বৰদৈচিনা নে সৰুদৈচিলা নে
কথা ঃ ডেকা ঃ ককাই - অসমৰ আকাশত
সেইয়া কাকতৰ চিয়া নে, বৰদৈচিলা?
গীত ঃ ডেকা ঃ বৰদৈচিলা নে, সৰুদৈচিলা নে
অসমৰ আকাশত বৰ বৰ চিলা
গাভৰু ঃ চিলাৰায়ৰ চিলা নে? কাকতৰ চিলা নে
কাকতত থকা ভূৱা পৰিকল্পনা?
ডেকা ঃ চিলা নে শেন নে ৰঙা নীল চিলা
নে হাঁহিয়াতৰ পাত্ৰ ধোদৰ পচলা?
সৌবোৰ ঠোঁট যেন তেজহে সনা
শেন যেন লাগিছে চকুৰে নমনা।
দুয়ো ঃ অসমীয়া এইবোৰ ভাবি চাবৰ
ব'হাগেই বতৰ কিজানি?
বোলোঁ হয় হয় হয় হয় - এ ' হয়নে?
বোলোঁ হয় হয় হয় হয়।
ক'ৰবাৰ ফেঁটী সাপে বাহ ল'লে
গাভৰুঃ ল'লে
কেতেকী ফুলিলে তগৰো ফুলিলে
ফেঁটী সাপে গপাগপ তাকেই গিলিল
ডেকা ঃ গিলিলে-
তিল তিল কত তিল, তিল পিঠা নাই।
কুঁহিয়াৰ আছে তাক পেৰোঁতাহে নাই
গাভৰু ঃ অসমী আইৰে বৰঘৰ মজিয়াত
ডেকা ঃ মূৰৰ ফুলাম গামোচাখিনি
দুয়ো ঃ অসমৰ ৰণুৱাই ৰং চাইছে, ৰং চাইছে।
ডেকা ঃ গ'ল - গ'ল - গ'ল - গ'ল
এ' গ' ল গ'ল বুলি মাথোঁ চিঞঁৰিলে
তাকে দেখি শেনহঁতে ৰগৰ কৰিলে
অসমীয়াই এইবোৰ ভাবি চাবৰ
ব ' হাগেই বতৰ কিজানি
বোলোঁ হয় হয় হয় হয়
এহিমানৰ কথাখিনি এহিমানে থওঁ
বৰদৈচিলাজলী কথাকে কওঁ।
কথঃ গাভৰু ঃ বৰদৈচিলা মানে কি অ 'ককাইটি?
গীত ঃ ডেকা ঃ বডোৰ ভাযাৰে
'বৰ' মানে বতাহ
'দৈ' মানে পানী
আৰু 'চিখ্লা' মানে হ'ল গোসাঁনীজনী।
এনে সাহসৰ বৰষুণ বোকোচাত লৈ
চিলাজনী উৰিছিল ধুমুহা হৈ।
তাই অসমলৈ আগতে আহিছিলে
গাভৰু ঃ হয়?
ডেকা ঃ আহি হিল - দ'ল ভঙা এটি মন দিছিলে
আৰু নানা জাতি - উপজাতি একে কৰিছিলে;
আজি বছৰেকৰ মূৰত তাই আহে আৰু যায়
অসমীয়া মনটোত থিতাপি নলয়।
এ ' এইবোৰ দেখি শুনি এনে ভাব হয়।
গাভৰুঃ বোলোঁ, কি ভাব হয়?
ডেকাঃ বৰদৈচিলাৰে আগচুলি থপিয়াই
মাটিলৈ নমাই আনি
অসমীয়া মনটোত সুমুৱাই দিবলৈ
ব ' হাগতেই বতৰ কিজানি
বোলোঁ হয় হয় হয় হয়।
সময় গতি আছে
গাভৰুঃ জানো জানো
ডেকাঃ অগতিৰ গতি আছে
গাভৰুঃ তাকো জানো
ডেকাঃ সোঁৱৰাই দিলেই লাগে জগৰ
দাং খাই উঠে দেখোঁ বিহুৱা নগৰ।
দুয়োঃ অসমৰ পাথৰৰ বিহু আহি
নগৰৰ ৰভাতলীত ৰৈ আছেহি।
ডেকাঃ ঢোলৰ ছেৱে ছেৱে শুদা ভাত খাৱ
আৰু বছৰে বছৰে টুটিহে যাৱ।
এইবোৰ দেখি-শুনি এলাই - এথানি,
ক 'বলৈ মন যায় কঁপাই ধৰঁণী
দুয়োঃ নতুন পুৰুষে কিছু কাম কৰাৰ
ব'হাগতে বতৰ কিজানি,
বোলোঁ হয় হয় হয় হয় - হয় নে?
বোলোঁ হয় হয় হয় হয়
ডেকাঃ হয় নে?
দুয়ো ঃ বোলোঁ হয় হয় হয় হয়।
এ ' হয় নে?
বোলোঁ হয় হয় হয় হয়
এ ' হয় নে?
Type - Susmita Kakati
Post Id: DABP002924