ষোড়শ অধ্যায়

গদ্য


চমু প্ৰশ্নউত্তৰঃ

১। জোনাকী যুগৰ লেখকসকলৰ হাতত গদ্যই শাখা-প্ৰশাখা এই যুগৰ অভিব্যক্তি কি লিখা।

উত্তৰঃ জোনাকী যুগৰ লেখকসকলৰ হাতত গদ্যই শাখা-প্ৰশাখা এই যুগৰ অভিব্যক্তি হ'ল-
(ক) উপন্যাস, (খ) চুটিগল্প, (গ) প্ৰবন্ধ আৰু ৰম্যৰচনা, (ঘ) জীৱনী আৰু (ঙ) সমালোচনা।

২। পদ্মনাথ গোহাঞিবৰুৱাৰ কোনকেইখন উপন্যাসৰ পৰা আধুনিক যুগৰ প্ৰকৃত উপন্যাসৰ ধাৰা আৰম্ভ হৈছে বুলি কোৱা হয়?

উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাৰ 'ভানুমতী' ১৯৯১ চনত, 'লাহৰী' ১৮৯২ চনত, আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ 'পদুম কুঁৱৰী' ১৯০৫ , ৰচনা ১৯০৫, ৰচনা ১৮৯০______এই তিনিখনৰ পৰাই আধুনিক যগৰ প্ৰকৃত উপন্যাসৰ ধাৰা আৰম্ভ হৈছে বুলিব পাৰি।

৩। ৰজনীকান্ত বৰদলৈ জনজাতীয় জীৱনক লৈ ৰচনা কৰা উপন্যাস খনৰ নাম কি?

উত্তৰঃ ৰজনীকান্ত বৰদলৈ জনজাতীয় জীৱনক লৈ ৰচনা কৰা উপন্যাস খন হৈছে- 'মিৰি-জীয়ৰী' ১৮৯৪ চনত ৰচিত।

৪। ৰজনীকান্ত বৰদলৈ ৰচনা কৰা উপন্যাস কেইখনৰ নাম কি কি?

উত্তৰঃ ৰজনীকান্ত বৰদলৈ ৰচনা কৰা উপন্যাস কেইখন হৈছে- (ক) মনোমতী, (খ) ৰঙ্গিলী, (গ) নিৰ্মল ভকত, (ঘ) ৰহদৈ লিগিৰি আৰু (ঙ) তাম্ৰেশ্বৰীৰ মন্দিৰ' মানৰ আক্ৰমনৰ পটভূমিত ৰচনা কৰা হৈছে।

৫।  ঐতিহাসিক পটভূমিত লোৱাৰ উদ্দেশ্য কেইটা কি কি?

উত্তৰঃ ঐতিহাসিক পটভূমিত লোৱাৰ উদ্দেশ্য কেইটা হৈছে- (১) বৈচিত্ৰ্যপূৰ্ণ ঘটনাৰ সমাবেশ, (২) অতীতৰ অসমীয়া জাতিৰ শৌৰ্য-বীৰ্যৰ আদৰ্শ দাঙি ধৰা, (৩) অসমীয়া জাতিৰ স্বাধীনতা লুপ্ত হোৱাৰ কাৰণ নিৰ্দেশ কৰা, (৪) ইংৰাজ ৰাজত্বৰ অব্যৱহিত পূৰ্বৱৰ্তী অসমীয়া ৰীতি-নীতি, ধৰ্মসংস্কাৰ, আচাৰ-বিশ্বাস আদিৰ চিত্ৰ দাঙি ধৰা, (৫) ঐতিহাসিক বা ৰাজনৈতিক ধুমুহাৰ অন্তৰালত প্ৰৱাহিত হৈ থকা জনজীৱনৰ চিৰন্তন আৰু আদিম প্ৰবৃত্তিবোৰৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰা। 

৬। দণ্ডিনাথ কলিতাৰ প্ৰথম উপন্যাস খনৰ নাম কি?
উত্তৰঃ দণ্ডিনাথ কলিতাৰ প্ৰথম উপন্যাস খনৰ নাম হৈছে- 'ফুল' প্ৰকাশ ১৯০৮ চনত। 

