প্ৰথম অধ্য়ায় 

ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন 



Short Question Answer:


১। প্ৰাচীন  কালত ভাৰতবৰ্ষৰ সৈতে কোন কোন দেশৰ যোগাযোগ আছিল ?

উত্তৰঃ প্ৰাচীন কালত ভাৰতবৰ্ষৰ সৈতে গ্ৰীচ, ৰোম, ইউৰোপীয় দেশৰ যোগাযোগ আছিল ।

২। কিমান শতিকাৰলৈ এই যোগাযোগ বৰ্তি আছিল ?

উত্তৰঃ খ্ৰীষ্টীয় ষষ্ঠ শতিকাৰ শেষলৈকে এই যোগাযোগ বৰ্তি আছিল । 

৩। নতুন পথৰ সন্ধানৰ ক্ষেত্ৰত বাটকটীয়াৰ ভূমিকা কোনে লৈছিল ?

উত্তৰঃ পৰ্টুগীজসকলে ।

৪। ১৪৮৭ খ্ৰীষ্টাব্দত আফ্ৰিকা মহাদেশৰ দক্ষিণ দিশত অৱস্থিত উত্তমাশা অন্তৰীপত উপস্থিত হোৱা পৰ্টুগীজ নাৱিকজন কোন ?

উত্তৰঃ বাৰ্থ'ল' মিউ ডিয়াজ ।

৫। ভাৰত আৰু পাশ্চাত্য়ৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাৱিকজন কোন ?

উত্তৰঃ ভাস্ক'-ডা-গামা ।

৬। তেওঁ পোন প্ৰথম ক'ত উপস্থিত হৈছিল ?

উত্তৰঃ কালিকট বন্দৰত । 

৭। জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থৱান হোৱা ইংৰাজী নাৱিকজন কোন ?

উত্তৰঃ ফান্সিছ  ড্ৰেক ।

৮। ১৫৮২ খ্ৰীষ্টাব্দত ইংৰাজ জাতিৰ বাবে গৌৰৱ কঢ়িয়াই অনা নাৱিক জন কোন ?

উত্তৰঃ Ralph Fitch ।

৯। ভাৰত ভূমিত পোন প্ৰথমবাৰৰ বাবে অনুমতি লৈ কোনজন ইংৰাজ নাৱিকে প্ৰৱেশ কৰিছিল ?

উত্তৰঃ জন মিলডেন হল (John Mildenhall) ।

১০। কিমান খ্ৰীষ্টাব্দত জন মিলডন হলে ভাৰত ভূমিত প্ৰৱেশ কৰিছিল ?

উত্তৰঃ ১৫৯৯ খ্ৰীষ্টাব্দত ।

১১। তেওঁ কাৰ পৰা অনুমতি লৈ ভাৰতত প্ৰৱেশ কৰিছিল ?

উত্তৰঃ ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা ।

১২। কিমান খ্ৰীষ্টাব্দত ইংৰাজ সদাগৰসকলে বাণিজ্যক প্ৰতিষ্ঠান লণ্ডনত গঠন কৰিছিল ?

উত্তৰঃ ১৬০০ খ্ৰীষ্টাব্দত । 

১৩। এই প্ৰতিষ্ঠানটো নাম কি ?

উত্তৰঃ ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানি ।

১৪। এই কোম্পানিটো ভাৰতবৰ্ষত উপস্থিত হোৱা আগেয়ে কোন কোন ঠাইৰ লগত ব্য়ৱসায় কৰিছিল ?

উত্তৰঃ সুমাত্ৰা, জাভা, মালাক্কা আদি ঠাইৰ লগত ।

১৫।  কিমান খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমচে ভাৰতৰ সৈতে বেহা-বেপাৰ কৰাৰ উদ্দেশ্য় জাহাংগীৰলৈ আবেদন পত্ৰ প্ৰেৰণ কৰিছিল ?

