সামাজিক নৃতত্ব 
চতুৰ্থ অধ্যায়

১। পৰিয়াল কি ।
উত্তৰঃ  পৰিয়াল হৈছে সমাজৰ এটা সৰু গোট ।

২। পৰিয়ালৰ এটা লক্ষণ লিখা ।
উত্তৰঃ  পৰিয়ালৰ এটা লক্ষণ হল সাৰ্বজনীনতা ।

৩। 1ডেভিছে দিয়া পৰিয়ালৰ সংজ্ঞাটো লিখা ।
উত্তৰঃ  ডেভিছৰ পৰিয়ালৰ সংজ্ঞাটো হল পৰিয়াল কিছু সংখ্যক লোকেৰে গঠিত এটা গোট, যি গোটৰ লোকসকলৰ পাৰস্পৰিক সম্বন্ধ সমৰক্ততাৰ আধাৰত প্ৰতিষ্ঠিত আৰু সেইবাবেই তেওঁলোক এজন আনজনৰ আত্মীয় ।

৪। প্ৰাথমিক পৰিয়াল কাক বোলে ।
উত্তৰঃ  এজন পুৰুষ, তেওঁৰ এগৰাকী পত্নী আৰু তেওঁলোকৰ ঔৰসত জন্মগ্ৰহণ কৰা বা তোলনীয়া অবিবাহিত লৰা-ছোৱালীয়ে গঠিত গোটটোকে প্ৰাথমিক বা প্ৰাৰম্ভিক পৰিয়াল বোলে ।
 
৫. প্ৰাথমিক পৰিয়ালক কি পৰিয়াল বুলি কোৱা হয় ।
উত্তৰঃ  প্ৰাথমিক পৰিয়ালক নূন্যতম পৰিয়াল বুলি কোৱা হয় ।

৬. প্ৰাথমিক পৰিয়ালক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি ।
উত্তৰঃ  প্ৰাথমিক পৰিয়ালক দুটা ভাগত ভাগ কৰিব পাৰি যেনে 
ক) জন্ম পৰিয়াল ।
খ) প্ৰজনন পৰিয়াল ।

৭. জন্ম পৰিয়াল কাক বোলে ।
উত্তৰঃ  প্ৰত্যেক লোকেই কোনো এটা পৰিয়ালত জন্মগ্ৰহণ কৰে । এইদৰে ব্যক্তিবিশেষে জন্ম লাভ কৰা পৰিয়ালটোকেই জন্ম পৰিয়াল বুলি কোৱা হয় ।

৮. প্ৰজনন পৰিয়াল কাক বোলে ।
উুত্তৰঃ  পৰিয়ালত জন্মগ্ৰহণ কৰা লোক যেতিয়া প্ৰাপ্তবয়স্ক হয় তেওঁ বিয়া কৰায় আৰু লৰা-ছোৱালী জন্ম দি এটা নতুন পৰিয়ালৰ সৃষ্টি কৰে । এইদৰে ব্যক্তিবিশেষে , বিবাহৰ জৰিয়তে সৃষ্টি কৰা পৰিয়ালটোৱেই হল তেওঁৰ বা তেওঁলোকৰ প্ৰজনন পৰিয়াল ।

৯. বিস্তৃত পৰিয়াল কাক বোলে ।
উত্তৰঃ  প্ৰাথমিক পৰিয়ালৰ লগত আন নিকট পিতৃসূত্ৰীয়া বা মাতৃসূত্ৰীয় স্বজন কিছুমানৰ সংযোজনৰ ফলত বাঢ়ি অহা পৰিয়ালটোক বিস্তৃত বা পৰিবৰ্ধিত পৰিয়াল বুলি কোৱা হয় । 

১০. বিস্তৃত বা পৰিবৰ্ধিত পৰিয়ালক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ।
উত্তৰঃ  বিস্তৃত বা পৰিবৰ্ধিত পৰিয়ালক দুটা ভাগত ভাগ কৰিব পাৰি যেনে 
ক) যৌগিক পৰিয়াল ।
খ) সংযুক্ত পৰিয়াল ।

১১. যৌগিক পৰিয়াল কাক বোলে ।
উত্তৰঃ  পৃথিৱীৰ বহুতো সমাজত বহুবিবাহ প্ৰথাৰ প্ৰচলন আছে । এজন পুৰুষ, তেওঁৰ একাধিক পত্নী, আৰু লৰা-ছোৱালীয়ে গঠন কৰা পৰিয়ালক যৌগিক বা যুগ্ম পৰিয়াল বোলে । 

১২. যৌগিক বা যুগ্ম পৰিয়াল কেইপ্ৰকাৰৰ আৰু কি কি ।
উত্তৰঃ যৌগিক বা যুগ্ম পৰিয়াল তিনিপ্ৰকাৰৰ 
ক) বহুপতিক পৰিয়াল ।
খ) বহু-পত্নীক পৰিয়াল ।
গ) বহুপতীক- বহুপত্নীক পৰিয়াল । 

১৩. বহুপতিক পৰিয়ালৰ এটা উদাহৰণ লিখা ।
উত্তৰঃ  বহুপতিক পৰিয়ালৰ এটা হল দক্ষিণভাৰতৰ টোডা সমাজ । 

