অসমৰ অৰ্থনৈতিক বুনিয়াদ

Chapter-4

অনুশীলনী

১। (ক) খাৰিফ শস্য় কাক বোলে ?

উত্তৰঃ খাৰিফ শস্য় হ'ল শালি ধান, বাওঁ ধান, মৰাপাট, আৰু কুঁহিয়াৰ আদি।

(খ) ৰবি শস্য় কাক বোলে ?

উত্তৰঃ ৰবি শস্য় হ'ল আহু, আৰু বড়ো ধান, সৰিয়হ, তিল, মাহজাতীয় শস্য়, মাকৈ, ধঁপাত, ঘেঁহু, ফল আৰু বিভিন্ন ধৰনৰ শাক-পাচলি।

(গ) ঔষধি উদ্ভিদ কি ?

উত্তৰঃ ঔষধি উদ্ভিদ হ'ল তুলসী আৰু নিম পাত।

(ঘ) অসমৰ কিমান শতাংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল ?

উত্তৰঃ অসমৰ ৮০ শতাংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল।

২। (ক) অসমত ঝুমখেতি ক'ত আৰু কেনেকৈ কৰা হয় ?'

উত্তৰঃ অসমত ঝুমখেতি পাহাৰৰ ঢালত কৰা হয়। পাহাৰৰ লোকসকলে পাহাৰৰ ঢালত গজা হাবি-জংঘল কাটি জুই লগাই খেতি কৰিব কাৰণে মুকলি কৰি লয়।

(খ) শস্য়বৰ্ত্তন বুলিলে কি বুজা ?

উত্তৰঃ শস্য়বৰ্ত্তন মানে হ'ল একে বিধ শস্য়কে  একে ডৰা মাটিত বহু বছৰ ধৰি খেতি কৰি থকা।  

(গ) শস্য়কৰ্ষণ তীব্ৰতা বুলিলে কি বুজা ?

উত্তৰঃ শস্য়কৰ্ষণ তীব্ৰতা মানে হ'ল কৃষিভূমিৰ বৃদ্ধি কৰি উৎপাদন বঢ়োৱা।

(ঘ) অসমত কৰা মচলাজাতীয় খেতিসমূহ কি কি  ?

উত্তৰঃ অসমত কৰা মচলাজাতীয় খেতিসমূহ হ'ল আদা, নহৰু, জালুক। 

৩। (ক) অসমৰ কৃষি ব্য়ৱস্থাৰ আসোঁৱাহসমূহৰ বিষয়ে লিখা ?

উত্তৰঃ অসমৰ কৃষি ব্য়ৱস্থাৰ আসোঁৱাহসমূহ হ'ল-

    (১) কৃষিক্ষেত্ৰসমূহৰ আকাৰ সৰু, যাৰ বাবে ট্ৰেক্টৰে মাটি চহোৱাত অসুবিধা হয়।

    (২) জনমূৰি কৃষিমাটিৰ পৰিমাণ অতি কম, যাৰ ফলত বহুতো কৃষকে নিজৰ প্ৰয়োজনবোৰকে পূৰাব নোৱাৰা হয়।

   (৩) পুৰণি কৃষি পদ্ধতিকে খামুচি থকা বাবে হেক্টৰে প্ৰতি যিমান বোৰ উৎপাদন হ'ব লাগিছিল তাতকৈ বহুত পৰিমানে কম  উৎপাদন হৈছিল।

   (৪) সীমিত এলেকাত জলসিঞ্চনৰ ব্য়ৱস্থা থকা বাবে পানীৰ অভাৱত বহুতো অঞ্চলত খেতি বিস্তৰ ক্ষতি হয়।

(ঙ) প্ৰতিটো বছৰতে বানপানীৰ কবলত পৰি কৃষি শস্য়ৰ ব্য়াপকভাৱে ক্ষতি হয়।

(খ) অসমত ধানখেতি কোন ঋতুত কেনেদৰে কৰা হয় ব্য়াখ্য়া কৰা।

উত্তৰঃ অসমত ধানখেতি হল মূল কৃষি শস্য়। ধানৰ পৰা ওলোৱা চাউল অসমীয়া মানুহৰ প্ৰধান খাদ্য়। মুঠ কৃষিভূমিৰ শতকৰা ৬৪.৫২ ভাগ অঞ্চলত আৰু ৰাজ্য়খনৰ খাদ্য়-শস্য় উৎপাদন কৰা মুঠ অঞ্চলৰ শতকৰা ৯১.৪৩ ভাগ অঞ্চলত কেৱল ধান খেতি কৰা হয়। অসমত চাৰিবিধ ধান উৎপাদন কৰা হয়, আৰু সেইবোৰ আছিল শালি, আহু, বড়ো আৰু বাও। 

(গ) চাহ খেতিৰ বাবে প্ৰয়োজনীয় পৰিৱেশৰ বিষয়ে লিখা ?

