চতুৰ্দশ অধ্যায় 

কাব্য-সাহিত্য 

(১৮৮৯-১৯৪০)

চমু প্ৰশ্নউত্তৰঃ 

১। 'জোনাকী'কাকতৰ প্ৰথম সম্পাদক কোন?

উত্তৰঃ 'জোনাকী' কাকতৰ প্ৰথম সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালা।

২। চন্দ্ৰকুমাৰ আগৰৱালা কিমান চনত জন্ম হয়?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা ১৮৬৭ চনত জন্ম গ্ৰহণ কৰে।

৩। 'জোনাকী' কাকতৰ সম্পাদক সকলৰ নাম কি কি?

উত্তৰঃ 'জোনাকী' কাকতৰ সম্পাদক সকল হৈছে- (১) চন্দ্ৰকুমাৰ আগৰৱালা, (২) লক্ষ্মীনাথ বেজবৰুৱা আৰু (৩) হেমচন্দ্ৰ গোস্বামী।

৪। চন্দ্ৰকুমাৰ আগৰৱালাৰ কিমান চনত মৃত্যু হয়?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ ১৯৩৭ চনত গুৱাহাটীৰ নিজ ঘৰত মৃত্যু হয়।

 ৫। লক্ষ্মীনাথ বেজবৰুৱা কিমান চনত জন্ম হয়?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা ১৮৬৪ চনত জন্ম হয়।

 ৬। লক্ষ্মীনাথ বেজবৰুৱাৰ  কিমান চনত মৃত্যু হৈছিল?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ১৯৩৮ চনত মৃত্যু হৈছিল।

৭। 'অসমীয়া পুথিৰ তালিকা' পুথিখন ক'ত আৰু কিমান চনত প্ৰকাশ হয়?

উত্তৰঃ 'অসমীয়া পুথিৰ তালিকা' নামৰ পুথি কলিকতা বিশ্ববিদ্যালয়ৰ যোগেদি ১৯৩০ চনত প্ৰকাশ প্ৰায়।

৮। পদ্মনাথ গোহাঞিবৰুৱা কিমান চনত আৰু কোন ঠাইত জন্ম হয়?

উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱা ১৮৭১ চনত এওঁৰ জন্ম হয় লক্ষ্মীমপুৰৰ নকাৰী গাওঁত।

৯। কিমান চনত 'বিজুলি' নামে মাহেকীয়া আলোচনীখন প্ৰকাশ কৰিছিল?

উত্তৰঃ ১৮৯০ চনত 'বিজুলি' নামে মাহেকীয়া আলোচনীখন প্ৰকাশ কৰিছিল।

১০। পদ্মনাথ গোহাঞিবৰুৱাৰ প্ৰথম পত্নীৰ মৃত্যুৰ পিছত ব্যক্তিগত দাম্পত্য জীৱনৰ ঘটনা লৈ কিমান চনত আৰু কোনখন কাব্য ৰচনা কৰে?

উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাৰ প্ৰথম পত্নীৰ মৃত্যুৰ পিছত ব্যক্তিগত দাম্পত্য জীৱনৰ ঘটনা লৈ ১৮৯৯ চনত 'লীলা'  কাব্য ৰচনা কৰে।

১১। শ্ৰীকৃষ্ণৰে ঠেঙুলি স্বৰূপ 'গীতাসাৰ' কিমান চনত প্ৰকাশ পায়?

উত্তৰঃ শ্ৰীকৃষ্ণৰে ঠেঙুলি স্বৰূপ 'গীতাসাৰ' ১৯৩৫ চনত প্ৰকাশ পায়।

১২। 'জীৱন সোঁৱৰণ' কিমান চনত আৰু কাৰ উপলক্ষে প্ৰকাশ কৰা হয়?

