সম্পদ 

 Chapter 3

অনুশীলনী 

১। (ক) কুইনাইন দৰব কি উদ্ভিদৰ পৰা আহৰণ কৰা হয় ?

উত্তৰঃ চিনকোনা। 

(খ) জীৱীয় সম্পদ কি ?

উত্তৰঃ জীৱ থকা বোৰক জীৱীয় সম্পদ বোলে। 

(গ) অসমৰ ৰাষ্টীয় উদ্য়ান কেইখন আছে ?

উত্তৰঃ ৭ খন।  

(ঘ) অসমত বন্য়প্ৰাণী অভয়াৰণ্য় কিমানখন ?

উত্তৰঃ ১৮ খন। 

 (ঙ) ক্ষয়শীল সম্পদ কাক কয় ?

উত্তৰঃ প্ৰকৃতিৰ বুকুত পোৱা সকলোবোৰ অজৈৱিক সম্পদকে ক্ষয়শীল সম্পদ বোলা হয়।

২। (ক)  সম্পদ বুলিলে কি বুজা ?

উত্তৰঃ প্ৰাকৃতিকভাৱে তৈয়াৰ কৰি ব্য়ৱহাৰ কৰিব পৰা সকলো সাামগ্ৰীকে সম্পদ বুলি কোৱা হয়। বায়ু, পানী, গছ-গছনি, মাটি আৰু জীৱ-জন্তু আদি এইবোৰ সকলোৱে ব্য়ক্তিয়ে প্ৰয়োজন পূৰাবলৈ ব্য়ৱহাৰ কৰা হয়। সেইবোৰে আমাৰ সম্পদ। 

(খ) অধ্য়াপক জিমাৰমেনে সম্পদৰ সূত্ৰ কেনেদৰে ব্য়াখ্য়া কৰিছে? 

উত্তৰঃ অধ্য়াপক জিমাৰমেনে সম্পদৰ সূত্ৰ হ'ল- সম্পদে কোনো বস্তু বা পদাৰ্থ নুবুজায়, কিন্তু যদি সেই পদাৰ্থ বা বস্তুৰ উপযোগিতা থাকে তাকেই সম্পদ বোলে।

(গ) মানৱ সম্পদক কিয় সকলোবোৰ সম্পদৰ ভিতৰত সৰ্বোচ্চ স্থান দিয়া হয় ?

উত্তৰঃ মানৱ সম্পদক সকলোবোৰ সম্পদৰ ভিতৰত সৰ্বোচ্চ স্থান দিয়া হয়। ইয়াৰ কাৰণ হ'ল-

    মানুহৰ বুদ্ধি বৃত্তিৰ উৎকৰ্ষতাৰ বাবেই পূৰ্বৰ তুলনাত মানৱসৃষ্ট সম্পদসমূহ অধিক কাৰ্যক্ষম আৰু নিখুঁত হ'বলৈ আৰম্ভ কৰিছে। মানুহৰ প্ৰয়োজন পূৰাব পৰা কিছুমান সামগ্ৰীৰ কথা মানুহে কল্পনা কৰিছিল। কিন্তু বিজ্ঞান আৰু প্ৰযুক্তি কৌশলৰ সফল প্ৰয়োগেৰে কল্পনাৰ কৰা বস্তুবোৰ বাস্তৱত ৰূপায়ণ কৰি সকলো লোকে ব্য়ৱহাৰ কৰিব পৰা হ'ল। মানুহৰ এই জ্ঞান, বৃদ্ধি আৰু প্ৰয়োগ কৌশলৰ নিপুণতাৰ বাবেই মানুহক সকলোবোৰ সম্পদৰ ভিতৰত সৰ্বোচ্চ স্থান দিয়া হয়।

(ঘ) প্ৰাকৃতিক আৰু মানৱসৃষ্ট সম্পদৰ পাৰ্থক্য় কি ?

