অসমৰ জনসংখ্য়া আৰু ইয়াৰ বৈশিষ্ট্য়

Chapter 2

অনুশীলনী

১। চমুকৈ বুজাই লিখা-

(ক) জনসংখ্য়াৰ ঘনত্ব-

উত্তৰঃ মাটিৰ আয়তন আৰু মানুহৰ সংখ্য়াৰ মাজৰ এই অনুপাতকে জনসংখ্য়াৰ ঘনত্ব বুলি কোৱা হয়।

(খ) লিঙ্গ গাঁথনি-

উত্তৰঃ মহিলা আৰু পুৰুষৰ অনুপাতৰ দ্বাৰা এখন দেশৰ জনসংখ্য়াৰ গঠন হয় ইয়াকে লিঙ্গ গাঁথনি বোলে। 

(গ) বয়সৰ গাঁথনি-

উত্তৰঃ এখন দেশৰ জনসংখ্য়াত বিভিন্ন স্তৰৰ বয়সৰ লোক থাকে ইয়াৰ বিষয়ে বয়সৰ সংৰচনাৰ দ্বাৰা জানিব পাৰি।

(ঘ) বৃত্তিৰ গঠন-

উত্তৰঃ বিভিন্ন অৰ্থনৈতিক কাৰ্যত নিযুক্ত থকা লোকৰ সংখ্য়া। 

(ঙ) জন প্ৰব্ৰজন-

উত্তৰঃ এটা অঞ্চলৰ জলবায়ু, সমতল ভূমি, পানীৰ যোগান আদি সুবিধা অধিক হ'লে সেই অঞ্চলটোলৈ আন অঞ্চলৰ পৰা জন প্ৰব্ৰজন হয়। 

(চ) কৰ্মঠ জনসংখ্য়া-

উত্তৰঃ বিভিন্ন উৎপাদনমূলক কাম-কাজত জড়িত বয়স্ক লোকৰ সংখ্য়া।

২। চমুকৈ উত্তৰ দিয়া-

(ক) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্য়া কিমান ?

উত্তৰঃ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্য়া ৭২.১৯ শতাংশ।

(খ) অসমৰ কোনখন জিলাত জনবসতিৰ ঘনত্ব সৰ্বাধিক ?

উত্তৰঃ  অসমৰ কামৰূপ মেট্ৰ  (১৩১৩)  জিলাত জনবসতি ঘনত্ব সৰ্বাধিক।

(গ) অসমৰ কোনখন জিলাত জনবসতিৰ ঘনত্ব সৰ্বনিম্ন ?

উত্তৰঃ অসমৰ ডিমা-হাচাও জিলাত জনবসতিৰ ঘনত্ব সৰ্বনিম্ন। 

(ঘ) অসমৰ জনসংখ্য়া বৃদ্ধিৰ প্ৰধান কাৰণ কি ?

উত্তৰঃ অসমৰ জনসংখ্য়া বৃদ্ধিৰ প্ৰধান কাৰণ মৃত্য়ু হাৰতকৈ মানুহৰ জন্ম হাৰ বেছি।

(ঙ) অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ সৰ্বাধিক ?

উত্তৰঃ অসমৰ হাইলাকান্দি জিলাত সাক্ষৰতাৰ হাৰ সৰ্বাধিক। 

(চ) অসমৰ স্থায়ী জন প্ৰব্ৰজনৰ এটা উদাহৰণ দিয়া ?

উত্তৰঃ অসমৰ স্থায়ী জন প্ৰব্ৰজনৰ উদাহৰণ হ'ল আন্তঃগাঁথনি।

৩। অসমত জনবসতিৰ ঘনত্ব তুলনামূলকভাৱে দেশৰ গড় হাৰতকৈ অধিক, ইয়াৰ মূল কাৰণ কি ? 

উত্তৰঃ সমতল, সাৰুৱা নদী উপত্য়কাত কৃষি বাণিজ্য় আৰু বসতিৰ সুবিধা আৰু পানী যোগানৰ সুচলৰ বাবে জনসংখ্য়াৰ সম বিতৰণ হোৱা দেখা যায় আৰু ঘনত্ব বেছি হয়। নগৰীয়া অঞ্চলসমূহত অতি ঘন বসতি দেখা যায়। অসমৰ প্ৰায়বোৰ ডাঙৰ নগৰতে যাতায়াত ব্য়ৱস্থা উন্নত, শিক্ষা, স্বাস্থ্য়, উপাৰ্জনৰ সুযোগ-সুবিধা অধিক হয়। ইয়াৰ বাবে অসমত জনবসতিৰ ঘনত্ব তুলনামূলকভাৱে দেশৰ গড় হাৰতকৈ অধিক ।

