ইপাৰৰ চপলতা ওৰণিৰে লুকুৱাওঁ

 

ইপাৰৰ চপলতা ওৰণিৰে লুকুৱাওঁ

 বিয়াৰ শেষৰ চকুলোৰে

 মই আজি গীত গাওঁ

 

নতুনৰ পদূলিতে আমডালি শিখৰৰে 

গৃহলক্ষ্মী হ’লোঁ আজি সীমন্তিনী সেন্দূৰৰে 

জীয়ৰী কালৰে যত অথিৰতা উটুৱাওঁ

 শান্তিৰ বাৰ্তা বিলাওঁ

 হিয়াৰ হেঁপাহেৰে আকাশকে ধিয়াওঁ

 অ' চাকিৰে শিখাৰে জ্বলি

 পোহৰকে দিম ঢালি

 ৰঙচুৱা চোতালত শেৱালিবোৰ সৰিব 

যুতি ফুলৰ পাহি হৈ মোৰ মনে হাঁহিব

 বুকুভৰা আশাবোৰ

 বাটে বাটে সিঁচি যাওঁ

 ই পাৰৰ চপলতা ওৰণিৰে লুকুৱাওঁ...।

 

(কথা : নিৰ্মলপ্ৰভা বৰদলৈ, সুৰ : ভবেন বৰঠাকুৰ)




Post Id:DABP002352