এ চেনাই মই যাওঁ দেই
এ চেনাই মই যাওঁ দেই
অ' বিহুতে আহিম গৈ
তেতিয়া গাই যাম গীত
অ' হাঁহি মুখে থাকিবা
চকুলো নুটুকিবা
অ' আইৰে ঐ মনতে
বেজাৰেনো নিদিবা
মোৰ হিয়া থাকিব
তোমাৰেনো লগতে
মনে মনে আঁৰ লৈ
চকুপানী মচিবা
আয়ে ভাবিছে আমাৰ ধৰাখনি
ওখোৰা-মোখোৰা বাট
আৰু আয়ে ভাবিছে
চকৰি ঘূৰাদি ঘূৰি
পিছলি পৰিমগৈ তাত
বিহুতে আহি দেই
ক’মে মই কথা সেই
আয়ে শুনি হাঁহি ৰ'ব
আমাৰে কাৰণে
আমাৰে কাৰণে
আইৰে মৰমে
ফুলাম গামোচা হৈ ৰ'ব ।
(কথা আৰু সুৰ-কমল হাজৰিকা)
Post Id:DABP002392
0 Comments