ঃঃতৃতীয় গোট ঃঃ

সামাজিক মাধ্যম আৰু অসমীয়া ভাষা ইন্টাৰনেট, ফেচবুক, টুইটাৰ

১ । কাৰ পৃষ্ঠপোষকতাত কিমান চনত কম্পিউটাৰ নেটৱৰ্কৰ সূচনা হয় ?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগৰ ডিফেন্স এডভান্সড ৰিছাৰ্ছ প্ৰজেক্ট এজেন্সি নামৰ প্ৰতিষ্ঠানটোৰ পৃষ্ঠপোষকতাত ১৯৬৯ চনত কম্পিউটাৰ নেটৱৰ্কৰ প্ৰথম সূচনা হয় । 

২ । কিমান চনত কম্পিউটাৰ নেটৱৰ্কৰ কথা ৰাজহুৱাভাৱে প্ৰকাশ পায় ?

উত্তৰঃ ১৯৭২ চনত ।

৩ । কিমান চনত নেটৱৰ্কৰ জৰিয়তে সকলোধৰণৰ কম্পিউটাৰ একেটা প্ৰণালীৰে কাৰ্যক্ষম কৰি তোলাৰ হয় ?

উত্তৰঃ ১৯৮২ চনত ।

৪ । কিমান চনত ৰাজহুৱা নেটৱৰ্কলৈ পৰিৱৰ্তন কৰা হয় ?

উত্তৰঃ ১৯৯০ চনত ।

৫ । কিমান চনত ইন্টাৰনেটৰ জন্ম হয় ?

উত্তৰঃ ১৯৯২ চনত ।

৬ । 'Hashtag' কিয় সৃষ্টি কৰা হৈছে ?

উত্তৰঃ সহজে সংগঠিত কৰিবলৈ আৰু খৱৰ গোটাবলৈ 'Hashtag' সৃষ্টি কৰা হয় ।

৭ । কিমান চনত কি প্ৰতিবাদৰ পিছত তুৰ্কীত চৰকাৰে কিছুমান সামাজিক মাধ্যমক নিষিদ্ধ কৰিছিল ?

উত্তৰঃ ২০১৩ চনত Taksim Gesi Park প্ৰতিবাদৰ পিছত ।

৮ । সামাজিক মাধ্যমত কেই প্ৰকাৰৰ প্ৰভাৱ পৰিলক্ষিত আৰু কি কি ?

উত্তৰঃ দুই প্ৰকাৰৰ । যেনেঃ (ক) ইতিবাচক প্ৰভাৱ। (খ) নেতিবাচক প্ৰভাৱ ।


Type By- Prerona