হে যুদ্ধ বিদায়
হে যুদ্ধ বিদায়
হে যুদ্ধ বিদায়
তোমাৰ ক'লা ৰেখাৰে বুৰঞ্জী
কলীয়া নকৰা হায়
আমাৰ সীমান্তত যি ভুল কৰিলা
কত যে মাতৃৰ বুকু শুদা কৰিলা
কত যে শিৰৰ সেন্দূৰ মচিলা
আমাৰ সীমান্তত যি ভুল কৰিলা
সেই ভুল নকৰা দুনাই
আমি যে শান্তিৰ কপৌ এজাক
ডেউকাত লাগিলে ধোঁৱাৰে দাগ
কৃষ্টি হেৰাল আৰু বন্ধু হেৰাল
পথ পাহৰোৱা তুমি
হিংসাৰ অগনি জ্বলায়।
(কথা-নিৰ্মলপ্ৰভা বৰদলৈ, সুৰ- ভবেন বৰঠাকুৰ)
Post Id:DABP002396
0 Comments