১৪. সংযুক্ত পৰিয়াল কাক বোলে । 
উত্তৰঃ  এজন লোকৰ জন্ম পৰিয়াল আৰু প্ৰজনন পৰিয়াল লগ লাগি গঠিত হোৱা পৰিয়ালক সংযুক্ত, যৌথ পৰিয়াল বোলে ।

১৫. সংযুক্ত পৰিয়ালক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ।
উত্তৰঃ সংযুক্ত পৰিয়ালক ছয়টা ভাগত ভগাব পাৰি যেনে 
ক) ভ্ৰাত্ৰীয় সংযুক্ত পৰিয়াল ।
খ) পিতৃস্থানিক সংযুক্ত পৰিয়াল ।
গ) মাতৃস্থানিক সংযুক্ত পৰিয়াল ।
ঘ) মাতৃ-পিতৃস্থানিক সংযুক্ত পৰিয়াল ।
ঙ) দ্বি-স্থানিক সংযুক্ত পৰিয়াল ।
চ) মাতুল স্থানিক সংযুক্ত পৰিয়াল ।

১৬. পৰিয়ালৰ দুটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ  পৰিয়ালৰ দুটা বৈশিষ্ট্য হল 
ক) বিশ্বব্যাপকতা ।
খ) স্বামী-স্ত্ৰীৰ মাজৰ স্থায়ী সম্বন্ধ ।

১৭. ৰক্ত সম্বন্ধৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ  পৰিয়ালৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য হল ইয়াৰ সদস্যসকলৰ মাজত থকা ৰক্ত সম্বন্ধ । পৰিয়াল এটাৰ স্বামী-স্ত্ৰীৰ মাজত সংগঠিত যৌন মিলনৰ ফলত যিহেতু সন্তানৰ জন্ম হয় । সেয়েহে পিতৃ-মাতৃ আৰু সন্তানৰ মাজত ৰক্ত সম্বন্ধ থকাটো তেনেই স্বাভাৱিক । অৱশ্যে জৈৱিক ৰক্ত সম্বন্ধ নথকা বহু ক্ষেত্ৰতো সমাজে প্ৰকৃত ৰক্ত সম্বন্ধৰ স্বীকৃতি দিয়া দেখা যায় । উদাহৰণস্বৰূপে দত্তক গ্ৰহণযোগে পৰিয়াল এটাত অন্তৰ্ভূক্তি লাভ কৰা সন্তান আৰু পৰিয়ালটোৰ স্বামী-স্ত্ৰীৰ মাজত ।

১৮. পৰিয়ালৰ কেইটামান প্ৰধান প্ৰকাৰ্যৰ বিষয়ে লিখা ।
উত্তৰঃ  পৰিয়ালৰ কেইটামান প্ৰধান প্ৰকাৰ্য হল 
ক)  পৰিয়ালে সদস্যসকলৰ মাজত সুন্দৰ পৰিৱেশ সৃষ্টি কৰি ঔক্য আৰু সম্প্ৰীতি স্থাপন কৰে ।
খ) পৰিয়ালে যৌন সম্বন্ধ নিয়ন্ত্ৰণ কৰে । পৰিয়ালৰ জৰিয়তে স্বামী-স্ত্ৰীৰ মাজত যৌন সম্ভোগ সম্ভৱ হয় । প্ৰাচীন ভাৰতৰ মনিষী মনুৱে পৰিয়ালৰ প্ৰধান প্ৰকাৰ্যবোৰৰ ভিতৰত যৌন পৰিতৃপ্তিকো অন্তভূক্ত কৰিছে।
গ) প্ৰজনন পৰিয়ালৰ আন এটা উল্লেখযোগ্য প্ৰকাৰ্য ।
ঘ) পৰিয়ালে মানুহৰ মৌলিক প্ৰয়োজনসমূহ পূৰণ কৰে । পৰিয়ালৰ উপাধিক্ষম লোকসকলে ইয়াৰ সদস্যসকলক খাদ্য, সাজ-পাৰ আদিৰ যোগান ধৰে । 
ঙ) শিশু, ৰুগ্ন আৰু বৃদ্ধসকলে পৰিয়ালত কেৱল আহাৰ আৰু আশ্ৰয়েই নহয়, আদৰ যত্নও লাভ কৰে, যাৰ অবিহনে তেওঁলোকৰ জীৱন ধাৰণ সম্ভৱপৰ নহয় । 
চ) পৰিয়ালৰ নিজৰ স্থাবৰ বা অস্থাবৰ সম্পত্তি থাকে । এই সম্পত্তি উত্তৰাধিকাৰী সূত্ৰে হস্তান্তৰ কৰা পৰিয়াল এটাৰ প্ৰধান প্ৰকাৰ্য । সমাজৰ প্ৰচলিত নিয়ম অনুসৰি কোনো প্ৰাথমিক পৰিয়ালৰ সম্পত্তি পিতৃ-মাতৃৰ পৰা তেওঁলোকৰ সতি-সন্ততিলৈ হস্তান্তৰিত হয় ।