উত্তৰঃ  প্ৰাকৃতিক সম্পদঃ যিবোৰ বস্তু-সামগ্ৰী প্ৰকৃতিৰ পৰা আহৰণ কৰা হয় তাকে প্ৰাকৃতিক সম্পদ বোলে। আনহাতে, 

    মানৱসৃষ্ট সম্পদঃ মানৱসৃষ্ট সম্পদৰ গুণাগুণ আৰু ব্য়ৱহাৰযোগ্য়তা নিৰ্ভৰ কৰে মানুহৰ বুদ্ধি-বৃত্তিৰ বিকাশ আৰু বুদ্ধিমত্ততা প্ৰয়োগৰ ওপৰত। 

৩। (ক) সম্পদক কি কি ধৰণে বিভক্ত কৰিব পাৰি ব্য়াখ্য়া কৰা ।

উত্তৰঃ উৎপত্তি অনুসৰি সম্পদক স্থলজ, জলজ, সৌৰ, উদ্ভিদ, জীৱ-জন্তু, বায়বীয় আৰু মানৱ আদি ভাগত বিভক্ত কৰিব পাৰি। তেনেদৰে উপলভ্য়তা অনুসৰি সম্পদক দুটা ভাগত ভাগ কৰা হৈছে  আৰু সেই ভাগ দুটা হ'ল ক্ষয়শীল আৰু নবীকৰণযোগ্য়। ব্য়ৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি সম্পদক ভূমি, পানী, মাটি, খনিজ, জীৱ-জন্তু, ধাতৱীয়, অধাতৱীয়, সাগৰীয়, আদি বহুতো ভাগত ভাগ কৰা হৈছে। তাৰ উপৰিও আৰু দুটা ভাগত ভাগ কৰা হয় জীৱীয় আৰু অজীৱীয়।

(খ) জীৱীয় আৰু অজীৱীয় সম্পদৰ পাৰ্থক্য় উদাহৰণ দি ব্য়াখ্য়া কৰা।

উত্তৰঃ জীৱীয় সম্পদ-  জীৱীয় সম্পদ হ'ল উদ্ভিদ, জীৱ-জন্তু, আৰু অনুজীৱবোৰ। জীৱীয় সম্পদত উৎপাদক আৰু উপভোক্তা উভয়েই থাকে। উৎপাদক বুলিলে সকলো সেউজীয়া উদ্ভিদকে বুজায়। গৰু, ছাগলী, হৰিণ আদি প্ৰাথমিক উপভোক্তা। আনহাতে মাংসভোজী জন্তু যেনে বাঘ, সিংহ, শিয়াল, আদি দ্বিতীয় উপভোক্তা।

অজীৱীয় সম্পদ- যিবোৰ প্ৰাণ নাই, জীৱন-মৃত্য়ু নাই, যিবোৰে আহাৰ নাখায় বা প্ৰাকৃতিকভাৱে বৃদ্ধি নহয় তেনেবোৰ সম্পদেই হ'ল অজীৱীয় সম্পদ। এই বিধ সম্পদক বস্তুগত আৰু ৰাসায়নিক এই দুটা ভাগত ভাগ কৰা হৈছে। পানী, মাটি, খনিজ সামগ্ৰী, ইন্ধন আদি বস্তুগত সম্পদ। কাৰ্বন, নাইট্ৰজেন, ফছফৰাছ, অক্সিজেন, হাইড্ৰ'জেন, আৰু পটাছিয়াম উপাদানবোৰ অজীৱীয় সম্পদ।  

(গ) জীৱীয় সম্পদৰ উৎপাদক আৰু উপভোক্তাবোৰ কোনবিলাক ব্য়াখ্য়া কৰা।

উত্তৰঃ জীৱীয় সম্পদৰ উৎপাদক আৰু উপভোক্তাবোৰ হ'ল- উৎপাদক  বুলিলে সকলো সেউজীয়া উদ্ভিদকে বুজায়। উপভোক্তাবোৰ প্ৰাথমিক, দ্বিতীয়ক আৰু তৃতীয়ক এই তিনিটা ভাগত ভাগ কৰা হৈছে। তৃণভোজী গৰু, হৰিণ আৰু ছাগলী এইবোৰ প্ৰাথমিক উপভোক্তা। আনহাতে মাংসভোজী জন্তু যেনে বাঘ, শিয়াল আৰু সিংহ আদি দ্বিতীয়ক উপভোক্তা। কিছুমান মাংসহাৰী জন্তুৱে আন মাংসহাৰী জন্তুও খায় যাক উচ্চ মাংসহাৰী জন্তু বুলি কোৱা হয়, যেনে- নেউল আৰু শেন চৰাই। ইয়াৰ উপৰিও জীৱ-জন্তুৰ মৃতদেহ খোৱা উপভোক্তাবোৰ হ'ল শগুন আৰু কাউৰী। মৃত উদ্ভিদ গেলি-পচি গৈ মাটিত বিলীন হোৱাত সহায় কৰা অণুজীৱবোৰ হ'ল প্ৰধানকৈ বিভিন্ন ধৰণৰ বেক্টেৰিয়া। 

