অধ্য়ায়- 3

অনুশীলনী - 3 (B)

1. এটা সংখ্য়াৰ তিনিগুণৰ লগত 9 যোগ কৰিলে 45 হয়। সংখ্য়াটো        কি?

2. তিনিটা ক্ৰমিক অখণ্ড সংখ্য়াৰ যোগফল সৰু সংখ্য়াটোৰ দুগুণতকৈ 10 বেছি। সংখ্য়াকেইটা উলিওৱা। 

3. এটা সংখ্য়াৰ আৰু ইয়াৰ অৰ্ধাংশৰ যোগফল 72। সংখ্য়াটো কি?

4. এটা সংখ্য়াক ইয়াৰ দুই-তৃতীয়াংশৰ লগত যোগ কৰিলে যোগফল 55 হয়। সংখ্য়াটো উলিওৱা।

5. তিনিটা ক্ৰমিক সংখ্য়াৰ যোগফল । সংখ্য়াকইটা উলিওৱা।

6. এটা সংখ্য়াৰ  অংশ সংখ্য়াটোতকৈ 20 কম। সংখ্য়াটো উলিওৱা।

7. এটা সংখ্য়াৰ লগত 3পাৰণ কৰি 5 যোগ দিয়াত 20 পোৱা গ'ল। সংখ্য়াটো কি?

8. তিনিটা ক্ৰমিক যুগ্ম সংখ্য়াৰ যোগফল 96 হ'লে সংখ্য়াকেইটা উলিওৱা।

9.  এটা সংখ্য়াৰ তিনিগুণৰ পৰা 6 বিয়োগ কৰিলে 45 হয়। সংখ্য়াটো কি?

10. অনন্য়াৰ হাতত কিছুমান পাঁচটকীয়া আৰু দুটকীয়া মুদ্ৰা আছে। দুটকীয়া মুদ্ৰাৰ সংখ্য়া পাঁচটকীয়া মিদ্ৰাৰ সংখ্য়াৰ চাৰিগুণ। তেওঁৰ হাতত মুঠতে 117 টকা আছে তেওঁৰ হাতত থকা পাঁটচকীয়া আৰু দুচকীয়া মুদ্ৰাৰ সংখ্য়া উলিওৱা।

11. মৌচুমীৰ বয়স 20 বছৰ আৰু কমলাৰ বয়স 4 বছৰ। কিমান বছৰ পিছত বয়স, কমলাৰ বয়সৰ দুগুণ হ'ব?

12. এটা আয়তৰ দীঘ, প্ৰস্থৰ দুগুণতকৈ 3 মিটাৰ বেছি। আয়তটোৰ পৰিসীমা 246 মিটাৰ হ'লে, ইয়াৰ দীঘ, প্ৰস্থ নিৰ্ণয় কৰা ।

13. প্ৰতিকিগ্ৰা.ত 90 টকামুল্য়ৰ 10 কিগ্ৰা, চাহপাতৰ লগত প্ৰতি কিগ্ৰা,ত 72 টকা মুল্য়ৰ কিমান চাহপাত মিহলি কৰিলে, মিশ্ৰণটো প্ৰতি কিগ্ৰা.ত 789 টকা মুল্য়ত বিক্ৰী কৰলে চাহপাতখিনিৰ কিনা দাম আৰু বেচা দাম এতকে হ'ব?

14. A আৰু Bৰ মাজত 7100 টকা এনেদৰে ভগোৱা যাতে A য়ে পোৱা টকাৰ এক পঞ্চমাংশ B য়ে পোৱা টকাৰ এক ষষ্ঠাংশতকৈ 155 টকা বেছি।

15. দুটা অংকবিশিষ্ট সংখ্য়া এটাৰ এককৰ স্থানৰ অংক 3 । সংখ্য়াটো অংক দুটাৰ যোগফল 7 গুণ। সংখ্য়াটো নিৰ্ণয় কৰা।

16. এটা ভগ্নাংশৰ হৰ লবতকৈ 3 ডাঙৰ। যদি ভগ্নাংশটোৰ লবৰ পৰা 3 বিয়োগ কৰা হয় আৰু হৰৰ ৱগত 2 যোগ কৰা হয়, তেনেহ'লে নতুন ভগ্নাংশটো হ'ব  । ভগ্নাংশটো নিৰ্ণয় কৰা ।

17. হৰিশৰ হাতত কিছুমান দহটকীয়া আৰু পাঁচটকীয়া নোট আছে। তেওঁৰ হাতত থকা পাঁচটকীয়া আৰকু দহটকীয়া নোটৰ সংখ্য়াতকৈ এক বেছি। তেওঁৰ হাতত মুঠতে 80 টকা থাকিলে পাঁচটকীয়া আৰু দহটকীয়া লোটৰ সংখ্য়া উলিওৱা।

18. এখন গাড়ীয়ে 30 কিনি./ ঘণ্টা বেগত গুৱাহাটী এৰিলে। আন এখন গাড়ীয়ে এক পথেৰে 1ঘণ্টা পলমকৈ যাত্ৰা আৰম্ভ কৰিলে। দ্বিতীয় গাড়ীখনৰ বেগ কিমান হ'লে প্ৰথম গাড়ীখনে যাত্ৰা কৰাৰ 3 ঘণ্টা পাছত দ্বিতীয় গাড়ীখলে প্ৰথম গাড়ীখনক লগ ধৰিব পাৰিব?

19. দুখন ৰে'লগাড়ী একে সময়তে এটা ষ্টেচনৰ পৰা পৰস্পৰ বিপৰীত দিশত যাত্ৰা কৰিলে। এখনৰ বেগ 28 কিমি./ঘণ্টা আৰু আনখনৰ বেগ 52 কিম./ঘণ্টা। কিমান সময়ৰ মূৰত গাড়ী দুখনৰ ব্য়ৱধান 480 কিমি, হ'ব?

20. দুটৰা অংকবিশিষ্ট সংখ্য়া এটাৰ অংক দুটাৰ যোগফল7 । যদি সংখ্য়াটোৰ অংক দুটাৰ স্থান সালসলনি কৰা হয়, তেনেহ'লে নতুন সংখ্য়াটো আগৰ সংখ্য়াটোতকৈ 9 সৰু হয়। সংখ্য়াটো নিৰ্ণয় কৰা।


Type -Rajashree Bora