পঞ্চম অধ্যায়
পৰিৱেশ প্ৰদূষণ
প্ৰশ্নাৱলী-
১। পৰিৱেশ প্ৰদূষণ মানে কি বুজা? বিভিন্ন প্ৰকাৰৰ প্ৰদূষণৰ বিষয়ে লিখা।
উত্তৰঃ মানুহৰ কাৰ্যকলাপৰ বাবে আমাৰ পৰিৱেশত যি অবাঞ্ছিত পৰিৱৰ্তন ঘটে তাক সাধাৰণতে পৰিৱেশ প্ৰদূষণ বুলি কোৱা হয়। প্ৰদূষণ হৈছে বতাহ, পানী আৰু মাটিৰ ভৌতিক ৰাসায়নিক আৰ জৈৱিক গুণাগুণৰ অবাঞ্ছিত পৰিৱৰ্তন- যি মানুহ, জীৱ-জন্তু, অন্য়ান্য় জীৱ আৰু সম্পত্তিৰ ক্ষতি সাধন কৰে।
বিভিন্ন প্ৰকাৰৰ প্ৰদূষণৰ নাম হ'ল-
(ক) বায়ু প্ৰদূষণ (Air pollution)
(খ) জল প্ৰদূষণ (Water pollution)
(গ) ভূমি প্ৰদূষণ (Soil pollution)
প্ৰদূষক অনুসৰি প্ৰদূষণ নিন্মোক্ত প্ৰকাৰৰ হ'ব পাৰে-
(ক) তাপ প্ৰদূষণ (Thermal pollution)
(খ) শব্দ প্ৰদূষণ (Noise pollution)
(গ) তেজষ্ক্ৰিয় প্ৰদূষণ (Radioactive pollution)
(ঘ) গোটা আৰ্বজনাৰ প্ৰদূষণ (Soild waste pollution)
(ঙ) তৈল প্ৰদূষণ (Oil pollution)
(চ) ঔদ্যোগিক প্ৰদূষণ (Industrial pollution)
(ছ) সাগৰীয় প্ৰদূষণ (Marine pollution)
২। বায়ু প্ৰদূষণ কি? বায়ু প্ৰদূষণৰ উৎসসমূহ চিনাক্ত কৰা।
উত্তৰঃ যি পৰিমাণ আৰু যি সময়ৰ বাবে বায়ুত এটা বা একাধিক পৰিমাণৰ অনিষ্টকাৰী দ্ৰব্য়ৰ উপস্থিতিয়ে স্বাস্থ্য আৰু জনকল্য়াণৰ বাবে ক্ষতিকৰ বা ক্ষতি কৰিব পাৰে আৰু আন জীৱ-জন্তু বা গছ-গছনিৰো ক্ষতি কৰে তাকো বায়ু প্ৰদূষণ বুলি কোৱা হয়।
বায়ু প্ৰদূষণৰ উৎসসমূহ হ'ল-
১। প্ৰাকৃতিক উৎস-
(ক) আগ্নেয়গিৰিৰ উদগীৰণ
(খ) বনজুই
(গ) জৈৱিক আৰু অজৈৱিক দ্ৰব্যৰ স্বাভাৱিক আৰু গেলি-পচি যোৱা কাৰ্য
(ঘ) ধূলি
(ঙ) ফুলৰ ৰেণু
(চ) ভেঁকুৰৰ স্প'ৰ
(ছ) তেজষ্ক্ৰিয় পদাৰ্থ
২। মানুহে সৃষ্টি কৰা উৎসসমূহ
(ক) বনাঞ্চল ধ্বংস
(খ) যান-বাহনৰ পৰা ধোঁৱা নিৰ্গমন
৩। মানৱ শৰীৰত বায়ু প্ৰদূষণৰ প্ৰভাৱৰ বিষয়ে উল্লেখ কৰা।
উত্তৰঃ
৪। জল প্ৰদূষণ কি? মানৱ শৰীৰত বায়ু প্ৰদূষণৰ প্ৰভাৱসমূহ কি কি?