উত্তৰঃ 'জীৱন সোঁৱৰণ' ১৯৭১ চনত  জন্ম-শতবাৰ্ষিকী উৎসৱ উপলক্ষে প্ৰকাশ কৰা হয়।

১৩। তিনিখন প্ৰহসন নাট আৰু কিমান চনত প্ৰকাশিত  লিখা।

উত্তৰঃ তিনিখন প্ৰহসন নাট কেইখন  হ'ল- (১) 'গাঁওবুঢ়া' ১৮৯৭ চনত , (২) 'টেটোন তামুলী' ১৯০৯ চনত আৰু (৩) 'ভূত নে ভ্ৰম' ১৯২৪ চনত প্ৰকাশ হয়।

১৪। কেইখনমান ঐতিহাসিক নাটকৰ নাম আৰু কিমান চনত প্ৰকাশিত লিখা।

উত্তৰঃ কেইখনমান ঐতিহাসিক নাটকৰ নাম - (১) 'জয়মতী' ১৯০০ চনত, (২) 'গদাধৰ' ১৯০৭ চনত, (৩) 'সাধনী' ১৯১১ চনত , আৰু (৪) 'লাচিত বৰফুকন' ১৯১৫ চনত প্ৰকাশ হয়।

১৫। গোহাঞিবৰুৱাৰ প্ৰধান দুখন কবিতা পুথিৰ নাম লিখা।

উত্তৰঃ গোহাঞিবৰুৱাৰ প্ৰথম দুখন কবিতা পুথিৰ নাম - (১) লীলাকাব্য আৰু (২)জুৰণি।

১৬। 'মালচ' কিমান চনত প্ৰকাশিত হয়?

উত্তৰঃ ১৯১৮ চনত ৯২ টা ছনেটৰ সংগ্ৰহ 'মালচ' প্ৰকাশিত হয়।

১৭। নীলমণি ফুকনৰ পিতৃৰ নাম কি?

উত্তৰঃ নীলমণি ফুকনৰ পিতৃৰ নাম- লম্বোদৰ ফুকন।

১৮। 'কল্কি পুৰাণ' খন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল?

উত্তৰঃ ঘনশ্যাম খাৰঘৰীয়া ফুকনে 'কল্কি পুৰাণ' অসমীয়ালৈ অনুবাদ কৰিছিল।

১৯। 'ন-জোন' নামৰ শিশু আলোচনীখন কিমান চনত সম্পাদনা কৰিছিল?

উত্তৰঃ 'ন-জোন' নামৰ শিশু আলোচনীখন ১৯৩৪ চনত সম্পাদনা কৰিছিল।

২০। নীলমণি ফুকনৰ তেখেতৰ উল্লেখযোগ্য গদ্য প্ৰৱন্ধ পুথি দুখনৰ নাম লিখা।

উত্তৰঃ নীলমণি ফুকনৰ দুখন উল্লেখযোগ্য গদ্য প্ৰৱন্ধ পুথি হৈছে- (১) 'চিন্তামণি' ১৯৩৯ চনত আৰু (২) 'সাহিত্য-কলা' ১৯৪২ চনত।

২১। ৰায়চৌধৰীৰ কবিব্যক্তিত্বৰ বিকাশত দুটা বিপৰীতধৰ্মী বৈশিষ্ট্যৰ অভিব্যক্তি দেখা পোৱা কাৰণকেইটা কি কি?

উত্তৰঃ ৰায়চৌধৰীৰ কবিব্যক্তিত্বৰ বিকাশত দুটা বিপৰীতধৰ্মী বৈশিষ্ট্যৰ অভিব্যক্তি  দেখা পোৱা কাৰণ কেইটা হৈছে- এটা প্ৰেমৰ গুণগুণনি আৰু প্ৰিয়তমাৰ বাতায়ন সকাষত বীণৰ মৃদু ঝংকাৰ আৰু আনটো বিপ্লৱীৰ পৌৰুষব্যঞ্জক ৰণহুকাৰ। প্ৰখম সুৰটো যৌৱনৰ, দ্বিতীয়টো যৌৱন আৰু পৌঢ়ত্বৰ সন্ধিক্ষণৰ যদিও সেইটোৱেই তেওঁৰ কাব্যৰ ব্যক্তিত্ব-প্ৰকাশক স্থায়ী সুৰ যাৰ প্ৰতিধ্বনি বাৰ্দ্ধক্য কালপৰ্যন্ত অনুৰণিত হোৱা দেখা যায়। 

