অধ্যায় - পঞ্চম 

 জনসংখ্যা শিক্ষা 


১/ জনসংখ্যাৰ শিক্ষা কেইটামান সংজ্ঞা দিয়া?

উত্তৰঃ জনসংখ্যাৰ শিক্ষা কেইটামান সংজ্ঞা হল - 

    নবেল ডেভিদ বাৰ্লছনৰ মতে, ''জনসংখ্যা শিক্ষাই জনগণক বৰ্দ্ধিত জন্মৰ হাৰে সৃষ্টি কৰা সমস্যাৰ স্বৰূপ আৰু গুৰুত্ব হদঙ্গম কৰিবলৈ সক্ষম কৰে। দেশৰ উঠি অহা নাগৰিকসকলে এই সম্পৰ্কে জ্ঞান লাভ কৰাৰ এই কাৰণেই প্ৰয়োজন যাতে ভৱিষ্যতে তেওঁলোকে নিজৰ পৰিয়ালৰ বাঞ্ছিত ৰূপত পৰিকল্পনা কৰিব পাৰে। জনসংখ্যা শিক্ষা হল এনে এক শিক্ষা যি শিক্ষা ৰূপায়ণৰদ্বাৰা দেশৰ জনসংখ্যা পৰিস্থিত সম্পৰ্কে আৰু পৰিয়াল সমাজ আৰু জাতীয় জীৱনত ইয়াৰ গুৰুত্ব সম্পৰ্কে ছাত্ৰ - ছাত্ৰীসকলক অৱগত কৰাব পৰা যায়। ''

    ভিদেৰমেনৰ মতে, জনসংখ্যা শিক্ষা হল এনে এটা প্ৰত্ৰুিয়া যত ছাত্ৰ - ছাত্ৰীসকলে জনসংখ্যাৰ প্ৰকৃতি, জনসংখ্যাৰ বৈশিষ্ট্য়, জনসংখ্যা হ্ৰাস - বৃদ্ধিৰ কাৰণ, ইয়াৰ ফলত উদ্ভৱ হোৱা ফলাফল, এই ফলাফলে নিজ জীৱনত নিজৰ পৰিয়ালত, সমাজত আৰু পৃথিৱীত পেলোৱা প্ৰভাৱ আদি অনুসন্ধান আৰু উদ্ ঘাটন কৰে।

    মাচিয়েলেচ্ ৰ মতে মানুহৰ জনসংখ্যাৰ প্ৰকৃতি সম্পৰ্কে সম্পৰ্কে অনুসন্ধান কৰা জনসংখ্যাৰ পৰিবৰ্তনে কঢ়িয়াই অনা প্ৰাকৃতিক আৰু  মানৱীয় ফলাফল সম্পৰ্কীয় জ্ঞান প্ৰদান কৰা আৰু গ্ৰহণ কৰা প্ৰত্ৰুিয়াই জনসংখ্যা শিক্ষা।

২/ জনসংখ্যা শিক্ষাৰ পৰিসৰ সম্পৰ্কে লিখা?

উত্তৰঃ জনসংখ্যা শিক্ষাৰ পৰিসৰ বুলি কলে দেশ এখনৰ অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰ্থ-সামাজিক, ৰাজনৈতিক সকলো দিশেই সাঙোৰ খাই থাকে। জনসংখ্যা, অৰ্থনৈতিক বিকাশ আৰু উদ্যোগিক বিকাশৰ মাজৰ সম্পৰ্ক অতি ওচৰ। অৰ্থনৈতিক বিকাশৰ বাবে সঞ্চয় আৰু ঔদ্যোগিক বিকাশৰ বাবে অধ্যাৱসায়ৰ প্ৰয়োজনীয়তা আদি বিষয় জনসংখ্যা শিক্ষাৰ বিষয়বস্ত। সম্পদ আৰু বিকাশৰ মাজৰ সম্পৰ্ক, সৰ্বোচ্ছ বিকাশৰ বাবে সৰ্বনিম্ন সম্পদ ব্যৱহাৰৰ প্ৰয়োজনীয়তা আদি বিষয় জনসংখ্যা শিক্ষাৰ ভিতৰৰ বিষয়বস্ত। দাৰিদ্ৰতা, কু-সংস্কাৰ, অন্ধবিশ্বাস, ইত্যাদি নাশ কৰিবৰ বাবে উপায়সমূহ, জনসংখ্যাৰ প্ৰভুত পৰিমাণৰ বৃদ্ধিয়ে কেনেকৈ দেশীয় অৰ্থনীতিত প্ৰভাৱ পেলায়, ইত্যাদি বিষয়সমূহ ইয়াৰ অন্তৰ্গত।

