দ্বাদশ অধ্যায়

হেমচন্দ্ৰ-গুণাভিৰামৰ অভ্যুদয়

আধুনিক সাহিত্যৰ প্ৰকৃত প্ৰতিষ্ঠা  (১৮৭০-১৮৯০ খ্ৰী. )


চমু প্ৰশ্নউত্তৰঃ 

১। হেমচন্দ্ৰ ক'ত আৰু কিমান খ্ৰীঃ জন্ম হয়?

উত্তৰঃ শিৱসাগৰ ৰজাবাহৰ গাঁৱত হেমচন্দ্ৰ বৰুৱাৰ ১৮৫৭ শকত (১৮৩৫ খ্ৰী.) জন্ম হয়।

২। হেমচন্দ্ৰ বৰুৱাৰ পিতৃৰ নাম কি?

উত্তৰঃ হেমচন্দ্ৰ বৰুৱাৰ পিতৃৰ নাম মুক্তাৰাম বৰুৱা।

৩। হেমচন্দ্ৰ বৰুৱাৰ কিমান চনত মৃত্যু হয়?

উত্তৰঃ হেমচন্দ্ৰ বৰুৱাৰ ১৮৯৬ চনত মৃত্যু হয়।

৪। হেমচন্দ্ৰ বৰুৱাই ডেকাবয়সতে ৰচনা কৰা পুথিখনৰ নাম লিখা।

উত্তৰঃ হেমচন্দ্ৰ বৰুৱাই ডেকাবয়সতে ৰচনা কৰা পুথিখনৰ নাম- 'কানীয়া-কীৰ্তন' (১৮৬১)।

৫। গুণাভিৰাম বৰুৱা কিমান খ্ৰীঃ জন্ম হয়?

উত্তৰঃ ১৭৫৯ শকত (ইং ১৮৩৭) গুৱাহাটীৰ ৰণৰাম বৰুৱাৰ দ্বিতীয়া ভাৰ্যাৰ গৰ্ভত যোৰহাটত গুণাভিৰাম বৰুৱাৰ জন্ম হয়।

৬। গুণাভিৰাম বৰুৱাৰ কিমান চনত মৃত্যু হয়?

উত্তৰঃ ১৮৯৪ চনত গুণাভিৰাম বৰুৱাৰ মৃত্যু হয়।

৭। গুণাভিৰামৰ প্ৰসিদ্ধ অসম বুৰঞ্জী কিমান চনত ওলায়?

উত্তৰঃ ১৮৮৪ চনত গুণাভিৰামৰ প্ৰসিদ্ধ অসম বুৰঞ্জী ওলায়।

৮। কিমান খ্ৰীষ্টাব্দত 'আসাম-বন্ধু'  নামৰ কাকত সম্পাদনা কৰে।

উত্তৰঃ ১৮৮৫ খ্ৰীষ্টাব্দত 'আসাম-বন্ধু' নামৰ কাকত সম্পাদনা কৰে।

৯। ঊনবিংশ শতাব্দীৰ শেষৰ কালছোৱা অসমীয়া ভাষা-সাহিত্যৰ নাওখনৰ গুৰি বঠা ধৰি চলাই নিয়া ব্যক্তি দুজনৰ নাম কি?

উত্তৰঃ ঊনবিংশ শতাব্দীৰ শেষৰ কালছোৱা অসমীয়া ভাষা-সাহিত্যৰ নাওখনৰ গুৰি বঠা ধৰি চলাই নিয়া ব্যক্তি দুজন হৈছে- (১) হেমচন্দ্ৰ আৰু (২) গুণাভিৰাম।

১০। কোনে আৰু কিমান চনত 'অভিমন্যু বধ' কাব্য ৰচনা কৰে?

উত্তৰঃ ৰমাকান্ত চৌধুৰীয়ে ১৮৭৫ চনত 'অভিমন্যু বধ' কাব্য ৰচনা কৰে।

১১। ৰমাকান্ত কাৰ পুত্ৰ?