(ঘ) ক্ষয়শীল আৰু পুনৰ্ভৱ শক্তিৰ মাজত পাৰ্থক্য় নিৰ্ণয় কৰা।

উত্তৰঃ ক্ষয়শীল আৰু পুনৰ্ভৱ শক্তিৰ মাজত পাৰ্থক্য় হ'ল-

১) প্ৰকৃতিৰ বুকুত পোৱা সকলোবোৰ অজৈৱিক সম্পদেই ক্ষয়শীল সম্পদ। এনে সম্পদ ব্য়ৱহাৰ কৰিলে সম্পদবিধৰ পৰিমাণ কমি আহে। আনহাতে, যিবোৰ সম্পদ বাৰে বাৰে ব্য়ৱহাৰ কৰিলেও সেই সম্পদবোৰ শেষ হৈ নাযায় বা পুনৰ উৎপাদন কৰিব পাৰি তেনে সম্পদকে পুনৰ্ভৱ সম্পদ বোলে।

২) ক্ষয়শীল সম্পদৰ উদাহৰণ খনিজ তেল, কয়লা, প্ৰাকৃতিক গেছ, আনহাতে, পুনৰ্ভৱ শক্তিৰ উদাহৰণ সৌৰশক্তি, জলশক্তি, প্ৰাণী আৰু উদ্ভিদ।

(ঙ) উদাহৰণসহ শক্তি সম্পদৰ শ্ৰেণীবিভাগ কৰা।

উত্তৰঃ মানৱ জাতিয়ে যিদিনাৰ পৰা জুই ব্য়ৱহাৰ কৰিবলৈ শিকিলে প্ৰকৃততে সিদিনাৰ পৰাই শক্তি সম্পদৰ ব্য়ৱহাৰ কৰিবলৈ শিকিলে। কয়লা, পেট্ৰ'লিয়াম আদিৰ ব্য়ৱহাৰ শিকিৰ মানুহে শক্তি সম্পদ ব্য়ৱহাৰত যথেষ্ট আগবাঢ়ি গৈছিল। মানুহে জলবিদ্য়ুৎ শক্তি, সৌৰশক্তি আদি ব্য়ৱহাৰ কৰি উদ্য়োগ স্থাপনৰ জৰিয়তে মানুহে ব্য়ৱহাৰযোগ্য় সামগ্ৰী প্ৰস্তুত কৰিছিল। 

    শক্তি সম্পদসমূহক প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি, ক্ষয়শীল আৰু পূনৰ্ভৱ বা নবীকৰণযোগ্য় শক্তি। এবাৰ ব্য়ৱহাৰ কৰা পিছত যিবোৰ শক্তি সম্পদ চিৰদিনৰ বাবে নিঃশেষ হৈ যায় সেই শক্তি সম্পদে হ'ল ক্ষয়শীল শক্তি। এই শক্তি সম্পদবোৰ হ'ল কয়লা, পেট্ৰ'লিয়াম, প্ৰাকৃতিক গেছ, পৰমাণু শক্তিসম্ভাৰ যেনে থ'ৰিয়াম আৰু ইউৰেনিয়াম ইত্য়াদি। এইবোৰ শক্তি ব্য়ৱহাৰ বৃদ্ধিৰ লগে লগে সেইবোৰ শক্তি ক্ৰমে উদং হৈ আহে।

    সৌৰশক্তি, বতাহ শক্তি, জলশক্তি, ভূ-তাপীয় শক্তি, সমুদ্ৰ জোৱাৰ শক্তি আদি এইবোৰ পূনৰ্ভৱ শক্তিৰ উদাহৰণ। সূৰ্যৰ পৰা বিকিৰিত শক্তি সমগ্ৰ উদ্ভিদ আৰু জীৱকুলে ব্য়ৱহাৰ কৰি আছে যদিও সেই শক্তি পৰিমাণ একে আছে। এইবোৰ উৎসৰ পৰা শক্তি আহৰণ পদ্ধতি উন্নতি হোৱাৰ বাবে সেই শক্তি সহজ হৈ পৰিছে।

