আঁহৰ পৰা কাপোৰলৈ


(১) তোমালোকে তলত দিয়া প্ৰাক্-প্ৰাথমিক শ্ৰেণীৰ পদ্যটোৰ লগত বোধহয় পৰিচিত।

(i) Baa-baa black sheep, have you any wool

(ii) Mary had a little lamb, whose fleece was white as snow.

তলত দিয়াসমূহৰ উত্তৰ দিয়া ঃ

(ক) Black sheep ৰ কোনটো অংশত ঊণ আছে।

উত্তৰঃ Black sheepৰ ছালৰ কোমল অংশত ঊণ আছে।

(খ) ভেড়া পোৱালিৰ বগা নোমবোৰে কি বুজায়?

উত্তৰঃ ভেড়া পোৱালিৰ বগা নোমবোৰে ঊণী আৱৰণ বুজায়।

২। পাটপলু মানে এটা (ক) কেটাৰপিলাৰ (খ) লাৰভা

এতিয়া তলৰ কোনটো শুদ্ধ

(i) (ক)            (ii) (খ)

(iii) (ক) আৰু (খ) দুয়োটা        (iv) (ক) আৰু (খ) এটাও নহয়।

উত্তৰঃ (iii) (ক) আৰু (খ) দুয়োটা।

(৩) তলত দিয়া কোনটোৱে ঊণ নিদিয়ে-

(ক) ঊট            (খ) নোমল কুকুৰ

(গ) ছাগলী            (ঘ) য়াক

উত্তৰঃ (খ) নোমল কুকুৰ।

৪। কোনটো প্ৰাণীৰপৰা এংগোৰা ঊণ পোৱা যায়-

(ক) উট            (খ) ভেড়া

(গ) ছাগলী            (ঘ) এংগোৰা শহাপহু

উত্তৰঃ (ঘ) এংগোৰা শহাপহু।

৫। লহী, মাৰৱাড়ী আৰু নালী কিহৰ প্ৰজাতি-

(ক) ঊণ            (খ) ভেড়া

(গ) পাটপলু            (ঘ) কাপোৰ

উত্তৰঃ (খ) ভেড়া।

৬। তলৰ কোনটো শব্দই পাটপলু পোহা আৰু উৎপাদন কৰা বুজায়-

(ক) ৰেছম বা পাটশিল্প             (খ) পুষ্পোদ্যান বিজ্ঞান

(গ) অৰণ্য বিজ্ঞান             (ঘ) মৌ-পালন

উত্তৰঃ (ঘ) মৌ-পালন।

৭। পাটপলুৰ খাদ্য-

(ক) নিমগছৰ পাত            (খ) নুনিগছৰ পাত

(গ) কঁছাল গছৰ পাত            (ঘ) ওপৰৰ সকলোবিধ

উত্তৰঃ (খ)নুনিগছৰ পাত।

৮। তলত দিয়া শব্দবোৰে কি বুজায়-

(ক) ৰিয়েৰিং বা পালন            (খ) শ্বিয়েৰিং বা নোম খুৰোৱা

(গ) ৰেছম বা পাটশিল্প

উত্তৰঃ (ক) ৰিয়েৰিং বা পালনঃ  কোনো এটা বস্তু লাভৰ উপায়েৰে অৰ্থাৎ লাভ কৰিবলৈ কোনো জীৱক পতিপালন কৰাকে ৰিয়েৰিং বা পালন বুলি কোৱা হয়। উদাহৰণস্বৰূপে ঊণ আহৰণ কৰিবৰ বাবে এংগোৰা ছাগলী, ভেড়া, য়াক আদি পালন কৰা।

(খ) শ্বিয়েৰিং বা নোম খুৰোৱাঃ ঊণ পাবৰ বাবে ভেড়াৰ পৰা নোমবোৰ সংগ্ৰহ কৰা। এই খাপত ভেড়াৰ শৰীৰৰ পৰা পাতল এতৰপ ছালেৰে সৈতে নোমবোৰ আঁতৰাই পেলোৱা হয়। এই পদ্ধতিটোক শ্বিয়েৰিং বা নোম খুৰোৱা বুলি কোৱা হয়।

(গ) ৰেছম বা পাটশিল্পঃ পাটৰ আঁহবোৰ আমি প্ৰাণীৰ পৰা পাওঁ। পাটপলুৰ পৰা পাটৰ আঁহবোৰ পোৱা যায়। পাটসূতা পাবলৈ পাটপলু প্ৰতিপালন কৰা বা পোহাক ৰেছম বা পাটশিল্প বোলে।

৯। পাটপলুৰ লেটা বুলিলে কি বুজা?