১৯. পৰিয়াল সাৰ্বজনীন প্ৰাথমিক গোট চমুকৈ লিখা ।
উত্তৰঃ  মানৱ সমাজৰ ইতিহাসত পৰিয়ালেই হৈছে সৰু সামাজিক গোট বা সংগঠন । পৰিয়াল মানৱ সমাজৰ এটা প্ৰধান অংগ । পৃথিৱীৰ সকলো সমাজতে পৰিয়ালৰ অৱস্থিতি বিদ্যমান । পৰিয়াল সংগঠন নথকা সমাজ পৃথিৱীত নাই । সেই কাৰণেই পৰিয়ালক বিশ্বব্যাপক সামাজিক অনুস্ঠান বা সাৰ্বজনীন সামাজিক গোট বোলা হয় । আন্দামান দীপপুঞ্জৰ বিভিন্ন আদিবাসী সমাজত গোত্ৰ সংগঠন নাই । কিন্তু তেওঁলোকৰ মাজতো পৰিয়ালৰ অস্পষ্ট অৱস্থিতি পৰিলক্ষিত হয় । সুদুৰ অতীতৰ যৌন জীৱনৰ বৈচিত্ৰ থকা সমাজবোৰতো পৰিয়ালৰ অৱস্থিতি দেখা যায় । আনকি উচ্চ প্ৰাইমেট বা আন কিছুমান জন্তুৰ মাজতো পৰিয়ালৰ অৱস্থিতি দেখা যায় । সেইকাৰণে বহু পণ্ডিতে কব খোজে যে মানৱ সমাজৰ শুভাৰম্ভৰ পূৰ্বেও পৃথিৱীত পৰিয়ালৰ অস্তিত্ব আছিল ।  পৰিয়াল মাথো জৈৱিক লক্ষণৰ ভিত্তিত গঠিত নহয়, পৰিয়াল গঠনত সামাজিক কাৰণো নিহিত হৈ থাকে । মাতৃ-গৰ্ভধাৰণ এই কাৰণ সমূহৰ ভিতৰত উল্লেখযোগ্য । সন্তানসম্ভৱা নাৰীৰ আল-পৈচান ধৰা আৰু ৰক্ষণাবেক্ষণ দিয়াটো সমাজৰ দায়িত্ব বা কৰ্তব্য । ইহতক জন্তুৰ পোৱালিৰ নিচিনা মানুহৰ কেঁচুৱাই জন্মিয়েই লৰি-ঢাপলি ফুৰিব নোৱাৰে । মানৱ শিশুৰ পৰনিৰ্ভৰ অৱস্থা দীৰ্ঘতৰ । এই অৱস্থাত শিষুক উপযুক্ত আদৰ-যত্নৰ প্ৰয়োজন । বাঢ়ি অহা শিশুক সমাজৰ পৰম্পৰাগত ঐতিহ্য সংস্কাৰৰ বিষয়ে শিক্ষা দান কৰা, বৃদ্ধ, ৰুগ্ন, আৰু অক্ষম লোকক ৰক্ষণাবেক্ষণ দিয়া ইত্যাদি কামবোৰ প্ৰধানতঃ পৰিয়ালেই সম্পাদন কৰিছিল বা কৰে । 

২০. প্ৰাথমিক পৰিয়ালৰ আন্তঃসম্বন্ধৰ গুচ্ছৰ বিষয়ে লিখা ।
উত্তৰঃ  পিতৃ-মাতৃ আৰু তেওঁলোকৰ ঔৰসত জন্মগ্ৰহণ কৰা অবিবাহিত লৰা-ছোৱালীৰ দ্বাৰা প্ৰাথমিক পৰিয়াল গঠিত হয় । পৰিয়ালৰ সদস্যসকল বিভিন্ন সম্বন্ধৰে বান্ধ খাই থাকে । সেই সম্বন্ধবোৰ হৈছে এনে ধৰণৰ । 
ক) স্বামী-স্ত্ৰীৰ সম্বন্ধ ।
খ) পিতৃ-মাতৃৰ সম্বন্ধ 
গ) পিতৃ-কন্যাৰ সম্বন্ধ 
ঘ) মাতৃ-কন্যাৰ সম্বন্ধ ।
ঙ)  ভাতৃ-ভগ্নীৰ সম্বন্ধ 
চ) ভাতৃ-ভাতৃৰ সম্বন্ধ 
ছ) ভগ্নী-ভগ্নীৰ সম্বন্ধ 

২১. স্বামী-স্ত্ৰীৰ  মাজৰ সম্বন্ধটো কি ।
উত্তৰঃ  স্বামী-স্ত্ৰীৰ মাজৰ সম্বন্ধটো বৈবাহিক ।

২২. ভ্ৰাত্ৰীয় সংযুক্ত পৰিয়াল কাক বোলে ।
উত্তৰঃ  একাধিক ভাতৃয়ে পত্নী আৰু সন্তান সমূহেৰে একেলগে যেতিয়া একেটা ঘৰতে বাস কৰে আৰু উমৈহতীয়া ভাৱে ৰন্ধন কৰা খাদ্য গ্ৰহণ কৰি জীৱন-ধাৰণ কৰে, তেনে পৰিয়ালক ভ্ৰাত্ৰীয় সংযুক্ত পৰিয়াল বোলে ।

২৩. ভ্ৰাত্ৰীয় সংযুক্ত পৰিয়ালৰ দুটা উদাহৰণ দিয়া ।
উত্তৰঃ ভ্ৰাত্ৰীয় সংযুক্ত পৰিয়ালৰ দুটা উদাহৰণ হল 
ক) নিউগিনিৰ ইয়াটমূল ।
খ) মেলানেছিয়ৰ মানুছ । 

