স্থাপিত হৈছিল।

৭। ৰোমাণ্টিক প্ৰভাৱ দুটা পথেদি অসমীয়া সাহিত্যত প্ৰবেশ লাভ কৰা কাৰণ দুটা কি কি?

উত্তৰঃ ৰোমাণ্টিক প্ৰভাৱ দুটা পথেদি অসমীয়া সাহিত্যত প্ৰবেশ লাভ কৰা কাৰণ দুটা হৈছে-(১) বঙালী সাহিত্যৰ যোগেদি আৰু (২) ইংৰাজী সাহিত্যৰ যোগেদি।

৮। অসমীয়া সাহিত্যৰ বিকাশলৈ 'জোনাকী'ৰ অৱদান কি?

উত্তৰঃ  অসমীয়া সাহিত্যৰ বিকাশলৈ 'জোনাকী'ৰ অৱদান হৈছে-

(১) ৰমন্যাসবাদৰ যোগেদি বিভিন্ন প্ৰকাশ গীত কবিতাৰ (প্ৰকৃতিমূলক, প্ৰেমবিষয়ক, ছনেট, শোক কবিতা, ব্যঙ্গ কবিতা আদি) সৃষ্টিয়ে অসমীয়া কাব্য সাহিত্যলৈ নতুন কবিতাৰ ধাৰা বোৱাই আনে।

(২) ইংৰাজী নাটৰ Tragedy, Comedy, Farce- ৰ আদৰ্শত অসমীয়াতো তেনে নাট ৰচনা কৰাৰ প্ৰয়াস আৰম্ভ হয়।

(৩) 'জোনাকী', 'বিজুলী'য়ে বহুতো নতুন লেখক  সৃষ্টি কৰে যিসকলে বিংশ শতাব্দীৰ কেবা দশকলৈ অসমীয়া সাহিত্যৰ বিভিন্ন দিশত পৰিপুষ্টি সাধনকৰি গৈছে।

(৪) অ.ভা.উ.সা. সভাই বিভিন্ন শাখাৰ যোগেদি আৰু মুখপত্ৰ 'জোনাকী'ৰ সহায়ত গোটেই অসমতে সাহিত্য তথা সাংস্কৃতিক প্ৰতি অনুৰাগৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল।

৯। ১৮৮৯-১ৰ পৰা ১৯৪০ চনলৈকে অৰ্ধশতাব্দী কালত অসমত পৰিৱৰ্তন দেখা দিয়া কৰাণবোৰ কি কি?

উত্তৰঃ ১৮৮৯-১ৰ পৰা ১৯৪০ চনলৈকে অৰ্ধশতাব্দী কালত অসমত পৰিৱৰ্তন দেখা দিয়া কৰাণবোৰ হৈছে- শিক্ষাৰ বিস্তাৰ ঘটিল, ৰাজনৈতিক আন্দোলনৰ সৃষ্টি হ'ল, সামাজিক পৰিৱৰ্তনৰ সূচনা হ'ল, প্ৰাচীন আদৰ্শৰ ঠাইত নব্য আদৰ্শৰ ঠাইত নব্য আদৰ্শই ঠাই ল'লে, জীৱনৰ মূল্যবোধ বেলেগ হ'ল।

১০। 'জোনাকী'ৰ উদ্ভৱৰপৰা দ্বিতীয় মহাযুদ্ধৰ প্ৰাৰম্ভলৈকে অসমত কিহৰ পৰিৱৰ্তন ঘটিছিল?

উত্তৰঃ  'জোনাকী'ৰ উদ্ভৱৰপৰা দ্বিতীয় মহাযুদ্ধৰ প্ৰাৰম্ভলৈকে পূৰা অৰ্ধশতাব্দী কালত অসমৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক জীৱনৰ কিছু পৰিৱৰ্তন ঘটিছিল।



Author - Pompi Hazarika