পঞ্চম অধ্যায়

১৮ শতিকাৰ ভাৰত


১। নাদিৰ শ্বাহৰ প্ৰস্থানৰ পিছতে কোনে ভাৰত  আক্ৰমণ কৰিছিল?

উত্তৰঃ নাদিৰ শ্বাহৰ প্ৰস্থানৰ পিছতে আহমদ শ্বাহ আবদালিয়ে ভাৰত আক্ৰমণ কৰিছিল।

২। কিমান শতিকাত উত্তৰাধিকাৰী উত্থান হৈছিল?

উত্তৰঃ ১৮ শতিকাত উত্তৰাধিকাৰী উত্থান হৈছিল।

৩। ১৭০৭ খ্ৰীঃত ঔৰংজেৱৰ কিমান বছৰীয়া শাসনকালৰ অন্ত পৰিছিল?

উত্তৰঃ ১৭০৭ খ্ৰীঃত ঔৰংজেৱৰ ৫০ বছৰীয়া শাসনকালৰ অন্ত পৰিছিল।

৪। বাহাদুৰ ছাহৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ বাহাদুৰ ছাহৰ জন্ম ১৭০৭ চনত হৈছিল 

৫। বাহাদুৰ ছাহে কিমান খ্ৰীঃত ৰাজপুতনালৈ উভতি আহিবলৈ বাধ্য় হৈছিল?

উত্তৰঃ বাহাদুৰ ছাহে ১৭১০ খ্ৰীঃত ৰাজপুতনালৈ উভতি আহিবলৈ বাধ্য় হৈছিল।

৬।কাৰ মৃত্যুৰ পিছতে সাম্ৰাজ্যৰ পতন আসন্ন হৈ পৰিছিল?    

উত্তৰঃ মোগল সম্ৰাট ঔৰংজেৱৰ মৃত্যুৰ পিছতে সাম্ৰাজ্যৰ পতন হৈ পৰিছিল।

৭। কাৰ অধীনত মোগল সাম্ৰাজ্যৰ সম্প্ৰসাৰণ বৃদ্ধি পাইছিল?

উত্তৰঃ ঔৰংজেৱৰ অধীনত মোগল মাম্ৰাজ্যৰ সম্প্ৰসাৰণ বৃদ্ধি পাইছিল। 

৮। ৰাজ্যদুখনে কোনকেইখনৰ মাজত নিৰপেক্ষ প্ৰতিবেশী বন্ধু ৰাষ্ট্ৰৰ কাম কৰিছিল?

উত্তৰঃ ৰাজ্য দুখনে মাৰাঠা আৰু মোগল সাম্ৰাজ্যৰ মাজত নিৰপেক্ষ প্ৰতিবেশী বন্ধু ৰাষ্ট্ৰৰ কাম কৰিছিল।

৯। মোগল সাম্ৰাজ্যৰ পতনৰ এটা গুৰুত্বপূৰ্ণ কাৰণ কি?

উত্তৰঃ মোগল সাম্ৰাজ্যৰ পতনৰ এটা গুৰুত্বপূৰ্ণ কাৰণ আছিল ঔৰংজেৱৰ ধৰ্মীয় গোড়ামী।

১০। কাৰ সকলো উত্তৰাধিকাৰী অতি দুৰ্বল আৰু অদক্ষ আছিল?

উত্তৰঃ ঔৰংজেৱৰ সকলো উত্তৰাধিকাৰী অতি দুৰ্বল আৰু অদক্ষ আছিল। 

১১। প্ৰথম বাহাদুৰ ছাহ কিমান বছৰত সিংহাসনত বহিছিল?

উত্তৰঃ প্ৰথম বাহাদুৰ ছাহ ৬৩ বছৰত সিংহাসনত বহিছিল।

১২। সম্ৰাট ঔৰংজেৱৰ সময়ত মোগল বাহিনীৰ কি লুপ্ত হৈছিল? 

উত্তৰঃ সম্ৰাট ঔৰংজেৱৰ সময়ত মোগল বাহিনীৰ শক্তি আৰু গৌৰৱ লুপ্ত হৈছিল। 

১৩। মোগলসকলে কিমান শতিকালৈ অধিককাল ভাৰতবৰ্ষ শাসন চলাইছিল?

উত্তৰঃ মোগলসকলে তিনি শতিকালৈ অধিককাল ভাৰতবৰ্ষ শাসন চলাইছিল।

১৪। যড়যন্ত্ৰ প্ৰধান কি হৈ পৰিছিল?

উত্তৰঃ যড়যন্ত্ৰ প্ৰধান কেন্দ্ৰস্থল হৈ পৰিছিল।

১৫। কাক ভাৰত আক্ৰমণ ৰাজনৈতিক আিৰু অৰ্থনৈতিক দিশৰ পৰা ক্ষতিকাৰক বুলি প্ৰমাণিত হৈছিল?

উত্তৰঃ নাদিৰ ছাহৰ ভাৰত আক্ৰমণ ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশৰ পৰা ক্ষতিকাৰক বুলি প্ৰমাণিত হৈছিল। 

১৬। কিমান চনত নাদিৰ ছাহে সমগ্ৰ দিল্লীত লুণ্ঠন কাৰ্য চলোৱা উপৰিও হত্যালীলাও চলাইছিল?

উত্তৰঃ ১৭৩৯ চনত নাদিৰ ছাহে সমগ্ৰ দিল্লীত লুণ্ঠন কাৰ্য চলোৱা উপৰীও হত্যালীলাও চলাইছিল।

১৭। মোগল শাসন পৰৱৰ্তী কিমান বছৰৰ ভাৰত উপমহাদেশৰ বহু অংশৰ অব্যাহত আছিল?

উত্তৰঃ মোগল শাসন পৰৱৰ্তী ১৫০ বছৰৰ ভাৰত উপমহাদেশক বহু অংশত অব্যাহত আছিল।

১৮। ঔৰংজেৱৰ মৃত্যুৰ পিছত মহম্মদ আজম শ্বাহ কিমান খ্ৰীঃত নিজকে উত্তৰাধিকাৰী বুলি ঘোষণা কৰিছিল?

উত্তৰঃ ঔৰংজেৱৰ মৃত্যুৰ পিছত মহম্মদ আজম শ্বাহ ১৭০৭ খ্ৰীঃত নিজকে উত্তৰাধিকাৰী বুলি ঘোষণা কৰে। 

১৯। কিমান চনত মোগল সৈন্যই চৰহিন্দ দখল কৰিছিল?

উত্তৰঃ ১৭১১ চনত মোগল সৈন্যই চৰহিন্দ দখল কৰিছিল। 

২০। ফাৰুকছিয়াৰে জাহান্দাৰ ছাহক কিমান খ্ৰীঃত হত্যা কৰিছিল? 

উত্তৰঃ ফাৰুকছিয়াৰে জাহান্দাৰ ছাহক ১৭১৩ খ্ৰীঃত হত্যা কৰিছিল।



Type- Parina Hazarika


Post ID: DABP001836