৭। দৈৱচন্দ্ৰ তালুকদাৰৰ উপন্যাস কেইখনৰ নাম কি কি ?
উত্তৰঃ দৈৱচন্দ্ৰ তালুকদাৰৰ উপন্যাস কেইখনৰ নাম হৈছে- (১) ধুৱঁলী-কুঁৱলী, (২) অপূৰ্ণ, (৩) আগ্নেয়গিৰি, (৪) বিদ্ৰোহী, (৫) আদৰ্শ-পীঠ আৰু (৬) দুনীয়া আদি।

৮। শৰৎচন্দ্ৰ গোস্বামী ৰচনা কৰা গল্প পুথি কেইখনৰ নাম লিখা।
উত্তৰঃ শৰৎচন্দ্ৰ গোস্বামী ৰচনা কৰা গল্প পুথি কেইখন হৈছে- (১) গল্পাঞ্জলি, (২) ময়না, (৩) বাজীকৰ। 

৯। শৰৎচন্দ্ৰ গোস্বামী ৰচনা কৰা উপন্যাসখনৰ নাম কি?
উত্তৰঃ শৰৎচন্দ্ৰ গোস্বামী ৰচনা কৰা উপন্যাসখনৰ নাম হৈছে- 'পানীপথ'।

১০। সত্যনাথ বৰা পিতৃৰ নাম কি?
উত্তৰঃ সত্যনাম বৰা পিতৃৰ নাম- দয়ানাথ বৰা।

১১। সত্যনাথ বৰা ৰচনা কৰা 'গীতাৱলী' নামৰ অসমীয়া গানৰ পুথিখন কিমান চনত প্ৰকাশ কৰে?
উত্তৰঃ সত্যনাথ বৰা ৰচনা কৰা 'গীতাৱলী' নামৰ অসমীয়া গানৰ পুথিখন ১৮৮৮ চনত প্ৰকাশ কৰে।

১২। সত্যনাথ বৰা ৰচনা কৰা চিন্তামূলক গহীন প্ৰৱন্ধ দুখনৰ নাম কি কি?
উত্তৰঃ সত্যনাথ বৰা ৰচনা কৰা চিন্তামূলক গহীন প্ৰৱন্ধ দুখনৰ নাম হৈছে- (১) সাৰথি ১৯১৫ চনত আৰু (২) চিন্তাকলি ১৯২৫ চনত প্ৰকাশিত।
 
১৩। ঐতিহাসিক আৰু প্ৰত্নতত্ত্ব বিষয়ে কেইবাজনো লেখকৰ বহুমূলীয়া প্ৰৱন্ধই অসমীয়া সাহিত্য সমৃদ্ধ কৰা আগৰ চামৰ আৰু পাছৰ চামৰ লেখকসকলৰ নাম কি কি?
উত্তৰঃ ঐতিহাসিক আৰু প্ৰত্নতত্ত্ব বিষয়ে কেইবাজনো লেখকৰ বহুমূলীয়া প্ৰৱন্ধই অসমীয়া সাহিত্য সমৃদ্ধ কৰা আগৰ চামৰ লেখকসকলৰ নাম হৈছে- (১) ৰত্নেশ্বৰ মহন্ত, (২) ৰজনীকুমাৰ পদ্মপতি, (৩) পণ্ডিত হেমন্দ্ৰ গোস্বামী, (৪) আনন্দচন্দ্ৰ আগৰৱালা, (৫) কনকলাল বৰুৱা, (৬) কালিৰাম মেধি, (৭) সোণাৰাম চৌধুৰী ।
আৰু পাছৰ চামৰ লেখকসকল নাম হৈছে- (১) সৰ্বেশ্বৰ কটকী , (২) ড॰ সূৰ্যকুমাৰ ভূঞা, (৩) বেণুধৰ শৰ্মা, (৪) ৰাজমোহন নাথ, (৫) ক্ষেত্ৰধৰ বৰগোহাঞি আৰু (৫) সৰ্বনান্দ ৰাজকুমাৰ আদি।

