প্ৰাণীৰ পৰিপুষ্টি

অনুশীলনী

(১) খালী ঠাই পূৰ কৰা ঃ

(ক) পৰিপুষ্টিক প্ৰধান স্তৰবোৰ হ'ল ______, ______, ______, ______, ______ আৰু ______।

উত্তৰঃ মুখগহ্বৰ, গ্ৰসনী, ইছ'ফেগাছ, পাকস্থলী, ক্ষুদ্ৰান্ত্ৰ আৰু বৃহদ্ৰান্ত্ৰ।

(খ) মনুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হ'ল ________।

উত্তৰঃ যকৃত।

(গ) পাকস্থলীৰ আভ্যন্তৰীণ বেৰৰ পাকস্থলী গ্ৰন্থিয়ে নিঃসৰণ কৰা আমাশয়ত ৰসত হাইড্ৰ'ক্লৰিক এচিড, _______ আৰু ________ নামৰ দুটা এনজাইম থাকে।

উত্তৰঃ শ্লেশ্মা আৰু পেপছিন।

(ঘ) অগ্ন্যাশয়ে নিঃসৰণ কৰা অগ্ন্যাশয় ৰসত ________, ________ আৰু _________ এনজাইম।

উত্তৰঃ ট্ৰিপছিন, পেপ্টাইডেজ আৰু এমাইলেজ।

(ঙ) মুখত থকা __________ গ্ৰন্থিয়ে লালটি উৎপন্ন কৰে।

উত্তৰঃ লালটি।

(চ) লালটিত থকা এনজাইমটোৰ নাম __________।

উত্তৰঃ টায়ালিন।

(ছ) হাইড্ৰাই _________ৰ সহায়ত খাদ্য সংগ্ৰহ কৰে।

উত্তৰঃ টেণ্টাকুল।

(জ) যকৃতে ক্ষৰণ কৰা পিত্তৰস ________ধৰ্মী।

উত্তৰঃ ক্ষাৰ।

(ঝ) পৌষ্টিক নলীৰ ________ গতিৰ ফলত খাদ্য় ক্ৰমান্বয়ে আগুৱাই যায়।

উত্তৰঃ পেৰিষ্টেলছিছ।

(ঞ) যকৃতৰ পৰা অহা নলী আৰু অগ্ন্যাশয়ৰ পৰা অহা নলী দুডাল লগ হৈ ক্ষুদ্ৰান্ত্ৰৰ _________ত প্ৰৱেশ কৰে।

উত্তৰঃ 

(২) অশুদ্ধ শব্দ গুচাই শুদ্ধ শব্দটো ৰাখি নতুনকৈ লিখা ঃ

(ক) শ্বেতসাৰৰ পাচন পাকস্থলীত/মুখত আৰম্ভ হয়।

উত্তৰঃ শ্বেতসাৰৰ পাচন পাকস্থলীত আৰম্ভ হয়।

(খ) পিত্তৰস অস্থয়ীভাৱে যকৃতত/পিত্তস্থলীত সঞ্চিত হৈ থাকে।

উত্তৰঃ পিত্তৰস অস্থয়ীভাৱে পিত্তস্থলীত সঞ্চিত হৈ থাকে।

(গ) প্ৰ'টিনৰ পাচন পাকস্থলীত/ক্ষুদ্ৰান্ত্ৰত আৰম্ভ হয়।

উত্তৰঃ প্ৰ'টিনৰ পাচন পাকস্থলীত আৰম্ভ হয়।

(ঘ) স্নেহ পদাৰ্থৰ পাচন পাকস্থলীত/ক্ষুদ্ৰান্ত্ৰত/বৃহদান্ত্ৰত হয়।

উত্তৰঃ স্নেহ পদাৰ্থৰ পাচন ক্ষুদ্ৰান্ত্ৰত হয়

(ঙ) খাদ্য়ৰ পাচন সম্পূৰ্ণ হয় ক্ষুদ্ৰান্ত্ৰত/বৃহদ্ৰান্ত্ৰত।

উত্তৰঃ খাদ্য়ৰ পাচন সম্পূৰ্ণ হয় ক্ষুদ্ৰান্ত্ৰত।

(৩) ভিলাই কি? ভিলাই ক'ত থাকে? ভিলাইৰ কাম কি?

উত্তৰঃ ক্ষুদ্ৰান্ত্ৰৰ ভিতৰৰ বেৰখনত হাজাৰ হাজাৰ আঙুলিৰ দৰে বাহিৰলৈ ওলোৱা অংশ থাকে। এইবোৰক ভিলাই বোলে।

    ভিলাই ক্ষুদ্ৰান্ত্ৰত বেৰত থাকে।

    ভিলাই কাম হ'ল ভিলাইবোৰত থকা ৰক্তকেশিকাৰ জালিবোৰে সৰল খাদ্যবোৰ শোষণ কৰা।

(৪) পৰিমিশ্ৰণ মানে কি?