উত্তৰঃ ১৬০৮ খ্ৰীষ্টাব্দত । 

১৬। এই আবেদন পত্ৰ কাৰ যোগেদি প্ৰেৰণ কৰিছিল ?

উত্তৰঃ কেপ্টেইন উইলিয়াম হকিন্স নামৰ এজন ব্ৰিটিছ সদাগৰৰ যোগেদি ।

১৭। ইংৰাজে প্ৰথম আগ্ৰাত কেতিয়া পদাৰ্পণ কৰিছিল ? 

উত্তৰঃ ১৬০৯ খ্ৰীষ্টাব্দৰ এপ্ৰিল মাহত ।

১৮। ১৬১৫ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমচে পুনৰ জাহাংগীৰলৈ ওচৰলৈ কাক প্ৰেৰণ কৰিছিল ?

উত্তৰঃ ছাৰ টমাচ ৰ'ক প্ৰেৰণ কৰিছিল ।

১৯। ইষ্ট ইণ্ডিয়া কোম্পানিৰ ভাৰতত থিতাপি লোৱা প্ৰথম আৰু প্ৰধান উদ্দেশ্য় কি ?

উত্তৰঃ ইষ্ট ইণ্ডিয়া কোম্পানিৰ ভাৰতত থিতাপি লোৱা প্ৰথম আৰু প্ৰধান উদ্দেশ্য় আছিল বেহা-বেপাৰ কৰা । 

২০। কিমান খ্ৰীষ্টাব্দত মছলিপট্টমত এটা বাণিজ্য় কেন্দ্ৰ স্থাপন কৰিছিল ?

উত্তৰঃ ১৬১১ খ্ৰীষ্টাব্দত ।

২১। কিমান খ্ৰীষ্টাব্দত আৰমাগাঁৱত দ্বিতীয়টো বাণিজ্য় কেন্দ্ৰ মুকলি কৰিছিল ?

উত্তৰঃ ১৬৩৬ খ্ৰীষ্টাব্দত । 

২২। আৰমাগাঁৱৰ বাণিজ্য় কেন্দ্ৰটো নাম কি দিয়া হৈছিল ?

উত্তৰঃ ফৰ্ট ছেণ্ট জৰ্জ । 

২৩। কিমান খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে বিয়া কৰাইছিল ?

উত্তৰঃ ১৬৬১ খ্ৰীষ্টাব্দত ।

২৪। তেওঁ কাক বিয়া কৰাইছিল ?

উত্তৰঃ পৰ্টুগীজ ৰাজকন্য়া কেথৰিনক ।

২৫। যৌতুক হিচাপে কি লাভ কৰিছিল ?

উত্তৰঃ বোম্বাই ( মুম্বাই ) চহৰ ।

২৭। কলিকতাৰ বাণিজ্য় কেন্দ্ৰটো নাম কি ?

উত্তৰঃ ফৰ্ট উইলিয়াম ।

২৮। কোন তিনিখন ঠাইৰ সমষ্টি কলিকতা নগৰৰ ভেটিলৈ ৰূপান্তৰিত হৈছিল ?

উত্তৰঃ কালী ঘাটা, সুতানুটি আৰু গোবিন্দপুৰ ।

২৯। ভাৰতত ব্ৰিটিছ সাম্ৰাজ্য়ৰ লাইখুঁটা কোনে স্থাপন কৰিছিল । 

উত্তৰঃ ৰবাৰ্ট ক্লাইৱে ।

৩০। কাৰ কাৰ্যকালত ইষ্ট ইণ্ডিয়া কোম্পানি ভাৰতৰ একমাত্ৰ শক্তিৰূপে পৰিগণিত হৈছিল ।

উত্তৰঃ ওৱাৰেণ হেষ্টিঁংছৰ কাৰ্যকালত ।

৩১। প্ৰেছিডেণ্টৰ তলতীয়া শাসনযন্ত্ৰটোক কি নামেৰে জনা গৈছিল ?

