বিশ্বজগত সম্পৰ্কে নতুন ধাৰণা
👉Text Books PDF
👉MCQ Online Exam
👉MCQ Answer
👉Paid Answer (For Membership User)
১। 'On the revolutions of the celestial Spheres' নামৰ গ্ৰন্থখন কোনে ৰচনা কৰে?
উত্তৰঃ 'On the revolutions of the celestial Spheres' নামৰ গ্ৰন্থখন প'লেণ্ডৰ এজন যাজক নিক'লাছ ক'পাৰনিকাছে ৰচনা কৰে।
২। 'On the Fabric of Human Body' নামৰ গ্ৰন্থখনে মানুহৰ কি কৰাত সহায় কৰে?
উত্তৰঃ 'On the Fabric of Human Body' নামৰ গ্ৰন্থখনে মানুহৰ শৰীৰসম্পৰ্কীয় চিৰাচৰিত জ্ঞানৰ বৈপ্লৱিক পৰিৱৰ্তন অনাত সহায় কৰে।
৩। কপাৰনিকাছৰ জন্ম ক'ত আৰু কেতিয়া হয়?
উত্তৰঃ কপাৰনিকাছৰ জন্ম প'লেণ্ডৰ তোৰুণ চহৰত আৰু ১৪৭৩ চনত হয়।
৪। দূৰবীক্ষণ কিহৰ পৰা উদ্ভৱ হৈছিল?
উত্তৰঃ দূৰবীক্ষণ হলেণ্ডৰ চছমা শিল্পৰপৰা উদ্ভৱ হৈছিল।
৫। ইটালিৰ পাদুৱা বিশ্ববিদ্যালয়ৰ সামৰিক প্ৰযুক্তিবিজ্ঞানৰ আৰু পদাৰ্থবিজ্ঞানৰ অধ্যাপক কোন?
উত্তৰঃ ইটালিৰ পাদুৱা বিশ্ববিদ্যালয়ৰ সামৰিক প্ৰযুক্তিবিজ্ঞানৰ আৰু পদাৰ্থবিজ্ঞানৰ অধ্যাপক গেলিলিঅ' গেলিলি।
৬। দূৰবীক্ষণেৰে আকাশৰ গ্ৰহ লক্ষ্য কৰা প্ৰথমজন ব্যক্তি কোন আৰু কেতিয়া কৰিছিল?
উত্তৰঃ দূৰবীক্ষণেৰে আকাশৰ গ্ৰহ লক্ষ্য কৰা প্ৰথমজন ব্যক্তি হ'ল গেলিলি আৰু ১৬০৯ চনত কৰিছিল।
৭। কোনখন গ্ৰন্থত গেলিলিয়ে ব্যৱহাৰ কৰা সৰল পদ্ধতিৰ বৰ্ণনা দিয়া আছে?
উত্তৰঃ বাৰ্নাড ক'হেন ৰচিত 'The Birth of a new Physics' নামৰ গ্ৰন্থত গেলিলিয়ে ব্যৱহাৰ কৰা কৰল পদ্ধতিৰ বৰ্ণনা দিয়া আছে।
৮। গেলিলিয়ে বস্তুৰ গতি সম্পৰ্কে ৰচনা কৰা গ্ৰন্থ দুখনৰ নাম কি?
উত্তৰঃ গেলিলিয়ে বস্তুৰ গতি সম্পৰ্কে ৰচনা কৰা গ্ৰন্থ দুখন হ'ল- (১) 'দুই প্ৰধান বিশ্বজগত সম্পৰ্কে কথোপকথন' আৰু (২) 'দুই নব্য বিজ্ঞানসম্পৰ্কীয় আলোচনা।'
Answer by- Punya Hazarika
Check by Mukesh Borah