একা বেঁকা কৰি বৈ যোৱা এই নদী

 

একা বেঁকা কৰি বৈ যোৱা এই নদী 

বনগীত এটি আছে যেন পৰি

 কত কাল নিৰবধি

 কোন গাভৰুৰ প্ৰথম সপোন

 বনিনিত পৰি ৰ'ল 

বিৰিণা কঁহুৱাৰ আঁৰে আঁৰে এয়া

 নদী হৈ বৈ গ'ল

 লাজে জিল্‌মিল্‌ মুখৰ বৰণ

 চকুত চপল গতি 

প্ৰথম প্ৰেমৰ ভাষাৰ নিচিনা

 পানীৰ গভীৰ ৰং

 টলমল্‌ যেন কৰে চকুদুটি

 আৱেগত উন্মনা

 কত শিহৰণে নাচিছে বুকুত

 হৈ ঢৌ এটি দুটি।

 

(কথা : নিৰ্মলপ্ৰভা বৰদলৈ, সুৰ : ভবেন বৰঠাকুৰ)



Post Id:DABP002402