উত্তৰঃ পাটপলুয়ে প্ৰথমতে নিজৰ চাৰিওফালে এখন জাল গুঁঠি লয়। তাৰ পাছত মূৰটো অসমীয়া সংখ্যা চাৰিৰ (৪) আকৃতিৰ দৰে লৰাই থাকে। এনেদৰে লৰচৰ কৰি থকা সময়খিনিত পাটপলুয়ে কিছুমান প্ৰ'টিনৰ আঁহ নিঃসৰণ কৰে। এইবোৰ বায়ুৰ সংস্পৰ্শত টান হৈ আঁহলৈ পৰিৱৰ্তিত হয়। পাটপলুৱে এই আঁহেৰে নিজকে সম্পূৰ্ণভাৱে আৱৰি পেলায় আৰু পিউপালৈ পৰিৱৰ্তিত হয়। এই আৱৰণক লেটা বোলা হয়।

১০। ৰেছম বা পাটশিল্প কি?

উত্তৰঃ পাটৰ আঁহবোৰ আমি প্ৰাণীৰ পৰা পাওঁ। পাটপলুৰ পৰা পাটৰ আঁহবোৰ পোৱা যায়। পাটসূতা পাবলৈ পাটপলু প্ৰতিপালন কৰা বা পোহাক ৰেছম বা পাটশিল্প বোলে।

১১। গুজৰাটত পোৱা ভেড়াৰ প্ৰজাতিৰ নাম লিখা।

উত্তৰঃ গুজৰাটত পোৱা ভেড়াৰ প্ৰজতিৰ নাম হ'ল-

১। মাৰৱাড়ী আৰু

২। পটনৱাড়ী।

১২। চমু উত্তৰ লিখা-

(ক) ঊণ উৎপাদন কৰা জন্তুসমূহৰ নাম লিখা।

উত্তৰঃ ঊণ উৎপাদন কৰা জন্তুসমূহৰ নাম হ'ল- ভেড়া, য়াক, এংগোৰা ছাগলী, উট, লামা, আলপাকা আৰু এংগোৰা শহাপহু আদি।

(খ) ভেড়াৰ দেহৰ কোন অংশত ঊণ থাকে?

উত্তৰঃ ভেড়াৰ দেহৰ ছালৰ ওপৰৰ তৰপ কোমল অংশত পোৱা যায়।

(গ) ঊণ উৎপাদনৰ বৃত্তিগত প্ৰতিবন্ধকতা কি?

উত্তৰঃ আমাৰ দেশত বহুত মানুহৰ বাবে ঊণৰ উদ্যোগ এটা উল্লেখযোগ্য জীৱণ ধাৰণৰ উপায়। কিন্তু ঊণৰ আঁহসমূহ বিভাজনকৰণ কামটো অতিশয় বিপদজনক কিয়নো এনে সময়ত এনথাক্স নামে এবিধ মাৰাত্মক বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। এই বেক্টেৰিয়াই এবিধ তেজৰ বেমাৰ সৃষ্টি কৰে যাক ছৰ্টাৰছ বেমাৰ বুলি কোৱা হয়। উদ্যোগবিলাকত শ্ৰমিকসকলে এনে ধৰণৰ বিপদ বা হানিৰ সম্ভাৱনা থকা কামৰ সন্মুখীন হোৱাকে বৃত্তিগত প্ৰতিবন্ধকতা বোলে।

(ঘ) ঊণ সূতাৰ পৰা কিদৰে ঊণৰ কাপোৰ প্ৰস্তুত কৰা হয়।

উত্তৰঃ ঊণ সূতাসমূহ ৰং কৰাৰ পাছত খাপত সুমুৱাই শুকুৱাই ফণিৰ দ্বাৰা পোন কৰা হয়। তাৰ পাছত গুঁঠিবৰ বাবে সূতা প্ৰস্তুত কৰা হয়। এই আঁহবোৰৰ দীঘল ঊণখিনি চুয়েটাৰ আৰু চুটি ঊণখিনি পাঁজি কাটি ঊণী কাপোৰ ব'বলৈ সূতা প্ৰস্তুত কৰা হয়। তেনেকৈয়ে ঊণ সূতাৰ পৰা ঊণৰ কাপোৰ প্ৰস্তুত কৰা হয়।

