সোণটিৰ শুৱনি লাবনি মুখনি



সোণটিৰ শুৱনি লাৱনি মুখনি 

আকাশী কাঁচিজোন এটি 

চম্পাৰ পাপৰি যেন হাতৰে আঙুলি

তৰা যেন চকু দুটি

তৰা যেন চকু দুটি



হাঁহিটি মাৰিলে কেনেকুৱা লাগে

                                     
গোলাপৰ কলিটি ফুলিল

                                    
চকুলো চকুলো ওলালে কেনেকুৱা লাগে
  
                                    
হিয়া মোৰ মুচুৰি ভাগিল

 
আলফুলে আলফুলে কোমলে টুল টুল
         
দীপালি বৰঠাকুৰৰ গীত


 তৰা যেন চকু দুটি
 


কণমান দুটি ওঁঠ লাটুমণি ৰঙা


এটি যেন সপোনৰে কলি


পোহৰ পোহৰ যেন লাগে চৌদিশে


আছে যেন বন্তি জ্বলি


একো নাম দিয়ে মোৰ হেঁপাহ নপলায়


(কথা-নিৰ্মলপ্ৰভা বৰদলৈ, সুৰ-ভবেন বৰঠাকুৰ)



Post Id:DABP002386