অধ্যায় ২ 

পূৰ্ণ সংখ্যা (Whole Numbers)

অনুশীলনী 2(A)


1. আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি?


2. আটাইতকৈ সৰু পূর্ণ সংখ্যাটো কি?


3. 10 তকৈ সৰু পূর্ণ সংখ্যাকেইটা লিখা।


4. 205 আৰু 218ৰ মাজৰ পূৰ্ণ সংখ্যাকেইটা লিখা।


5. 13799 ৰ ঠিক পিছৰ এটা ক্ৰমিক পূর্ণ সংখ্যা লিখা।


6. 110 আৰু 178 ৰ মাজত কিমানটা পূর্ণ সংখ্যা আছে?


7. 2550 ৰপৰা 3780লৈ মুঠতে কিমানটা পূর্ণ সংখ্যা আছে?


৪. তলৰ প্ৰতিটো সংখ্যাৰ পূৰ্বৱৰ্তী পূর্ণ সংখ্যাটো লিখা।

i) 758

 ii) 8790

 iii) 10000


9. তলৰ প্ৰতিটো সংখ্যাৰ পৰৱর্তী পূর্ণ সংখ্যাটো লিখা।

i) 1015

 ii) 8999 

iii) 100000


10. সত্য নে অসত্য লিখা।

i) 0 এটা স্বাভাবিক সংখ্যা।

ii) 1 পূর্ণ সংখ্যা নহয়।

iii) শূন্যৰ বাহিৰে বাকী সকলোবোৰ পূর্ণ সংখ্যাই স্বাভাৱিক সংখ্যা।

iv) 1 ৰ পূৰ্বৱৰ্তী সংখাটো এটা পূর্ণ সংখ্যা।

(v) পূর্ণ সংখ্যাৰ সংখ্যা সীমিত।

vi) সকলো স্বাভাবিক সংখ্যাই পূর্ণ সংখ্যা।

vii) 799 ৰ পৰৱৰ্তী সংখ্যাটো 800।

viii) 1 আটাইতকৈ সৰু পূর্ণ সংখ্যা।

ix) এটা দুটা অংকবিশিষ্ট সংখ্যাৰ পৰৱৰ্তী সংখ্যাটো সদায় এটা দুটা অংকবিশিষ্ট সংখ্যা।

x) যিকোনো দুটা পূর্ণ সংখ্যাৰ মাজত সদায় এটা পূর্ণ সংখ্যা থাকে।

xi) সংখ্যাৰেখাত 25 সংখ্যাটো 23ৰ সোঁফালে থাকে।

xii) সংখ্যাৰেখাত a সংখ্যাটো 3ৰ বাঁওফালে থাকিলে a <3 1 



Question Type By- Himadree Bora