সপ্তদশ অধ্যায়

উত্তৰ-স্বাধীনতা কালৰ সাহিত্য 


চমু প্ৰশ্নউত্তৰঃ 

১। উত্তৰ-স্বাধীনতা যুগৰ কবিতাৰ ধাৰা কেইটা আৰু কি কি?

উত্তৰঃ উত্তৰ-স্বাধীনতা যুগৰ কবিতাৰ ধাৰা দুটা আৰু সেইকেইটা হৈছে- (১) পুৰণি ৰোমাণ্টিকধৰ্মী আৰু (২) গতানুগতিক ছন্দৰীতিত।

২। হৰি বৰকাকতি কবিতাৰ প্ৰধান বৈশিষ্ট্য কেইটা কি কি ?

উত্তৰঃ তেওঁৰ দুখন কবিতাৰ সংকলনত ( কোনোবা শীতৰ এক বগা সন্ধিয়াত, ১৯৭১), 'হৰি বৰকাকতিৰ কবিতা', (১৯৭৮) কবিৰ ছন্দকুশলতা আৰু প্ৰেমানুভূতি প্ৰকাশ দুটি প্ৰধান বৈশিষ্ট্য।

৩। প্ৰথম কবিতাৰ পুথি 'আমাৰ পৃথিৱী' কিমান চনত প্ৰকাশ পায়?

উত্তৰঃ প্ৰথম কবিতাৰ পুথি 'আমাৰ পৃথিৱী' ১৯৪৬ চনত প্ৰকাশ পায়।

৪। ড॰ নিৰ্মল প্ৰভা বৰদলৈ ৰচনা কৰা চাৰিখন কবিতা সংকলনৰ নাম কি কি ?

উত্তৰঃ ড॰ নিৰ্মল প্ৰভা বৰদলৈ ৰচনা কৰা চাৰিখন কবিতা সংকনৰ নাম হৈছে- ( 'বন ফৰিঙৰ ৰং' ১৯৬৭, 'দিনৰ পাছত দিন' ১৯৭৭, 'সমীপেষু' ১৯৭৭, 'অন্তৰঙ্গ' ১৯৭৮) হেৰোৱা দিনলৈ উভতি চোৱাৰ প্ৰৱণতা, মনত লগা কল্পচিত্ৰ , নৈসৰ্গিক প্ৰকৃতিৰ লগত আত্মিক বন্ধন আৰু ব্যক্তিগত আশা নিৰাশাৰ অনুপম চিত্ৰ কিছুমান কবিতাত অন্তস্পৰ্শীভাৱে প্ৰকাশ হৈছে। 

৫। প্ৰতীকী ৰচনাৰীতি ব্যৱহাৰৰ ক্ষেত্ৰত উল্লেখযোগ্য তিনিজন কবিৰ নাম লিখা।

উত্তৰঃ প্ৰতীকী ৰচনাৰীতি ব্যৱহাৰৰ ক্ষেত্ৰত উল্লেখযোগ্য তিনিজন কবিৰ নাম হৈছে- (১) নীলমণি ফুকন, (২) ভবেন বৰুৱা আৰু (৩) হৰেকৃষ্ণ ডেকা। 

৬। স্বাধীনোত্তৰ কালছোৱাৰ এজন লেখকৰ নাম লিখা।

উত্তৰঃ স্বাধীনোত্তৰ কালছোৱাৰ এজন লেখকৰ নাম হৈছে- পদ্ম বৰকটকী ।

৭। কৃষ্ণনাথ শৰ্মাৰ এখন গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ কৃষ্ণনাথ শৰ্মাৰ এখন গ্ৰন্থৰ নাম হৈছে- 'কৃষ্ণ শৰ্মাৰ ডায়েৰী'। 

৮। স্বাধীনতা আন্দোলনে প্ৰাধান্য লাভ কৰা কেইখন মান পুথিৰ নাম লিখা।

উত্তৰঃ স্বাধীনতা আন্দোলনে প্ৰাধান্য লাভ কৰা পুথিকেইখন হৈছে- (১) লক্ষ্মীধৰ শৰ্মাৰ 'জীৱন স্মৃতি'  (১৯৭৩), (২) দীননাথ মেধিৰ 'বিয়াল্লিছ', ব্ৰজনাথ শৰ্মাৰ 'বিপ্লৱী' (১৯৭৩), আৰু নন্দমোহন মজুদাৰৰ 'এৰি অহা দিনবোৰ' (১৯৬৯)।

৯। দেৱেশ্বৰ শৰ্মাৰ বৃহৎ আত্মজীৱনীখনৰ নাম লিখা।

উত্তৰঃ দেৱেশ্বৰ শৰ্মাৰ বৃহৎ আত্মজীৱনীখনৰ নাম - 'হেৰুৱা দিনৰ কথা' ১৯৮০ চনত প্ৰকাশিত।

১০। সাহিত্য সভাই যোৱা দুই দশকত বহুখিনি অসমৰ কবি, শিল্পী আৰু খ্যাতিমান লোকৰ জীৱনী প্ৰকাশ কৰিছে সেইসকলৰ গ্ৰন্থ কেইখনৰ  নাম লিখা।

উত্তৰঃ সাহিত্য সভাই যোৱা দুই দশকত বহুখিনি অসমৰ কবি, শিল্পী আৰু খ্যাতিমান লোকৰ জীৱনী প্ৰকাশ কৰা লোকসকলৰ গ্ৰন্থকেইখনৰ নাম হৈছে- (১) নকুল চন্দ্ৰ ভূঞা, (২) ৰঘুনাথ চৌধাৰী, (৩) ৰাধাকান্ত সন্দিকৈ, (৪) হেৰস্বপ্ৰসাদ বৰুৱা, (৫) চন্দ্ৰধৰ বৰুৱা, (৬) প্ৰমথনাথ চক্ৰৱৰ্ত্তী আৰু বিশ্বনাথ ৰাজবংশী আদি।

১১। তিলক ৰাভাৰ ৰচনা এখন গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ তিলক ৰাভাৰ ৰচনা কৰা এখন গ্ৰন্থৰ নাম হৈছে- 'বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি'।




Author - Pompi Hazarika 



Post Id: DABP002654