উত্তৰঃ প্ৰেছিডেন্সি নামেৰে জনা গৈছিল ।

৩২। ভাৰতত দুইখলপীয়া চৰকাৰ কোনে সৃষ্টি কৰিছিল ?

উত্তৰঃ ১৭৮৪ খ্ৰীষ্টাব্দত পিটৰ ভাৰত আইনে  ভাৰতত দুই খলপীয়া চৰকাৰৰ সৃষ্টি কৰিছিল ।

৩৩। কেতিয়া চিপাহী বিদ্ৰোহৰ সূচনা হৈছিল ?

উত্তৰঃ ১৮৫৭ খ্ৰীষ্টাব্দৰ ২৯ মাৰ্চ তাৰিখে ।

৩৪। কোম্পানিৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নামটো কেতিয়া আঁতৰাই দিয়া হৈছিল ?

উত্তৰঃ ১৮৩৫ খ্ৰীষ্টাব্দত । 

৩৫। বৃটিছ সংসদে  'ভাৰত চৰকাৰ আইন' কেতিয়া প্ৰণয়ণ কৰিছিল ?

উত্তৰঃ ১৮৫৮ খ্ৰীষ্টাব্দৰ ২ আগষ্ট তাৰিখে ।

৩৬। কিমান খ্ৰীষ্টাব্দত 'বংগ ৰাজহ' নামৰ আইন প্ৰণয়ণ কৰিছিল ?

উত্তৰঃ ১৮৫৯ খ্ৰীষ্টাব্দত । 

৩৭। ব্ৰিটিছ সংসদে 'ভাৰতীয় পৰিষদ আইন' কেতিয়া প্ৰণয়ণ কৰিছিল ?

উত্তৰঃ ১৮৬১ খ্ৰীষ্টাব্দত । 

৩৮। ভাৰতীয় পৰিষদ আইনখনৰ উদ্দেশ্য় কি আছিল ?

উত্তৰঃ ভাৰতীয় পৰিষদ আইনখনৰ উদ্দেশ্য় আছিল আধুনিক প্ৰশাসন ব্য়ৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া । 

৩৯। ভাৰতবৰ্ষত স্বায়ত্ব শাসনৰ ভেঁটিটো কোনে নিৰ্মাণ কৰিছিল ?

উত্তৰঃ লৰ্ড ৰিপণে ।

৪০। কিমান খ্ৰীষ্টাব্দত চনদে লোকসেৱাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ দিছিল ?

উত্তৰঃ ১৮৫৩ খ্ৰীষ্টাব্দত ।

৪১।  অসমৰ প্ৰথম লোকসেৱা ( আই চি এছ ) পদবী কোনে লাভ কৰিছিল ?

উত্তৰঃ আনন্দৰাম বৰুৱা । 

৪২। ভাৰতৰ প্ৰথম  লোকসেৱা ( আই চি এছ ) পদবী কোনে লাভ কৰিছিল ?

উত্তৰঃ সত্য়েন্দ্ৰনাথ ঠাকুৰ । 

৪৩। পাব্লিক ছাৰ্ভিচ কমিছন কোনে গঠন কৰিছিল ?

উত্তৰঃ লৰ্ড ডাফৰিনে ।

৪৪। কাৰ নেতৃত্বত ব্ৰিটিছ চৰকাৰে ৰয়েল কমিছন অন পাব্লিক ছাৰ্ভিচ গঠন কৰিছিল ?

উত্তৰঃ লৰ্ড ইচলিংটনৰ নেতৃত্বত । 

৪৫। কিমান খ্ৰীষ্টাব্দত লী আয়োগ গঠন কৰা হৈছিল ?

উত্তৰঃ ১৯২৩ খ্ৰীষ্টাব্দত । 


 Author: Monikongkona Saikia 




Post ID: DABP001663