উত্তৰঃ পানীত অবাঞ্ছিত অতিৰিক্ত দ্ৰব্য মিহলি হৈ মানুহ, জীৱ-জন্তু আৰু জলজ প্ৰাণীৰ বাবে ক্ষতিকৰ হৈ পৰাকে জল প্ৰদূষণ বুলি কোৱা হয়।
মানৱ শৰীৰত জল প্ৰদূষণৰ প্ৰভাৱসমূহ হ'ল-
(ক) টাইফইড- ছেলমনেলা টাইফি
(খ) কলেৰা- ভিব্ৰিঅ' কলেৰা
(গ) ডিচেন্ট্ৰি- ছিজেলা
(ঘ) ডায়েৰিয়া- ক্ৰিপ্টছপৰিডিয়াম
(ঙ) জিয়াৰডিয়াছিছ- জিয়াৰডিয়া লেম্বলিয়া
(চ) ডায়েৰিয়া- ই-কলি
(ছ) গেষ্ট্ৰ'এণ্টাৰাইটিছ- বিভিন্ন ভাইৰাছ
(জ) পলিঅ'- পলিঅ' ভাইৰাছ।
৫। ভূমি প্ৰদূষণ কি? ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি?
উত্তৰঃ মাটিত ঘৰুৱা আৰু ঔদ্যোগিক বৰ্জিত পদাৰ্থকে ধৰি বিভিন্ন ধৰণৰ জমা কৰা আৱৰ্জনা, কৃষিভূমিত ব্যৱহাৰ কৰা কীটনাশক দ্ৰব্য আদিৰ বাবে মাটি প্ৰদূষিত হয়। বিভিন্ন ধৰণৰ বিষাক্ত দ্ৰব্য মিহলি হোৱাৰ ফলত মাটিৰ উৰ্বৰতা হ্ৰাস পায় ফলত মাটি প্ৰদূষিত হয়। ইয়াকে ভূমি প্ৰদূষণ বুলি কোৱা হয়।
ভূমি প্ৰদূষণ নিয়ন্ত্ৰৰ ব্যৱস্থা কেইটামান হ'ল-
(ক) উদ্যোগৰ বৰ্জিত পদাৰ্থসমূহক মাটিত এৰি দিয়াৰ পূৰ্বে সেইসমূহক ভালদৰে পৰিশোধন কৰিব লাগে।
(খ) গোটা আৱৰ্জনাসমূহক উৎসতে জৈৱবিয়োজনীয় (biodegradable) আৰু জৈৱঅবিয়োজনীয় (non biodegradable) হিচাপে ভাগ কৰি ফলপ্ৰসূ বৈজ্ঞানিক পদ্ধতিৰে সেইসমূহৰ বিয়োজন ঘটাব লাগে।
(গ) ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱ সাৰৰ প্ৰয়োগত উদগনি যোগোৱা উচিত।
(ঘ) ৰাসায়নিক কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰা উচিত।
(ঙ) মাটিত থকা বিষাক্ত ৰাসায়নিক পদাৰ্থসমূহ দূৰ কৰিবৰ বাবে জৈৱ পৰিচৰ্যা (bioremediation) পদ্ধতি অৱলম্বন কৰিব পৰা যায় ৷
(চ) ভূমি প্ৰদূষিত কৰাত যিসকল জড়িত সেইসমূহৰ শাস্তিমূলক ব্যৱস্থা ল'বৰ বাবে প্ৰয়োজনীয় আইন প্ৰৱৰ্তন কৰা উচিত।
(ছ) মানুহৰ মাজত সজাগতা সৃষ্টি কৰা উচিত।
৬। গোটা আৰ্ৱজনা কি? সেইবোৰক কিদৰে ভাগ কৰা হয়? উদাহৰণ দিয়া।
