অধ্যায় 4

জ্যামিতিৰ প্ৰাথমিক ধাৰণাসমূহ ( Basic Geometrical Concepts)

অনুশীলনী 4



1. কাষত দিয়া ৰেখাডালৰ নাম কিমান বিভিন্ন 

ধৰণে (6 ধৰণে ) লিখিব পাৰি লিখি দেখুওৱা ।          



( প্ৰতিবাৰতে দুটা আখৰ ব্যৱহাৰ কৰিবা ) 


2. কাষৰ চিত্ৰটোৰ পৰা -


a) 4টা বিন্দুৰ নাম লিখা ।                          

b) 5 ডাল ৰেখাখণ্ডৰ নাম লিখা ।         

c) 4 ডাল ৰশ্মিৰ নাম লিখা ।

d) এডাল ৰেখাৰ নাম লিখা ।


3. কাষৰ চিত্ৰটোৰ পৰা উত্তৰ লিখা ।

a) C বিন্দুটো থকা ৰেখাডালৰ নাম লিখা ।

 b)     



       

C)  A, B, E বিন্দু তিনিটা একৰেখীয়া হয়নে ?

d) B বিন্দুটো থকা ৰেখা দুদালৰ নাম লিখা ।

e) D আৰু Eৰ মাজেৰে যোৱা ৰেখাডালৰ নাম লিখা ।


4. কাষৰ চিত্ৰৰ পৰা লিখা ।                                               

                                                
                                                                                                                 

(i) 3 যোৰ সমান্তৰাল ৰেখাৰ নাম লিখা ।

(ii) যিকোনো 4 যোৰ কটাকটি কৰা ৰেখাৰ নাম লিখা ।

(iii) p আৰু m ৰেখা দুদালে কটাকটি কৰা বিন্দুটোৰ নাম লিখা ।

(iv) F বিন্দুটো কোনযোৰ ৰেখাৰ ছেদবিন্দু ?


5. উত্তৰ লিখা ।

a) এটা বিন্দুৰ মাজেৰে কিমানডাল ৰেখা আঁকিব পাৰি ?

b) দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে কিমানডাল ৰেখা আঁকিব পাৰি ?

c) একৰেখীয় বিন্দু কাক বোলে ?

d) সমান্তৰাল ৰেখা কাক বোলে ?

e) সৰলৰেখাৰ দীঘ জুখিব পাৰিনে ?

f) দুডাল কটাকটি কৰা ৰেখাই কিমানটা বিন্দুত কটাকটি কৰে ?



Question Type By- Himadree Bora