জোনবাঅ এ বেজী এটি দে


জোনবাঅ এ বেজী এটি দে

সোণে মোৰ গায় নে নেগায়

ধুনীয়া ঘোঁৰাতে পৰীৰে দেশলে

 সোণে মোৰ যায় নে নেযায়


আনিছোঁ তোমালৈ, চোলাটি ফুলামকৈ 

কাজলৰ এটি ফোঁট দিওঁ কপালতে

এতিয়া এতিয়া হাঁহা

লুকা-ভাকু খেল খেলিমে এতিয়া 

 সোণে মোক পায় নে নেপায়


পৰীৰে দেশখন কিনো বিতোপন

 ডাৱৰৰ সিপাৰে চিকেমিকে কৰে 

সোণৰ পালেঙতে শোৱে ৰাজকন্যা

পদুম ফুলি ফুলি যায় কুঁৱৰীৰে খোজতে

সেই ৰাজকুঁৱৰীক আনিবলে

সোণে মোৰ যায় নে নাযায়।


(কথা-নিৰ্মলপ্ৰভা বৰদলৈ, সুৰ-ভবেন বৰঠাকুৰ)



Post Id: DABP002389