উত্তৰঃ চাহ খেতিৰ বাবে প্ৰয়োজনীয় পৰিৱেশৰ বিষয়ে তলত আলোচনা কৰা হ'ল-

    ৰোপণ কৃষি পদ্ধতিৰে উৎপাদন কৰা চাহ গছৰ পাতৰ ওপৰতে অসমৰ চাহ উদ্য়োগ প্ৰতিষ্ঠিত কৰা হয়। চাহ উদ্য়োগ অসমৰ সৰ্বাধিক বিদেশী মুদ্ৰা আয় কৰা উদ্য়োগ। ভাৰতবৰ্ষৰ শতকৰা ৫৪ ভাগ চাহ অসমত উৎপাদন হয়। চাহ উদ্য়োগত অসমৰ ৬ লাখতকৈ অধিক লোকে কৰ্মসংস্থান লাভ কৰিছে, ইয়াৰে ২.৭ লাখ মহিলা আছিল। 

    অসমত চাহ উদ্য়োগত অতীজৰে পৰা 'ব্লেক টি (black tea) উৎপাদন কৰা হৈছে যদিও ১৯৮০ চনৰ পৰা 'গ্ৰীণ টি' (Green tea) উৎপাদন কৰা হয়। ইয়াৰ কাৰণে অধিক বিদেশী মুদ্ৰা উপাৰ্জন কৰা হৈছে।

(ঘ) অসমৰ অৰ্থনৈতিক অৱস্থাৰ এটা চমু আভাস দিয়া।

উত্তৰঃ অসমৰ অৰ্থনৈতিক অৱস্থাৰ- অসমৰ সামগ্ৰিক অৰ্থনীতি প্ৰধানকৈ নিৰ্ভৰ কৰিছে ৰাজ্য়খনৰ মানৱ সম্পদৰ ওপৰত। উত্তৰ-পূৱ ভাৰতৰ একমাত্ৰ সমতলীয়া ৰাজ্য় অসমক চৌদিশে পাহাৰীয়া ৰাজ্য়সমূহে আগুৰি আছে। কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমাহাচাও এই কেইখন জিলাৰ পাহাৰীয়া। অসমৰ কৃষি, ব্য়ৱসায়-বাণিজ্য় আৰু উদ্য়োগ এই সকলোবোৰ অৰ্থনৈতিক কাৰ্য-কলাপৰ ওপৰত নিৰ্ভৰশীল। 

    অসমত বসবাস কৰা অধিকাংশই মূলতঃ কৃষিজীৱী আছিল। যুগ যুগ ধৰি অসমৰ লোকসকলে কৃষিকাৰ্য কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে। কৃষিখণ্ডত ব্য়ৱহাৰ হোৱা অঞ্চল, ৰাজ্য়খনৰ সকলো খণ্ডত ব্য়ৱহাৰ কৰা ভূমিতকৈ অধিক। কৃষি কাৰ্যত ব্য়ৱহাৰ কৰা মাটি পৰিমাণ প্ৰায় ৫৪.১১ শতাংশ।ৰাজ্য়খনৰ ৮০ শতাংশ মানুহে কৃষিৰ ওপৰত নিৰ্ভৰ কৰে।

৪। (ক) অসমত প্ৰথম খাৰুৱা তেল ক'ত খনন কৰা হৈছিল ?

উত্তৰঃ অসমত প্ৰথম খাৰুৱা তেল ডিগবৈত খনন কৰা হৈছিল। 

 (খ) ভাৰতবৰ্ষত মুঠ উৎপাদনৰ কিমান শতাংশ চাহ অসমত উৎপাদন হয় ?