উত্তৰঃ শোষণ হোৱা পদাৰ্থবোৰক ৰক্তবাহী নলীয়েদি দেহৰ বিভিন্ন অংশলৈ লৈ যোৱা প্ৰক্ৰিয়াক পৰিমিশ্ৰণ বোলে।

(৫) ডায়েৰিয়া কি? কি কি কাৰণত ডায়েৰিয়া হ'ব পাৰে? ডায়েৰিয়া হ'লে কি কি ব্যৱস্থা  হাতত ল'ব লাগে।

উত্তৰঃ ডায়েৰিয়া হ'ল এবিধ বেমাৰ।

    ডায়েৰিয়া বীজামুৰ সংক্ৰমণৰ ফলত, বহদজমৰ ফলত বা খাদ্যৰ বিষক্ৰিয়াৰ ফলত হয়।

    ডায়েৰিয়া হ'লে ডাক্তৰৰ পৰামৰ্শ লৈ চিকিৎসা কৰাব লাগে। তাৰ আগতে উতলাই ঠাণ্ডা কৰা পানীত এচিকুট চেনি, এচিকুট নিমখ আৰু কেইটোপালমান নেমুৰস মিহলাই খুৱাই থাকিলে ৰোগীক জলমোচনৰ পৰা ৰক্ষা কৰিব পাৰি। বজাৰত কিনিবলৈ পোৱা O.R.S. বা 'মুখেৰে খোৱা জলযোজন দ্ৰৱ'ৰ উপযুক্ত ব্যৱহাৰৰ দ্বাৰা ডায়েৰিয়া ৰোগীৰ জীৱন বচাব পাৰি।

(৬) এমিবাই কেনেদৰে খাদ্য সংগ্ৰহ কৰে চিত্ৰসহ বৰ্ণনা কৰা।

উত্তৰঃ 


    এমিবা এককোষী জীৱ। এমিবাই যেতিয়া খাদ্য গ্ৰহণ কৰে তেতিয়া সি নিজৰ কূটপদ দুটাই খাদ্য খিনি আৱৰি লয় আৰু খাদ্য ৰিক্তিকাৰ যোগেদি খাদ্য সংগ্ৰহ কৰে।

(৭) মানুহৰ পৌষ্টিক তন্ত্ৰৰ এটি চিহ্নিত চিত্ৰ আঁকা।

উত্তৰঃ


(৮) আমাৰ খাদ্যত ভিটামিন, খনিজ লৱণ আৰু পানীৰ কিয় প্ৰয়োজন?

উত্তৰঃ ভিটামিন, খনিজ লৱণ আৰু পানীয়ে আমাক বিভিন্ন ৰোগ হোৱাত বাধা দিয়ে। সেয়েহে ভিটামিন, খনিজ লৱণ আৰু পানী আমাৰ খাদ্য়ত থকা অতিকৈ প্ৰয়োজন। তাৰ লগতে আমি গ্ৰহণ কৰা খাদ্য়ত থকা প্ৰটিনে দেহৰ মেৰামতিত যথেষ্ট সহায় কৰে। কাৰ্বহাইড্ৰেট আৰু স্নেহ পদাৰ্থৰ পৰা আমি শক্তি পাওঁ। যাৰ ফলত আমি এটা সুস্থ সবল শৰীৰে জীয়াই থাকিব পাৰিছো।

(৯) সামঞ্জস্য নথকা শব্দবোৰ বাছি উলিওৱা-

(ক) অগ্ন্যাশয়, যকৃত, লালটি গ্ৰন্থি, পাকস্থলী।

উত্তৰঃ লালটি গ্ৰন্থি।

(খ) ফেটি এচিড, এমিন'এচিড, গ্লুক'জ, চেলুল'জ।

উত্তৰঃ চেলুল'জ।

(গ) অগ্ন্যাশয় ৰস, লালটি, পিত্তৰস আৰু অন্ত্ৰ।

উত্তৰঃ অন্ত্ৰ।

(ঘ) কৃন্তক, ছেদক, পেষক আৰু ৰোমন্থ।

উত্তৰঃ ৰোমন্থ।

(ঙ) ৰুমেন, ৰেটিকুলাম, অ'মেছাম আৰু পেষক।

উত্তৰঃ পেষক।


Answer by- Punya Hazarika