২৪. পিতৃস্থানিক সংযুক্ত পৰিয়াল কাক বোলে ।
উত্তৰঃ  বিবাহিত পুত্ৰসকলে সপৰিয়ালে পিতৃ-মাতৃৰ লগত একেটা ঘৰতে বাস কৰি, উমৈহতীয়াভাৱে পাক কৰা খাদ্য গ্ৰহণ কৰি যি সংসংযুক্ত পৰিয়াল গঠন কৰে তাকে পিতৃস্থানিক সংযুক্ত পৰিয়াল বোলে ।

২৫. পিতৃস্থানিক সংযুক্ত পৰিয়ালৰ এটা উদাহৰণ লিখা ।
উত্তৰঃ  পিতৃস্থানিক সংযুক্ত পৰিয়ালৰ এটা উদাহৰণ হল ভাৰতবৰ্ষৰ হিন্দুসকল । 

২৬. মাতৃস্থানিক সংযুক্ত পৰিয়াল কাক বোলে ।
উত্তৰঃ  যি সংযুক্ত পৰিয়ালত বিবাহৰ পাছত মাথো কন্যা সন্তানহে বসবাস কৰিব পাৰে, তেনে পৰিয়ালক মাতৃস্থানিক সংযুক্ত পৰিয়াল বোলে ।
 
২৭. মাতৃস্থানিক সংযুক্ত পৰিয়াল কত দেখা যায় ।
উত্তৰঃ  মাতৃস্থানিক সংযুক্ত পৰিয়াল মেঘালয়ৰ খাছি আৰু গাৰো সমাজত দেখা যায় ।

২৮. মাতৃ-পিতৃস্থানিক সংযুক্ত পৰিয়ালৰ অস্তিত্ব কত দেখা যায় ।
উত্তৰঃ  মাতৃ-পিতৃস্থানিক সংযুক্ত পৰিয়ালৰ অস্তিত্ব গাৰো পাহাৰ, গোৱালপাৰা জিলাৰ সীমামূৰীয়া অঞ্চলত বাস কৰা কোচ, ৰাভা, হাজং, আদি জনজাতীয় সমাজত মাতৃ-পিতৃস্থানিক পৰিয়াল দেখা যায় ।

২৯. দ্বি-স্থানিক সংযুক্ত পৰিয়াল কাক বোলে 
উত্তৰঃ  যি পৰিয়ালত বিবাহৰ পাছত পুত্ৰ বা কন্যাই পত্নী বা স্বামী আৰু সন্তানসহ বসবাস কৰিব পাৰে, তেনে পৰিয়ালক দ্বি-স্থানিক সংযুক্ত পৰিয়াল বোলে । 

৩০. দ্বি-স্থানিক সংযুক্ত পৰিয়াল কত দেখা যায় ।
উত্তৰঃ   আফ্ৰিকা, আমেৰিকা আৰু অষ্ট্ৰেলিয়াৰ অনেক জনজাতিৰ মাজত দ্বি-স্থানিক সংযুক্ত পৰিয়াল দেখা যায় । 

৩১. মাতুল স্থানিক সংযুক্ত পৰিয়াল কাক বোলে । 
উত্তৰঃ  বিয়াৰ পাছত কোনো লোকৰ প্ৰজনন পৰিয়াল মোমায়েকৰ পৰিয়ালৰ লগত সংযুক্ত হৈ পৰিলে, তেনে পৰিয়ালক মাতুল-স্থানিক সংযুক্ত পৰিয়াল বোলে ।

৩২. মাতুল স্থানিক সংযুক্ত পৰিয়ালৰ এটা উদাহৰণ লিখা ।
উত্তৰঃ  মাতুল স্থানিক সংযুক্ত পৰিয়ালৰ এটা উদাহৰণ হল ব্ৰিটিছ কলম্বিয়াৰ জনজাতি হাইডাসকল ।

৩৩. সংযুক্ত পৰিয়ালৰ কেইটামান বৈশিষ্ট্য লিখা ।
উত্তৰঃ  সংযুক্ত পৰিয়ালৰ বৈশিষ্টযকেইটা হল 
ক) উমৈহতীয়া আবাস ।
খ) উমৈহতীয়া ৰান্ধনিশাল ।
গ) উমৈহতীয়া অৰ্থনীতি ।
ঘ) শ্ৰম বিভাজন ।
ঙ) উমৈহতীয়া সামাজিক আৰু ধৰ্মীয় কাৰ্য ।
চ) সহযোগী সংগঠন । 