৪। চমু টোকা লিখা-

(ক) কৰ্মঠ জনসংখ্য়া

উত্তৰঃ কৰ্মঠ জনসংখ্য়া- ৰাজ্য়ত ২০১১ চনৰ লোকপিয়ল অনুসৰি মুঠ জনসংখ্য়াৰ শতাংশ সক্ৰিয়ভাৱে উৎপাদনমূলক কাম-কাজত জড়িত। বিভিন্ন উৎপাদনমূলক কাম-কাজত জড়িত বয়স্ক লোকৰ সংখ্য়া।কৰ্মঠ জনসংখ্য়াৰ অনুপাতে এখন দেশৰ উৎপাদন আৰু অৰ্থনৈতিক উন্নয়নত বিশেষ প্ৰভাৱ পেলায়। 

(খ) জনসংখ্য়া বিতৰণ

উত্তৰঃ জনসংখ্য়া বিতৰণ-  এটা অঞ্চলৰ জনসংখ্য়াৰ বিতৰণ বিভিন্ন ভৌগোলীক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। সাধাৰণতে সমতল, সাৰুৱা নদী উপত্য়কাত কৃষি -বাণিজ্য় আৰু বসতিৰ সুবিধা হয়। লগতে পানী যোগানৰ সুচলৰ বাবে জনসংখ্য়াৰ সম বিতৰণ হোৱা দেখা যায়। অসমৰ প্ৰায়বোৰ ডাঙৰ নগৰতে যাতায়াত ব্য়ৱস্থা উন্নত, স্বাস্থ্য়, শিক্ষা, আৰু উপাৰ্জনৰ সুযোগ-সুবিধা অধিক। সেই কাৰণে জন প্ৰব্ৰজনো অধিক হয়। অসমৰ যিবোৰ জিলাত নগৰীকৰণৰ হাৰ বেছি, সেইবোৰ জিলাত জনসংখ্য়াৰ বসতিও ঘন। যেনে- কামৰূপ মেট্ৰ'ত (১৩১৩ প্ৰতি বৰ্গ কিঃ মিঃ) 

(গ) অসমৰ সাক্ষৰতা

উত্তৰঃ অসমৰ সাক্ষৰতা- শিক্ষাগত অৰ্হতা আৰু শিক্ষিতৰ হাৰ এখন দেশৰ জনসংখ্য়াৰ অন্য়তম গুৰুত্বপূৰ্ণ সামাজিক বৈশিষ্ট্য়। ইয়াৰ ওপৰতে জনসংখ্য়াৰ গুণগত মান নিৰ্ভৰ কৰে। সাক্ষৰতা আৰু শিক্ষাগত অৰ্হতাই জনসাধাৰণৰ জীৱন ধাৰণৰ মান, কৰ্মদক্ষতা, মহিলাৰ সামাজিক মৰ্যাদা, বৃত্তিৰ গঠন সেইবোৰ নিৰ্ভৰ কৰে। এই দেশৰ সাক্ষৰতা বুলিলে জনসংখ্য়াৰ ৭ বছৰৰ ওপৰৰ শিক্ষিত লোক সকলক বুজায়। যিয়ে লিখা পঢ়া জনাৰ লগতে গণনা কৰিবলৈ সক্ষম হয়। 

৫। অসমৰ জনসংখ্য়াৰ লিঙ্গ আৰু ধৰ্মীয় গাঁথনিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ অসমৰ জনসংখ্য়াৰ লিঙ্গ আৰু ধৰ্মীয় গাঁথনিৰ বিষয়ে তলত আলোচনা কৰা হ'ল-

লিঙ্গ- লিঙ্গ অনুপাতৰ দ্বাৰা এটা অঞ্চলত থকা মহিলাৰ মৰ্যাদা বা সন্মান নিৰূপণ কৰা যায়। উন্নত দেশবোৰত মহিলাৰ শিক্ষা হাৰ বেছি, তেওঁলোক স্বাস্থ্য়ৱান লগতে স্বাৱলম্বী, গতিকে মহিলাৰ মৃত্য়ুৰ হাৰ কম। জনসংখ্য়াৰ মহিলা আৰু পুৰুষৰ অনুপাতৰ দ্বাৰাও এখন দেশৰ জনসংখ্য়াৰ গঠন নিৰূপণ হয়। 