উত্তৰঃ ভাৰতবৰ্ষত মুঠ ৫৪ শতাংশ চাহ অসমত উৎপাদন হয়। 

(গ) অসমৰ ঔদ্য়োগিক উন্নয়ন নিগম কোন চনত গঠন কৰা হৈছিল ?

উত্তৰঃ অসমৰ ঔদ্য়োগিক উন্নয়ন নিগম ১৯৭১ চনত ঘঠন কৰা হৈছিল। 

(ঘ) অসমৰ প্ৰথমটো সাৰ কাৰখানা ক'ত স্থাপন কৰা হয় ?

উত্তৰঃ অসমৰ প্ৰথমটো সাৰ কাৰখানা ডিব্ৰুগড়ত স্থাপন কৰা হয়।

৫।  (ক) কেচাঁ সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি অসমৰ উদ্য়োগসমূহ বিভক্ত কৰা ?

উত্তৰঃ কেচাঁ সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি অসমৰ উদ্য়োগসমূহ হ'ল-

১) কৃষিভিত্তিক উদ্য়োগ (Agro based industries)

২) খনিভিত্তিক উদ্য়োগ (Mineral based industries) 

৩) বনজ সামগ্ৰীভিত্তিক উদ্য়োগ (Forest based industries)

(খ) অসমৰ কৃষিভিত্তিক উদ্য়োগৰ এটা চমুটোকা লিখা ?

উত্তৰঃ অসমৰ কৃষিভিত্তিক উদ্য়োগৰ, ৰাজ্য়খনৰ প্ৰায় ৫৮.১১ শতাংশ মাটি কৃষি কাৰ্যত ব্য়ৱহৃত। ৰাজ্য়খনৰ ৮০ শতাংশ মানুহে কৃষিৰ ওপৰত নিৰ্ভৰ কৰে। অসমৰ কৃষি উৎপাদনৰ প্ৰধান কাৰকসমূহ হৈছে সমতল ভূমি, সাৰুৱা মাটি আৰু পৰ্যাপ্ত বৰষুণৰ লগতে কৃষি শস্য়ৰ বাবে অনুকূল জলবায়ু। 

    বনজ সামগ্ৰীভিত্তিক উদ্য়োগ- অসমত বনজ সামগ্ৰীৰ ওপৰত ভিত্তি কৰি গঢ়ি মজলীয়া ধৰণৰ উদ্য়োগৰ ভিতৰত কাগজ আৰু প্লাইউডৰ উদ্য়োগ সমূহে প্ৰধান। অসমত বাঁহ ব্য়ৱহাৰ কৰি দুটা ডাঙৰ কাগজ উদ্য়োগ গঢ়ি তুলিছে। আৰু সেই উদ্য়োগ দুটা হ'ল নগাঁও কাগজ কল যিটো বৰ্তমান মৰিগাওঁ জিলাত আৰু আনটো হ'ল হাইলাকান্দি জিলাৰ পাঁচগ্ৰাম কাগজ কল। এই দুয়োটাই চৰকাৰী খণ্ডৰ উদ্য়োগ। সেই দুয়োটা কাগজ কলত বৰ্তমান উৎপাদন বন্ধ হৈ আছে। 

    প্লাইউড্ কাৰখানাৰ বাবে অসমৰ হাবিৰ কাঠেই ব্য়ৱহাৰ কৰা হয়। চাহ বাকচ বনোৱাত অসমৰ প্লাইউড্ ব্য়ৱহাৰ কৰা হয়। ১৯৮৪ চনত অসমত ৫২ টা প্লাইউড্ উদ্য়োগ আছিল। তাৰে ১৩ টা বৃহৎ আৰু বাকীবোৰ মজলীয়া উদ্য়োগ। গছ কটা কমোৱাৰ বাবে ইয়াৰে কিছুমান উদ্য়োগ বন্ধ কৰা হয় যাৰ বাবে এই উদ্য়োগৰ সংখ্য়া ২০০১ চনত ৪৬ টা হয়।

(গ) অসমৰ চাহ উদ্য়োগৰ বিশেষত্ব অতি চমুকৈ লিখা ?

