পঞ্চদশ অধ্যায়

আধুনিক নাটকৰ উৎপত্তি আৰু বিকাশ


চমু প্ৰশ্নউত্তৰঃ 

১। দুখন মৌলিক বঙলা নাটকৰ নাম কি কি?

উত্তৰঃ দুখন মৌলিক বঙলা নাটকৰ নাম- (১) 'কীৰ্তিবিলাস' ১৮৫১ চনত আৰু (২) 'কুলীন কুলসৰ্বস্ব' ১৮৫৮ চনত ৰচিত।

২। এখন ঐতিহাসিক নাটকৰ নাম লিখা।

উত্তৰঃ এখন ঐতিহাসিক নাটকৰ নাম- জয়মতী ১৯০০ খ্ৰীষ্টাব্দত।

৩। আধুনিক যুগৰ প্ৰথম পৌৰাণিক নাটক দুখনৰ নাম কি কি?

উত্তৰঃ আধুনিক যুগৰ প্ৰথম পৌৰাণিক নাটক দুখন হৈছে- (১) সীতাহৰণ আৰু (২) ৰাৱণ বধ।

৪। আধুনিক যুগৰ প্ৰথম নাট্যকাৰ জনৰ নাম কি?

উত্তৰঃ আধুনিক যুগৰ প্ৰথম নাট্যকাৰ জনৰ নাম - গুণাভিৰাম বৰুৱা।

৫। প্ৰথম অসমীয়া সামাজিক নাটকখনৰ নাম কি?

উত্তৰঃ প্ৰথম অসমীয়া সামাজিক নাটকখনৰ নাম - ৰামনৱনী ১৮৫৭ চনত ৰচিত।

৬। হেমন্দ্ৰ বৰুৱাৰ ৰচিত 'কানীয়াৰ - কীৰ্তন' কিমান চনত প্ৰকাশিত হয়?

উত্তৰঃ হেমন্দ্ৰ বৰুৱাৰ ৰচিত 'কানীয়াৰ - কীৰ্তন' ১৮৬১ চনত প্ৰকাশিত হয়।

৭। আধুনিক যুগৰ পৌৰাণিক নাটকৰ জন্মদাতা কোন?

উত্তৰঃ আধুনিক যুগৰ পৌৰাণিক নাটকৰ জন্মদাতা হৈছে- ৰমাকান্ত চৌধুৰী।

৮। গোহাঞিবৰুৱা বুৰঞ্জীমূলক নাটক কেইখনৰ নাম কি কি?

উত্তৰঃ গোহাঞিবৰুৱা বুৰঞ্জীমূলক নাটক কেইখন হৈছে- (১) জয়মতী, (২) গদাধৰ, (৩) সাধনী আৰু (৪) লাচিত বৰফুকন।

৯। 'বাৰেমতাৰ' আৰু 'হ-য-ব-ৰ-ল' নামৰ দুখন তিনিটা দৃশ্যযুক্ত লঘু নাটিকা দুখন কিমান চনত প্ৰকাশ কৰিছিল?

উত্তৰঃ 'বাৰেমতাৰ' আৰু 'হ-য-ব-ৰ-ল' নাম দুখন তিনিটা দৃশ্যযুক্ত লঘু নাটিকা দুখন ১৯৩২-৩৩ চনত ৰচনা কৰি বাঁহীত প্ৰকাশ কৰিছিল।

১০। 'ডেকা-গাভৰু' নামৰ পুথিখন কিমান চনত প্ৰকাশ কৰে?

উত্তৰঃ 'ডেকা-গাভৰু' নামৰ পুথিখন ১৮৮৯ চনত প্ৰকাশ কৰে।

১১। কিমান চনত ভাষাৰ ওজা হেমন্দ্ৰ বৰুৱাৰ 'কানীয়াৰ-কীৰ্তন' ৰচিত আৰু প্ৰকাশিত হয়?

উত্তৰঃ ১৮৬১ চনত ভাষাৰ ওজা হেমন্দ্ৰ বৰুৱাৰ 'কানীয়াৰ-কীৰ্তন' ৰচিত আৰু প্ৰকাশিত হয়।

১২। পৌৰাণিক নাট দুখনৰ নাম লিখা।

উত্তৰঃ পৌৰাণিক নাট দুখন হৈছে- (১) হৰধনুভঙ্গ ১৮৯৩ চনত আৰু (২) হৰিশ্চন্দ্ৰ ১৮৯৩ চনত প্ৰকাশিত।

১৩। 'ডেকা গাভৰু' পুথিখন কিমান চনত প্ৰকাশ কৰে?

উত্তৰঃ 'ডেকা গাভৰু' পুথিখন ১৮৮৯ চনত প্ৰকাশ কৰে।

১৪। 'সেউতি কিৰণ' কিমান চনত প্ৰকাশ হয়?