৩৪. সংযুক্ত পৰিয়ালৰ সুফল কেইটা আৰু কি কি ।
উত্তৰঃ  সংযুক্ত পৰিয়ালৰ সুফল ছয়টা যেনে 
ক) সংযুক্ত পৰিয়ালৰ সদস্যসকলে অন্ন, বস্ত্ৰ, বাসস্থান ইত্যাদি জীৱন-ধাৰণৰ মৌলিক প্ৰয়োজনসমূহৰ বিষয়ে নিশ্চিত হৈ থাকিব পাৰে । জীৱন ধাৰণৰ বাবে অপৰিহাৰ্য প্ৰয়োজনসমূহ সহজে পূৰণ হোৱা বাবে সদস্যসকলে নিৰাপত্তা অনুভৱ কৰে ।
খ) সংযুক্ত পৰিয়ালৰ সদস্যসকলৰ মাজত কৰ্ম বিভাজন থাকে ।  সদস্য এজনৰ বয়স, লিংগ, আৰু সামৰ্থ, অনুসৰি  পৰিয়ালৰ প্ৰয়োজনীয় কাম-কাজবোৰ ভাগ কৰা হয় ।
গ) সংযুক্ত পৰিয়ালৰ সদস্যসকলে কম শ্ৰমতে অধিক কাম কৰিবলৈ সমৰ্থ হয়, কিয়নো সদস্য সকলে  যাৱতীয় কাম-কাজবোৰ লগে-ভাগে কৰে । 
ঘ) সংযুক্ত পৰিয়ালৰ সদস্যসকলৰ মাজত প্ৰগাঢ় পাৰস্পৰিক সহায়-সহযোগিতা পৰিলক্ষিত হয় ।
ঙ) একান্নৱৰ্তী বা সংযুক্ত পৰিয়ালৰ শিশুসকলে বয়স্ক আত্মীয়সকলৰ নিকট সান্নিধ্যত নিজৰ সমাজখনৰ ঐতিহ্য পৰম্পৰাৰ লগত পৰিচিত হোৱাৰ হোৱাৰ সুবিধা লাভ কৰে ।
চ) একান্নৱৰ্তী বা যৌথ পৰিয়ালৰ প্ৰমুখ ব্যক্তি গৰাকীৰ মহানুভৱতা, সংযম আৰু ত্যাগৰ কাৰণে পৰিচালিত ঐক্য আৰু সম্প্ৰীতি অব্যাহত থাকে । 

৩৫. সংযুক্ত পৰিয়ালৰ কুফল কেইটা আৰু কি কি ।
উত্তৰঃ  সংযুক্ত পৰিয়ালৰ কুফল ছয়টা যেনে 
ক) একান্নৱৰ্তী বা সংযুক্ত পৰিয়ালত অন্ন, বস্ত্ৰ আদি মৌলিক প্ৰয়োজনসমূহ সহজে পূৰণ হোৱাত বহু সদস্যই কৰ্মবিহীন অলস জীৱন-যাপন কৰে । তাৰ ফলত পৰিয়ালৰ আৰ্থিক উন্নতিৰ স্থবিৰতা আহে ।
খ) এনে পৰিয়ালৰ উদ্যোগী সদস্যসকলে নিজৰ উপাৰ্জন সকলো সদস্যৰ মাজত ভাগ কৰিবলগীয়া হোৱাত তেওঁলোকে অসন্তষ্ট হয় । তাৰ ফলতে তেওঁলোকে দেহে-কেহে পৰিশ্ৰম কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰে ।
গ) একান্নৱৰ্তী বা সংযুক্ত পৰিয়ালৰ সদস্যসকলৰ মাজত বিভিন্ন কাৰণত মানসিক সংঘাতৰ সৃষ্টি হয় । ইয়াৰ ফলত উদ্ভৱ হোৱা দন্দ্ধ-পৰিয়ালে পৰিয়ালটোৰ সুখ-শান্তি নাইকিয়া কৰে ।
ঘ) এনে পৰিয়ালে সদস্যসমূহৰ প্ৰাথমিক প্ৰয়োজনবোৰ পূৰণ কৰাত উপাৰ্জনক্ষম হোৱাৰ বহু আগতে সদস্য সকল বিবাহপাশত আবদ্ধ হয় আৰু অধিক সন্তান জন্ম দি জনসংখ্যা বৃদ্ধিৰ সমস্যা আৰু জটিল কৰি তোলে ।
ঙ) সীমিত কৃষিভূমিত প্ৰয়োজনতকৈ অধিক লোক নিযুক্তি হোৱাৰ ফলত জনমূৰি হিিচাপে কৰা খাদ্য-শস্যৰ পৰিমাণ কমি যায় ।
চ) আনৰ ওপৰত নিৰ্ভৰ কৰি সুদীৰ্ঘকাল অতিবাহিত কৰাৰ কাৰণে সংযুক্ত পৰিয়ালৰ সদস্যসকলৰ মাজত স্বাৱলম্বী হোৱাৰ মনোভাৱ গঢ় লৈ উঠা দেখা নাযায় ।

৩৬. বিবাহৰ ভিত্তিত পৰিয়ালসমূহক কেইটা ভাগত ভগাব পাৰি আৰু কি কি 
উত্তৰঃ  বিবাহৰ ভিত্তিত পৰিয়ালসমূহক চাৰিটা ভাগত ভগাব পাৰি যেনে 
ক) এক বৈবাহিক পৰিয়াল ।
খ) বহুপত্নীক পৰিয়াল ।
গ) বহুপতিক পৰিয়াল ।
ঘ) বহুপতিক-বহুপত্নীক পৰিয়াল ।

৩৭. এক বৈবাহিক পৰিয়াল কাক বোলে ।
উত্তৰঃ  এজন পুৰুষে এগৰাকী নাৰীৰ সৈতে বিবাহ বন্ধনত আৱদ্ধ হৈ যি পৰিয়ালৰ সৃষ্টি কৰে, তেনে পৰিয়ালক এক বৈবাহিক পৰিয়াল বোলে ।

