দ্বিতীয় গোট 

কৰ্মক্ষেত্ৰৰ অসমীয়াঃ
আবেদন, বিজ্ঞাপন, নিবিদা লেখন দক্ষতা 



১ । আবেদন কাক বোলে ? আবেদন কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ আবেদন বুলিলে কোনো এটা বিষয়ৰ ওপৰত ঊৰ্ধ্বতন কৰ্তৃপক্ষক অৱগত কৰা । আবেদন সাধাৰণতে দুই প্ৰকাৰৰ---
(ক) মৌখিক আবেদন ।
(খ) লিখিত আবেদন ।

২ । মৌখিক আবেদন কাক বোলে ?

উত্তৰঃ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ ওচৰত অলিখিত ভাৱে আবেদন কৰা বা জনোৱা হয়, তাকে মৌখিক আবেদন বুলি কোৱা হয় ।

৩ । Advertisement শব্দটোৰ অৰ্থ কি ?

উত্তৰঃ বিশেষভাৱে জ্ঞানগোচৰ কৰা ।

৪ । ভাষাজ্ঞান বুলিলে কি বুজা ?

উত্তৰঃ ভাষাজ্ঞান বুলি ক'লেই যি যি ভাষাত বিজ্ঞাপন প্ৰকাশ কৰা হয়, সেই ভাষাৰ ওপৰত বিশেষ জ্ঞান বা দখল থকা বাঞ্চনীয় । ভাষাজ্ঞানৰ দক্ষতা নিৰ্ভৰ কৰে বৰ্ণ, শব্দ উচ্চাৰণ, যতি, দাৰি, ক'মা ইত্যাদিৰ ওপৰত ।

৫ । নিবিদাৰ ইংৰাজী শব্দ কি ?

উত্তৰঃ Tender ।

৬ । নিবিদাৰ সীমাবদ্ধতা কেই প্ৰকাৰৰ ?

উত্তৰঃ দুই প্ৰকাৰৰ । যেনেঃ 
(ক) মুক্ত নিবিদা
(খ) সীমিত নিবিদা

৭ । নিবিদাৰ কেইটা স্তৰ আৰু কি কি ?

উত্তৰঃ দুটা । যেনেঃ 
(ক) এক স্তৰীয়া নিবিদা
(খ) বহু স্তৰীয়া নিবিদা

৮ ।  শিক্ষণ পদ্ধতিৰ প্ৰধান অংগ কেইটা আৰু কি কি ?

উত্তৰঃ শ্ৰৱণ, কথন, পঠন আৰু লিখন ।

৯ । লিখনিৰ প্ৰধান উদ্দেশ্য কেইটা আৰু কি কি ?

উত্তৰঃ দুটা । প্ৰথম উদ্দেশ্যটো হ'ল শুনি আৰু পঢ়ি কি শিকিলে তাক অনুধাৱন কৰা । দ্বিতীয় উদ্দেশ্য হৈছে বৰ্ণাশুদ্ধি দুৰীকৰণ কৰা ।

 

Type By- Perona