(ঙ) লেটাৰ পৰা পাটসূতা প্ৰস্তুত কৰা পদ্ধতি বৰ্ণনা কৰা।

উত্তৰঃ পাটসূতা আহৰণৰ কাৰণে এদম লেটা লোৱা হয়। লেটাবোৰ অলপ সময় ৰ'দত ৰখা হয় নতুবা সিজোৱা বা ভাপত দিয়া হয়। এনে কৰিলে পাটৰ সূতাবোৰ পৃথক হৈ পৰে। লেটাৰ পৰা সূতা উলিওৱা প্ৰণালীটোক মহুৰা ফুৰা বুলি কোৱা হয়। এটা বিশেষ ধৰণৰ যন্ত্ৰত মহুৰা ফুৰা হয়। এই কাৰ্যত লেটাৰ পৰা সূতাখিনি আঁহ বা সূতাখিনি খোল খাই য়ায়। এই আঁহবোৰ পিছত সূতালৈ পৰিণত কৰা হয়।

১৪। উত্তৰ লিখা ঃ

(ক) ঊণৰ আঁহৰ পৰা ঊণৰ কাপোৰ উৎপাদন কৰালৈকে বিভিন্ন দশাসমূহৰ এখন তালিকা প্ৰস্তুত কৰি লিখা।

উত্তৰঃ    খাপ              -              দশাসমূহ

            প্ৰথম খাপ        -                মুণ্ডন

            দ্বিতীয় খাপ        -            নিৰ্ঘৰ্ষণ বা পৰিষ্কাৰকৰণ

            তৃতীয় খাপ        -            বিভাজন কৰণ

            চতুৰ্থ খাপ        -               কাৰ্ডিং

            পঞ্চম খাপ        -            ৰং কৰা

            ষষ্ঠ খাপ            -            ঘূৰ্ণীয়কৰণ, বোৱন আৰু বোৱা বা গোঁঠা।

(খ) চকৰিৰ পৰা পাটসূতালৈ বহলাই ব্যাখ্যা কৰা।

উত্তৰঃ পাটপলুৰ জীৱনচ,ক্ৰ আৰম্ভ হয় মাইকী চকৰিয়ে পৰা সৰু সৰু কণীৰ পৰা। মাইকী চকৰিয়ে শৰৎকালত কণীবোৰ পাৰে যদিও বসন্ত কালত গৰম পৰাৰ লগে লগে ইয়াৰ পৰা পোৱালি ওলাবলৈ লয়। কণী ফাটি ওলোৱা পোৱালিবোৰক পাটপলু বা কেটাৰপিলাৰ বুলি কোৱা হয়। পাটপলুবোৰ লাহে লাহে ডাঙৰ হোৱাৰ পিছত সিহঁতৰ জীৱনচক্ৰৰ পিছৰ স্তৰত প্ৰৱেশ কৰে। এই স্তৰটোক পলু বা পিউপা বোলে। ইহঁতে প্ৰথমতে নিজৰ চাৰিওফালে এখন জাল গুঁঠি লয়। তাৰ পাছত মূৰটো অসমীয়া চাৰিৰ (৪) আকৃতিৰ দৰে লৰাই থাকে। এনেদৰে লৰচৰ কৰি থকা সময়খিনিত পাটপলুৱে কিছুমান প্ৰ'টিনৰ আঁহ নিঃসৰণ কৰে।  এইবোৰ বায়ুৰ সংস্পৰ্শত টান হৈ আঁহলৈ পৰিৱৰ্তিত হয়। পাটপলুৱে এই আঁহেৰে নিজকে সম্পূৰ্ণভাৱে আৱৰি পেলায় আৰু পিউপালৈ পৰিৱৰ্তিত হয়। এই আৱৰণক লেটা বোলা হয়। পিউপাৰ পৰা চকৰিলৈ বিকাশৰ প্ৰক্ৰিয়াটো লেটাৰ ভিতৰত চলি থাকে। লেটাৰ এই আঁহবোৰ পাটৰ কাপোৰ ববলৈ ব্যৱহাৰ কৰা হয়। এনেকৈয়ে চকৰিৰ পৰা পাটসূতালৈ পৰিৱৰ্তিত হয়।

(গ) ছবিসহ পাটচকৰিৰ জীৱনৰ বিভিন্ন দশাসমূহ বৰ্ণনা কৰা।

উত্তৰঃ

    পাটপলুৰ জীৱন চক্ৰৰ দশা বা স্তৰ থাকে- কণী, পলু, লেটা আৰু পূৰ্ণাংগ চকৰি। এজনী পাটপলুৰ চকৰিয়ে একে সময়তে শতাধিক কণী পাৰে। এই কণীবোৰ সাৱধানেৰে কাপোৰ বা কাগজৰ পটিত সংৰক্ষণ কৰা হয় আৰু পলু পোহা খেতিয়কক এইবোৰ বিক্ৰী কৰা হয়। খেতিয়কে কণীবোৰ স্বাস্থ্যসন্মতভাৱে প্ৰয়োজনীয় উষ্ণতা আৰু আৰ্দ্ৰতাত ৰাখে। সময়ত কণীবোৰ ফুটি কেটাৰপিলাৰ বা পলুবোৰ ওলাবলৈ ধৰে।