    জনসংখ্যা বিস্ফোৰণৰ ফলত সামাজিক,    ৰাজনৈতিক আৰু অৰ্থনৈতিক সমস্যাৰ সৃষ্টি হয়। এই সমস্যাবিলাক দূৰ কৰিবৰ কাৰণে জনসাধাৰণৰ মাজত এনেধৰণৰ শিক্ষাৰ প্ৰচাৰ কৰিব লাগিব যাতে ইয়াৰদ্বাৰা মানুহে সচেতন হৈ জন্ম নিয়ন্ত্ৰণত গুৰুত্ব দিবলৈ বাধ্য হয়। জনসংখ্যা বৃদ্ধি হলে দেশত খাদ্য - বস্ত্ৰৰ সমস্যা, আদিয়ে দেখা দিয়ে। এই সমস্যাবোৰ দূৰ কৰিবলৈ যাওঁতে মানুহে প্ৰকৃতিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ বাধ্য হয়। প্ৰকৃতিৰ ওপৰত পেলোৱা প্ৰভাৱে গোটেই পৃথিৱীৰ ধ্বংস গৰাহৰ পৰা মুক্ত কৰিবলৈ মানুহৰ মাজত মূল্যবোধৰ শিক্ষাৰ প্ৰয়োজন হয়।

    জনসংখ্যা শিক্ষাই পাৰবাৰিক জীৱনৰ শিক্ষা সামৰি লয়। মানৱ শিশুৰ বিকাশ এক প্ৰাকৃতিক, দৈহিক আবেগিক আৰু সামাজিক প্ৰত্ৰিয়া। এই প্ৰত্ৰুিয়াত মানৱ শিশুৱে শৈশৱ, বাল্যকাল, কৈশোৰ আৰু প্ৰাপ্তবয়স্ক বিকাশৰ জখলাৰে ত্ৰুমান্বয়ে আগবাড়ি গৈ পূৰ্ণাংগ সমাজ এখনৰ দায়িত্ব বহন কৰিবলৈ সক্ষম হয়। কিন্ত বিকাশৰ প্ৰত্ৰুিয়া পূৰ্ণ সমাজমুখী হবলৈ প্ৰত্যেক সমাজে তেওঁলোকৰ নতুন চামক সহায়ক হাত আগবঢ়োৱা উচিত। 

৩/ জনসংখ্যা শিক্ষাৰ উদ্দেশ্যসমূহ কি কি?

উত্তৰঃ জনসংখ্যা শিক্ষাৰ মূল উদ্দেশ্যসমূ তলত উল্লেখ কৰা হল -

(ক) ছাত্ৰ - ছাত্ৰীসকলক বৰ্তমানৰ জনসংখ্যাৰ পৰিস্থিতি সম্পৰ্কে অৱগত কৰা।

(খ) অপৰিকল্পিত জন্ম নিয়ন্ত্ৰণ কৰা।

(গ) জীৱন ধাৰণৰ মানৰ উন্নয়ন আৰু সীমিত জনসংখ্যাৰ মাজত থকা সম্পৰ্কৰ বিষয়ে ছাত্ৰ - ছাত্ৰীক অৱগত কৰোৱা।

(ঘ) জাতীয় জনসংখ্যা আঁচনিৰ বিষয়ে শিক্ষাৰ্থীসকলক জনোৱা।

(ঙ) পৰিয়ালৰ আকাৰ যে ইচ্ছানুযায়ী সীমিত কৰিব পৰা যায় সেই বিষয়ে জ্ঞান দিয়া।

(চ) জনসংখ্যা বিস্ফোৰণে সৃষ্টি কৰা বিভিন্ন সমস্যাৰ সম্পৰ্কে ছাত্ৰ - ছাত্ৰীক সচেতন কৰি তোলা।

(ছ) সৰু পৰিয়াল যে আৰ্থিক আৰু মানসিক সুখ-সম্ভোগৰ উৎস হব পাৰে তাৰ জ্ঞান দিয়া।

(জ) সুস্থ যৌন জীৱনৰ  প্ৰাথমিক জ্ঞান প্ৰদান কৰা।

৪/ জনসংখ্যা শিক্ষাৰ প্ৰয়োজনীয়তাসমূহ উল্লেখ কৰা?