৩৮. এক বৈবাহিক পৰিয়ালৰ অৱস্থিতি দেখা দুটা সম্প্ৰদায়ৰ নাম লিখা ।
উত্তৰঃ  এক বৈবাহিক পৰিয়ালৰ অৱস্থিতি দেখা দুটা সম্প্ৰদায়ৰ নাম হল 
ক) অসমৰ তাই-ফাকে ।
খ) মেঘালয়ৰ খাছি ।

৩৯. বহুপত্নীক পৰিয়াল কাক বোলে ।
উত্তৰঃ  এজন পুৰুষে কেইবাগৰাকী নাৰীক একে সময়তে বিয়া কৰালে যি পৰিয়ালৰ উদ্ভৱ হয় তাকে বহুপত্নীক পৰিয়াল বোলে ।

৪০. বহুপত্নীক পৰিয়ালৰ দুটা উদাহৰণ দিয়া ।
উত্তৰঃ  বহুপত্নীক পৰিয়টালৰ দুটা উদাহৰণ হল 
ক) আফ্ৰিকাৰ টাংগানিকাৰ হেহে৫ ।
খ) ন্যাকোছা

৪১. বহুপতিক পৰিয়াল কাক বোলে ।
উত্তৰঃ এগৰাকী নাৰীয়ে কেইবাগৰাকী পুৰুষক একে সময়তে বিয়া কৰালে যি পৰিয়াল উদ্ভৱ হয় তাক বহুপতিক পৰিয়াল বোলে ।

৪২.  বহুপতিক পৰিয়ালৰ দুটা উদাহৰণ দিয়া ।
উত্তৰঃ বহুপতিক পৰিয়ালৰ দুটা উদাহৰণ হল 
ক) নীলগিৰি  পাহাৰৰ টোডা ।
খ) উত্তৰ প্ৰদেশৰ হিমালয় অঞ্চলত বাস কৰা জোনচাৰী ।

৪৩. বহুপতিক-বহুপত্নীক পৰিয়াল কাক বোলে ।
উত্তৰঃ  কেইবাজনো লোকে উমৈহতীয়াভাৱে কেইবাগৰাকীও নাৰীৰ লগত বসবাস কৰাৰ ফলত যি পৰিয়ালৰ সৃষ্টি হয় তেনে পৰিয়ালক বহুপতিক-বহুপত্নীক পৰিয়াল বোলে । 

৪৪. বহুপতিক-বহুপত্নীক পৰিয়ালৰ দুটা উদাহৰণ দিয়া ।
উত্তৰঃ  বহুপতিক-বহুপত্নীক পৰিয়ালৰ দুটা উদাহৰণ হল 
ক) ব্ৰাজিলৰ কাইনগাং ।
খ) পলিনেছীয় দীপপুঞ্জৰ অধিবাসী মাৰকুৱেছা ।

৪৫. পিতৃস্থানিক নিবাস কাক বোলে ।
উত্তৰঃ  বিয়াৰ পাছত নৱ-দম্পতিয়ে দৰাৰ পিতৃ ঘৰত থাকিলে তাক পিতৃস্থানিক নিৱাস বোলে  ।

৪৬. পিতৃস্থানিক বিবাহৰ ৰীতি কত প্ৰচলিত হৈ আছে ।
উত্তৰঃ  পিতৃস্থানিক বিবাহৰ ৰীতি প্ৰচলিত অৰুণাচলৰ নিচি, নক্তে, ৱাঞ্চু আদি ঠাইত হৈ আছে ।

৪৭. মাতৃস্থানিক নিৱাস কাক বোলে ।
উত্তৰঃ বিয়াৰ পাছত নৱ দম্পতিয়ে কইনাৰ মাতৃগৃহত থাকিলে তাক মাতৃস্থানিক নিবা,স বুলি কোৱা হয় ।

৪৮. মাতৃপ্ৰধান সমাজৰ প্ৰচলন দেখা দুটা সম্প্ৰদায়ৰ নাম লিখা ।
উত্তৰঃ  মাতৃপ্ৰধান সমাজৰ প্ৰচলন হোৱা দুটা সম্প্ৰদায়ৰ নাম হল 
ক) খাছি ।
 খ) গাৰো । 

 ৪৯. মাতৃ-পিতৃস্থানিক নিৱাস কাক বোলে ।
উত্তৰঃ  কোনো সমাজত বিবাহৰ পিছতেই পত্নীয়ে পিতৃগৃহ ত্যাগ নকৰে । প্ৰথম সন্তানৰ জন্ম নোহোৱালৈকে , কেতিয়াবা তাতকৈয়ো সৰহ দিন পত্নীগৰাকী জন্ম পৰিয়ালতে থাকে । এনে বিবাহক মাতৃ-পিতৃস্থানিক নিৱাস বোলে ।

৫০. দ্বি-স্থানিক নিৱাস কাক বোলে ।
উত্তৰঃ  জনজাতীয় সমাজত বিয়াৰ পাছত নৱ দম্পতিয়ে পিতৃস্থানিক বা মাতৃস্থানিক নিৱাসত বসতি কৰা দেখা যায় । এনে বিবাহক বা ৰীতি-নীতিক দ্বি-স্থানিক নিৱাস বোলে ।

