অসমৰ অৱস্থানিক বৈশিষ্ট্য়, প্ৰাকৃতিক বিভাগ, জলবায়ু আৰু মৃত্তিকা

Chapter 1

অনুশীলনী

১। (ক) অসম ৰাজ্য়ই সমগ্ৰ ভাৰতবৰ্ষৰ কিমান শতাংশ ঠাই আগুৰি আছে?

উত্তৰঃ অসম ৰাজ্য়ই সমগ্ৰ ভাৰতবৰ্ষই ৭.৭ শতাংশ ঠাই আগুৰি আছে।

(খ) অসমৰ সীমান্তত অৱস্থিত বিদেশী ৰাষ্ট্ৰ দুখনৰ নাম লিখা?

উত্তৰঃ অসমৰ সীমান্তত অৱস্থিত দুখন বিদেশী ৰাষ্ট্ৰৰ নাম হ'ল ভূটান আৰু বাংলাদেশ।

(গ) অসমৰ সীমান্তৱৰ্তী ভাৰতীয় প্ৰশাসন ব্য়ৱস্থাৰ অন্তৰ্ভূক্ত ৰাজ্য়কেইখনৰ নাম একাদিক্ৰমে লিখা?

উত্তৰঃ অসমৰ সীমান্তৱৰ্তী ভাৰতীয় প্ৰশাসন ব্য়ৱস্থাৰ অন্তৰ্ভূক্ত ৰাজ্য়কেইখনৰ নাম হ'ল- অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয়, আৰু পশ্চিম বংগ।

(ঘ) অসমৰ মালভূমি অঞ্চলৰ আয়তন কিমান?

উত্তৰঃ অসমৰ মালভূমি অঞ্চলৰ আয়তন ৭৪০০ বৰ্গ কিলোমিটাৰ।

(ঙ) কাৰ্বি-ৰেংমা মালভূমিক বৰাইল ভংগিল পৰ্বতমালাৰ পৰা পৃথক কৰা সমভূমিখনৰ নাম কি?

উত্তৰঃ কাৰ্বি-ৰেংকা মালভূমিক বৰাইল ভংগিল পৰ্বতমালাৰ পৰা পৃথক কৰা সমভূমিখনৰ নাম কপিলী-ডবকা।

(চ) ৰেংমা পাহাৰত অৱস্থিত অসমৰ উচ্চতম শৃংগটোৰ নাম কি?

উত্তৰঃ ৰেংমা পাহাৰত অৱস্থিত অসমৰ উচ্চতম শৃংগটোৰ নাম সিংহাসন আৰু ডামবুকছ।

(ছ) পাটকাই পৰ্বতশাৰী ম্য়ানমাৰৰ দক্ষিণ অংশত কি নামেৰে জনাজাত?

উত্তৰঃ পাটকাই পৰ্বতশাৰী ম্য়ানমাৰৰ দক্ষিণ অংশক ৰেগুয়'মা নামে জনাজাত।

(জ) হিমালয় পৰ্বতমালাৰ পাদদেশত ব্ৰহ্মপুত্ৰ উপত্য়কাৰ উত্তৰ অংশত অৱস্থিত পূবে জোনাইৰ পৰা পশ্চিমে সোণকোষলৈ বিস্তৃত পলসুৱা ভূমিখণ্ডক কি নামেৰে জনা যায়?

উত্তৰঃ হিমালয় পৰ্বতমালাৰ পাদদেশত ব্ৰহ্মপুত্ৰ উপত্য়কাৰ উত্তৰ অংশত অৱস্থিত পূবে জোনাইৰ পৰা পশ্চিমে সোণকোষলৈ বিস্তৃত পলসুৱা ভূমিখণ্ডক ভাৱৰটৰাই অঞ্চল নামেৰে জনা যায়।

(ঝ) বৰগংগা অসমৰ কোনখন নদীৰ উপনদী?

উত্তৰঃ বৰগংগা অসমৰ ব্ৰহ্মপুত্ৰ  উত্তৰ পাৰৰ উপনদী।

(ঞ) মাজুলীৰ উত্তৰেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ সূতীটোৰ নাম কি?

উত্তৰঃ মাজুলীৰ উত্তৰেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ সূতীটোৰ নাম আছিল খেৰকুটীয়াৰ। 

(ট) বৰাক সমভূমিখনৰ গড় নতি কিমান?