উত্তৰঃ জনসংখ্যাৰ শিক্ষাৰ গুৰুত্ব সম্পৰ্কে ছাত্ৰ - ছাত্ৰীক অৱগত কৰোৱাৰ যে অত্যন্ত প্ৰয়োজন তাত কাৰো দ্বিমত নাই। এই প্ৰয়োজন অনুভূত হয় কেইটামান বিশেষ কাৰণত। সেইবোৰ হল -

(ক) অন্ধবিশ্বাস ৰোধকৰণঃ জসংখ্যা শিক্ষাৰ জৰিয়তে জনসমাজত প্ৰচলিত বিভিন্ন অন্ধবিশ্বাস ৰোদ কৰা সহজ হৈ উঠিব। উদাহৰণস্বৰূপে বাল্য বিবাহ, ভগৱানৰ আৰ্শীবাদ বুলি বাৰে বাৰে সন্তান জন্ম দিয়া আদিৰ কথা উল্লেখ কৰিব পাৰি।

(খ) লিঙ্গ বৈষম্যতা দূৰীকৰণঃ জনসংখ্যা শিক্ষাই লিঙ্গ - বৈষম্যৰ দূৰীকৰণত সহায় কৰে। নাৰীসকলো যে পুৰুষৰ দৰে দেশৰ আৰ্থ - সামজিক বিকাশত অৰিহণা যোগাবলৈ সমকক্ষ সেই কথাটো জনসংখ্যা শিক্ষাই প্ৰতীয়মান কৰি লে।

(গ)পৰিকল্পিতত জীৱন ধাৰণঃ জনসংখ্যা শিক্ষাই প্ৰতিজন ব্যক্তিক এক পৰিকল্পিত জীৱন ধাৰণ কৰিবলৈ আগ্ৰহী কৰি তোলে। বিশেষকৈ পৰিকল্পিত পৰিয়ালৰ কাৰ্যসূচীয়ে যে ব্যক্তি জীৱনৰ সুখ - স্বাচ্ছন্দ্য অটুত ৰাখে সেই দিশতোলৈ ই অধিক গুৰুত্ব প্ৰদান কৰে।

(ঘ) ব্যক্তিগত স্বাধীনতাৰ মৰ্যাদাঃ পৰিয়ালৰ আকাৰ নিৰ্ধাৰণত ব্যক্তিৰ চিন্তা - চৰ্চাৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বাধীনতা প্ৰদানত জনসংখ্যা শিক্ষাই গুৰুত্ব প্ৰদান কৰে। অৱশ্যে এই স্বাধীনতাই যাতে সামাজিক পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে তালৈও ভ্ৰুক্ষেপ কৰিব লাগিব।

(ঙ) বোধগম্য সমাজঃ জনসংখ্যা শিক্ষাই এখন সমাজৰ আৰ্থ-সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক উপাদানসমূহ আৰ ইয়াৰ ভূমিকা সম্পৰ্কে অধ্য়য়ন কৰি সমাজখনৰ বিষয়ে বুজিবলৈ আমাক সহায় কৰে।

৫/ জনসংখ্যা শিক্ষাৰ গুৰুত্বসমূহ আলোচনা কৰা?

উত্তৰঃ জনসংখ্যা শিক্ষাৰ গুৰুত্বসমূহ তলত আলোচনা কৰা হল -

১/ সামগ্ৰীক ধাৰণাৰ গুৰুত্বঃ জনসংখ্যা শিক্ষাৰ এক সামগ্ৰীক ধাৰণাৰ গুৰুত্ব বৰ্তমান সময়ত সৰ্বত্ৰ অনুভৱ কৰা হৈছে। উল্লেখযোগ্য যে এতিয়াও জনসংখ্যা শিক্ষাৰ দিশত সমাজৰ মানুহৰ স্পষ্ট আৰু শুদ্ধ দৃষ্টি ভঙ্গী এটা নাই। কেতিয়াবা কেতিয়াবা এই শিক্ষাক পৰিয়াল-পৰিকল্পনা বুলি ভবা হয়। কেতিয়াবা যৌনশিক্ষা আৰু পাৰিবাহিক জীৱনৰ শিক্ষা ৰূপেও গণ্য কৰা হয়। ফসত পাৰিবাৰিক জীৱন - যাপন নকৰা সকলে এই শিক্ষা অপ্ৰয়োজনীয় বুলি ভাবে। 

