সোণৰ খাৰু নেলাগে মোক
সোণৰ খাৰু নেলাগে মোক
বিয়াৰ বাবে আই, চেনেহ জৰী
তই দিয়া মোক হাততে শুৱায়
ডিঙিৰ মণি নেলাগে মোক
সাতসৰীও যে
আই অ' তোৰ ছবিটি
বুকুতে থ’ম নেপাওঁ লাজে
পাটৰে সাজে মোক নেলাগে নানিবি
শুচিতা যি সাজে পিন্ধালি সৰুতে
সেয়েহে বিয়াতে শুৱাব বাৰু
নানিবি শপতে কাণৰে কেৰু
আজি মই ওলালোঁ অ' জোনে জোনালী
নতুনে ঘৰলৈ অ' জোনে জোনালী
সেন্দূৰৰে বন্তি জ্বালি
সেৱাতে যাম মিলি
সেৱাতে যাম মিলি।
(কথা-নিৰ্মলপ্ৰভা বৰদলৈ, সুৰ-ভবেন বৰঠাকুৰ)
(কথা-নিৰ্মলপ্ৰভা বৰদলৈ, সুৰ-ভবেন বৰঠাকুৰ)
Post Id:DABP002393
0 Comments