উত্তৰঃ বৰাক সমভূমিখনৰ গড় নতি প্ৰতি কিলোমিটাৰত ২০ চেন্টিমিটাৰ।

২। বৰাইল পৰ্বত শ্ৰেণী কোন দুটা ভূ-তাত্ত্বিক যুগত সৃষ্টি হৈছিল?

উত্তৰঃ বৰাইল পৰ্বত শ্ৰেণী ইয়োচিন আৰু অলিগ'চিন ভূ-তাত্ত্বিক যুগত সৃষ্টি হৈছিল।

৩। লুভা জলধাৰাই কোন দুটা যুগৰ শিলাখণ্ডৰে গঠিত দুটা ভৃ-খণ্ডক পৃথক কৰিছে?

উত্তৰঃ লুভা জলধাৰাই গণ্ডোৱানা আৰু টাৰ্চিয়াৰি যুগৰ শিলাখণ্ডৰে গঠিত দুটা ভূ-খণ্ডক পৃথক কৰিছে।

৪। অসমত 'ভাৱৰ-টৰাই অঞ্চল' কোন দুখন স্থানৰ মাজত অৱস্থিত?

উত্তৰঃ অসমত 'ভাৱৰ-টৰাই অঞ্চল' ব্ৰহ্মপুত্ৰ সমভূমিৰ মুৰ্কৎচেলেক অঞ্চলৰ পৰা পশ্চিমে সোণকোষ নদীৰ মাজত অৱস্থিত।

(৫) ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত গিৰিপদী সমভূমিখন কোন দুখন স্থানৰ মাজত দেখা যায়?

উত্তৰঃ ব্ৰহ্মপুত্ৰ দক্ষিণ পাৰত অৱস্থিত গিৰিপদী সমভূমিখন গোলাঘাট আৰু ডিব্ৰুগড় স্থানৰ মাজত দেখা যায়।

৬। অসমৰ এখন আৰ্হি মানচিত্ৰ অংকন কৰি মূল ভূ-প্ৰাকৃতিক বিভাগকেইটা চিহ্নিত কৰা?

উত্তৰঃ 



(৭) অসমৰ জলবায়ুক ব্লাডিমিৰ কোপেনে কি জলবায়ুৱীয় প্ৰতিৰূপৰ অন্তৰ্ভূক্ত কৰিছে?

উত্তৰঃ অসমৰ জলবায়ুক ব্লাডিমিৰ কোপেনে উপক্ৰান্তীয় খৰাং শীত গুৰুতাপী প্ৰতিৰূপৰ অন্তৰ্ভূক্ত কৰিছে।

(৮) ৰঙালী বিহুৰ আশে-পাশে প্ৰৱাহিত বায়ুক অসমত কি নামেৰে জনা যায়?

উত্তৰঃ ৰঙালী বিহুৰ আশে-পাশে প্ৰৱাহিত বায়ুক অসমত বৰদৈচিলা আৰু টৰ্নেড'ৰ নামেৰে জনা যায়।

(৯) অসমত মৌচুমী বতাহৰ গতিবেগ নিৰ্ভৰ কৰে-

(ক) বায়ুৰ চাপৰ তীব্ৰতাৰ গতি

(খ) ভূ-প্ৰকৃতি

(গ) বন্ধুৰতা

(ঘ) উপৰিউক্ত  ক,খ, আৰু গ এই আটাইকেইটাৰ ওপৰত

উত্তৰঃ (ক) বায়ুৰ চাপৰ তীব্ৰতাৰ গতি।

১০। কৰ্কট ক্ৰান্তি ৰেখা অসমৰ কোন ফালেৰে পাৰ হৈছে ?

(ক) উত্তৰ দিশেৰ

(খ) দক্ষিণ দিশেৰ

(গ) সোঁমাজেৰে

(ঘ) একেবাৰ পূব ফালেৰে

(১১) অসমৰ গড় হিচাপত গ্ৰীষ্ম আৰু শীত কালত উষ্ণতাৰ পৰিমাণ কিমাম ? 

উত্তৰঃ অসমৰ গড় হিচাপত গ্ৰীষ্ম কালৰ উষ্ণতাৰ  ২৮0 ছেলছিয়াছ আৰু শীত কালত উষ্ণতাৰ ১৩ ছেলছিয়াছ।

(১২) গ্ৰীষ্ম আৰু শীতকালত গড় হিচাপে অসমত বৃষ্টিপাতৰ পৰিমাণ কিমান ?