    এনে সময়ত পলুবোৰ নুনি গছৰ সতেজ পাতযুক্ত ডলাত থোৱা হয় আৰু পলুৰ পোৱালিবোৰে দিনে-ৰাতিয়ে পাত ভক্ষণ কৰি এটা বৃহৎ আকাৰলৈ পৰিণত হয়। ২০-৩০ দিনৰ পিছত পলুবোৰে খাবলৈ বন্ধ কৰে আৰু বাঁহৰ ডলাখনৰ খাঁজবোৰত লেটা তৈয়াৰ কৰে। এই লেটাবোৰ লাগি থাকিবলৈ সৰু ৰেক বা বাঁহ কিছুমান দিয়া হয়। এই পলুবোৰ লেটা বনায়, যাৰ ভিতৰ অংশত পাটচকৰিৰ বৃদ্ধি ঘটে।

(ঘ) নিৰ্ঘৰ্ষণ বা পৰিষ্কাৰকৰণ প্ৰণালীটো বৰ্ণনা কৰা।

উত্তৰঃ  প্ৰথম খাপ মুণ্ডন পদ্ধতিৰ পিছত দ্বিতীয় খাপ নিৰ্ঘৰ্ষণ বা পৰিষ্কাৰকৰণ পদ্ধতি ব্যৱহাৰ কৰা হয়।

    এই খাপত ছালেৰে সৈতে কাটি লোৱা নোমবোৰ ভালদৰে ধুই নোমত লাগি থকা তেল, ধূলি আৰু ময়লাবোৰ আঁতৰোৱা হয়। ইয়াক নিৰ্ঘৰ্ষণ বা পৰিষ্কাৰকৰণ বা স্কাউৰিং বুলি কোৱা হয়।

    এই পদ্ধতিত প্ৰথম চৌবাচ্চাৰ পানীৰ উষ্ণতা ৬০°c হ'ব লাগে। প্ৰথমতে নোমবোৰ এই চৌবাচ্চাৰ চাবোন-পানীৰে ধুই পাছত ঠাণ্ডা পানীৰ সহায়ত নোমত থকা চাবোন আঁতৰোৱা হয়। এনেদৰে কেইবাবাৰো ধোৱাৰ ফলত নোমত লাগি থকা তেলজাতীয় দ্ৰব্যসমূহ আঁতৰ হয়। এতিয়া পৰিষ্কাৰ নোমসমূহৰ পানীখিনি চেপি আঁতৰাই শুকনি যন্ত্ৰৰ সহায়ত শুকোৱা হয়। অৱশ্যে আজিকালি এই কাৰ্যটো সম্পূৰ্ণ মেচিনৰ সহায়ত কৰা হয়।

(ঙ) মুণ্ডন বা নোম খুৰোৱা পদ্ধতিটো লিখা। এই পদ্ধতিত কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়়?

উত্তৰঃ আঁহৰ পৰা ঊণলৈ পৰিৱৰ্তিত কৰিবলৈ পদ্ধতিবোৰ কেইবাটাও খাপত বিভক্ত কৰিছে। তাৰ প্ৰথম খাপটোৱেই হৈছে মুণ্ডন বা নোম খুৰেৱা পদ্ধতি।

    মুণ্ডন হৈছে ভেড়াৰ নোমবোৰ সংগ্ৰহ কৰা। এই খাপত ভেড়াৰ শৰীৰৰ পৰা পাতল এতৰপ ছালেৰে সৈতে নোমবোৰ আঁতৰাই পেলেৱা হয়। এই পদ্ধতিটোক মুণ্ডন বা প্ৰণীৰ নোম খুৰোৱা বুলিও কোৱা হয়। নোমবোৰ সাধাৰণতে জহকালি খুৰোৱা হয়। ইয়াৰ ফলত ৰক্ষাকাৰী আৱৰণৰ অবিহনে ভেড়াবোৰ জীয়াই থাকিবলৈ সক্ষম হয়। মুণ্ডনৰ ফলত ভেড়াবোৰক কোনো ক্ষতি নকৰে। কিয়নো ছালৰ একেবাৰে ওপৰৰ তৰপটো মৃত কোষৰ দ্বাৰা গঠিত। এই নোমবোৰে ঊণী আঁহৰ যোগান ধৰে। ঊণী আঁহবোৰ পৰা তেতিয়া প্ৰক্ৰিয়াগত ঊণী সূতা আহৰণ কৰা হয়।