২/ জীৱনৰ নিম্নমানদণ্ডৰ উন্নীতকৰণঃ বৰ্তমান সময়ত জনসংখ্যা শিক্ষাৰ গুৰুত্ব এইবাবে উপব্ধি কৰা হৈছে যে এই শিক্ষাই সমাজৰ সকলো শ্ৰেণীৰ লোকৰ জীৱন - যাপনৰ মানদণ্ড উন্নীত কৰিব পাৰে। এই শিক্ষাই সমাজ ধনী - দুখীয়াৰ মাজৰ ব্যৱধান নোহোৱা কৰিব পাৰে। দৰিদ্ৰতা, নিৰক্ষৰতা, অজ্ঞতা আৰু স্বাস্থ্যহীনতা হৈছে জনসংখ্যা বৃদ্ধিৰ কাৰণ। জনসংখ্যা শিক্ষাই এই কথা সকলো শ্ৰেণীৰ লোকৰ মাজত প্ৰচাৰ কৰি দেশৰ আৰ্থ - সামাজিক উন্নয়নত গুৰুত্বপূৰ্ণ সহায় আগবঢ়াব পাৰে।

৩/ নতুন মূল্যবোধৰ সৃষ্টিঃ পুৰণি মূল্যবোধ বিলাক গুচাই নতুন মূল্যবোধ সৃষ্টি কৰাত জনসংখ্যা শিক্ষাৰ গুৰুত্ব অধিক বেছি। মানুহৰ মনত এক সংস্কৃতি পৰায়ণ মনোভাব আৰু যুক্তিসংগত আচৰণ গঢ়ি তুলি বিকাশশীল পৰিবৰ্তনৰ দিশত আগুৱাই নিয়াত এই শিক্ষা বিশেষ সহায়কাৰী। উদাহৰণস্বৰূপে এই শিক্ষাই পিতৃ - মাতৃৰ মনৰ পৰা লৰা আৰু ছোৱালীৰ মাজত ৰখা পাৰ্থক্য দৰ কৰাত সহায় কৰে।

৪/ সৰু পৰিয়ালৰ ভাৱাদৰ্শ গঢ়াঃ ভাৰতীয় সমাজৰ যৌথ পৰিয়াল ব্যৱস্থা যে আজিৰ সমাজত অকাৰ্যকৰী আৰু ব্যক্তিৰ বিকাশত অন্যায়কাৰী সেই কথা শিক্ষাই বুজাবলৈ সক্ষম হয়। সৰু কালৰে পৰা সৰু পৰিয়াল সুখী পৰিয়াল এই আদৰ্শ শিশু মনত গঢ়ি তলিবৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা কেৱল জনসংখ্যা শিক্ষাইহে লব পাৰে।

৫/ শিক্ষাৰ গুণগত মানদণ্ডৰ উন্নীতকৰণঃ দেশৰ শিক্ষাৰ মান উন্নীত কৰি তোলা বিশেষকৈ প্ৰাথমিক শিক্ষা সৰ্বজনীন কৰি তোলাটো নিৰ্ভৰ কৰে জনসংখ্যা শিক্ষাৰ ওপৰত। জনসংখ্যা শিক্ষাৰদ্বাৰা প্ৰত্যেকজন পিতৃ - মাতৃকে বিশেষকৈ মাতৃসকলক শিক্ষাৰ অধিকা যে মৌলিক অধিকাৰ, শিক্ষা গ্ৰহণ কৰাতো জীৱনধাৰণ কৰাৰ নিচিনায়ে আদি প্ৰয়োজনীয় কথা জনাবলৈ সুবিধা জনক ব্যৱস্থা আছে।

৬/ জনসংখ্যা শিক্ষাৰ জনক কোন আছিল?

উত্তৰঃ জনসংখ্যা শিক্ষাৰজনক হল - প্ৰবক্তা শ্লোৱেন ৱেলেণ্ড

৭/ ভাৰতৰ পৰিয়াল পৰিকল্পনা সংস্থাৰ প্ৰথম সভাপতি কোন আছিল?

উত্তৰঃ ভাৰতৰ পৰিয়াল পৰিকল্পনাসংস্থাৰ সভানেত্ৰী শ্ৰীমতী আভাবাি ৱাডিৱা 

Type - Boby Bora