১৪। ৰত্নেশ্বৰ মহন্ত ৰচনা কৰা নাটক কেইখনৰ নাম কি কি?
উত্তৰঃ ৰত্নেশ্বৰ মহন্ত ৰচনা কৰা নাটক কেইখন হৈছে- (১) দ্ৰৌপদীৰ বেণীবন্ধন, (২) দ্ৰৌপদীহৰণ আৰু (৩) হৰিশ্চন্দ্ৰ।

১৫। সূৰ্যকুমাৰ ভূঞা ৰচনা কৰা ঐতিহাসিক পুথি কেইখনৰ নাম কি কি?
উত্তৰঃ সূৰ্যকুমাৰ ৰচনা কৰা ঐতিহাসিক পুথি কেইখন  হৈছে- (১) কোঁৱৰ বিদ্ৰোহ, (২) বুৰঞ্জীৰ বাণী, (৩) ৰমণী গাভৰু, (৪) বুৰঞ্জীমূলক প্ৰৱন্ধাৱলীৰ তালিকা, (৫) মীৰজুমলাৰ অসম আক্ৰমণ, (৬) ৰাজেশ্বৰসিমহ আৰু লাচিত বৰফুকন, এইকেইখনেই ঐতিহাসিক পুথি।

১৬। সূৰ্যকুমাৰ ভূঞা ৰচনা কৰা প্ৰৱন্ধ কেইখনৰ নাম কি কি?
উত্তৰঃ সূৰ্যকুমাৰ ভূঞা ৰচনা কৰা প্ৰৱন্ধ কেইখন হৈছে- (১) গোপাল কৃষ্ণ গোখলে, (২) ৰবীন্দ্ৰনাথ ঠাকুৰ, (৩) আনন্দৰাম বৰুৱা, (৪) জোনাকী, (৫) চানেকী আৰু (৬) অসম জীয়ৰী আদি।

১৭। সূৰ্যকুমাৰ ভূঞাই ৰচনা কৰা ইংৰাজী গ্ৰন্থ কেইখনৰ নাম কি কি?
উত্তৰঃ সূৰ্যকুমাৰ ভূঞাই ৰচনা কৰা ইংৰাজী গ্ৰন্থ কেইখন হৈছে- (১) Anglo Assamese Relation' (1950), (২) Atan Buragohain & His Times (1955), (৩) 'Lachit Barphukan and His times' (1947), (৪) 'An Assames Nur-Jahan' (1926), (৫) 'Studies in the lit-eratures of Assam' (1926), উল্লেখযোগ্য গ্ৰন্থ।

১৮। বেণুধৰ শৰ্মা জন্ম কিমান চনত হয়?
উত্তৰঃ বেণুধৰ শৰ্মা জন্ম ১৮৯৪ চনত হয়।

১৯। বেণুধৰ শৰ্মা ৰচনা কৰা জীৱনীমূলক গ্ৰন্থকেইখনৰ নাম লিখা।
উত্তৰঃ বেণুধৰ শৰ্মা ৰচনা কৰা জীৱনীমূলক গ্ৰন্থকেইখন হৈছে- (১) 'জৱাহৰলালৰ জীৱনী' ১৯৩৫, (২) 'গঙ্গাগোবিন্দ ফুকন' ১৯৫০, (৩) 'মণিৰাম দেৱান' ১৯৫০, (৪) 'গোবিন্দ বেজবৰুৱা' আদি।

২০। বেণুধৰ শৰ্মা ৰচনা কৰা ঐতিহাসিক প্ৰৱন্ধ কেইখনৰ নাম লিখা।
উত্তৰঃ বেণুধৰ শৰ্মা ৰচনা কৰা ঐতিহাসিক প্ৰৱন্ধ কেইখন হৈছে- (১) দুৰবীন, (২) সাতাৱন ছাল, (৩) কংগ্ৰেছৰ কাঁচিয়লি ৰ'দত, (৪) অৰ্ঘ্যাৱলী আদি।

২১। বাণীকান্ত কাকতি ৰচনা কৰা গ্ৰন্থ দুখনৰ নাম কি কি?
উত্তৰঃ বাণীকান্ত কাকতি ৰচনা কৰা গ্ৰন্থ দুখনৰ নাম হৈছে- (১) পুৰণি অসমীয়া সাহিত্য ১৯৪০ চনত আৰু (২) সাহিত্য আৰু প্ৰেম ১৯৪৮ চনত।