২২। ৰায়চৌধুৰীৰ প্ৰকাশিত কেইখনমান কবিতাপুথিৰ নাম লিখা।

উত্তৰঃ ৰায়চৌধুৰীৰ প্ৰকাশিত কেইখনমান কবিতাপুথিৰ নাম হৈছে- (১) 'বীণা' ১৯১৬ চনত, (২) 'তুমি' ১৯১৫ চনত, (৩) 'অনুভূতি', (৪) 'স্থাপন কৰ, স্থাপন কৰ' ১৯৫৮ চনত, (৫) 'বেদনাৰ ইল্কা' ১৯৬৪ চনত আৰু (৫) 'আজি বন্দো কি ছন্দেৰে'।

২৩। ৰায়চৌধুৰীৰ কবিতাসমূহত উল্লেখ থকা প্ৰধান সুৰ দুটা কি কি?

উত্তৰঃ ৰায়চৌধুৰীৰ কবিতাসমূহত উল্লেখ থকা সুৰ দুটা হৈছে-  এটা হ'ল দীপ্ত জাতীয়তাবাদৰ দন্দুভিধ্বনি আৰু আনটো 'তুমি' কবিতাত প্ৰকাশ হোৱা ৰহস্যবাদ বা অতীন্দ্ৰিয়বাদৰ কোমল সুৰ।

 ২৪। ইন্দ্ৰেশ্বৰ বৰঠাকুৰ জন্ম কিমান চনত হয়?

উত্তৰঃ ইন্দ্ৰেশ্বৰ বৰঠাকুৰ একেধাৰে খনিকৰ, সঙ্গীতজ্ঞ, প্ৰসিদ্ধ অভিনেতা, কবি আৰু নাট্যকাৰ বৰঠাকুৰৰ ১৮৮৭ চনত শিৱসাগৰত জন্ম হয়।

 ২৫। ইন্দ্ৰেশ্বৰ বৰঠাকুৰৰ মৃত্যু কিমান চনত হয়?

উত্তৰঃ ইন্দ্ৰেশ্বৰ বৰঠাকুৰৰ মৃত্যু ১৯৬০ চনত হয়।

২৬। শৈলধৰ ৰাজখোৱা কিমান চনত জন্ম গ্ৰহণ কৰে?

উত্তৰঃ  শৈলধৰ ৰাজখোৱা ১৮৯০ চনত ডিব্ৰুগড়ত জন্ম গ্ৰহণ কৰে।

২৭। দণ্ডিনাথ কলিতা কোনকেইখন কবিতাপুথি ঐতিহাসিক কাব্যই তেওঁৰ কবি প্ৰতিভাৰ পৰিচয় দিয়ে?

উত্তৰঃ দণ্ডিনাথ কলিতা  কবি পৰিচয় দিয়া কবিতাপুথি কেইখন হৈছে- (১) ৰহঘৰা ১৯১৬ চনত, (২) ৰগৰ ১৯২২ চনত, (৩) দীপ্তি ১৯২৫ চনত, (৪) বহুৰূপী ১৯১৬ চনত, (৫) বীণাৰ ঝঙ্কাৰ ১৯৫১ চনত আৰু (৬) অসম সন্ধ্য ১৯৪৯ চনত এইকেইখন ঐতিহাসিক কাব্যই তেওঁৰ কবি প্ৰতিভাৰ পৰিচয় দিয়ে।

 ২৮। নলিনীবালা দেৱীৰ কেইখনমান কবিতাপুথিৰ নাম লিখা।

উত্তৰঃ নলিনীবালা দেৱীৰ কবিতাপুথি কেইখন হৈছে- (১) সন্ধিয়াৰ সুৰ ১৯২৮, (২) সপোনৰ সুৰ ১৯৪৮, (৩) পৰশমণি ১৯৫৭, (৪) যুগদেৱতা ১৯৫৮ চনত, (৫) জাগৃতি ১৯৫২ আৰু (৬) অলকানন্দ ১৯৬৪।

২৯। ১৯৬৮ চনত নলিনীবালা দেৱীক কোনখন কবিতা পুথিৰ বাবে  কি পুৰস্কাৰ দিয়া হৈছিল?