উত্তৰঃ 'সেউতি কিৰণ' ১৮৯৪ চনত প্ৰকাশ হয়।

১৫। ১৯০৩ চনত আৰু ১৯০৮ চনত প্ৰকাশ হোৱা পৌৰাণিক নাট দুখনৰ নাম লিখা।

উত্তৰঃ (১) ১৯০৩ চনত 'দুৰ্যোধনৰ উৰুভঙ্গ' আৰু (২) ১৯০৮ চনত 'দক্ষযজ্ঞ' - এই দুখন পৌৰাণিক নাটক প্ৰকাশ হয়।

১৬। বেণুধৰ ৰাজখোৱা ৰচনা কৰা কোনকেইখন পুথি তেওঁ ইংৰাজীলৈ অনুবাদ কৰিছিল?

উত্তৰঃ বেণুধৰ ৰাজখোৱা  ৰচনা কৰা পুথিকেইখন হৈছে- (১)  'নামঘোষা', (২) 'গুণমালা', (৩) 'কাণখোৱা' আৰু (৪) কীৰ্তনৰ বিপ্ৰদামোদৰ আখ্যান এওঁ ইংৰাজীলৈ অনুবাদ কৰিছিল।

১৭। চন্দ্ৰধৰ বৰুৱা ৰচনা কৰা তিনিখন জনপ্ৰিয় পৌৰাণিক নাটকৰ নাম লিখা।

উত্তৰঃ চন্দ্ৰধৰ বৰুৱা ৰচনা কৰা তিনিখন জনপ্ৰিয় পৌৰাণিক নাটক হৈছে- (১) 'মেঘনাথ-বধ' ১৯০৪ চনত, (২) 'তিলোত্তমা সম্ভৱ' ১৯২৬ চনত আৰু (৩) 'ৰাজৰ্ষি' ১৯৩৭ চনত।

১৮। শৈলধৰ ৰাজখোৱা কিমান চনত জন্ম হয়?

উত্তৰঃ শৈলধৰ ৰাজখোেৱা ১৮৯০ চনত জন্ম হয়।

১৯। শৈলধৰ ৰাজখোৱা ৰচনা কৰা তিনিখন নাটৰ নাম কি কি?

উত্তৰঃ শৈলধৰ ৰাজখোৱা ৰচনা কৰা নাট কেইখন হৈছে- (১) 'বিদ্যাৱৰ্তী', (২) 'অসম গৌৰৱ' আৰু (৩) 'ৰণজিৎ'।

২০। ছেক্সপীয়েৰ ৰচনা কৰা ইংৰাজী নাটক কেইখনৰ নাম লিখা।

উত্তৰঃ ছেক্সপীয়েৰ ৰচনা কৰা ইংৰাজী নাটক কেইখন হৈছে- (১) Troilus and Cressida, (২) King Lear, (৩) Taming of the Shrew ।

২১। কমলানন্দ ভট্টাচাৰ্য ৰচনা কৰা ঐতিহাসিক নাটক দুখনৰ নাম লিখা।

উত্তৰঃ কমলানন্দ ভট্টাচাৰ্য ৰচনা কৰা ঐতিহাসিক নাটক দুখন হৈছে- (১) 'নগাকোঁৱৰ' আৰু (২) 'মৰাণ-জীয়ৰী' বিংশ শতাব্দীৰ চতুৰ্থ দশকৰ উল্লেখযোগ্য নাটক।

২২। দণ্ডীনাথ কলিতাৰ গহীন নাটক দুখনৰ নাম লিখা।

উত্তৰঃ দণ্ডীনাথ কলিতাৰ গহীন নাটক দুখন হৈছে-  'সতীৰ তেজ' ১৯৩১ চনত আৰু  'অগ্নি-পৰীক্ষা' ১৯৩৭ চনত ৰচিত নাটক।

২৩। অতুলচন্দ্ৰ হাজৰীকাৰ নাটসমূহক কেইটা ভাগত ভগাব পাৰি আৰু কি কি লিখা।

উত্তৰঃ অতুলচন্দ্ৰ হাজৰীকাৰ নাটসমূহক চাৰিটা ভাগত ভগাব পাৰি আৰু সেইকেইটা হৈছে- (১) পৌৰাণিক, (২) বুৰঞ্জীমূলক, (৩) বিবিধ বিষয়ক আৰু (৪) অনুবাদ।

২৪। অতুলচন্দ্ৰ ৰচনা কৰা পৌৰাণিক নাটক কেইখনৰ নাম কি কি?

উত্তৰঃ অতুলচন্দ্ৰ ৰচনা কৰা পৌৰাণিক নাটক কেইখনৰ নাম হৈছে- (১) নন্দ-দুলাল, (২) কৰুক্ষেত্ৰ, (৩) ৰুক্মিণীহৰণ, (৪) নৰকাসুৰ, (৫) শ্ৰীৰামচন্দ্ৰ, (৬) সাৱিত্ৰী, (৭) চম্পাৱতী, (৮) বেউলা, (৯) নিৰ্যাতিত, (১০) সীতা আৰু (১১) দময়ন্তী ইত্যাদি। 

২৫। চিপাহী বিদ্ৰোহ কিমান চনত হৈছিল?

উত্তৰঃ চিপাহী বিদ্ৰোহ ১৮৫৭ চনত হৈছিল।



Author - Pompi Hazarika