৫১. মাতুল স্থানিক নিৱাস কাক বোলে ।
উত্তৰঃ বিবাহৰ পাছত নৱ-দম্পতিয়ে স্বামীৰ মোমায়েকৰ ঘৰত থাকিবলৈ ললে তেনে নিৱাসক মাতুল স্থানিক নিৱাস বুলি কোৱা হয় । 

৫২. মাতুল স্থানিক নিৱাসৰ পাৰস্পৰিক ৰীতি কোন সমাজত দেখা যায় ।
উত্তৰঃ  মাতুল স্থানিক নিৱাসৰ পাৰস্পৰিক ৰীতি ইয়াক, হাইডা আদি সমাজত দেখা যায় ।

 ৫৩. নৱস্থানিক নিৱাস কাক বোলে ।
উত্তৰঃ  বিবাহৰ পাছত কোনো দম্পতিয়ে যদি স্বামী বা স্ত্ৰীৰ পৰিয়াল বা স্বামীৰ মাতুল পৰিয়ালত বসবাস নকৰি স্বতন্তৰীয়াকৈ আবাস গৃহ নিৰ্মাণ কৰি বসবাস কৰিবলৈ লয়, তেনে বিবাহোত্তৰ নিৱাসক নৱস্থানিক নিৱাস বোলে ।

৫৪. বংশানুক্ৰম কাক বোলে ।
উত্তৰঃ  আত্মীয় গোট এটাৰ সদস্য পদ, প্ৰস্থিতি, উপাধি আদি পূৰ্ূপুৰুষৰ পৰা উত্তৰ পুৰুষলৈ সঞ্চাৰিত হোৱা ৰীতিকে বংশানুক্ৰম বোলা হয় । 

৫৫. বংশানুক্ৰমৰ দুটা গুৰুত্বপূৰ্ণ নীতিৰ বিষয়ে লিখা ।
উত্তৰঃ  বংশানুক্ৰমৰ দুটা গুৰুত্বপূৰ্ণ নীতি হল 
ক)  বংশানুক্ৰমে স্বয়ংক্ৰিয়ভাৱে এজন লোকক তেওঁৰ সমাজৰ ব্যক্তি কিছুমানৰ লগত সামাজিক সম্পৰ্কেৰে জড়িত কৰে । এই সম্পৰ্কই এজন ব্যক্তিৰ সামাজিক অধিকাৰ আৰু দায়িত্ব অৰ্পণ কৰে ।  পাৰস্পৰিক সহায়-সহযোগিতাৰ উপৰিও এই অধিকাৰ আৰু দায়িত্বই এজন লোকৰ বৈবাহিক আৰু যৌন জীৱনো নিয়ন্ত্ৰণ কৰে ।

খ) বংশানুক্ৰমে কিছুপৰিমাণে উত্তৰাধিকাৰো নিৰ্ণয় কৰে । সমাজ বিশেষত কাৰ সম্পত্তি কোন আত্মীয়ই লাভ কৰিব , তাকো বংশানুক্ৰমে অনুমোদন কৰে । ক্ষেত্ৰবিশেষে বংশানুক্ৰমে পদাধিকাৰ ক্ৰমো নিৰূপণ কৰে । 

৫৬. বংশানুক্ৰম কেইপ্ৰকাৰৰ আৰু কি কি ।
উত্তৰঃ  বংশানুক্ৰম চাৰিপ্ৰকাৰৰ যেনে 
ক) একপাৰ্শ্বিক বংশানুক্ৰম ।
খ) দ্বি-পাশ্বিক বংশানুক্ৰম ।
গ) যুগ্ম বংশানুক্ৰম ।
ঘ) স্বৈচ্ছিক বংশানুক্ৰম ।

৫৭. একপাৰ্শিক বংশানুক্ৰম কাক বোলে ।
উত্তৰঃ  যি বংশানুক্ৰম নীতি অনুযায়ী সন্তানে পিতৃ বা মাতৃ যিকোনো একপক্ষৰ উত্তৰাধিকাৰ গ্ৰহণ কৰে , তাকে একপাৰ্শ্বিক বংশানুক্ৰম বোলে ।

৫৮. একপাৰ্শ্বিক বংশানুক্ৰম কেইপ্ৰকাৰৰ আৰু কি কি ।
উত্তৰঃ একপাৰ্শ্বিক বংশানুক্ৰম দুই প্ৰকাৰৰ যেনে 
ক) পিতৃসূত্ৰী বংশানুক্ৰম ।
খ) মাতৃসূত্ৰী বংশানুক্ৰম । 

৫৯. পিতৃসূত্ৰী বংশানুক্ৰমৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ  বংশাক্নুৰমিক নীতি অনুসৰি সন্তানে পিতৃপক্ষৰ পৰা উত্তৰাধিকাৰ গ্ৰহণ কৰিলে, তাক পিতৃসূত্ৰী বংশানুক্ৰম  বোলে । পৃথিৱীৰ সৰহভাগ সমাজে পিতৃসূত্ৰী বংশানুক্ৰম অনুসৰণ কৰে । ভাৰতৰ বিভিন্ন প্ৰান্তৰ আপাটানি, আদি, মিচি, শ্বেৰডুকপেন, নগা, মিজো, কাৰ্বি, চেঞ্চু, কাদাৰ, ওৰাও ইত্যাদি বিভিন্ন জনজাতীয় সম্প্ৰদায়ে পিতৃসূত্ৰী বংশানুক্ৰম মানি চলে ।
 