    এই পদ্ধতিত নোম খুৰাবলৈ নাপিতে ব্যৱহাৰ কৰা সঁজুলিৰ দৰে যন্ত্ৰ ব্যৱহাৰ কৰা হয়।

১৪। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা

উত্তৰঃ 
'ক'    -    'খ'
নিৰ্ঘৰ্ষণ - ছালেৰে সৈতে কাঠি লোৱা নোম পৰিষ্কাৰকৰণ।
নুনিগছৰ পাত - পাতপলুৰ খাদ্য়।
য়াক - ঊণ উৎপাদন কৰা প্ৰাণী।
লেটা - পাটসূতা উৎপাদন কৰে।
লহী - ভেড়াৰ প্ৰজাতি।
টাছাৰ - পাটসূতাৰ প্ৰকাৰ।

১৫। খালী ঠাইসমূহ পূৰ কৰা— 
(ক) ঊণ আৰু পাট প্ৰাণীৰ পৰা পোৱা সূতা।
(খ) প্ৰাণীসমূহৰ ছালেৰে সৈতে নোম উঠোৱা পদ্ধতিটোক নিৰ্ঘৰ্ষণ বোলা হয়। 
(গ) এংগোৰা ছাগলীৰ পৰা এংগোৰা ঊণ পোৱা যায়। 
(ঘ) আটাইতকৈ মূল্যাৱান ঊণ এংগোৰা শহাপহু নামৰ প্ৰাণীৰ পৰা পোৱা যায়।
(ঙ) আলপাকা আৰু লামা দক্ষিণ আমেৰিকা ত পোৱা যায়।
(চ) পাটপলুৰ লেটা ৰ পৰা পাটসূতা পোৱা যায়।
(ছ) পাটপলুৰ লেটাৰ পৰা পূৰ্ণাংগ পাটপলু হয়। 
(জ) পাটপলুৰ লেটা গৰম ভাপত ত দিয়াৰ পাছত লেটাৰ ভিতৰত থকা পলুটো মৰি যায় আৰু ঢিলা লেটাৰ সূতাবোৰ হৈ পৰে।

১৬। সত্য নে অসত্য লিখা— 
(ক) ঊণ আৰু পাটসূতা মানুহে উৎপাদন কৰা সূতা।
উত্তৰঃ সত্য 

(খ) সকলোবোৰ প্ৰাকৃতিক সূতাৰ ভিতৰত পাটসূতাই আটাইতকৈ দৃঢ়।
উত্তৰঃ সত্য 

(গ) পাটপলুৰ কণীৰ পৰা পাটসূতা উৎপাদন কৰা হয়।
উত্তৰঃ অসত্য 

(ঘ) মেৰিণ’ এবিধ (Merino) পাটসূতা।
উত্তৰঃ অসত্য 

(ঙ) উটৰ পৰা উৎপাদন কৰা ঊণ সূতা প্ৰাকৃতিক বৰণতে ৰখা হয়।
উত্তৰঃ অসত্য 

১৭। নিমিলা শব্দটো কাৰণ দৰ্শাই আঁতৰ কৰা— 
(ক) কপাহী সূতা, পাটসূতা, ঊণসূতা,
উত্তৰঃ কপাহী সূতা, পাটসূতা আৰু ঊণসূতা প্ৰাণীৰ পৰা আহৰণ কৰা হয়। কিন্তু কপাহী সূতা গছৰ পৰা আহৰণ কৰা হয়।

(খ) উট, ভেৰা, পাটপলু
উত্তৰঃ পাটপলু, উট আৰু ভেৰাৰ পৰা ঊণসূতা পোৱা যায়। কিন্তু পাটপলুৰ পৰা পাটসূতাহে পোৱা যায়।

(গ) মুণ্ডন, পৰিষ্কৰণ, মহুৰা ফুৰোৱা
উত্তৰঃ মহুৰা ফুৰোৱা, মুগুন আৰু পৰিষ্কাৰকৰণ ঊণসূতা প্ৰস্তুতৰ খাপ। কিন্তু মহুৰা ফুৰোৱা পাটসূতা প্ৰস্তুতৰ খাপ।

(ঘ) এংগোৰা, মেৰিণ’, টছৰ

উত্তৰঃ টছৰ, এংগোৰা আৰু মেৰিণ' হৈছে বেলেগ বেলেগ প্ৰকাৰৰ ঊণ। কিন্তু টছৰ হৈছে পাটসূতাৰ প্ৰকাৰ।