উত্তৰঃ অসমৰ চাহ উদ্য়োগৰ বিশেষত্ব- অসমত প্ৰধান উপাৰ্জন কৃষি হ'ল চাহ। চাহখেতিৰ বাবে উপযুক্ত পৰিৱেশ পোৱা যায়। ৰাজ্য়খনত ৮৫০ খনতকৈ অধিক ডাঙৰ চাহ বাগিচা আৰু কেইবাহাজাৰো ক্ষুদ্ৰ চাহ বাগিচা আছে। বাৰ্ষিক বৰষুণৰ পৰিমানে ১৫০-২০০ চেন্টিমিটাৰ, উষ্ণতা ৩০° ছেলছিয়াছতকৈ অধিক অম্লীয় এঢলীয়া মাটি প্ৰায়বোৰ জিলাতে পোৱা যায়। সেই কাৰণে পৃথিৱীৰ ভিতৰত চাহ উৎপাদনৰ  এক উল্লেখযোগ্য় অঞ্চলৰূপে পৰিগণিত হৈছে।

    অসমত চাহ খেতি কৰা মুঠ এলেকাৰ পৰিমাণ হ'ল ৩০৪,১৩৩ হেক্টৰ। ৰাজ্য়খনে বছৰি প্ৰায় ৬৪২ নিযুত কিলোগ্ৰাম চাহ উৎপাদন কৰে। পৃথিৱীৰ আন ঠাইত উৎপাদিত চাহৰ ৰঙতকৈ অসমৰ চাহৰ ৰং বেছি। বছৰটোত অসমৰ চাহপাত দুবাৰকৈ তোলা হয়। প্ৰথমবাৰ মাৰ্চ আৰু এপ্ৰিল মাহত আৰু দ্বিতীয় বাৰ জুন-জুলাই মাহত তোলা হয়। 

(ঘ) অসমক আগুৰি থকা বিদেশী ৰাষ্ট্ৰকেইখনৰ নাম কি ?

উত্তৰঃ অসমক আগুৰি থকা বিদেশী ৰাষ্ট্ৰকেইখনৰ নাম- চীন, বাংলাদেশ, ভূটান আৰু ম্য়ানমাৰ।

৬।  (ক) অসম শিল্প উদ্য়োগত পিছপৰি ৰোৱাৰ কাৰণসমূহ ব্য়াখ্য়া কৰা।

  উত্তৰঃ অসম শিল্প উদ্য়োগত পিছপৰি ৰোৱাৰ কাৰণসমূহ হ'ল-

(১) অসম তথা সমগ্ৰ উত্তৰ-পূৱ ভাৰত দেশখনৰ আন অঞ্চলৰ পৰা যথেষ্ট দূৰত অৱস্থিত। বিশেষকৈ শিলিগুৰি অঞ্চলৰ কেৱল ২১-৪০ কিলোমিটাৰ ঠেক স্থলভাগে দেশখনৰ বাকী অংশৰ লগত স্থল আৰু ৰে'লপথেৰে যোগাযোগত অসুবিধাৰ সৃষ্টি কৰিছে। সেইকাৰণে কেঁচামাল আৰু উৎপাদিত সামগ্ৰী অনা-নিয়া কৰাত বেছি খৰচ হয় কাৰণে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল উদ্য়োগৰ ক্ষেত্ৰত পিছপৰা। 

(২) অসম তথা উত্তৰ পূৰ্বাঞ্চল ম্য়ানমাৰ, চীন, ভূটান আৰু বাংলাদেশ আদি বিদেশী ৰাষ্ট্ৰৰে আগুৰি আছে। এই আটাইবোৰ দেশৰ লগত ভাৰতবৰ্ষৰ সম্পৰ্ক বৰ সুবিধাজনক নহয়। 

(৩) দূৰত্বৰ বাবে কিছুমান কেঁচা সামগ্ৰী অসমলৈ অনা আৰু অসমত উৎপাদিত সামগ্ৰী ভাৰতৰ ডাঙৰ চহৰবোৰত বিক্ৰী কৰাটো অধিক ব্য়য়। যাৰ বাবে অসমত উৎপাদিত সামগ্ৰীৰ পৰা উচিত মূল্য় পোৱাত বাধাৰ সৃষ্টি হৈছে।