উত্তৰঃ ঘৰুৱা, ব্যৱসায়িক, প্ৰতিষ্ঠানিক, কৃষি, খনন আৰু ঔদ্যোগিক কাম-কাজৰ ফলত গোটা আৱৰ্জনা সৃষ্টি হয়। এইসমূহক ব্য়ৱহাৰৰ অনুপযোগী আৰু অনাৱশ্যকীয় বুলি পেলাই দিয়া আৱৰ্জনাক গোটা আৱৰ্জনা বোলে। অৰ্থাৎ ভুল ঠাইত পেলাই দিয়া সামগ্ৰীক গোটা আৱৰ্জনা বুলি কোৱা হয়।
৭। গোটা আৱৰ্জনাৰ পৰিৱেশগত প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ গোটা আৱৰ্জনাৰ ফলত পৰিৱেশত বিভিন্ন সমস্যাৰ সৃষ্টি হয়। সেইবোৰ হ'ল-
- জাবৰ পেলোৱা ঠাইখিনি দূষিত হৈ পৰে, যি ঠাইত বেমাৰৰ বীজাণু কঢ়িওৱা এন্দুৰ-নিগনি আৰু মাখিয়ে বংশবৃদ্ধি কৰে।
- অণুজীৱৰ জৰিয়তে গোটা আৱৰ্জনাৰ পচন হোৱা বাবে চাৰিওফালৰ ঠাইখিনিত মিথেন গেছ নিৰ্গত হয়।
- গোটা জাবৰৰ পৰা ওলোৱা বা তাৰ মাজেৰে বৈ অহা গেলা পানীখিনি মূৰকত মাটি, মুকলি উৎসৰ পানী আৰু ভূ-গৰ্ভৰ পানীত মিহলি হয়।
- গোটা আৱৰ্জনাত বিভিন্ন ধৰণৰ সামগ্ৰী মিহলি হৈ থাকে আৰু এইবোৰক কোনো পৰ্যায়ত পৃথক কৰা নহয়। এই আৱৰ্জনাৰ মাজত উদ্যোগ, চিকিৎসালয়, নাৰ্ছিং, হোম, ঘৰুৱা কাম-কাজ আদিৰ পৰা সৃষ্টি হোৱা বিভিন্ন ধৰণৰ বৰ্জিত পদাৰ্থ থাকে।
- আৱৰ্জনাৰ দ'মৰ পৰা বৈ অহা লেতেৰা পানীত বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য মিহলি হৈ থাকে আৰু এইসমূহ ভূগৰ্ভৰ পানী প্ৰদূষিত কৰে।
- জাবৰ পেলোৱা ঠাইখিনিৰ মাটিৰ ওপৰভাগত পকী নোহোৱা বাবে বা আন কোনো আৱৰণী নথকা বাবে লেতেৰা পানী মাটিৰ তললৈ প্ৰৱেশ কৰি সমস্য়া বৃদ্ধি কৰে।
- আৱৰ্জনা জমা কৰা ঠাইখনৰ ওচৰত বসবাস কৰা লোকসকলৰ স্বাস্থ্যৰ ক্ষতি হোৱাটো অৱধাৰিত, ইয়াক এৰাই চলিব নোৱাৰে।
- বৰ্তমান প্ৰত্যেকৰে ঘৰে ঘৰে গৈ আৱৰ্জনা সংগ্ৰহ কৰি আনটো সময়ৰ অপচয় আৰু ইয়াৰ বাবে আৱৰ্জনা সংগ্ৰহৰ খৰচ বাঢ়ে।
- টেক্টৰ বা ট্ৰাকত মুকলিকৈ আৱৰ্জনা কঢ়িয়াই নিয়াটো অস্বাস্থ্যকৰ আৰু ই চহৰৰ নান্দনিক সৌন্দৰ্যও নষ্ট কৰে।
৮। গোটা আৱৰ্জনাৰ পৰিচালনাৰ বাবে দুটা পদ্ধতি উল্লেখ কৰা।
উত্তৰঃ
৯। শব্দ প্ৰদূষণ মানে কি? মানৱ শৰীৰত হ'ব পৰা ইয়াৰ দুটা প্ৰভাৱ উল্লেখ কৰা।
