কোন সেই ৰূপৱতী যায়



কোন সেই ৰূপৱতী যায়

কপালত সূৰুয জ্বলাই

দুকাষৰ ধাননি কঁপাই

সউ নিয়ৰৰে থুল

কাৰ মেখেলাৰে ফুল

কেঁচা ৰ'দৰ ৰহণ

যেন শৰীৰৰে বৰণ

পকাধান বুলীয়া ৰিহা জিকেমিকায়


সবল-সুঠাম সৰকণৰ

হাতত এটি ক'লা ছাতি

ডিহিত অঁৰা পাটৰ চেলেং

লাজুক লাজুক চকু দুটি

অ সি আগে আগে যায়

বাটটি চিনোৱাৰ ছলে

ঘূৰি ঘূৰি চায়


বনৰ ফুলৰ মিঠা ৰাগি

যেন উটি উটি আহে

হাতত নিয়া টিনৰ পেড়াৰ

গোলাপ পাহিয়েও হাঁহে

অ তাই লাঝত মৰি যায়

কেউফালে চাই

ওৰণিখন আৰু টানি

লাজ আঁতৰায়।


(কথা-নিৰ্মলপ্ৰভা বৰদলৈ, সূৰ-ভবেন বৰঠাকুৰ)



Post Id:DABP002397