(চ) অসমত মানৱ সম্পদ বিকাশৰ বাবে কেনে ব্য়ৱস্থাৰ প্ৰয়োজন বুজাই লিখা।

উত্তৰঃ বৰ্তমান সময়ত আন সকলো প্ৰকাৰৰ সম্পদতকৈ মানৱ সম্পদ অতি গুৰুত্বপূৰ্ণ। শিক্ষা, চিন্তা, বৈজ্ঞানিক, কৌশল আৱিষ্কাৰ আৰু প্ৰয়োগ, কৰ্মদক্ষতা কাম কৰা প্ৰতি থকা আগ্ৰহৰ বাবেই মানুহে সকলো প্ৰকাৰ সম্পদতকৈ অধিক গুৰুত্বপূৰ্ণ স্থান পাইছে। যিবোৰ দেশে মানৱ সম্পদ বিকাশত সফলতা লাভ কৰিছে সেই দেশ পৃথিৱীৰ উন্নত দেশ হিচাপে পৰিগণিত হৈছে। 

    সমতা, অধিকাৰ, স্থায়িত্ব আৰু উৎপাদন এই চাৰিটা ধাৰণাকে মানৱ সম্পদ উন্নয়নৰ চতুৰ্স্তম্ভ বুলি কোৱা হয়। ২০১১-১২ চনৰ পৰা দৰিদ্ৰ সীমাৰ তলত থকা লোকৰ সংখ্য়া ভাৰতবৰ্ষত শতকৰা ২১.৯২ ভাগ আছিল। ইয়াৰ বিপৰিতে অসমত তেনে লোকৰ সংখ্য়া ৩১.৯৮ শতাংশ। এইবোৰ তথ্য়ই অসমত মানৱ সম্পদ বিকাশ দেশখনৰ অন্য় প্ৰান্তৰ তুলনাত কম হৈছে সেই কথা স্পষ্ট হৈ পৰিছে। মানৱ সম্পদ উন্নয়নৰ বাবে শিক্ষা, স্বাস্থ্য় আৰু জনমূৰি আদি বিশেষ ব্য়ৱস্থা লোৱা প্ৰয়োজন  আছে।

৪। নিম্নলিখিত বিকল্পবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা

(i) তলৰ কোনটো বিভাগত গছ-গছনি অন্তৰ্ভূক্ত নহয় ?

    (ক) পূনৰ্ভৱ সম্পদ     (খ) জীৱীয় সম্পদ

    (গ) ক্ষয়শীল সম্পদ     (ঘ) উৎপাদক সম্পদ

উত্তৰঃ(ক) ক্ষয়শীল সম্পদ।

(ii)  নিম্নোক্ত সম্পদৰ ভিতৰত কোনবিধ ক্ষয়শীল সম্পদ ?

    (ক) বতাহ শক্তি    (খ) কয়লা

    (গ) কৃষিজাত দ্ৰব্য়    (ঘ) হাঁহ-কুকুৰা

উত্তৰঃ (খ)কয়লা। 

(iii) তলত উল্লেখ কৰা প্ৰকৃতিৰ কোনবিধ সামগ্ৰীক আমি বৰ্তমান সম্পদ হিচাপে গণ্য় নকৰোঁ ?

    (ক) মানুহ    (খ) সূৰ্যৰ তাপ

    (গ) ভূকেন্দ্ৰত থকা নিকাল    (ঘ) বেক্টেৰিয়া

উত্তৰঃ (গ) ভূকেন্দ্ৰত থকা নিকাল। 

(iv) তলৰ কোনবিধ জীৱই মৃত উদ্ভিদ আৰু জীৱ-জন্তু  প্ৰকৃতিত বিলীন হোৱাত মূখ্য় ভূমিকা লয় ?

    (ক) বাঘ    (খ) মানুহ

    (গ) শগুন    (ঘ) বেক্টেৰিয়া

উত্তৰঃ (গ) শগুন। 

(v) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিত লোকৰ শতকৰা হাৰ কিমান ?

    (ক) ৭২.৯৯    (খ) ৭২.১৯

    (গ) ৯১.৫৮    (ঘ) ৯৩.৯১

উত্তৰঃ (খ) ৭২.১৯। .



Author By- Chayanika Das