উত্তৰঃ নলিনীবালা দেৱীক ১৯৬৮ চনত 'অলকানন্দ'ৰ কাৰণে কবিক সাহিত্য একাডেমীৰ পুৰস্কাৰ দিয়া হয়।

৩০। ধৰ্মেশ্বৰী দেৱী বৰুৱানী কিমান চনত জন্ম হয়?

উত্তৰঃ ধৰ্মেশ্বৰী দেৱী বৰুৱানী ১৮৯২ চনত জন্ম হয়।

৩১। ধৰ্মেশ্বৰী দেৱী বৰুৱানীয়ে লিখা দুখন কবিতা পুথিৰ নাম লিখা।

উত্তৰঃ ধৰ্মেশ্বৰী দেৱী বৰুৱানীয়ে লিখা কবিতা পুথি দুখন হৈছে- (১) ফুলৰ শৰাই (১৮৯২), (২) প্ৰাণৰ পৰশ (১৯৫২)।

৩২। ধৰ্মেশ্বৰী দেৱী বৰুৱানীৰ কিমান চনত মৃত্যু হয়?

উত্তৰঃ ধৰ্মেশ্বৰী দেৱী বৰুৱানীৰ ১৯৬০ চনত মৃত্যু হয়।

৩৩। ৰত্নকান্ত বৰকাকতীৰ কবিতাপুথি 'শেৱালী' কিমান চনত প্ৰকাশ হয়?

 উত্তৰঃ ১৯৩২ চনত তেওঁৰ কবিতাৰ পুথি  'শেৱালী' প্ৰকাশ হয়। 

৩৪। 'তৰ্পণ' নামৰ কবিতাপুথিখন কিমান চনত প্ৰকাশ পায়?

উত্তৰঃ 'তৰ্পণ' নামৰ কবিতাপুথিখন ১৯৫১ চনত প্ৰকাশ হয়।

৩৫। পদ্মধৰ চলিহাৰ পিতৃৰ নাম কি?

উত্তৰঃ পদ্মধৰ চলিহাৰ পিতৃৰ নাম - ফণীধৰ চলিহা।

৩৬। পদ্মধৰ চলিহা কিমান চনৰ পৰা কিমানলৈ 'সাদিনীয়া অসমীয়া'ৰ সম্পাদক আছিল?

উত্তৰঃ পদ্মধৰ চলিহা ১৯৩১-৩৪ চনলৈ 'সাদিনীয়া অসমীয়া'ৰ সম্পাদক আছিল।

৩৭। পদ্মধৰ চলিহা কোনকেইখন কবিতাপুথিয়ে তেখেতৰ কবিত্ব আৰু স্বদেশপ্ৰীতিৰ পৰিচয় দিয়ে লিখা।

উত্তৰঃ পদ্মধৰ চলিহা কবিতা পুথি কেইখন হৈছে- (১) শৰাই ১৯২৮ চনত, (২)ৰংপুৰে কথা কয় ১৯৫৬ চনত আৰু (৩) পদুমনি ১৯৬৬ চনত আদি কবিতাৰ পুথিয়ে তেখেতৰ কবিত্ব আৰু স্বদেশপ্ৰীতিৰ পৰিচয় দিয়ে।

৩৮। পদ্মধৰ চলিহা গানৰ পুথিকেইখন কি কি লিখা।

উত্তৰঃ পদ্মধৰ চলিহা গানৰ পুথিকেইখন হৈছে- (১) ফুলনি ১৯১৫ চনত, (২)স্বৰাজ সঙ্গীত ১৯২১ চনত আৰু (৩) গীতলহৰী ১৯২৮ চনত।

৩৯। প্ৰসন্নলাল চৌধুৰী কিমান চনত জন্ম আৰু ক'ত হয়?