উত্তৰঃ মানুহৰ বা জন্তুৰ জীৱনৰ কাৰ্যকলাপৰ ওপৰত বিভিন্ন ক্ষতিকাৰক প্ৰভাৱ পেলোৱা শব্দ প্ৰদূষণ হৈছে অণুৰ সংঘৰ্ষত সৃষ্টি হোৱা এক কম্পন বা তৰঙ্গ, যি কোনো মাধ্যমৰ দ্বাৰা আহি কাণত অনুভূত হয়।
শব্দ প্ৰদূষণৰ দ্বাৰা মানৱ শৰীৰত হ'ব পৰা দুটা প্ৰভাৱ হ'ল-
(ক) শব্দ প্ৰদূষণে শ্ৰৱণ শক্তি ক্ৰমাৎ হ্ৰাস কৰি আনে আৰু মূৰকত মানুহ কলা বা একো নুশুনা হৈ পৰে।
(খ) বাৰ্তালাপত অসুবিধা, বিৰক্তি ভাব ওপজা, মানসিক উদ্বেগ, মানসিক চাপ অনুভৱ কৰা, খিংখিঙীয়া স্বভাৱ আৰু উগ্ৰ আচৰণ কৰা আদি শব্দ প্ৰদূষণৰ অশ্ৰৱণ প্ৰভাৱৰ ফলত মানৱ শৰীৰত দেখা দিয়ে।
১০। খোৱা পানীৰ উৎস পৰিষ্কাৰ আৰু নিৰাপদ কৰি ৰাখিবলৈ কি কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি?
উত্তৰঃ খোৱা পানী উৎস পৰিষ্কাৰ আৰু নিৰাপদ কৰি ৰাখিবলৈ গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সমূহ হ'ল-
(ক) স্থান ঃ শৌচাগাৰ, বৰ্জিত পদাৰ্থৰ নলা, আৱৰ্জনা আদিৰ পৰা পানীৰ উৎস অতি কমেও ১০ মিটাৰৰ পৰা ১৫ মিটাৰৰ আঁতৰৰ উচ্চ ঠাইত থকা উচিত।
(খ) মঞ্চঃ টিউবৱেল আৰু পকী কুঁৱাৰ চাৰিওফালে প্ৰায় ১ মিটাৰ ওখকৈ এখন পকী মঞ্চ বা আধাৰ সাজি দিব লাগে আৰু এই ঠাইত পানী যাতে জমা নহয় তাৰ বাবে নলা সাজিব লাগে। সাজি দিয়া পকী মঞ্চখন বিকৃত বা ভগ্ন হ'ব নালাগে।
(গ) নলাঃ লেতেৰা পানী যাতে জমা নহয় তাৰ বাবে পানীৰ উৎসৰ ওচৰৰ নলাৰ ব্যৱস্থা বিজ্ঞানসন্মত হোৱা উচিত । এই ঠাইত পেলনীয়া পানী জমা হ'বলৈ দিব নালাগে।
(ঘ) আৱৰণঃ কোনো বাহিৰা দ্রব্য বা বয়-বস্তু যাতে প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে পকী কুঁৱাৰ মুখখন ঢাকনিৰে বন্ধ কৰি ৰাখিব লাগে।
(ঙ) লাইনিংঃ বাহিৰৰ লেতেৰা পানী আৰু চাৰিওফালে জমা হোৱা পানী যাতে পকী কুঁৱাত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে কুঁৱাৰ চাৰিওফালে ছয় মিটাৰমান চিমেণ্ট আৰু শিলেৰে তলখন পকী কৰি দিব লাগে।
Answer by- Punya Hazarika
Post ID: DABP002159