(৪) অসমৰ লোকসকল প্ৰধানকৈ কৃষিৰ ওপৰত নিৰ্ভৰশীল। উদ্য়োগৰ বাবে প্ৰয়োজনীয় অৰ্হতা আৰু উদ্য়োগ গঢ়াৰ সাহস তথা মানসিকতাৰ অভাৱেও ৰাজ্য়খনক শিল্পত পিছপৰাই ৰাখিছে।

(খ) অসমত গঢ়ি উঠা প্ৰধান উদ্য়োগসমূহৰ বিষয়ে লিখা।

উত্তৰঃ অসমত গঢ়ি উঠা প্ৰধান উদ্য়োগসমূহ হ'ল-

    (১) কৃষিভিত্তিক উদ্য়োগ

    (২) খনিভিত্তিক উদ্য়োগ আৰু 

    (৩) বনজ সামগ্ৰীভিত্তিক উদ্য়োগ

(১) কৃষিভিত্তিক উদ্য়োগ- কৃষিভিত্তিক উদ্য়োগ দুটা ভাগত ভাগ কৰা হৈছে। 

(ক) চাহ, কুঁহিয়াৰ, তৈলজাত, ধান, ঘেঁহু, দুগ্ধজাত, আৰু ফল-মূল আদি খাদ্য়-সামগ্ৰীৰ ওপৰত গঢ়ি উঠা সৰু-ডাঙৰ উদ্য়োগ আৰু

(খ) কপাহ, মৰাপাট, আৰু পাট-মুগা-এৰী আদি আঁহজাতীয় কৃষি সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠা উদ্য়োগ।

(২) খনিভিত্তিক উদ্য়োগ- খনিভিত্তিক উদ্য়োগৰ ভিতৰত তেল শোধনাগাৰ আৰু পেট্ৰ'কেমিকেল উদ্য়োগেই প্ৰধান। পেট্ৰ'কেমিকেল উদ্য়োগৰ খাৰুৱা তেল শোধন কৰাৰ লগতে খাৰুৱা তেলৰ পৰা পোৱা আন অপজাত সামগ্ৰীভিত্তিক উদ্য়োগো স্থাপিত হৈছে। 

    তেল শোধনাগাৰ ১৯০১ চনত স্থাপন হয় যিটো ভাৰতবৰ্ষত আটাইতকৈ পুৰণি শোধনাগাৰ। 

(৩) বনজ সামগ্ৰীভিত্তিক উদ্য়োগ- কাগজ আৰু প্লাইউডৰ উদ্য়োগ সমূহে প্ৰধান। অসমত বাঁহ ব্য়ৱহাৰ কৰি গঢ়ি তোলা দুটা ডাঙৰ কাগজ উদ্য়োগৰ তাৰে এটা হ'ল 'নগাঁও কাগজ কল'। যিটো বৰ্তমান মৰিগাঁও জিলাত আৰু আনটো হ'ল হাইলাকান্দিজিলা পাঁচগ্ৰাম কাগজ।

(গ) অসমৰ খনিভিত্তিক উদ্য়োগসমূহৰ বিষয়ে লিখা।

উত্তৰঃ অসমৰ খনিভিত্তিক উদ্য়োগৰসমূহ বিষয়ে তলত আলোচনা কৰা হ'ল-

   খনিভিত্তিক উদ্য়োগৰ ভিতৰত তেল শোধনাগাৰ আৰু পেট্ৰ'কেমিকেল উদ্য়োগেই প্ৰধান। পেট্ৰ'কেমিকেল উদ্য়োগৰ খাৰুৱা তেল শোধন কৰাৰ লগতে খাৰুৱা তেলৰ পৰা পোৱা আন অপজাত সামগ্ৰীভিত্তিক উদ্য়োগো স্থাপিত হৈছে যাৰ ভিতৰত প্লাষ্টিক ( পলিমাৰ) উদ্য়োগেই প্ৰধান। প্ৰাকৃতিক গেছৰ অপচয় ৰোধ কৰা বাবে ১৯৭১ চনত চৰকাৰী খণ্ডৰ অসম উদ্য়োগিক উন্নয়ন নিগম (Assam Industrial Development Corporation AIDC) গঠন কৰা হৈছে। ইয়াৰ জৰিয়তে দেশৰ ভিতৰত পোনপ্ৰথমে গেছভিত্তিক পেট্ৰ'কেমিকেল উৎপাদন কাৰখানাও স্থাপন কৰা হয়।