উত্তৰঃ গ্ৰীষ্ম আৰু শীতকালত গড় হিচাপে অসমত বৃষ্টিপাতৰ পৰিমান হ'ল-

    গ্ৰীষ্ম কালৰ বৃষ্টিপাতৰ পৰিমাণ ২২০ চেন্টিমিটাৰ আৰু শীতকালৰ বৃষ্টিপাতৰ পৰিমাণ ১২ চেন্টিমিটাৰ হয়।

(১৩) অসমৰ জলবায়ু কোনবোৰ কাৰকৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ অসমৰ জলবায়ু নিৰ্ভৰ কৰা কাৰকবোৰ হ'ল-

    (ক) উপক্ৰান্তীয় অৱস্থান,

    (খ) ভূ-প্ৰকৃতি আৰু বন্ধুৰতা,

    (গ) বংগোপসাগৰৰ উত্তৰ-পশ্চিম আৰু উত্তৰ-পূব দিশত সৃষ্টি হোৱা সম্পূৰ্ণ বিপৰীতমূখী আৰু বিপৰীতধৰ্মী চাপলয়ৰ আৰু সেইবোৰ ঋতু অনুযায়ী সাময়িকভাৱে স্থান পৰিৱৰ্তন,

    (ঘ) ক্ৰান্তীয় সামুদ্ৰিক বায়ুপ্ৰৱাহৰ প্ৰভাৱ, আৰু

    (ঙ) স্থানীয় পাহাৰীয়া আৰু উপত্য়কা অঞ্চলৰ পৰা বলা বায়ুপ্ৰৱাহৰ প্ৰভাৱ।

(১৪) অসমৰ কোন অঞ্চলত কংকৰ মিশ্ৰিত ৰঙামাটি পোৱা যায়?

উত্তৰঃ অসমৰ কংকৰ মিশ্ৰিত ৰঙামাটি পোৱা অঞ্চলৰ নাম হ'ল- কাৰ্বি আংলং, ডিমা হাছাও, আৰু ব্ৰহ্মপুত্ৰ উপত্য়কাৰ উজনি অঞ্চলৰ ঠায়ে ঠায়ে পোৱা যায়। নগাঁও জিলাৰ পূব প্ৰান্তত আৰু দক্ষিণ কামৰূপ জিলাৰ পাহাৰীয়া ঠাইতো ৰঙা মাটি পোৱা যায়।

(১৫) অসমত ব্য়াপক ধৰণে পোৱা কোনবিধ মাটিত সাধাৰণতে চূণ, আয়'ডিন, পটাছ, ফছফৰাছ আদি নাথাকে?

উত্তৰঃ অসমত ব্য়াপক ধৰণে পোৱা ৰঙামাটিত সাধাৰণতে চূণ, আয়'ডিন, পটাছ, ফৰফৰাছ আদি নাথাকে।

(১৬) হিউমাচ কি?

উত্তৰঃ হিউমাচ মানে হ'ল মাটি বা পৃথিৱী।

(১৭) চাহখেতিৰ বাবে অসমৰ কোনবিধ মাটি উৎকৃষ্ট?

উত্তৰঃ চাহখেতিৰ বাবে অসমৰ পলসুৱা মাটিত উৎকৃষ্ট।

(১৮) নতুন পলসুৱা মাটি অসমৰ কোন দুটা প্লাৱনভূমিত পোৱা যায়?

উত্তৰঃ নতুন পলসুৱা মাটি অসমৰ ব্ৰহ্মপুত্ৰ উপত্য়কাৰ উত্তৰ আৰু দক্ষিণ দুয়ো পাৰতে পোৱা যায়।

(১৯) অসমত বহলভিত্তিক বিভক্ত কৰা মাটি শ্ৰেণী কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ অসমৰ বহলভিত্তিক বিভক্ত কৰা মাটি শ্ৰেণী ৪ প্ৰকাৰৰ আৰু সেই কেইটা হ'ল-

(ক) পলসুৱা মাটি,

(খ) পাহাৰীয়া মাটি,

(গ) ৰঙামাটি, আৰু

(ঘ) কংকৰ বা লেটেৰাইট মাটি।



Author By- Chayanika Das