উত্তৰঃ ৰমাকান্ত কামৰূপৰ লক্ষ্মীকান্ত চৌধুৰীৰ পুত্ৰ।

১২। কিমান চনত কবিতাৰ পুথি 'কবিতামালা' দুটা খণ্ডত প্ৰকাশ প্ৰায়?

উত্তৰঃ ১৮৮১-৮৩ চনত কবিতাৰ পুথি 'কবিতামালা' দুটা খণ্ডত প্ৰকাশ প্ৰায়।

১৩। 'চিন্তা-তৰঙ্গিণী' কিমান চনত ছপা হৈ ওলাইছিল?

উত্তৰঃ ১৮৮৪-৮৫ চনত দ্বিতীয় কবিতাৰ পুথি 'চিন্তা-তৰঙ্গিণী' দুটা খণ্ডত ছপা হৈ ওলায়।

১৪। লম্বোদৰ বৰা কিমান খ্ৰীষ্টাব্দত জন্ম গ্ৰহণ কৰে?

উত্তৰঃ ১৮৬০ খ্ৰী. তেজপুৰ মহকুমাৰ গৰিমি অঞ্চলত এটি দৰিদ্ৰ পৰিয়ালত লম্বোদৰ বৰাৰ জন্ম হয়।

১৫। কমলাকান্ত ভট্টাচাৰ্য কিমান সময়লৈ আৰু কেইকুৰি বছৰ কাল সাহিত্য চৰ্চা কৰি অসমীয়া সাহিত্যৰ যোগান ধৰিছিল?

উত্তৰঃ কমলাকান্তই 'অৰুনোদই'ত সাহিত্যক জীৱন আৰম্ভ কৰি 'আৱাহন'ৰ সময়লৈকে তিনিকুৰি বছৰ কাল সাহিত্য চৰ্চা কৰি অসমীয়া সাহিত্যৰ যোগান ধৰে।

১৬। কমলাকান্ত ভট্টাচাৰ্যৰ জন্ম ক'ত আৰু কিমান খ্ৰী. হয়?

উত্তৰঃ কমলাকান্তৰ জন্ম ১৮৫৪ খ্ৰী. তেজপুৰ মহকুমাৰ ন-দুৱাৰত।

১৭। কমলাকান্ত ভট্টাচাৰ্যৰ মৃত্যু কিমান খ্ৰী. হয়?

উত্তৰঃ ১৯৩৫ চনত প্ৰায় ৮৫ বছৰ বয়সত ইহলীলা এৰে।

১৮। 'চিন্তা- তৰঙ্গ' নামৰ দ্বিতীয় কবিতাপুথি কিমান চনত প্ৰকাশ প্ৰায়?

উত্তৰঃ ১৯৩৩ চনত তেখেতৰ 'চিন্তা-তৰঙ্গ' নামৰ দ্বিতীয় কবিতাপুথি প্ৰকাশ প্ৰায়।

১৯। গুণাভিৰাম বৰুৱাৰ পত্নী নাম কি?

উত্তৰঃ গুণাভিৰাম বৰুৱাৰ পত্নী নাম বিষ্ণুপ্ৰিয়া দেৱী।

২০। ঊনবিংশ শতাব্দীত অষ্টম-নৱম দশকত অসমীয়া সাহিত্যৰ উন্নতিকল্পে আশাশুধীয়া চেষ্টা চলোৱা লেখক দুজনৰ নাম কি কি?

উত্তৰঃ ঊনবিংশ শতাব্দীত অষ্টম-নৱম দশকত অসমীয়া সাহিত্যৰ উন্নতিকল্পে আশাশুধীয়া চেষ্টা চলোৱা লেখক দুজনৰ নাম - (১) বলীনাৰায়ণ বৰা আৰু (২) হৰনাৰায়ণ বৰা।



Author - Pompi Hazarika