    ১৯৭৪ চনৰ ২০ ফেব্ৰুৱাৰীত বঙাইগাওঁ শোধনাগাৰ আৰু পেট্ৰ'কেমিকেল্ লিমিটেড ভাৰত চৰকাৰে স্থাপন কৰে। ২০০১ চনত এই উদ্য়োগ ভাৰতীয় তেল নিগমৰ অধীনলৈ নিয়া হয়। ডিগবৈত তেল শোধনাগাৰ ১৯০১ চনত স্থাপন কৰা হয়। সেইটো ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি শোধনাগাৰ। 

    খনিভিত্তিক আন উদ্য়োগৰ ভিতৰত নামৰূপত অৱস্থিত তিনিটা ডাঙৰ উদ্য়োগ হ'ল- ব্ৰহ্মপুত্ৰ উপত্য়কা সাৰ নিগম, অসম পেট্ৰ'কেমিকেলচ্ নিগম আৰু নামৰূপ তাপ বিদ্য়ুৎ কেন্দ্ৰ। অসমৰ ক্ষুদ্ৰ উদ্য়োগ প্ৰতিষ্ঠানৰ বাবে মুঠ ৬৪ টা উদ্য়োগিক অঞ্চল আৰু ৫০ খন উদ্য়োগ পাম গঢ়ি তোলা হয়। 

৭। নিম্নলিখিত বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা

(i) অসমত ২০১১-১২ চনৰ তুলনাত ২০১৫-১৬ চনত কোনটো খণ্ডত আয় বৃদ্ধি পোৱা দেখা গৈছে ?

    (ক) কৃষিখণ্ড    (খ) উদ্য়োগখণ্ড

    (গ) খনিজাত উৎপাদন খণ্ড    (ঘ) সেৱাখণ্ড

উত্তৰঃ (ঘ) সেৱাখণ্ড।

(ii) খাৰিফ শস্য় কোন মাহত কৰা হয়।

    (ক) এপ্ৰিল-মে'ৰ পৰা নৱেম্বৰ-ডিচেম্বৰ    (খ) মাৰ্চ মাহৰ পৰা জুন মাহলৈ

    (গ) অক্টোবৰৰ পৰা এপ্ৰিললৈ                    (ঘ) জানুৱাৰীৰ পৰা মে' মাহলৈ

উত্তৰঃ (খ) মাৰ্চ মাহৰ পৰা জুন মাহলৈ।

(iii) তলৰ কোনবিধ জাইড্ কৃষিজাত শস্য় ?

    (ক) সৰিয়হ        (খ) ধান

    (গ) ৰঙালাও        (ঘ) ঘেঁহু

উত্তৰঃ (গ) ৰঙালাও।

(iv) অসমৰ কোনখন জিলাত আটাইতকৈ কম সংখ্য়াৰ পঞ্জীয়নভূক্ত উদ্য়োগ আছে ?

    (ক) গোৱালপাৰা     (খ) ওদালগুৰি

    (গ) মৰিগাওঁ            (ঘ) ধেমাজি

উত্তৰঃ (ঘ) ধেমাজি।         

(v) ভাৰতবৰ্ষৰ মুঠ উৎপাদনৰ শতকৰা কিমান ভাগ চাহ অসমত উৎপাদন হয়?

    (ক) ৩০%        (খ) ৪৫%

    (গ) ৫৪%         (ঘ) ৬৭%

উত্তৰঃ (গ) ৫৪%  

(vi) ভাৰতৰ আটাইতকৈ পুৰণি ডিগবৈৰ তেল শোধনাগাৰ কোন চনত স্থাপিত হয়?

    (ক) ১৮৯৮ চন        (খ) ১৯০১ চন

    (গ) ১৯৫১ চন         (ঘ) ১৯৭৪ চন

উত্তৰঃ (খ) ১৯০১ চন

(vii) নিম্নোক্ত কোনবিধ উদ্য়োগ যিকোনো ঠাইত স্থাপন কৰিব পাৰি? 

    (ক) চাহ উদ্য়োগ                     (খ) বনজ সামগ্ৰীভিত্তিক উদ্য়োগ 

    (গ) খনিভিত্তিক উদ্য়োগ         (ঘ) চলন্ত উদ্য়োগ 

উত্তৰঃ 



Author By- Chayanika Das