নাহৰ ফুলিবৰ অ' জান ঐ বতৰ ঐ লগৰী
নাহৰ ফুলিবৰ অ' জান ঐ বতৰ ঐ লগৰী
তগৰ ফুল ফুলিবৰ বতৰ
নাহৰৰ গোন্ধে পাই অ' জান ঐ থাকিব নোৱাৰোঁ
গচকত ভাঙি যাওঁ যঁতৰ
ৰৈৰৈৰতী মইনামতী মইনো কৰি যামে
ৰৈৰৈৰতী মইনামতী ৰোৱনী না দাৱনি
ৰৈৰৈৰতী মইনামতী তুমিনো বায়ে যবা হাল
ৰৈৰৈৰতী মইনামতী মইনো বৈয়ে দিয়ে
ৰৈৰৈৰতী মইনামতী ফুলামকৈনো গামোচা
ৰৈৰৈৰতী মইনামতী তুমিনো দিবা পাতি শাল
তোমালৈনো বুলি খুন্দো পিঠাগুড়ি
পৰুৱা-পিপৰাই খায়ে মোৰ নাচনি
কঁকালত খোঁচনি
বহিলে জুনুকা বাজে কি বৃন্দাবন
ৰ নাচনি যাবৰ মন
ঢুলীয়াৰ নিবৰ মন
ভৰিবই লাগিব ধন
পূবৰ অৰুণে অ' নাজিতৰা অ' নাজিতৰা
পশ্চিমত ঘূৰিলে অ’ নাজিতৰা অ’ নাজিতৰা
আকাশত ওলালে তৰা নাজিতৰা
নাহোঁ আজিৰ পৰা
দেহিটি সোণাই ঐ মেল ছিঙি দিয়া যাওঁ
তোমাক মোৰে পৰা অ' নাজিতৰা অ' নাজিতৰা
কোনে আঁতৰাব অ' নাজিতৰা অ' নাজিতৰা
বিধাতাই পাতিব জোৰা নাজিতৰা নাহোঁ আজিৰ পৰা
মেল ছিঙি দিয়া যাওঁ।
কথা-সুৰ : পৰম্পৰাগত
Post Id:DABP002406