ধৰ্মীয় গাঁথনি- ভাৰতৰ অন্য়ান্য় প্ৰায়বোৰ ৰাজ্য়ৰ লেখীয়া অসমতো সংখ্য়াগৰিষ্ঠ লোক হিন্দু ধৰ্মাৱলম্বী। অধিক জনবসতিত ঘনত্বযুক্ত জিলাকেইখনত মুছলমান ধৰ্মাৱলম্বী লোকৰ সংখ্য়া আৰু বৃদ্ধিৰ হাৰ অধিকহোৱা দেখা যায়। সেই জিলা কেইখন হ'ল নগাঁও, ধুবুৰী, গোৱালপাৰা, দৰং আৰু বৰপেটা। প্ৰধানকৈ চুবুৰীয়া বাংলাদেশৰ পৰা হোৱা অধিক হাৰৰ প্ৰব্ৰজনৰ ফলতেই হৈছিল। 

৬। বয়সৰ গাঁথনি বুলিলে কি বুজা ? অসমৰ জনসংখ্য়াৰ ২০১১ চনৰ লোকপিয়ল অনুসৰি বয়সৰ গাঁথনি কেনে ধৰণৰ বুজাই লিখা।

উত্তৰঃ বয়সৰ গাঁথনি মানে হ'ল- এখন দেশৰ জনসংখ্য়াত বিভিন্ন স্তৰৰ বয়সৰ লোক কিমান আছে তাৰ বিষয়ে বয়সৰ সংৰচনাৰ দ্বাৰা জানিব পাৰি। যিহেতু অধিক সংখ্য়ক শিশুৰ হাৰে জন্মৰ হাৰ বেছি হোৱা বুজায়। 

    অসমৰ জনসংখ্য়াৰ ২০১১ চনৰ লোকপিয়ল অনুসৰি বয়সৰ গাঁথনি আছিল ০-৬ বছৰ বয়সৰ গ্ৰুপত পুৰুষ শিশুৰ সংখ্য়া ২৩,৬৩,৪৮৫ আৰু শিশুৰ কন্য়া সংখ্য়া ২২,৭৪,৬৪৫। এই বয়সৰ শিশুৰ সংখ্য়া মৰিগাঁও (১৭.১১ শতাংশ), নগাঁও (১৬.২৯), গোৱালপাৰা (১৭.০৩), ধুবুৰী (১৮.৮৯), দৰং ১৬.৮৫) মুঠ জনসংখ্য়াৰ তুলনাত যিবোৰ জিলাত শিশুৰ সংখ্য়া বেছি, সেই আটাইকেইখন জিলাতেই জনসংখ্য়া বৃদ্ধিৰ হাৰ আৰু জনবসতিৰ ঘনত্ব অধিক।

৭। অসমৰ জনসংখ্য়াৰ বিতৰণ বিভিন্ন ভৌগোলিক কাৰকৰ প্ৰভাৱ সম্পৰ্কে বহলাই লিখা।

উত্তৰঃ অসমৰ জনসংখ্য়াৰ বিতৰণ বিভিন্ন ভৌগোলিক কাৰকৰ প্ৰভাৱ- 

    এটা অঞ্চলৰ জনসংখ্য়াৰ বিতৰণ বিভিন্ন ভৌগোলীক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। সাধাৰণতে সমতল, সাৰুৱা নদী উপত্য়কাত কৃষি -বাণিজ্য় আৰু বসতিৰ সুবিধা হয়। লগতে পানী যোগানৰ সুচলৰ বাবে জনসংখ্য়াৰ সম বিতৰণ হোৱা দেখা যায়। অসমৰ প্ৰায়বোৰ ডাঙৰ নগৰতে যাতায়াত ব্য়ৱস্থা উন্নত, স্বাস্থ্য়, শিক্ষা, আৰু উপাৰ্জনৰ সুযোগ-সুবিধা অধিক। সেই কাৰণে জন প্ৰব্ৰজনো অধিক হয়। অসমৰ যিবোৰ জিলাত নগৰীকৰণৰ হাৰ বেছি, সেইবোৰ জিলাত জনসংখ্য়াৰ বসতিও ঘন। যেনে- কামৰূপ মেট্ৰ'ত (১৩১৩ প্ৰতি বৰ্গ কিঃ মিঃ) 

    অসমত অতি কম জনবসতিৰ জিলাকেইখন হ'ল ডিমা হাচাও ( ৪৪/ বৰ্গ কি. মি.), কাৰ্বি আংলং (৯২/ বৰ্গ কি.মি.) আৰু ধেমাজি (২১২/ বৰ্গ কি.মি.) ইয়াৰে প্ৰথম দুখন জিলা পাহাৰীয়া হোৱাৰ বাবে আৰু ধেমাজিত বানপানীৰ প্ৰকোপৰ বাবে প্ৰধানকৈ জনবসতিৰ বিস্তাৰ সেৰেঙা। 



Author By- Chayanika Das