৬০. মাতৃসূত্ৰী বংশানুক্ৰমৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ বংশানুক্ৰমিক নীতি অনুসৰি সন্তানে মাতৃপক্ষৰ পৰা গ্ৰহণ কৰিলে, তাক মাতৃসূত্ৰী  বংশানুক্ৰম বোলে । এই বংশানুক্ৰমিক নীতি অনুসৰি নাৰীয়ে উত্তৰাধিকাৰ সূত্ৰে বা সা-সম্পত্তিৰ ভাগ পায় । মাতৃপ্ৰধান সমাজত কনিষ্ঠা ছেৱালীয়ে মাকৰ পাছত উত্তৰাধিকাৰ সূত্ৰে সম্পত্তিৰ গৰাকী হয় । কিন্তু গাৰো সমাজত সকলো ছোৱালীয়েই সম্পত্তিৰ ভাগ পায় । সকলো মাতৃপ্ৰধান সমাজতে উপাধিবোৰ মাইকী মানুহৰ জৰিয়তেহে সঞ্চাৰিত হয় । বিবাহৰ পাছত মতা মানুহে স্ত্ৰীৰ উপাধি লয় । লৰা-ছোৱালীয়েও মাকৰ উপাধি লয় । গাৰো, খাছিৰ উপৰিও হপি, জুনি, ডবুৱান, নায়াৰ, হাইডা আদি জনজাতীয় সমাজত মাতৃসূত্ৰী বংশানুক্ৰম এক পাৰস্পৰিক নীতি ।

৬১. দ্বি-পাৰ্শ্বিক বংশানুক্ৰমৰ অৱস্থিতি পৰিলক্ষিত হোৱা তিনিখন সমাজৰ নাম লিখা ।
উত্তৰঃ  দ্বি-পাৰ্শ্বিক বংশানুক্ৰমৰ অৱস্থিতি পৰিলক্ষিত হোৱা তিনিখন ঠাইৰ নাম হল 
ক) ছুকছী ।
খ) ছেমাং 
গ) জুকুন ।

৬২. যুগ্ম বংশানুক্ৰমৰ বিষয়ে লিখা ।
উত্তৰঃ  যি বংশানুক্ৰমিক নীতি অনুযায়ী এজন লোকে একে সময়তে পিতৃসূত্ৰী আৰু মাতৃসূত্ৰী উভয়গোটত অৰ্ন্তভূক্তি লাভ কৰে, তাকে যুগ্ম বংশানুক্ৰম বোলে । বিশেষ উদ্দেশ্যৰ বাবে কোনে কোনো সমাজত একেজন লোকেই কোনো ক্ষেত্ৰত পুৰুষ আৰু কোনো ক্ষেত্ৰত নাৰী ৰেখাৰে বংশানুক্ৰম নিৰ্ণয় কৰা দেখা যায় । সমাজ বিশেষত স্থাৱৰ সম্পত্তি পুৰুষ ৰেখাৰে আৰু অস্থাৱৰ সম্পত্তি নাৰী ৰেখাৰে সঞ্চাৰিত হয় । নাইজেৰিয়াৰ যাকসকলৰ মাজত যুগ্ম বংশানুক্ৰমিক নীতি প্ৰচলিত ।

৬৩.স্বৈচ্ছিক বংশানুক্ৰম নীতি কাক বোলে ।
উত্তৰঃ  যি বংশানুক্ৰমিক নীতি অনুযায়ী কোনো লোকে তেওঁৰ পিতৃপক্ষীয় বংশানুক্ৰম অনুসৰণ কৰিব নে মাতৃপক্ষীয় বংশানুক্ৰম অনুসৰণ কৰিব, স্ব-ইচ্ছাই স্থিৰ কৰি লব পাৰে , তাকে স্বৈচ্ছিক বংশানুক্ৰম বোলে । 

৬৪. মাওৰীসকলৰ স্বৈচ্ছিক সংগঠনটোৰ নাম কি ।
উত্তৰঃ মাওৰীসকলৰ স্বৈচ্ছিক সংগঠনটোৰ নাম হল হাপু ।

৬৫. ইবান সমাজত গঠন হোৱা পৰিয়ালটোৰ নাম কি ।
উত্তৰঃ ইবান সমাজত গঠন হোৱা পৰিয়ালটোৰ নাম হল বিলেক । 

৬৬. স্বৈচ্ছিক বংশানুক্ৰমৰ পৰিলক্ষিত হোৱা দুখন ঠাইৰ নাম লিখা ।
উত্তৰঃ  স্বৈচ্ছিক বংশানুক্ৰমৰ পৰিলক্ষিত হোৱা দুখন ঠাইৰ নাম হল 
ক) বৰ্ণিঅৰ ইবান ।
খ) নিউজিলেণ্ডৰ মাওৰী । 


Type By- Ali Rani Kakati


Use the ACCELERATE button to stay in the air

How long can you stay alive?