উত্তৰঃ প্ৰসন্নলাল চৌধুৰী ১৮৯৮ চনত বৰপেটাৰ প্ৰাচীন পৰিয়ালত জন্ম গ্ৰহণ কৰে।

৪০। প্ৰসন্নলাল চৌধুৰীয়ে ৰচনা কৰা নাটক দুখনৰ নাম লিখা।

উত্তৰঃ প্ৰসন্নলাল চৌধুৰীয়ে ৰচনা কৰা নাটক দুখন হৈছে- (১) নীলাম্বৰ ১৯৩৩ চনত, (২) অপেচৰী ১৯৬১ চনত।

৪১। দৈৱচন্দ্ৰ তালুকদাৰ ৰচনা কৰা কবিতা পুথিকেইখনৰ নাম লিখা।

উত্তৰঃ দৈৱচন্দ্ৰ তালুকদাৰ ৰচনা কৰা কবিতা পুথিকেইখন হৈছে- (১) প্ৰম-পট ১৯২২ চনত, (২) কুঁহিমলা ১৯২৩ চনত আৰু (৩) সৌন্দৰ্য ১৯৩০ চনত।

৪২। দৈৱচন্দ্ৰ তালুকদাৰে ৰচনা কৰা নাটক কেইখনৰ  নাম লিখা।

উত্তৰঃ দৈৱচন্দ্ৰ তালুকদাৰে ৰচনা কৰা নাটক কেইখন হৈছে- (১) বামুণী কোঁৱৰ, (২) ভাস্কৰবৰ্মা, (৩) লহৰা আদি।

৪৩। দৈৱচন্দ্ৰ তালুকদাৰে ৰচনা কৰা উপন্যাস কেইখন কি কি?

উত্তৰঃ দৈৱচন্দ্ৰ তালুকদাৰে ৰচনা কৰা উপন্যাস কেইখন হৈছে- (১)অপূৰ্ণ, (২) ধুৱলী-কুঁৱলী, (৩) বিদ্ৰোহী, (৪) আদৰ্শ-পীঠ, তৰ্পণ, (৫) আগ্নেয়গিৰি আৰু (৬) দুনীয়া আদি।

৪৪। ডিম্বেশ্বৰ নেওগে ৰচনা কৰা বুৰঞ্জী সাহিত্যৰ নাম লিখা।

উত্তৰঃ ডিম্বেশ্বৰ নেওগে ৰচনা কৰা বুৰঞ্জী সাহিত্যৰ নাম হৈছে- (১) আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী ১৯৩৭ চনত, (২) অসমীয়া সাহিত্যৰ বুৰঞ্জীত ভূমুকি ১৯৪০ চনত, (৩) অসমীয়া সাহিত্যৰ সংক্ষিপ্ত বুৰঞ্জী ১৯৫০-৫১ চনত আৰু (৪) অসমীয়া সাহিত্যৰ বুৰঞ্জী ১৯৫৭ চনত।

৪৫। আনন্দচন্দ্ৰ বৰুৱা কিমান চনত আৰু ক'ত জন্ম গ্ৰহণ কৰে?

উত্তৰঃ আনন্দচন্দ্ৰ বৰুৱা ১৯০৬ চনত যোৰহাটত জন্ম হয়।

৪৬। জ্যোতিপ্ৰসাদ আগৰৱালা কিমান চনত জন্ম গ্ৰহণ কৰে?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালা ১৯০৩ চনত জন্ম গ্ৰহণ কৰে।

৪৭। কমলেশ্বৰ চলিহাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ কমলেশ্বৰ চলিহাৰ প্ৰথম কবিতা পুথিখনৰ নাম - সংসাৰী ১৮৪৪ শক।

৪৮। বিষ্ণুপ্ৰসাদ ৰাভাৰ এখন গল্পৰ পুথি নাম লিখা।

উত্তৰঃ বিষ্ণুপ্ৰসাদ ৰাভাৰ এখন গল্পৰ পুথিৰ নাম- সোণপাহি ১৯৫৬ চনত।

৪৯। গণেশ গগৈ দ্বিতীয় কবিতা পুথিখনৰ নাম লিখা।

উত্তৰঃ গণেশ গগৈ দ্বিতীয় কবিতা পুথিখনৰ নাম হৈছে- স্বপ্ন ভঙ্গ ১৯৪৫ চনত।

৫০। দেৱকান্ত বৰুৱাৰ কবিতাৰ সমষ্টি কি?

উত্তৰঃ দেৱকান্ত বৰুৱাৰ কবিতাৰ সমষ্টি 'সাগৰ দেখিছা' ১৯৪৮ চনত প্ৰকাশ হৈছে।



Author - Pompi Hazarika